সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ৰিক্ত হৃদয়ৰ সিক্ত সপোন ( RIKTA HRIDYAIR SIKTA SOPUN) ASSAMESE DRAMA SCRIPT



       ( RIKTA HRIDYAIR SIKTA SOPUN)
 The drama,“ৰিক্ত হৃদয়ৰ সিক্ত সপোন”, directed and Script by Shri Diganta Kumar Bhuyan, based on the novel written by Shri Darak Ullah, Addl. District and Sessions Judge, Sonitpur, was staged on Baan Theatre Hall,Tezpur(Assam) on 1st December' 19. The drama was inaugurated by Hon'ble Deputy Commissioner Sonitpur, Shri Manvendra Pratap Singh.

( RIKTA HRIDYAIR SIKTA SOPUN)

(একে নামৰে ‘দাৰাক উল্লা’ৰ দ্বাৰা ৰচিত উপন্যাসৰ ‘দিগন্ত কুমাৰ ভূঞা’ৰ নাট্যৰূপ )
                                                                              ৰিক্ত হৃদয়ৰ সিক্ত সপোন

নাট্যৰূপ: দিগন্ত কুমাৰ ভূঞা (ডিচেম্বৰ,২০১৮)

    প্ৰথম দৃশ্য


 

(মঞ্চ পৰিকল্পনা: মঞ্চ মুকলি হোৱাৰ লগে লগে দেখা যাব এখন ‘আশ্ৰম’। Cyclorama ত দেখা যাব এখন নদী। তাৰ পাৰতেই গছ-গছনি,ফল-ফুলৰে সমৃদ্ধ এটি সভাগৃহৰ বাৰান্দা আৰু চোতাল । চোতালত এখন বিশিষ্ট আসনত গুৰুজি ধ্যানত বহি থাকিব।ৰাতিপুৱাৰ পৰিৱেশ, চৰাই-চিৰিকতিৰ শব্দ আৰু সংগীতে পৰিৱেশ সৃষ্টি কৰিব।লাহে লাহে আংশিক ভাৱে সূৰ্যৰ ৰশ্মি পৰিব গুৰুজিৰ মুখত আৰু বাৰান্দাত।বেদমন্ত্ৰ উচ্চাৰিত হ’ব। 

 “অসতো মা সৎ গময়, তমসো মা জ্যোতিৰ্গময়,মৃত্যোৰ্মা অমৃত গময়, ওঁ শান্তি!! ওঁ শান্তি!! ওঁ শান্তি!!

( RIKTA HRIDYAIR SIKTA SOPUN)

(লাহে লাহে গুৰুজিয়ে চকু মেলিব,এনেতে সদ্যস্নাতা শেৱালী নদীৰ তীৰৰ পৰা প্ৰৱেশ আৰু হাতত ফল-ফুলৰ কৰণি)

শেৱালী: গুৰুজি…….প্ৰণাম গ্ৰহণ কৰক….

গুৰুজি: মাজনী….,তুমি প্ৰাতঃপ্ৰাৰ্থনাৰ সকলো যা-যোগাৰ কৰিলানে?

শেৱালী: হয় গুৰুজি………

গুৰুজি: তুমি যোৱা আই……প্ৰাৰ্থনা গৃহত পুজাৰ যোগাৰ কৰাগৈ…..(প্ৰনাম জনাই প্ৰস্থান)

(গুৰুজি পুণৰ ধ্যানত বহে আৰু এনেতে ৰূপেশ্বৰ ভকত, তীখৰ, তুলুমন, ২/৩জন ভকত আৰু শেষত প্ৰশান্ত বৰুৱাৰ প্ৰৱেশ। এজন এজনকৈ সকলোৱে গুৰুজিক প্ৰনাম জনাই আসন গ্ৰহণ কৰে।)

প্ৰশান্ত: প্ৰণাম গুৰুজি…..

গুৰুজি: কল্যানভৱ……., ভক্ত সকল,আমাৰ এই আশ্ৰমৰ আৰ্থিক দিশত এজন ভকতে, যথেষ্ট সহায় আগবঢ়াইছে।তাৰোপৰি আশ্ৰমৰ ভক্ত সকলৰ খোৱা-বোৱাৰ লগতে যাৱতীয় কিছু খৰচৰো তেও দায়িত্ব লৈছে…….তেও হ’ল এয়া শ্ৰীপ্ৰশান্ত বৰুৱা…….

