Posts

Showing posts from June, 2021

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

বিষাদগ্ৰস্ততা, হতাশাগ্ৰস্ততা, আত্মহত্যা আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়ঃ

Image
                     মানসিক হতাশাগ্ৰস্ততা   বিষাদগ্ৰস্ততা, হতাশাগ্ৰস্ততা,  আত্মহত্যা  আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়।"            বিষাদ বা দুখ মানুহৰ স্বাভাৱিক আৱেগৰ ভিতৰতে ই এটা অন্যতম। এই অনুভূতিৰ অভিজ্ঞতা প্ৰায় সকলো মানুহৰেই আছে। ই স্বাভাৱিক আৱেগ। ইয়াক বেমাৰ বুলি ধৰিব পৰা নাযায়। যেতিয়া মনৰ অৱস্থা বা আৱেগ বহুদিন ধৰি থাকে, ইয়াৰ কোনো কাৰণ বিচাৰি নাপায় তেতিয়া ইয়াক বেমাৰ হিচাবে গণ্য কৰা হয়।             মানসিক চিকিৎসা বিজ্ঞানত বিষাদগ্ৰস্ততা অতি সঘনাই দেখা পোৱা এবিধ বেমাৰ। এই বেমাৰ মানৱ সভ্যতাৰ সমানেই পুৰণি বুলি কোৱা হয়। মহাকাব্য ৰামায়ণৰ ৰজা দশৰথেও মানসিক হতাশাত আক্ৰান্ত হৈছিল। ইয়াৰ উপৰিও হলিউডৰ মেৰলীন মনৰো, সাহিত্য জগতৰ বালজাক, এডগাৰ এলেন পো আদি প্ৰসিদ্ধ ব্যক্তিসকলেও জীৱনৰ এটা সময়ত হতাশাৰ সন্মুখীন হৈছিল। বিভিন্ন ধৰণৰ গৱেষণাৰ পিছত এইটো সিদ্ধান্তলৈ আহিছে যে প্ৰতি দহজন লোকৰ ভিতৰত এজনেই হতাশাগ্ৰস্ততাত ভোগে। ভাৰতীয় তথ্য মতে ১০০০ জনৰ ভিতৰত ৩৪ জনেই হতাশাগ্ৰস্ততাৰ সন...

লংকাৰ ৰাৱণ সুৰ নে অসুৰ

Image
  (ৰাৱন)ভাওনা শিল্পীঃ প্ৰশান্ত কুমাৰ বৰা লংকাৰ ৰাৱণ সুৰ নে অসুৰ সুৰ, অসুৰ, দৈত্য, দানৱ এই সকলো বোৰ কোনো নহয় কোনো ঋষি, মুনি, দেৱতা আদিৰ সন্তান। ঋষি কাশ্যপৰ তিনি গৰাকী পত্নী দীতি, অদিতি আৰু দানুৰ পৰাই যিহেতু অসুৰ, দেৱতা, দানৱৰ সৃষ্টি সেই হিচাপত এওঁলোক সকলোৰে সম্পৰ্ক তেনেই ওচৰ চপা। সেয়ে হ'লেও শাস্ত্ৰ, পুথি আদিত দেৱতা সকলৰ যিমান সদ গুণৰ বাখ্যা পোৱা যায় তাৰ তুলনাত তিৰ্লাদ্ধ মানো কিন্তু অসুৰ, দৈত্য, দানৱ আদিৰ বিষয়ে পোৱা নাযায়।  শাস্ত্ৰ পুথি আদিত দেৱতা সকলক সদায় মহান বুলি প্ৰতিস্থা কৰা হৈছে  আৰু অসুৰ সকলক চল চাতুৰিৰে বেয়া শক্তি বুলি প্ৰতিস্থা কৰি বধ কৰা হৈছে। নৰকাসুৰ, বাণাসুৰ, ৰাৱণ, হিৰণ্যকশিপু আদিৰ দৰে যি সকল অসুৰৰ নাম শুনা যায় তেওঁলোক সংখ্যাত কম কিন্তু শক্তিত অদ্বিতীয় হোৱাটো মন কৰিবলগীয়া । সেয়ে হ'লেও দেৱতা সকলৰ তুলনাত অসুৰ সকলৰ বিষয়ে বিশেষ একো পোৱা নাযায়। উদাহৰণ স্বৰূপে শ্ৰী কৃষ্ণৰ বংশ লতিকা বিচাৰিলে ৭২ পুৰুষলৈকে পোৱা যায় যদিও বাণাসুৰ ৰাৱণ আদি অমিত বিক্ৰমশালী অসুৰৰ বিষয়ে মাত্ৰ ৬/৭ পুৰুষ মানলৈকেহে পোৱা যায়। পুৰাণ উপপুৰাণকে আদি কৰি ৰামায়ণ, মহাভাৰত আদিৰ বিভিন্ন স...

