সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

‘কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা' ৰ অৱদান ভিত্তিত ৰচিত আলখ্য……., “মোৰ কবিতাৰ ছন্দ লাগি”



অসমীয়া সাহিত্য-সংস্কৃতিলৈ 'কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা' অৱদান ভিত্তিত ৰচিত আলেখ্য…….,

              মোৰ কবিতাৰ ছন্দ লাগি

(ৰচনা: দিগন্ত কুমাৰ ভূঞা, তেজপুৰ।)

 (মে’২০১৯)ম’বাইল নম্বৰ: 8638684578.)


আবৃত্তি: ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ (কবি: ড° বীৰেন্দ্ৰ কুমাৰ ভট্ৰচাৰ্য)
সূত্ৰধাৰ(নাৰী কণ্ঠ): অসমীয়া সাহিত্য-সংস্কৃতিৰ উন্নতিৰ বাবে আহোপুৰুষাৰ্থ অৱদানৰে আমাৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰোৱা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল অসমীয়া জাতীয় জীৱনৰ, অসমীয়া কৃষ্টি-সংস্কৃতিৰ ত্ৰানকৰ্তা স্বৰূপ তথা অসমীয়া সংস্কৃতিৰ পুজাৰী………
গীত: “মোৰ কবিতাৰ ছন্দ লাগি”
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): বিষ্ণু ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকা চহৰত ।শিশু অৱস্থাৰ পৰাই বিষ্ণু ৰাভা আছিল প্ৰতিভা সম্পন্ন……
সূত্ৰধাৰ(নাৰী কণ্ঠ): শিশু বিষ্ণু ৰাভাই ১৯১৭ চনত তেতিয়াৰ ঢাকা চহৰত, এখন উৰ্দ্দু নাটকত এটি সৰু দহ বছৰীয়া ৰাজকোঁৱৰৰ চৰিত্ৰৰে অভিনয় জীৱনৰ পাতনি মেলিছিল……
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): এৰা! সেই শিশু কালতে ৰাজকোঁৱৰৰ চৰিত্ৰৰ অভিনয়ৰেই সাংস্কৃতিক তথা সামাজিক জীৱন আৰম্ভ কৰা ৰাভা দেৱে পিছলৈ আৰু কোনো দিন থমকি ৰ’ব লগা হোৱা নাছিল…..
সূত্ৰধাৰ(নাৰী কণ্ঠ): ৰাভা দেৱে একেৰাহে গল্প-কবিতা-উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত-নৃত্য সাধনা আৰু সৃষ্টিৰে অসমীয়া জনজীৱনলৈ,জীৱনটোক উৎসৰ্গিত কৰিছিল সাহিত্য-সংস্কৃতিৰ মাজৰে…..।ৰাভা দেৱে প্ৰতিটো গীতৰ সৃষ্টিৰে অসমীয়া জনজীৱনত হিয়াৰ আমঠুহৈ প্ৰতিজন শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল….আৰু সেই তাহানিৰে পৰা সাম্প্ৰতিক কাললৈ, অসমীয়া সংগীতৰ পথাৰ খনলৈ আগবঢ়োৱা ৰাভা দেৱৰ সৃষ্টিৰাজী স্মৰণীয় হৈ আছে আৰু চন্দ্ৰ-সূৰ্য থকালৈকে স্মৰণীয়হৈ ৰ’ব…. ।
গীত: ১) বিলতে হালিছে…..(কিয়দাংশ)
    ২) টিলাই টিলাই…….(কিয়দাংশ)………
ৰাভাদেৱৰ এই গীত সমূহত অসমৰ পাহাৰ-ভৈয়ামৰ প্ৰাকৃতিক পৰিৱেশ স্পষ্ট ভাবে ফুটি উঠা দেখা গৈছিল…….
সূত্ৰধাৰ(পুৰুষ): জাতীয় চেতনাবোধ তথা অসমীয়া সামাজিক ভাৱধাৰা ৰাভা দেৱৰ গীতত প্ৰাণ প্ৰাইছিল…।
বিষ্ণু ৰাভাই সেই তাহানিতে ৰচনা কৰা কালজয়ী গীত-সমূহে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াত বিশেষ ভাৱে অৰিহনা জোগাইছিল,আৰু আজিও সেই গীত সমূহ মানুহৰ ঘৰে ঘৰে ,মানুহৰ মুখে মুখে উচ্চাৰিত হৈ আছে…..
