“ সুস্থ মন সুস্থ শৰীৰ সুস্থ-সবল আমাৰ সমাজ ”
( মানসিক ৰোগ
সজাগতাৰ বাটৰ নাটক)
ৰচনা: দিগন্ত কুমাৰ
ভূঞা, Tezpur 8638684578)Email: digbhuyan123@gmail.com
চৰিত্ৰ
সমূহ:১) ফেদুৱা
বেজ (বেজ), ২) কনক
( ৰূপাৰ মদাহী পিতৃ),
৩) ৰূপা (মানসিক
বিকাৰ গ্ৰস্থ ছোৱালী)
৪) ৰাধিকা( সমাজ
সেৱিকা)
ফেদুৱা
বেজ: অলক নিৰঞ্জন…….,জয় মহাকাল….দেহাত বেয়া হাৱা লগা….,গ্ৰহ দোষ..,কাল দোষ, গাত ভূত-প্ৰেতে
লম্ভা, ডাইনি লম্ভা…বাতি জৰা, কড়ি মৰা, শৰীৰত বেয়া শক্তি জাপি দি মানুহক পগলা কৰা…..,চিৰিক
চিৰিক সৰু পানী চুই থকা ৰোগ, সৰু ল’ছালীয়ে পাটিত মুতা…, খড়-খজতি, গাভৰু ছোৱালী বিয়া
নোহোৱাকৈ থকা, প্ৰেম-পিৰিতিত বশি কৰণ, মাইকী মানুহৰ মাহেকীয়া দোষ, ধাতু দুৰ্বল, মূৰৰ
গণ্ডগোল, মূৰ ঘুৰণি, পেত গোৰগোৰ গাৰগাৰ কৰা এই সকলোবোৰ…..এই ফেদুৱা বেজৰ তন্ত্ৰ-মন্ত্ৰত
ঠিক হৈ যায়…….জয় মহাকাল…অলক নিৰঞ্জন…..। ডাক্তৰে ভাল কৰিব নোৱাৰা অনেক পগলা-বলিয়াক
মই তন্ত্ৰ-মন্ত্ৰ পূজাৰে জাৰি-ফুকি ঠিক কৰিছোঁ…..জয় শ্মশান কালি……..জয় মা কালী………
(এনেতে
কনক মদৰ নিচাত ধলং পলং কৈ দৌৰি আহি ফেদুৱা বেজৰ ভৰিত পৰিবহি)
কনক:
বাবা….বাবা….., বাবা মোক বচাওক……,মোক বচাওক বাবা…..(বেজৰ ভৰিত দীঘল দি পৰিব)
বেজ:
বচাব লাগে….,হেৰৌ তোৰ হ’ল কি…..,তোৰ পিছত বলিয়া কুকুৰ লাগিল নেকি…? হেই উঠ উঠ..! (বেজে
কনক উঠাই দিয়ে। কনৰ মুখত মদৰ গোন্ধ পায় বেজে নাক কোঁচাই দিয়ে) ইহ….কি খালি অ’ তই..,
গেলাগেলা গোন্ধত তোৰ মুখৰ ওচৰলৈ মুখ নিবই নোৱাৰি…….,তই গেলাসোপা খাই আহি আবোল তাবোল
বলকা নাইতো….?