প্ৰশান্ত: নমস্কাৰ…..

সকলোৱে: (হাতচাপৰি)

গুৰুজি: ভক্ত সকল, আমাৰ আশ্ৰমৰ বাৰ্ষিক ধৰ্ম সভাখনিৰ,তিনিও দিনৰ কাৰ্যসূচীত ভকত ৰাইজৰ খোৱাবোৱাৰ সমুদায় খৰচ বহন কৰিবলৈও ভকত প্ৰশান্ত বৰুৱাই দায়িত্ব লৈছে……।ধৰ্ম-সভাৰ অন্তিম দিনা নিশালৈ ভজন-কীৰ্ত্তনৰো আয়োজন কৰা হৈছে…….

ৰূপেশ্বৰ: গুৰুজি, প্ৰশান্ত চাৰৰ কৃপাতে আমাৰ সভাৰ সমুদায় খৰছৰ ব্যৱস্থা হ’ল যেতিয়া, এতিয়া আমাৰ অনুষ্ঠানটি ভগবন্তৰ কৃপাত মুখ্য চিন্তাই বাট পালে…..,নহয় জানো ৰাইজ……?

সকলোৱে: হয়…হয়…হয়….

গুৰুজি: ধন্য……! আমি মনুষ্য…..,আমি পৰম কৰুণাময়ৰ কৰুণাৰ সৃষ্টি……,আমি প্ৰেম,ভালপোৱা আৰু সৃষ্টিৰ সাগৰ। কৰুণাময়ে আৰু কৈছে…….,”যিমান বিলাই দিবা,সিমান মহান হ’বা”

 তীখৰ: আমাৰ প্ৰশান্ত চাৰে বিলাই দিয়ে সেয়ে ভগবন্ত প্ৰভুৱে চাৰক মহান কৰিছে—নহয়নে গুৰুজি  ?(এনেতে শেৱালীৰ প্ৰৱেশ)

শেৱালী: গুৰুজি প্ৰাৰ্থনাৰ আয়োজন সম্পূৰ্ন কৰা হ’ল…….

গুৰুজি: বলা আই….., আই শেৱালী, অতিথি সকলৰ অপ্যায়নৰ ব্যৱস্থা কৰা ,(ধেমেলীয়াকৈ) তাৰোপৰি আপ্যায়ন কৰাবলৈ সুদৰ্শন ডেকা ভকত প্ৰশান্তৰ দৰে অতিথি তুমি ক’ত পাবা…..?(শেৱালী লাজত ৰঙা পৰে)

সকলোৱে: হয় হয় গুৰুজিয়ে সত্য কথাকে কৈছে……(শেৱালী লাজতে দৌৰ মাৰি প্ৰ্স্থান)

গুৰুজি: ভক্ত সকল, মোৰ প্ৰাৰ্থনাৰ সময় হ’ল…….আপোনালোকে আহাৰ গ্ৰহণ কৰাৰ পিছত পুণৰ আমি সভা গৃহত লগ হ’ম………

সকলোৱে :প্ৰনাম গুৰুজি……..Light cut.

( RIKTA HRIDYAIR SIKTA SOPUN)
( RIKTA HRIDYAIR SIKTA SOPUN)

            দ্বিতীয় দৃশ্য

(মঞ্চ পৰিকল্পনা: শেৱালীৰ এটি সাধাৰণ কোঠা।বেৰত স্বামী ৰমেনৰ মালাৰে সজোৱা এখন ফ’টো থাকিব।এখন বিচনা, এখন মেজ, এখন চকী থাকিব, কোঠাটিত এখন খিৰিকি থাকিব। খিৰিকিৰ সিটোপাৰে আন এটি কোঠা থকাৰ আভাষ পোৱা যাব।মঞ্চত পোহৰ পৰাৰ লগে লগে দেখা যাব প্ৰশান্ত আৰু শেৱালীৰ কথোপকথন।)