গীত: ১) ‘আজি মন্দিৰৰ দুৱাৰ খোলা………’ (কিয়দাংশ)
    ২) ‘পৰজনমৰ শুভ লগনত……….’(কিয়দাংশ)
     ৩) ‘লগন উকলি গ’ল……..’(কিয়দাংশ)
সূত্ৰধাৰ (নাৰী কণ্ঠ): ‘অসমীয়া ডেকা দল….’ , ‘আই মোৰ ভাৰতী জননী…’ দৰে গীত আৰু ৰাভাদেৱৰ কবিতা সমূহত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জ্বিলিকি উঠিছিল। ৰাভাদেৱৰ সেই বিপ্লৱী গীত আৰু কবিতা সমূহৰ বাবে দেশমাতৃৰ প্ৰতি মানুহৰ অন্তৰত প্ৰেম জাগ্ৰত হৈ পৰিছিল….।ৰাভাদেৱে বিপ্লৱী কবিতাৰ কণ্ঠৰে ৰাইজক সজাগ কৰিবলৈ চিঞৰি উঠিছিল……….
আবৃত্তি: ‘আমি বিপ্লৱী পথৰে যাত্ৰী….’
সূত্ৰধাৰ(নাৰী কণ্ঠ): ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত ৰাভাদেৱৰ বিপ্লৱী মন অশান্তহৈ পৰিছিল…আৰু তাৰেই ফলশ্ৰুতিয়েই ৰাভা দেৱৰ কাপৰ পৰা নিগৰিছিল ইটোৰ পিছত সিটো বিপ্লৱী কবিতা আৰু তাৰ লগতে সৃষ্টি কৰিছিল ইটোৰ পিছত সিটো বিপ্লৱী গীত……
গীত: ‘ব’ল ব’ল ব’ল কৃষক শক্তি দল…’ 
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): ‘বিষ্ণু ৰাভা সংগীত” বা ‘ৰাভা সংগীত’ অথবা ‘বিষ্ণু সংগীত’ হিচাপেই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এই কালজয়ী গীত সমূহ স্বীকৃত আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে অসমীৰ হৃদয়ত চিৰদিন প্ৰবাহিত হৈ থাকিব….
গীত-: সুৰৰে দেউলৰে ৰূপৰে শিকলি…….
সূত্ৰধাৰ(নাৰী কণ্ঠ): সাহিত্য-কবিতা-গীত-নৃত্য-সংগীত সাধক হিচাপেই নহয় ,ৰাভা দেৱে তেজপুৰৰ ১৯০৬ চনতে স্থাপন হোৱা ঐতিহ্য মণ্ডিত বাণ থিয়েটাৰত সেই সময়ছোৱাত বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী হিচাপে বিভিন্ন নাটকত, ভিন্ন চৰিত্ৰত অভিনয় কৰি গৈছিল…। তাৰোপৰি সেই সময়ত বহুল ভাবে ৰাইজৰ সমাদৰ লাভ কৰা ‘যাত্ৰা’ পাৰ্টীতো ৰাভা দেৱে অভিনয় কৰি এজন অভিনয় শিল্পী ৰূপে জনপ্ৰিয়তা লাভ কৰিছিল…।
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): বহুমুখি প্ৰতিভাৰ গৰাকী বিষ্ণু ৰাভা অকল মঞ্চতে আবদ্ধ হৈ নাথাকি অসমীয়া বোলছবিতো অভিনয় কৰিছিল, তাৰ ভিতৰত ‘প্ৰতিধ্বনি’-‘এৰাবাটৰ সুৰ’, চিৰাজ….আৰু নটসূৰ্য ফণী শৰ্মাৰ সৈতে ৰাভা দেৱে তেতিয়াৰ আটাইতকৈ সফল বোলছবি ‘চিৰাজ’ যুটীয়া ভাবে পৰিচালনা কৰিছিল…।
সূত্ৰধাৰ(নাৰী কণ্ঠ): ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অসমীয়া প্ৰথম বোলছবি ‘জয়মতী’ নিৰ্মাণত আগৰৱালাদেৱক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও ৰাভা দেৱে জয়মতী বোলছবিত নৃত্য পৰিচালকৰ দায়িত্ব পালন কৰিছিল…।ৰাভা দেৱে জ্যোতি প্ৰসাদ আগৰৱালাৰ লগ লাগি  ১৯৩৫-৩৭ চনত ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): সাহিত্য-সংগীত-নৃত্য-চিত্ৰ সৃষ্টিৰে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা বিষ্ণু ৰাভাই “হিন্দু বিশ্ববিদ্যালয়’ত প্ৰদৰ্শন কৰা “নটৰাজ” নৃত্যত বিমুগ্ধ হৈ আৰু বিষ্ণু ৰাভাৰ গীত-নৃত্য সাহিত্যত ৰাভা দেৱেৰ অৱদানক সন্মান জনাই সেই সময়ৰ ‘হিন্দু বিশ্ববিদ্যালয়ৰ’ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভা দেৱক ১৯৩৯ চনত ‘কলাগুৰু’ উপাধি প্ৰদানৰে সন্মান যাঁচিছিল।