কনক:
নাই নাই ফেদুৱা বাবা……,মই একো আবোল-তাবোল বলকা নাই…,অকনমান ফটিকা খাইছো….,মনৰ দুখত
খাইছো বাবা (দুখৰে)……মোৰ একমাত্ৰ মাক নোহোৱা ছোৱালীজনী….(চিঞৰি কান্দে)…..মোৰ ছোৱালীজনীৰ
গাত ভুতেই নে চুতেই কিবা সোমাল বাবা…..তাইক আপুনি বচাব লাগে…।চোৱালীজনীয়ে পগালাৰ লেখিয়া
আচৰণ কৰি গোটেই জনী শুকাই-খিনাই গৈছে বাবা….,আপুনি কিবা এটা কৰক, মোৰ ছোৱালী জনী বচাওক……নহ’লে
মই অপোনঘাটি হ’ম…চুইচাইড কৰিম। কালি মনৰ দুখতে নদীত জাপদি চুইচাইড কৰিম বুলি গৈ গৈ
মদৰ নিচাতে ক’লৈ গৈ আছো তাকে পাহৰি ছোৱালীজনীৰ পাগলামী চিঞৰত হুচ আহিল আৰু নদীৰ পাৰৰ
পৰা ঘৰলৈ উভতি আহিলো…..আপুনি তাইক বচাওক বাবা , আপোনাক যি লাগে তাকে দিম মই……মাত্ৰ
ছোৱালীজনী সুস্থ কৰি দিয়ক……..
বেজ:
ও বুজিলো….।তই মৰিব নালাগে…..মৰিলে বেয়া আত্মা মৰিব…..,মই তোৰ ছোৱালীক বচাম….(মুখতে
ভোৰ-ভোৰাই হিৰিং কিৰিং বুলি মন্ত্ৰ উচ্চাৰণ কৰিব আৰু হাতৰ মুঠিত লৈ থকা ভস্ম অলপ চাটিমাৰি
দিব) (চিঞৰি ক’ব) জয় মা কালী…(কনকে ভয় খাই দৌৰ মাৰে)….ঐ ক’লৈ পলাইছ’….ভয় নকৰিবি ওচৰলৈ
আহ…! আহ ভয় নাখাবি…….
কনক:
(ভয়ে ভয়ে কাষ চাপে) আপুনি যিদালহে চিঞৰ মাৰিলে মই ভয় খাই গৈছিলো…. ভয়তে নিচাই ফাটি
গ’ল……..
বেজ:
ভয় নাখাবি……,ভয় নকৰিবি….মই মা’ৰ লগত কথা পাতিছো…..,মা’ক মাতিছো….’জয় মা’কালী’…..(পুণৰ
আগৰ দৰে মন্ত্ৰ মাতিব)…..ও…ও….মই গম পাই গ’লো, বেয়া হাৱা….বেয়া হাৱা লাগিল, তোৰ ছোৱালীৰ
গাত বেয়া হাৱা লম্ভিছে……….
কনক:
বেয়া হাৱা…?
বেজ:
ও বেয়া হাৱা……….,পিছে তোৰ ছোৱালীজনী এতিয়া ক’ত আছে ?
কনক:
(অলপ দুৰলৈ আঙুলি দেখুৱাই) সৌ জনী…….সেইখিনিতে তাইক বান্ধি থৈছো…..,ৰ’ব মই তাইক আপোনাৰ
ওচৰলৈ লৈ আহো…..
বেজ:
তাইক তেনেকৈ কিয় বান্ধি থৈছ’ ?
কনক:
বান্ধি নথলে তাই ক’লৈ গুছি যাব ঠিক নাই নহয়…..,এনেয়ে মা’ক নোহোৱা ছোৱালী….,মই দিনে-ৰাতিয়ে
অকনমান খাই নিচাত থাকো…,তাই হেৰাই যায় বুলিয়েই তেনেকৈ তাইক বান্ধি ৰাখো বাবা….(কান্দি
কান্দি) মা’ক নোহোৱা একেজনীয়েই মোৰ ছোৱালী, পঢ়া-শুনাতো তাই বৰ ভাল আছিল। মেট্ৰিকত তিনিটা
বিষয়ত তাই লেটাৰ পাই পাছ কৰিছিল…..চহৰৰ কলেজত নাম লগাই দিলো….,হোষ্টেলত থকাৰ ব্যৱস্থা
কৰি দিলো….। তাতেই তাইৰ কাল হ’ল…,প্ৰথমে একো জনা নাছিলো মই পিছতহে সকলোবোৰ জানিলো।
বেজ:
কি জানিলি ?