শেৱালী: হয়…গুৰুজি বৰ ধাৰ্মিকলোক….! তেখেতৰ সকলো কথা বুজি নাপও যদিও,শুনি থাকিয়েই ভাল লাগে।তেখেত ধৰ্মকথাৰ সাগৰ…,কিমান যে সুন্দৰকৈ ধৰ্মকথা আৰু জীৱনৰ বিষয়ে কয়…..,অৱশ্যে তেখেত অলপ ধেমেলীয়াও আৰু এক ৰঙীন মনৰ মানুহ…..সেইকাৰণে মাজে মাজে আমাৰ লগত দুই এটা কথাৰে ধেমালী-চুপতি কৰে…….,মই তেখেতৰ আপোন ছোৱালীৰ নিচিনা………! চাৰ, আপুনি ঠিয় হৈয়ে থাকিল দেখোন বহক চাৰ----।

প্ৰশান্ত: হ’ব হ’ব বহিম বাৰু---,গুৰুজিৰ এই আশ্ৰমখনলৈ আহি, গুৰুজিৰ সুন্দৰ সুন্দৰ কথা শুনি…..আপোনালোকক লগপায় মনলৈ যেন কিছু হ’লেও হেৰুৱা শান্তি উভতি আহিছে….।তথাপিও মই জীৱনটোকলৈ মাজে-মাজে হতাশহৈ পৰো।

শেৱালী: হতাশ….? চাৰ..,আপুনি তেলকোম্পানীত কৰ্মৰত ইমান এজন ডাঙৰ বিষয়া….কিন্তু হতাশ কিয় ?

প্ৰশান্ত: এইবোৰ বহুত কথা শেৱালী……..

শেৱালী: চাৰ…,আপুনি ইমান সৰল-নিৰ্জু,গপ-ভেম অহংকাৰ নথকা এজন ভদ্ৰ মানুহ…..কিন্তু আপোনাক দেখিলে কিয় জানো এনে লাগে…..যেন আপোনাৰ মনৰ মাজত অনেক বেদনা লুকাই আছে….কিয় বাৰু চাৰ…?

প্ৰশান্ত: শেৱালী…..,মই আপোনাক তুমি বুলি মাতিলে বেয়া পাব নেকি ?

শেৱালী: কিয় বেয়া পাম চাৰ…..

প্ৰশান্ত: ঠিক আছে তেন্তে….এতিয়াৰ পৰা মই তোমাক তুমি বুলি মাতিম দেই….কিন্তু আৰু এটা কথা….

শেৱালী: কি কথা চাৰ….?

প্ৰশান্ত: তুমিও কিন্তু মোক এতিয়াৰ পৰা ‘চাৰ’ বুলি নামাতিবা…….

শেৱালী: তেনেহ’লে কি বুলি মাতিম চা..ৰ….

প্ৰশান্ত: তুমি যি বুলিয়েই মাতা…….,মোৰ নাম ধৰিকে মাতিবা তেনেহ’লে……

শেৱালী: ইস্‌……, আপোনাৰ দৰে ইমান ডাঙৰ মানুহক নাম ধৰি মাতিলে মানুহে মোক কি ক’ব..?

প্ৰশান্ত: কোন মানুহে ক’ব ?

শেৱালী; আন মানুহ বোৰে……

প্ৰশান্ত: তেন্তে প্ৰশান্তদা বুলি ক’বা……..

শেৱালী: ঠিক আছে….., এতিয়াৰ পৰা আপোনাক প্ৰশান্তদা বুলিয়েই মাতিম চাৰ….

প্ৰশান্ত: সেইয়া আকৌ চাৰ ক’লা……

শেৱালী: নহয় নহয়…..,প্ৰশান্তদা চাৰ….

প্ৰশান্ত: আকৌ….(হাঁহি)

শেৱালী: প্ৰশান্তদা….(দুয়োৰে হাঁহি)----শেৱালী, (হাতৰ ঘড়ি চাব) মোৰ অলপ কাম আছে গতিকে মই এতিয়া যাও।

শেৱালী: ঠিক আছে প্ৰশান্তদা…..সন্ধিয়া আহিব আৰু বহুত কথা পাতিম……

প্ৰশান্ত: ঠিক আছে শেৱালী…..এতিয়া যাও….(প্ৰস্থান, শেৱালীয়ে প্ৰশান্ত যোৱাৰ ফালে চাই ৰ’ব।কিছু সময়ৰ পিছত গুৰুজি সোমাই আহে)

গুৰুজি: আই শেৱালী……

শেৱালী: গুৰুজি…..

