সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

লকডাউন (Lock down ) (চুটিগল্প)


                                                          
   লকডাউন (Lock down ) (চুটিগল্প)


 

 দিগন্ত কুমাৰ ভূঞা

ভদ্ৰেশ্বৰে ভাওনাৰ বচন আঁওৰাই থাকোতেই ঘৈনিয়েক  বাসন্তীয়ে শব্দটো প্ৰথমে শুনিলে এটা নতুন শব্দ। আগতে কাহানিও নুশুনালকডাউন(Lock down) তলাবন্ধ


  বিশ্ব আজি কম্পিত ''না ভাইৰাছৰ সংক্ৰমণত। আৰু মাত্ৰ কেইটিমান দিনৰ পিছত , অহা মে' ২০২০ তাৰিখে দেশজোৰা চলি থকা এই লকডাউনৰ সময় অন্ত পৰিব।   ভয়ানক কোভিন-১৯ প্ৰতিৰোধৰ বাবে বিশ্বৰ অনেক দেশে লকডাউন কৰিছে। আৰু  আমাৰ দেশৰ লগতে আমাৰ ৰাজ্য অসমতো  ২৪ মাৰ্চ,২০২০ তাৰিখৰ পৰা দেশৰ সৰ্বত্ৰ বলবৎ হৈ আছে 'লকডাউন' ব্যৱস্থা। যাৰ ফলত দেশবাসী গৃহবন্দীহৈ থাকিব লগাত পৰিছে। 

 ভদ্ৰেশ্বৰে কথাটো বেয়া পোৱা নাই, কিন্তু বাসন্তীৰহে আপত্তি। দিনে-ৰাতিয়ে চৌবিশ ঘণ্টা মুনিহ মানুহটো ঘৰৰ ভিতৰত সোমাই থকাতোত। পাকঘৰৰ পৰা ওলাব নোৱাৰা ' বাসন্তী, " হেৰা, চাহ একাপ দিয়া হে" , হেৰা, আমুকতো দিয়া, হেৰা তমুকতো দিয়া, মাথোঁ ফৰমাইচৰ ওপৰত ফৰমাইচ। ইফালে চুলি দাড়িৰে মানুহটো ভাওনাত ভাও লোৱা ঋষি-মুনিৰ ৰূপ ধাৰণ কৰিছে। 

 সিদিনা দুপৰ ৰাতি ভদ্ৰেশ্বৰে মৰমতে ঘৈনিয়েকক হেৰা, শুলাই নেকি বুলি কৈছিলহে, গিৰীয়েকৰ মাতত খকাখুন্দাকৈ সাঁৰপায় হঠাৎ চকুৰ সন্মুখত ভোবোকাৰ মানুহতো দেখাপায়,বাসন্তীয়ে, "মৰিলো " বুলি  যিদালহে চিঞৰ মাৰিলে,চুবুৰীয়া ভৰালী আহি দুৱাৰত ধকিয়ালেহি। পিছত যেনিবা সকলো সহজ ' 


ভদ্ৰেশ্বৰ বিহগুৰিৰ মানুহ । এতিয়া টাউনত থাকে। ঊষাপুৰৰ ভিতৰ পিনে দুই নম্বৰ গলিৰ বাওঁ ফালে থকা বাঁহৰ জপনা দিয়া পাঁচ নম্বৰ ঘৰটোত থাকে। ভিনিহেকৰ ঘৰ। বায়েক ভিনিহেক থাকে ডিব্ৰুগড়ত। ভিনিহেকৰ চাকৰি তাতেই, অসম আৰক্ষীৰ চিপাহী। ঊষাপুৰৰ ঘৰতো ভাড়ালৈ নিদি ভদ্ৰেশ্বৰ হঁতকে বায়েকে থাকিবলৈ দিছে। চোৱা-চিতা কৰিবলৈ। ঘৰটো একপ্ৰকাৰৰ উদং। উপৰ-তলাত তলামাৰি থোৱা আছে, তলৰ মহলাতে ভদ্ৰেশ্বৰৰ দুজনীয়া পৰিয়ালটো থাকে। মাক-বাপেক নোহোৱা ভদ্ৰেশ্বৰৰ আপোন বুলিবলৈ বায়েক-ভিনিহিয়েকেই । ধোল বজাই লক্ষ্মীপুৰৰ পৰা নাচনী বাসন্তীক পলুৱাই আনি বায়েকৰ ঘৰতেই যি আশ্ৰয় ল’লে ললেই। বায়েক-ভিনিহেকেও বেয়া নাপালে।


কলেজ তিনিআলিত থকা ভদ্ৰেশ্বৰৰ পান দোকান খন লকডাউন ৰ বাবে খুলিব পৰা নাই। হাতত টকা পইচা নাই বাবে চলিবলৈ অলপ দিগদাৰ হৈছে, কিন্তু ভদ্ৰেশ্বৰে বাসন্তীৰ চকুলৈ চাই অভয় দি কয়, “ চিন্তা নকৰিবি, প্ৰভুৱে আথাই সাগৰত নেপেলাই,উদ্ধাৰ কৰিব” । পৃথিৱীখনত অকল তোৰে-মোৰেই অভাৱ-অনাতন হোৱা নাই, এই ক’ৰ’না মহামাৰী ৰ বাবে আজি বিশ্বত অনেক মানুহ বিপদত পৰিছে, লাখ লাখ মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। এই ভয়ানক মহামাৰীত মৃত্যু হোৱা মৃতকৰ সৎকাৰ পৰ্যন্ত পৰিয়ালৰ লোকে কৰিব পৰা নাই। আজি বিশ্বৰ মানৱ জাতিক বিষানুৱে বধিছে। 