কনক: গাঁওৰ ছোৱালী চহৰত একো আও-ভাও নুবুজি দুষ্ট সংগত
পৰি তাই নিচা বস্ত খাবলৈ ল’লে…ড্ৰাগ্চ নে কি সেইবোৰৰ নিচাত পৰিল তাই….। তাইক দিওঁতে
দিওঁতে মোৰ সাঁচতিয়া ধন সকলো উদং হ’ল….পঢ়া-শুনা কৰি ভাল হ’ব, ডাঙৰ মানুহ হ’ব বুলি আশা
কৰি ৰোৱাতলী মাটিখিনিও বন্ধকত দি টকা জোগাৰ কৰি তাইক দিব ল’গা হ’ল…….তথাপি তাইক টকাৰে
নোজোৰা হ’ল….,ঘৰলৈ তাই ন’হা হ’ল মাত্ৰ টকা লাগে বুলি ফোনৰ ওপৰত ফোন কৰিবলৈ ল’লে……..টকা
মই ক’ৰ পৰা দিওঁ….চুইচাইড কৰাৰ বাদে মোৰ বেলেগ চিন্তা মনলৈ নহাহ’ল….।
বেজ:
তাৰ পিছত ?
কনক:
সেইদিনা আছিল সৰস্বতী পূজা….ৰাতি ১০মান বজাত হঠাৎ এটা ফোন আহিল…….
বেজ:
ফোন ? কোনে ক’ৰ পৰা কৰিলে ?
কনক:
তাই থকা হোষ্টেলৰ পৰা হোষ্টেল চুপাৰে ফোন কৰি ক’লে মোৰ ছোৱালীজনীয়ে মানসিক ভাৰসাম্য
হেৰুৱাই বোলে সম্পূৰ্ন পগলা আচৰণ কৰি হোষ্টেলত অশান্তিৰ সৃষ্টি কৰিছে,গতিকে তাইক মই
লৈ যাবহি লাগে…..,সেই ৰাতিয়েই আমাৰ গাঁওৰ বকুলৰ টেম্পো গাড়ীখনত তাইক লৈ আহিলো। গাঁওৰ
মানুহবোৰে তাইৰ অৱস্থাটো দেখি ক’লে বোলে তাইৰ গাত দেও-ভূতে লম্ভিলে……,বহুত বেজ-কবিৰাজ-জৰা-ফুকা
কৰালোঁ….,নাই…আজি এমাহে তাই ভাল হোৱাতকৈ দিনক-দিনে বেছি বেয়াৰ ফাললৈহে গৈছে…। গাঁওখনৰ
মানুহে তাইক দেখিলে লেই-লেই ছেই-ছেই কৰা হ’ল, তাইৰ গালৈ শিলগুটি দলিয়াবলৈ ল’লে, গাত
পানী ধালি দিয়ে….ঘ্ৰীণা অবজ্ঞাৰে তাইক দেখি মানুহে থু পেলাবলৈ ল’লে….কোনোৱে ক’লে তাইৰ
গাত বোলে ডাইনি লম্ভি আছে….। শেষত আপোনাৰ নাম শুনি ইয়ালৈ তাইক লৈ আনিলো…..,বাবা, আপুনি
মোৰ ছোৱালীজনী বচাওক……নহ’লে মই চুইচাইড কৰিম……
বেজ:
বচাম বচাম…,তই চুইচাইড কৰি মৰিব নালাগে……তই চিন্তা নকৰিবি…..এই ফেদুৱা বেজে ভাল কৰিব
নোৱাৰা কোনো পগলাই সৃষ্টি হোৱা নাই…..’জয় মহাকাল’……যা তাইক মোৰ ওচৰলৈ লৈ আনগৈ যা….,জয়
মহাকাল…………
(কনকে
ৰূপাক বান্ধি থোৱাৰ পৰা বেজৰ ওচৰলৈ লৈ আহে আৰু ৰূপাই সম্পূৰ্ণ মানসিক বিকাৰগ্ৰস্থ ৰোগীৰ
দৰে আচৰণ প্ৰকাশ কৰিব, চট-ফটাই থাকে আৰু চিঞৰ-বাখৰ,হাঁহি…ভয় ইত্যাদি….)