গুৰুজি: কি হ’ল শেৱালী…কি ভাবি আছা ? আমাৰ প্ৰশান্ত চাৰক ভালদৰে সেৱা-শুশ্ৰুষা কৰিবা দেই মাজনী….তেওঁ ইমান এজন ডাঙৰ মানুহ, এজন ডাঙৰ অফিচাৰ…..আমাৰ এই সাধাৰণ আশ্ৰমলৈ যে তেখেত আহিছে সেয়াই আমাৰ কাৰণে ডাঙৰ সৌভাগ্য নহয় জানো…..?

শেৱালী: হয় গুৰুজি….,প্ৰশান্তদা বৰ ভাল মানুহ…..,এনে এজন ডাঙৰ মানুহক যে আমাৰ মাজত পাইছো……

(গুৰুজিয়ে শেৱালীলৈ একেথৰে চাই মিচিকিয়া হাঁহি মাৰে আৰু শেৱালীয়ে লাজতে তলমুৰ কৰি ভিতৰলৈ দৌৰ মাৰে………গুৰুজিয়ে হাঁহি থাকিব…লাহে লাহে পোহৰ কমিব।) Light cut.

                           
( RIKTA HRIDYAIR SIKTA SOPUN)
                                   
তৃতীয় দৃশ্য

(মঞ্চ পৰিকল্পনা: ৰঙা নিলা পোহৰৰ মাজত যোৰা-যোৰা পুৰুষ-মহিলাৰ মৃদু সংগীতৰ তালত আলিংগন বদ্ধ নৃত্য পৰিবেশনৰে এটি club ত পাৰ্টি চলি থকা দৃশ্য। এগৰাকি পৰিচাৰিকাই ট্ৰেত ৰঙিন পানীয়ৰ গিলাছ উপস্থিত সকলক অপ্যায়নত ব্যস্ত থকা দেখা যাব।বেৰত লাগি থকা টিভিৰ স্ক্ৰিনট মাইকেল জেকচনৰ এটি গীতৰ দৃশ্য চলি থকা দেখা যাব। কিছু সময়ৰ পিছত জেচমিন শইকিয়া আৰু জোনালী দত্তৰ ম’নাৰ লগত কথোপকথন শুনা যাব।)

জেচমিন: বৰুৱানী  আজিৰ এই সুন্দৰ পাৰ্টিটোৰ উপলক্ষ্য কি ----,কিবা ভাল খবৰ আছনেকি ?

ম’না: নাই নাই ---,তেনে কোনো কথা নাই , “আপোনালোক সকলোকে লগ পোৱাৰ আশাতেই এই পাৰ্টি দিয়া হৈছে”।-(এনেতে প্ৰশান্তই এটি ঘোষনা কৰিব)

প্ৰশান্ত: বন্ধু সকল, কালিলৈ যিহেতু দেওবাৰ ,ছুটিৰ দিন ,গতিকে মিড নাইটলৈ এই পাৰ্টি চলিব, আপোনালোকে নিজৰ নিজৰ পচন্দৰে পাৰ্টি উপভোগ কৰক----! (Direction :এটা Zoneত ৰৈ থকা জেচমিন আৰু জোনালীৰ ফুচফুচিয়া মেল হঠাতে ম’নাৰ কানত পৰিব।)

জেচমিন:(ফুচফুচ) ইমান খৰছ কৰিছে-----কিহৰ পাৰ্টি দিছে আপুনি জানে নেকি দত্তনী---?

দত্তনী: কি কৰিব----খাওঁতা যে নাই , টকা সাঁচিবলৈও সন্তানহীন দম্পতি---সেইকাৰণে এনেকৈয়ে টকাবোৰ উৰুৱাইছে আৰু-----

জেচমিন: শুনিলো বোলে বৰুৱানীৰহে দোষ---,বহুত চেষ্টা কৰিলে বোলে-----বেয়াই লাগে বেচেৰী মনালিছা জনীলৈ------,বেছেৰী------হি: হি: হি:----

দত্তনী: হি: হি: হি:--,এৰা বেচেৰী মনালিছা----,অতবোৰ সা-সম্পত্তি কোনে ৰাখিব ---,উত্তৰাধিকাৰী কোন হ’ব--! শুনিছো বহুত ডাক্তৰ কবিৰাজক দেখুৱাইয়ো একো লাভ হোৱা নাই-----।