ভদ্ৰেশ্বৰে কোৱা কথাবোৰ বাসন্তীয়ে বুজি পালে নে নাই সেইয়া সি তলকিবলৈ নাপাওতেই বাসন্তীৰে তপৰাই কৈ উঠিল, “ বিহুত মোক পাতৰ কাপোৰ এজোৰ দিব লাগিব” । হেৰৌ বিহু এইবাৰ বিহ হ’ব। ভেবালাগি তাৰ মুখলৈ  চাই ,তাই তলকামাৰি থকা বাবে ভদ্ৰেশ্বৰে ক’লে, “এইবাৰ বিহু নহয় অ আকৰী, বিহু অসমীয়া ৰাইজে এইবেলি নাপাতে”। 


সাধাৰণতে ছুটি বা বন্ধ ভাল পোৱা ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ কৰ্মচাৰী ভৰালীয়ে ওপৰ তলাৰ পৰা কাঁহি-বাতি বজাই বজাই ভদ্ৰেশ্বৰক চিঞৰিবলৈ ধৰিলে, “ভদ্ৰ, হেৰা ভদ্ৰ, ৫ টা বাজিল নহয় বজোৱা বজোৱা। দেশৰ প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ভদ্ৰেশ্বৰে ধোল আৰু বাসন্তীয়ে তাল বজোৱাত লাগিল। প্ৰথমৰ পৰাই ভদ্ৰেশ্বৰে ভৰালীক বেয়া পায়, মানুহজন বৰ সুবিধাৰ নহ’য়, এদিন ঘৈনিয়েকৰ গাভৰুহেন দেহাটোলৈ বেয়া নজৰ দিয়া নজৰত ভদ্ৰেশ্বৰৰ নজৰ পৰাত ভৰালীয়ে মুৰ তল কৰিলে। কিন্তু ভদ্ৰেশ্বৰে জানে যে, কুকুৰৰ বেকা নেজ চিধা হ’লেও, ভৰালীৰ বেকা স্বভাৱ চিধা নহয়।


সিদিনা দোকানখন এবাৰ চাই আহো বুলি ওলাই গৈয়েই কাল হ’ল। প্ৰাইমাৰী স্কুলত গোলোক চাৰে চেকনিৰে কোবাই তপিনা  উখুৱা দি উখহাহেঁতেন ইমান কষ্ট নাপালে হেতেন, কিন্তু বিনা কাৰণত কিয় ওলাইছিলি বুলি সৌকা বেতৰে যি কেটাহে কোব দিলে, ৰাইজে কোৱাকুই কৰিছে টিকা-কৰণ হেনো,  গিৰীয়েকৰ দাগ বহা তপিনাটোৰ অৱস্থা দেখি বাসন্তীয়ে পুলিচৰ গোষ্ঠী উজাৰি বকিছে। 


সুৰক্ষাকৰ্মী আৰু চিকিৎসক সকলক অভিবাদনৰে উৎসাহিত কৰাৰ উদেশ্যে দেশৰ প্ৰধান মন্ত্ৰীৰ আহ্বানত দেশবাসীৰ লগতে পদুলিত এগচি বন্তি জ্বলাই সকলোৰে কুশলতা কামনা কৰি, নিশাৰ সাজৰ জোগাৰৰ বাবে পাকঘৰত সোমাই বাসন্তী মহা সমস্যাত পৰিল। কেইবাদিনৰ পৰাই ভদ্ৰেশ্বৰক কৈয়েই আছে, সিহে পইচাৰ অভাৱৰ বাবে কথাতো মন দিয়া নাই, কিন্তু আজি চাউলৰ অভাৱত দুটা পেত লঘোনেৰে যাব নেকি ! টেকেলীত পিঠাগুৰী অলপ আছিল। নিশাৰ আহাৰ পিঠাগুৰি সিজোৱাৰে দুইজনে আনন্দমনৰে গ্ৰহণ কৰিলে।


ৰাতি নিশাচৰ প্ৰাণীবোৰে আজি বেছিকৈ চিঞৰি থকা যেন লাগিছে, পেতৰ কামোৰত বাসন্তীৰ তোপনি অহা নাই। শুনিছে, “কিমান দিনলৈ আমাৰ দোকানখন বন্ধ থাকিব”? ঘৈনিয়েকৰ মাত শুনি ভদ্ৰেশ্বৰে ক’লে, “ তোৰ তোপনি অহা নাই নেকি ? পেতৰ বিষটো অলপ ভাল পাইছ’নে ? ভিতৰত নিমাও-মাও যদিও, বাহিৰত নিশাচৰ চৰাইবোৰৰ বাদেও কুকুৰেও আজি বহুত ভুকিছে। ধোল-খোল বনোৱা মহম্মদ নামৰ কেউ কিছু নোহোৱা বুঢ়া দোকানীতো মৰিল নেকি বাৰু, ধেৎ কি কথাবোৰ কৈ আছ’, ঈশ্বৰৰ নাম লৈ শুই থাক । বাসন্তী তলকা মাৰিলে। ভদ্ৰেশ্বৰৰ হঠাৎ গাঁওৰ নামঘৰলৈ মনত পৰিল। বহাগত ৰাইজে নামগোৱা-ভাওনা পাতে,যোৱাবেলি “ৰজা হৰিচন্দ্ৰ উপাখ্যান" ভাওনাখন কৰিছিল। ভদ্ৰেশ্বৰৰ “চণ্ডাল হৰিচন্দ্ৰ”ৰ বচনবোৰ এটা এটাকৈ মনত পৰিবলৈ ধৰিলে।

                                                   সমাপ্ত





Comments

Post a Comment

If you have any doubts, please let me know.

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়