সাধুঃ এজাক বান্দৰৰ বিপত্তিঃ

Image
সাধুঃ এজাক বান্দৰৰ বিপত্তিঃ সাধুঃ এজাক বান্দৰৰ বিপত্তিঃ - নদীৰ সিপাৰৰ পৰা এজাক বান্দৰ আহি এই পাৰৰ ৰাজ্যৰ বান্দৰবোৰক তোষামোদৰ ষড়যন্ত্ৰ আৰু বিভিন্ন প্ৰকাৰৰ কামে-কাজে সেৱা-সহায় কৰি এইপাৰৰ এলেহুৱা আৰামপ্ৰিয় বান্দৰ  বোৰক  ৰাজকাৰ্য্য চম্ভালিবলৈ দি  ৰজাপাতি বসতি কৰিবলৈ ল'লে।  নতুনকৈ অহা জাক বান্দৰক দেখি আৰু সাধাৰণ প্ৰজাৰূপত পাই এইপাৰৰ এলেহুৱা বান্দৰ জাকৰ সুখ-আনন্দৰ সীমা নোহোৱা হ'ল। কাম কৰিব নালাগে সকলো সিপাৰৰ পৰা অহা বান্দৰ জাকেই কৰে, সেয়ে এইপাৰৰ বান্দৰৰ সুখেই সুখ আনন্দই আনন্দ.............।  একমাত্ৰ কামৰ ভিতৰত এইপাৰৰ খিলঞ্জীয়া বান্দৰৰ অনুষ্ঠান-প্ৰতিষ্ঠান,পূজা-পাঠ,যজ্ঞ, অধিৱেশন,ৰং-ৰহইচেই প্ৰধানতঃ স্থান পাবলৈ ধৰিলে।  ইফালে , 'এদেও দুদেও লোতা নিয়া চেও', "তোমালোকে ফূৰ্তি কৰা আমি তোমালোকৰ সকলো কাম কৰি দিম " নীতিৰে  লাহে লাহে ৰাজকাৰ্য্যৰ গুৰু দায়িত্বও সিপাৰৰ বান্দৰে নিজৰ হাততলৈ  ৰাজ্য শাসন কৰিবলৈ ধৰিলে।  শাসনৰ বাঘজৰী সিপাৰৰ বান্দৰৰ হাতত কেতিয়া কেনেকৈ পৰিল, এইপাৰৰ বান্দৰ জাকে ত'তেই ধৰিব নোৱাৰিলে।  ক্ষমতা হস্তান্তৰৰ পিছতেই এইপাৰৰ বান্দৰক দেখিলেই বহিৰাগ...

অথ পৰ্বত কথা

Image
  অথ পৰ্বত কথা   অথ পৰ্বত কথা :  পৌৰাণিক কাহিনীত পৰ্বতক লৈ বহুতো কাহিনী বা কথা পোৱা যায় । পৰ্বত হ'ল স্থিৰতাৰ প্ৰতীক অৰ্থাত বৈৰাগ্যৰ প্ৰতীক আৰু   সাগৰ বা নদী হ'ল অস্থিৰতা বা সংসাৰৰ প্ৰতীক (পানী যিহেতু বৈ যায় )................ mahadev গতিকে শিৱক কৈলাশ  পৰ্বতত বাস কৰা বৈৰাগ্যৰ প্ৰতীক হিচাৱে দেখুওৱা যায় , bishnu আৰু বিষ্ণুক সংসাৰ পালক ৰূপত পোৱা যায় ( পানীৰ ওপৰত অনন্ত নাগৰ ওপৰত অৰ্থাত অনন্তশৰ্যা বা সংসাৰৰ মায়া শৰ্যাত আৰাম কৰাৰ ৰূপত ) । সেয়েহে সংসাৰৰ মায়াত আৱদ্ধ মনুহ সমতলত আৰু বৈৰাগ্য বিচৰা তপস্বীক হিমালয় আদি পৰ্বতীয়া ঠাইলৈ যোৱা দেখা যায় ।  তেনেদৰে পাৰ্বতীও পৰ্বতৰ জীয়ৰী । পৰ্বতৰাজৰ জীয়ৰী বাবেই পাৰ্বতী নাম , হিমালয়ৰ জীয়ৰী হিচাৱে পাৰ্বতীৰ অন্য এটা নাম হ'ল গিৰিজা , হৈমৱতী বা শৈলজা ।  পুৰণি কালত মেৰু পৰ্বতৰ বৰ্ণনা পোৱা যায় , বৃহত ভাৰতবৰ্ষক জম্বুদ্বীপ বুলি ধৰিলে বা জম্বুদ্বীপক ফুল এপাহ বুলি ধৰিলে ইয়াৰ ওখ  মধ্যাংশ হ'ল মেৰু পৰ্বত । মেৰু পৰ্বতৰ ওপৰতে ইন্দ্ৰপুৰী স্বৰ্গ অৱস্থিত । শৰীৰক মেৰুদণ্ডই ধৰি ৰখাৰ দৰেই পৃথিৱীখনক মেৰুপৰ্বতেৰে  ধৰি ৰাখি চলাই আছিল ই...