জেচমিন: শুনিছো---,ভাৰতৰ বিভিন্ন ঠাইৰ বিখ্যাত ডাক্তৰৰ ওচৰত দেখুউৱাৰ উপৰিও, প্ৰশান্ত বৰুৱাই এবাৰ বৰুৱানিক আমেৰিকালৈও লৈ গৈছিল,আৰু তাৰ ডাক্টৰেও অসুবিধা বৰুৱানীৰ গাত বুলিহে ক’লে—

দত্তনী: বেছেৰী মনালিছা-----, সন্তানহীনা বেছেৰীজনীলৈ বেয়াই লাগি যাই হি:হি:হি:----(কাটমাৰি কোৱা কথাবোৰ শুনি ম’না ৰৈ থাকিব নোৱাৰি পাৰ্টি ত্যাগ কৰে। লাহে লাহে পোহৰ কমি আহিব।)Light cut.

                          
( RIKTA HRIDYAIR SIKTA SOPUN)
                                   চতুৰ্থ দৃশ্য

(মঞ্চ পৰিকল্পনা: প্ৰশান্ত নালিছাৰ ঘৰ দৃশ্যসজ্জা আধুনিক কোঠাত এখন খিৰিকি আৰু এখন দৰ্জা থাকিবলাহে লাহে মঞ্চ পোহৰ , বাহিৰৰ পৰা নালিছা খংৰে কোঠাত প্ৰৱেশ কৰিব (Direction)

ম’না: বেচেৰী…বেচেৰী…বেচেৰী…., মই বেছেৰী হ’লো….!মোৰ গাতহে দোষ……,চেষ্টা বহুত কৰিলো বোলে…এতিয়া সিহঁতমখাৰ মোলৈহে বেয়া লাগে……..মই সিহঁতৰ ওচৰত এতিয়া বেচেৰী….(off voice-direction).উস্ নোৱাৰো..নোৱাৰো মই….(ভিতৰলৈ সোমাই গৈ এটা পানীৰ বটললৈ পুণৰ প্ৰৱেশ,এনেতে ম’বাইল ৰিং হ’ব) হেল্ল’….অ’ কোৱা….কিয় গুচি আহিলো মানে…? জোনালী দত্ত আৰু জেচমিন শইকীয়াৰ কাটমৰা কথা শুনিবলৈ মই পাৰ্টীত বহি থাকিম নেকি..? সিহঁতৰ কাৰণে মই পুতৌৰ পাত্ৰী হ’লো,বেচেৰী হ’লো……,ৰ’বা ৰ’বা…কি ক’লা হেল্ল’….সাধাৰণ কথা ? তুমি ক’লেই মই বাদ দিব নোৱাৰো নহয়…..মোৰ বুকুৰ ভিতৰত দপদপাই জ্বলি থকা জুইকুৰা তুমি নেদেখাকৈতো থকা নাই…….(দুখ) মানুহবোৰৰ পুতৌলগা চাৱনি,ফুচফুচিয়া মেল, ইতিকিং,কাটমৰা কথা……এইবোৰে মোৰ বুকুত শেলে বিন্ধাদি বিন্ধে….মোৰ গাত কি দোষ কোৱা….এইয়া পাৰ্টী নহয় বিহ হ’ল বিহ…….,তুমি আহা সোনকালে…….(উচুপি উচপি বহি পৰিব,তেনেতে off voice-derection, দুইখন হাতৰে কানঢাকি Noবুলি চিঞৰি উঠিব। )Light cut.

                                                    পঞ্চম দৃশ্য

(মঞ্চ পৰিকল্পনা: নদীৰ পাৰত যুৱক ৰমেন আৰু যবতী শেৱালীৰ প্ৰমালাপ আৰু কবিতা আবৃত্তি। শেৱালী বহি থাকিব ৰমেন মনে মনে আহি শেৱালীক পিছ ফালৰ পৰা চকুতহাল সাবতি ধৰিব।)

শেৱালী: কোন…..ৰমেনদা…..তুমি নামাতিবা মোক….

ৰমেন: মোৰ হ’বলগা মানুহজনীৰ ইমান খং নে……….

শেৱালী: তুমি জানানে? তোমালৈ ৰৈ ৰৈ মোৰ চকু বিখাল…….

ৰমেন: চাও কোনতো চকু বিখালে……মই মৰম কৰি তোমাৰ সকলো বিষ এতিয়াও নোহোৱা কৰি দিম চাও….