কনক:
(বেজৰ ওচৰলৈ ৰূপাক আনি)….ৰূপা, আই অ’ বাবাৰ ভৰিত ধৰি সেৱা এটা কৰ আই…….বাবাই তোক ভাল
কৰি তুলিব আই………
ৰূপা:
কোন…?(ঘৃনাৰ চাৱনিৰে ৰূপাই বেজৰ মুখলৈ চাব) অ’ তই……,ই গৰু চোৰ….,ই গৰুচোৰ…...হি: হি:হি:হি:…..,তই
জেললৈ যাব লাগিব……..,পুলিচ আহিব…,হাকিমে অৰ্ডাৰ অৰ্ডাৰ বুলি ক’ব…হা:হা:হা:হা:…,হুচিয়াৰ……(দুখ)……মোক
বেজি লাগে……,মোক বাবা (ভাং)খাবলৈ দে….দে….., দে বুলিছো নহ’য় দে…, মোক ড্ৰাগচ লাগে,
মোক ড্ৰাগচ আনি দে……,হা:হা:হা:….ই গৰুচোৰ…….হি:হি:হি:…..
কনক:
ৰূপা….,ধেৎ নাপায় নহয় তেনেকৈ ক’ব……,বাবাক সেৱা এটি কৰ……,বাবা এইৰ কথাত আপুনি দোষ নধৰিব……….
বেজ:
কথা এই কোৱা নাই…..কথা তাইৰ গাত লম্ভি থকা দুষ্ট আত্মাই কৈছে……,’জয় মহাকাল’……,অপশক্ত,
বেয়া হাৱা,……..,তোৰ জীয়েৰৰ গাত এটি সাংঘাটিক বস্তুৱে লম্ভিছে….,কষ্ট হ’ব…..খৰচ হ’ব….কিন্তু
এই ফেদুৱা বেজে সকলো ঠিক কৰি দিব…….,জয় মা’কালী…….,ক’ টকা খৰছ কৰিব পাৰিবি নে নোৱাৰ’
?
কনক:
কিমান টকা বাবা ?
বেজ:
এই ধৰ দহ পোন্ধৰ হেজাৰ টকা….
কনক:
পাৰিম বাবা পাৰিম….., মা’ক মৰাৰ আগতে এইৰ বিয়ালৈ বুলি নাকৰ-কানৰ সোনৰ অলংকাৰ খিনি থৈ
গৈছে……তাকে বন্ধকত থৈ টকা খিনি জোগাৰ কৰিব পাৰিম! আপুনি মাথোন মোৰ ছোৱালী জনীক ভাল
কৰি দিয়ক বাবা….., নহ’লে মই এনেকৈ এইৰ অবস্থাটো চাই থাকিব নোৱাৰো…মই চুইচাইড কৰি মৰিম
তাৰপিছত এইৰ যি হয় হ’ব………
বেজ:
ঠিক আছে তেন্তে……., তই টকা-পইচা জোগাৰ কৰ…,অহা শনিবাৰে মই শ্মশানঘাটত শনি পূজা পাতিম,
তাৰপিছত কালভৈৰবী পূজাপাতি এইৰ গাৰপৰা বেয়া হাৱা, দুষ্ট আত্মাটোক উলিয়াই বশ কৰিব লাগিব……..।
কনক..
কনক:
বাবা….
বেজ:
এতিয়া তোৰ লগত কিমান টকা আছে ?
কনক:
সাত আঠশমান টকা আছে…..
বেজ:
সদ্যহতে সেইখিনি টকাকে তই মোক দে…বাকী যা-যোগাৰ বোৰৰ কথা মই তোৰ লগত ফোনত পাতিম…..,অ’
তোৰ ফোন নম্বৰটোও মোক দিবি…..