সূত্ৰধাৰ(নাৰীকণ্ঠ):আৰু তেতিয়াৰ পৰাই বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ বিষ্ণু প্ৰসাদ ৰাভা হিচাপে জনা গৈছিল। এইজনা কলাগুৰু, বৰণ্যে পুৰুষে; অভিনয়, নৃত্য, সংগীত চৰ্চাতে ব্যস্ত নাথাকি অসমীয়া সাহিত্যত কবিতা, গল্প, উপন্যাস, নাটক আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈছে……।
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): উপন্যাস; ‘মিচিং কনেং’ , ‘সোনপাহী’ ৰচনা কৰাৰ উপৰিও ‘মামীৰ হাৰ’, কুৰি বছৰ জেইল’,’জাল কেচ’, ‘হিয়াৰ পুং’ আৰু বড়ো ভাষাত ৰচিত ‘ফুংকা’ আদি কেইবাটিও গল্প ৰচনা কৰাৰ উপৰি ‘গেঙনি ৰেঙনি’ নামৰ নাটক ৰচনা কৰে। তাৰোপৰি ৰাভা দেৱে; ‘অসমীয়া কৃষ্টিৰ চমু আভাষ’, ‘অতীত অসম’, ‘মুক্তি দেউল’ আদিৰ দৰে প্ৰবন্ধ পুথি ৰচনাৰে অসমীয়া সাহিত্য ক্ষেত্ৰখন টনকিয়াল কৰি থৈ গৈছে ।
সূত্ৰধাৰ(নাৰী কণ্ঠ): ১৯৩১ চনত ৰংপুৰ কাৰ মাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত পঢ়ি থকা কালত বিষ্ণু ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহি’ আলোচনীৰ চিত্ৰলেখা শিতানতো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত বিভিন্ন প্ৰবন্ধ পাতি লিখা-মেলা কৰিছিল।
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰ দেৱে নৱবৈষ্ণৱ আন্দোলনৰ ধাৰাৰে যি সমন্বয় সৃষ্টি কৰিছিল,সেই আদৰ্শত অনুপ্ৰাণিত হৈ বিষ্ণু ৰাভাই এখন সমন্বিত বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ মানসৰে সাংস্কৃতিক বিপ্লৱৰ পোষকতা কৰিছিল।
সূত্ৰধাৰ(নাৰীকণ্ঠ): অসমীয়া জাতীয় জীৱন আৰু সাহিত্য-কলা-শিল্প-সংস্কৃতিৰ চিৰপ্ৰোজ্জ্বল এক বিৰল ব্যক্তিসত্তাৰ অধিকাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা…………, এৰা!.....এইজনা মহান শিল্পীৰ পাকস্থলীত হোৱা কৰ্কত ৰোগত ভুগি এইজনা কৃষ্টি সংস্কৃতিৰ সাধক তথা সংস্কৃতিৰ পূজাৰীয়ে তেজপুৰ চিভিল হস্পিতালৰ শয্যাত ১৯৬৯ চনৰ ২০জুন তাৰিখে নিশা ২:২৫ বজাত মৃত্যুক সাৱতি ল’লে…….।
সূত্ৰধাৰ(পুৰুষ কণ্ঠ): হয়তো কলাগুৰু ৰাভাদেৱে অনুভৱ কৰিছিল মৃত্যুৱে তেওঁক হাতবাউলি দি মাতিছে…আৰু জীৱনৰ অন্তিম ক্ষণত ৰোগশয্যাতে এখন বিয়াৰ নিমন্ত্ৰণী চিঠিৰ পিছ পিঠিত লিখিছিল সেই কালজয়ী গীত………….
গীত: মোৰ এই শেষ গান…….  (সমাপ্ত)                                                                       

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়