শেৱালী: যা এইদাল…….ৰমেনদা, তুমি মোক এটি নতুন কবিতা উপহাৰ দিম বুলি কৈছিলা নহয়,আজি কিন্তু তুমি মোক কবিতা আবৃত্তি কৰি শুনাব লাগিব----

ৰমেন: তুমি কবিতা শুনি ভাল পোৱা----?

শেৱালী: ও--,প্ৰেমৰ কবিতা---,আমাৰ প্ৰেমৰ কবিতা,---তুমি মোৰ কাষত নথকা সময়খিনিত তোমাৰ প্ৰেমৰ---মৰমৰ শব্দবোৰ কবিতাহৈ মোৰ মনৰ আকাশত গুণ গুণাই উৰি উৰি হিয়াত প্ৰেমৰ সুৰ তুলিব আৰু সেই সুৰৰ মাজতেই মই তোমাক বিচাৰি পাম----।

ৰমেন: শুনা তেন্তে এটি প্ৰেমৰ কবিতাৰ ভাব মোৰ মনলৈ আহিছে----  (আবৃত্তি কৰি কবিতা শুনাব আৰু শেৱালীয়েও সহযোগ কৰি আবৃত্তি কৰিব)

ৰমেন: চকুত চকু থৈ---- কবানে বাৰু ভাল পাওঁ বুলি….।  বুকুত হাত থৈ  ক’বানে বাৰু…কলিজাৰ এফাল তুমি!

শেৱালী: নকওঁ যে মই-----ভাল পাওঁ তোমাক-----বুজি পায় তোমাৰ চকুৱে ---মোৰ চকুৰ ভাষা…। এফাল কলিজাই বুজি পায়,--- আনফালে যে তাৰেই কলিজা…..

ৰমেন:বাহ বাহ---, তুমি ইমান ধুনীয়াকৈ শব্দবোৰ ব্যৱহাৰ কৰিছা,সুন্দৰ সুন্দৰ---। তুমিতো আছিলা সপোন কুঁৱৰী----,হৃদয়ৰ বতৰা গুপুতে সাৱটি-----চকুত চকু থৈ ক’বানে বাৰু ভাল পাওঁ বুলি,---বুকুত হাত থৈ ক’বানে কলিজাৰ এফাল তুমি--------

শেৱালী: নকওঁ যে মই ভাল পাওঁ তোমাক,বুজি পায় তোমাৰ চকুৱে মোৰ চকুৰ ভাষা----,এফাল কলিজাই বুজি পায় আনফাল যে তাৰেই কলিজা------

ৰমেন: আৰে বাহ----তুমি দেখোন মোতকৈ বেছি সুন্দৰকৈ কবিতা ৰচি আবৃত্তি কৰিছা—চকুৰ ভাষাৰ লগতে মনৰ ভাষাতো পাকৈত হৈ পৰিছা----

শেৱালী: যা এইদাল-----(দুয়োৰে হাঁহি আৰু লাহে লাহে পোহৰ কমিব----)Light cut .

Direction: back zone ত দেখা যাব শ্মাশন যাত্ৰাৰ এক কৰুন দৃশ্য--।

                                                   
( RIKTA HRIDYAIR SIKTA SOPUN)
                             
ষষ্ঠ দৃশ্য

(মঞ্চপৰিকল্পনা: এটি গীত বাজি থাকিব। শেৱালীয়ে ৰমেনৰ ফটো খনলৈ একান্ত মনে চাই থাকিব,চকুৰ পৰা পানীৰ নিজৰা ব’ব। (Direction:গীত শেষ হোৱাৰ পিছত সংলাপ)

শেৱালী: তুমি ইমান নিষ্ঠুৰ কিয় হ’লা ৰমেনদা……(কান্দোন) কি চাইছা তুমি ৰমেনদা…..দেখিছা মোৰ ৰং…? দেখিছানে…? তোমাৰ মৰমৰ শেৱালীজনীৰ শুকুলা সাজজোৰ দেখিছা…….(উচুপি উঠে,লাহে লাহে পোহৰ কমিব)Light cut.

                                                          
( RIKTA HRIDYAIR SIKTA SOPUN)
                  সপ্তম দৃশ্য

{(মঞ্চ পৰিকল্পনা: প্ৰশান্ত আৰু মনাৰ ঘৰ। চতুৰ্থ দৃশ্যৰ দৰে একেই দৃশ্য সজ্জা ঘৰুৱা পৰিৱেশত ম’না আৰু সুৰাৰ ৰাগীত প্ৰশান্তৰ কথোপকথন)}

ম’না: মায়ে আৰু কি কৈছে ?