কনক:
হ’ব বাবা (কনকে পকেটৰ পৰা টকা উলিয়াই বেজক দিবলৈ খোজোতেই সমাজ সেৱিকা ৰাধিকা আহে)
ৰাধিকা:
ৰ’ব ৰ’ব দাদা….., ৰ’ব…..বেজক আপুনি টকাখিনি নিদিব….। মই সৌ দূৰৰ পৰাই আপোনালোকৰ সকলোবোৰ
কথা শুনি আছিলো…..।
বেজ:
তই কোন ? টকা মোক নিদিবলৈ ক’বলৈ তোৰ ইমান সাহস ? মই কোন তই জান’ নে নাজান’?
ৰাধিকা:
(মিচিকিয়া হাঁহি) মই তোৰ পৰিচয় নতুনকৈ আৰু কি জানিব লাগে…..,ইমান পৰে চিঞৰি চিঞৰি ৰাইজখনক
তই কৈয়ে আছ’ দেখোন…..। তাৰোপৰি গৰুচোৰ কৰা অপৰাধত তই দুবছৰৰ আগতে জেলৰ ভাত খোৱা কথাবোৰো
ৰাইজক এতিয়া মই কৈ দিও নেকি ? ভুৱা পলোভন, মিছা কথাৰে, সাধাৰণ মানুহৰ অন্ধবিশ্বাসৰ
সুবিধাৰে ভয় দেখুউৱা তোৰ দৰে ভণ্ডৰ বাবেই অনেক লোকৰ ডাক্তৰৰ চিকিৎসাৰ অভাবত মৃত্যু
হৈছে। মই এতিয়া পুলিচ মাতিম নে তই ইয়াত ৰৈয়েই থাকিবি……(বেজে ভয় ভয়কৈ চুচুক চামককৈ আতৰিব)……ৰ’……আৰু
শুন ভবিষ্যতে যেন তোক আকৌ এই ৰূপত দেখাপোৱা নাযায়, মনত ৰাখিবি…..,যা এতিয়া।(বেজ আতৰি
যায়)…
ৰাধিকা:
দাদা, ৰাইজ আপোনালোকেও শুনক, আচলতে এইবো ভণ্ডামী, অন্ধবিশ্বাস…., মানসিক বিকাৰগ্ৰস্থতা
এক ৰোগ….,ইয়াৰ ডাক্তৰি চিকিৎসা আছে..আৰু উন্নত চিকিৎসাৰ দ্বাৰা এই ৰোগ নিৰাময় কৰিব
পাৰি। বেজ,তন্ত্ৰ,মন্ত্ৰ,ভূত,প্ৰেত এইবোৰ মানুহৰ অন্ধবিশ্বাস।এই অন্ধবিশ্বাসৰ কবলত
পৰি বহুত মানুহৰ জীৱনহানী হৈছে। এতিয়া আমাৰ চৰকাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে
বিভিন্ন আঁচনি হাতত লৈছে, এই অন্ধবিশ্বাস দূৰ কৰি আধুনিক চিকিৎসা সেৱাৰে মানসিক বিকাৰগ্ৰস্থ
ৰোগীৰ ৰোগ নিৰাময় কৰি সুস্থ কৰি তুলিছে। আমাৰ শৰীৰৰ বিভিন্ন অংগৰ যেনেদৰে ৰোগ হয় আৰু
আমি ডাক্তৰৰ চিকিৎসাৰ দ্বাৰা সেই ৰোগ নিৰাময় কৰো, ঠিক তেনেকৈ মানসিক ৰোগো আমাৰ শৰীৰৰ
অংগ মগজুৰ ৰোগ, আৰু এই ৰোগক চিকিৎসা কৰি ভাল কৰিব পাৰি। দাদা, আপোনাৰ ছোৱালীজনীৰ মানসিক
ৰোগৰ বাবেহে এনেবোৰ লক্ষণে দেখা দিছে। তন্ত্ৰ-মন্ত্ৰ,ভুত-প্ৰেত বা বেজৰ বেজালীত আৰু
জৰা-ফুকাত ছোৱালীজনী কেতিয়াও আৰোগ্য নহয়, বৰঞ্চ লাহে লাহে ৰোগ যটিলহৈ মৃত্যুপৰ্যন্ত
হ’ব পাৰে।কিন্তু চিকিৎসালয়লৈ নি চিকিৎসা কৰালে তাই আগৰদৰে ভাল হৈ পৰিব।
কনক:
সঁচা নে বাইদেউ…..,এইবোৰ কথা মই আগতে জনাই নাছিলো নহয়। বাইদেউ, ডাক্তৰে বাৰু সঁচাকৈ
মোৰ ছোৱালীজনী ভাল কৰিব পাৰিবনে, মোৰ ছোৱালীজনী আগৰদৰে সুস্থহৈ পৰিবনে ?