গীতঃ মুকুতি ৰণৰ অনুপম যোদ্ধা

Image
 গীতঃ মুকুতি ৰণৰ অনুপম যোদ্ধা মুকুতি ৰণৰ অনুপম যোদ্ধা সৱ্যসাচী তুমি বিষ্ণু ৰাভা---- হালোৱা হজুৱা মজদুৰ কিষাণৰ সত্ত্বাত আছে জ্বলি তোমাৰ সৃষ্টিৰ আভা----- সৱ্যসাচী তুমি বিষ্ণু ৰাভা---" নিস্পেষিত জনতাৰ সংগ্ৰামী নায়ক ৰূপে প্ৰতি টোপাল তেজৰ কণাত জিলিকিছে তোমাৰ সৃষ্টিৰ আভা---- শোষণৰ শিকলি চিঙি ভাঙি তুমি শোষণৰ লোলুপ প্ৰবাহ ৰোধিবলৈ যুজিলা কতনা বাধা----" তুমি ৰণুৱা তুমি বনুৱা চৌদিশে আজি উজ্বলি উঠিছে তোমাৰ লক্ষ্যৰ ভাষা---- হে বিষ্ণু ৰাভা----" গীতিকাৰঃ বংকিম শৰ্মা, তেজপুৰ Bankim Sarmah

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাৰ্ঘ্যঃ

Image
ঊৰ্বশী বৰগোহাঁই (ডিব্ৰুগড়), মিনাক্ষী দেৱী (তেজপুৰ)আৰু শান্তনু বৰুৱা(তেজপুৰ)ৰ ৰচনাৰে........ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাৰ্ঘ্যঃ Bishnu Prasad Rabha " সুন্দৰৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য - সংস্কৃতিলৈ আপুৰুগীয়া অৱদান। "             বহুগুণৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকা চহৰৰ সেনা চাউনিত। সুন্দৰৰ সাধক এইজনা সুপুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আজি আমাৰ মাজত নাই যদিও তেওঁৰ কৰ্মৰাজি আজিও সজীৱ হৈ জিলিকি আছে আমাৰ মাজত।            সাহিত্য - সংস্কৃতিকে ধৰি অভিনয়, খেল, সংগীত, নৃত্য, ভাষা-সাহিত্য চৰ্চা, ৰাজনীতি, কৃষক আন্দোলন আদি বিভিন্ন দিশত যোগ্যতাৰ পৰিচয় বহন কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অসমৰ জাতীয় জীৱনৰ মহান ব্যক্তি, সমন্বয় প্ৰতীক। ৰাভাদেৱৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা দ্বিতীয় আসাম(ইষ্টাৰ্ণ) ৰাইফলছ বাহিনীৰ চুবেদাৰ মেজৰ আছিল। সেই বাবে তেওঁক ৰায়বাহাদুৰ উপাধি দিয়া হৈছিল। মাতৃৰ নাম গেথীবালা ৰাভা আছিল। তেওঁলোকৰ সু-সন্তান বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন শিক্ষানুষ্ঠানত সুখ্যাতি অৰ্জন কৰিছিল যদিও স্বাধীনতা আন্...