ৰাধিকা:
কিয় নহ’ব…চৰকাৰী হাস্পতালত মানসিক ৰোগ বিভাগৰ ডাক্তৰে চিকিৎসাৰে তোমাৰ ছোৱালীক আৰোগ্য
কৰি তুলিব।
কনক:
তাৰমানে মোৰ ছোৱালীজনীক তেজপুৰত থকা মেণ্টেল হাস্পতাললৈ লৈ যাব লাগিব নেকি…?কিন্তু
বাইদেউ……! কিন্তু মোৰ যে ইমান পইচাও নাই , তাৰোপৰি ঘৰখন ৰখিবলৈও কোনো মানুহ নাই! গতিকে
এইক কেনেকৈ লৈ যাওঁ……!
ৰাধিকা:
তেজপুৰ মেণ্টেল হস্পিতাললৈ লৈ যাব লাগিবই বুলি তেনে কোনো কথা নাই, এতিয়া চৰকাৰী সকলো
চিকিৎসালয়ত মানসিক বিকাৰ গ্ৰস্থ ৰোগীৰ বাবে সু-চিকিৎসাৰ সমস্ত ব্যৱস্থা আছে…।গতিকে
তুমি ছোৱালীজনীক চৰকাৰী হাস্পতাললৈকে লৈ গৈ চিকিৎসা কৰোৱা। তাতেই তাই আৰোগ্য হৈ উঠিব
।
কনক:
টকা পইচা কিমান খৰছ হ’ব বাইদেউ ?
ৰাধিকা:
(হাঁহি) এটা টকাও খৰছ নহয়…., বিনামূল্যৰ চিকিৎসা….।চৰকাৰী হাস্পতালত ৰোগীৰ অভিভাৱকে
টকা-পইচা খৰচ কৰিব নালাগে, সকলো বিনামূলীয়া। দাদা, আৰু এটা কথা……
কনক:
কি কথা বাইদেউ ?
ৰাধিকা:
আপুনি অথনি কথাই প্ৰতি চুইচাইড কৰাৰ কথা কৈ আছিল যে…..,এই চুইচাইড বা আত্মহত্যাৰ প্ৰৱণতাও
এক প্ৰকাৰৰ মানসিক ৰোগ, এই আত্মহত্যাৰ প্ৰৱণতাও মানসিক চিকিৎসাৰ দ্বাৰা নোহোৱা কৰিব
পাৰি। গতিকে আপুনিও ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক। তাৰোপৰি আপোনাৰৰ ছোৱালীজনী হোষ্টেলত
থাকোতে নীচাযুক্ত বস্তুৰ প্ৰতি থকা আসক্তিও মানসিক ৰোগৰ এক কাৰণ…..; হতাশা(Depression),উদ্বিগ্নতা(Anxiety),উন্মাদনা(Psychosis),অবচেচিভ
কম্পালচিভ ডিচৰ্ডাৰ(Obsessive compulsive disorder),অটিজিম(Autism) ইত্যাদিবোৰ মানসিক
ৰোগ, এইবোৰ সকলো চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি। মদ-ভাং-কানি-ব্ৰাউনচুগাৰ-ড্ৰেনড্ৰাইট
ইত্যাদিৰ উপৰিও কাঁহত খোৱা কিছুমান দৰৱ, টোপনিৰ দৰৱ আদিও বহুতে নিচা হিচাপে ব্যৱহাৰ
কৰি মানসিক ৰোগত আক্ৰান্ত হয়….,যাৰ ফলত ৰোগীৰ লগতে পৰিয়াল আৰু সমাজৰ বতাবৰণ অসুস্থ
হৈ পৰে। এখন সুস্থ সমাজ আৰু সুস্থ বাতাবৰণৰ বাবে এইবোৰ আমি নিৰাময় কৰি সুস্থ মন আৰু
সুস্থ শৰীৰৰে জীয়াই থাকিব লাগিব।
কনক:
আপুনি দেৱদূত অহাদি আহি আমাৰ চকু মেল খোৱালেহি বাইদেউ….., এতিয়াহে কথাবোৰ বুজিলো।
ৰাধিকা:
দাদা, আপুনিও এই মদ খোৱাৰ নিচা এৰক, নিচাযুক্ত দ্ৰব্যই শাৰীৰিক মানসিক সকলোতে ক্ষতি
কৰে।আৰু এটা কথা….
কনক:
কি কথা বাইদেউ ?
ৰাধিকা:
আৰু আপুনি যদি নিজে এই মদৰ নিচা এৰিব নোৱাৰে,তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক…।
কনক:
কানত ধৰিছো বাইদেই, মই মোৰ ছোৱালীজনীৰ শপত খালো, এতিয়াৰ পৰা এই বৰবিহ মদ আৰু মুখত নিদিও
আৰু আনকো এনে নিচা বস্তু ল’বলৈ হাক দিম…।
ৰাধিকা:
ৰাইজ, মানসিক ভাৱে বাধাগ্ৰস্থ জনক আমি অৱহেলা কৰিব নালাগে, তেওঁলোকো এইখন সমাজাৰে সৃষ্টি,
তেওঁলোকৰ জানো জীয়াই থকাৰ অধিকাৰ নাই ? তেওঁলোকক মৰম চেনেহ আন্তৰিকতা আৰু সু চিকিৎসাৰ
দ্বাৰা সুস্থ শৰীৰ আৰু সুস্থ মনৰ গৰাকী কৰি তুলিব নালাগিব জানো….।
(চাৰিওটি চৰিত্ৰ একশাৰীত থিয় হ’ব, একেলগে ক’ব)
সকলোৱে:
আহক ৰাইজ, আহক…, আমি সকলোৱে মানসিক ৰোগৰ প্ৰতি মালিন্যৰ(Stigma)বিপৰীতে হাতত হাত ধৰি
থিয় হওঁ আৰু এখন সুস্থ আৰু মানসিক ৰোগমুক্ত সমাজ গঢ়ি উঠাত সহায় কৰোঁ…।
সজাগতাৰ
বাণী: ১) ৰোগীৰ নিসংগতা দূৰ কৰা,মানসিক ৰোগীক অৱহেলা নকৰিবা,মৰম-চেনেহ সহানুভূতিশীল
হৈ মানসিক ৰোগীক চৰকাৰী হাস্পাতালত চিকিৎসা কৰোৱা ।২)মাদক দ্ৰব্য আৰু ধপাতে মানসিক
ৰোগ সৃষ্টি কৰে, ইয়াক ত্যাগ কৰা।৩) আত্মহত্যাৰ প্ৰৱণতা মানসিক ৰোগ, চিকিৎসাৰে এই ৰোগ
নিৰাময় কৰা।
সকলোৱে : আহক ৰাইজ, এতিয়াৰ পৰাই আমি , সুস্থ মন সুস্থ শৰীৰ সুস্থ-সবল আমাৰ সমাজখন গঢ়ো…..
সমাপ্ত
Script
writer: Diganta kumar bhuyan.Tezpur, mbl no-8638684578.mail-digbhuyan123@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.