প্ৰশান্ত: “মা”ক পৰিয়ালৰ উত্তৰাধিকাৰী লাগে………উত্তৰাধিকাৰী……!! ক’ৰ পৰা দিম মই..? ক’ত পাম উত্তৰাধিকাৰী ? ডাক্তৰ,কবিৰাজ,বেজ……নামঘৰ-মন্দিৰ-মছজিদ……ক’লৈ যোৱা নাই……কিন্তু……..

ম’না: বিদেশৰ ডাক্তৰেওতো তাকেই কৈছে……,দোষ তোমাৰ গাত নাই……দোষ মোৰ গাতহে…..অসুবিধা হেনো মোৰহে………..

প্ৰশান্ত: মানুহৰ পৰামৰ্শ কিমান শুনিবা, সকলো পৰামৰ্শই আমি মানিলো কিন্তু…….কিন্তু……..যোৱা তুমি শুই থাকাগৈ……..

ম’না: তোমাৰ চকুত জানো তোপনি আছে প্ৰশান্ত?........মই তোমাক একো সুখ দিব নোৱাৰিলো      প্ৰশান্ত…………(উচুপি উঠে)

প্ৰশান্ত: (ম’নাক সাৱতি ধৰি)…..এই আকৰীজনী…. চাও নাকান্দিবাচোন…..,ধৈৰ্য ধৰা ম’না…..,তুমি এনেকুৱাখন কৰিলে মই কি কৰিম কোৱা…….?

ম’না: নাই…নাই…..নাই…..!...(কিছু উত্তেজিত হৈ পৰিব) তুমি কিবা এটা কৰা প্ৰশান্ত……,তুমি কিবা এটা কৰা……মই আৰু নোৱাৰো…….মই এনেকৈ নোৱাৰো..(কান্দিব)

প্ৰশান্ত: প্লিজ ম’না……….দুখ নকৰিবা…….,তুমি অলপ ধৈৰ্য ধৰাচোন…..,ম’না….চোৱা ম’না…..,মই গুৰুজিক আমাৰ সকলো কথাবিবৰি কৈছো……,সিদিনা গুৰুজি আমাৰ ঘৰলৈ আহি তোমাকো চাই গৈছে…..কিন্তু…কিন্তু ম’না……………

ম’না: কিন্তু….?

প্ৰশান্ত: কিন্তু গুৰুজিয়ে কৈছে………

ম’না: কি…? কি কৈছে গুৰুজিয়ে…?

প্ৰশান্ত:……মোৰ লগতে তোমাকো গুৰুজিয়ে ধৰ্মশাস্ত্ৰৰ…..বিভিন্ন ধৰ্মীয়কথাকৈ জীৱন সম্পৰ্কে অনেক শিক্ষা দিছে আৰু মনত শান্তি বিৰাজ কৰিব পৰা অনেক দিহা দিছে……….

ম’না: তথাপিও মোৰ মনত শান্তি কিয় নাই প্ৰশান্ত….?

প্ৰশান্ত: ম’না……

ম’না: হু…..

প্ৰশান্ত: কথা এটা কওঁনে….?

ম’না: কি কথা….,কোৱা….

প্ৰশান্ত: গুৰুজিয়ে কৈছে…………

ম’না: কি কৈছে………?

প্ৰশান্ত: আচলতে ভগবানে যন্ত্ৰনা দিব বিচৰা নাই……!

ম’না: মানে….?

প্ৰশান্ত: হয়তো ভগবানে তোমাক সন্তান প্ৰসৱৰ যন্ত্ৰনা দিব বিচৰা নাই…….,হয়তো তুমি কষ্ট পাবা….। কষ্ট পাবা বুলিয়েই ঈশ্বৰে তোমাক সন্তান জন্ম দিব পৰা অধিকাৰ দিয়া নাই……….

ম’না: তুমি কি কৈছা মই একো বুজা নাই প্ৰশান্ত?

প্ৰশান্ত: গুৰুজিয়ে কৈছে আমি অইন উপায়ৰ কথা চিন্তা কৰিব লাগিব…..,গুৰুজিয়ে আৰু কৈছে তুমিয়েই হেনো সেই সন্তান লালন-পালন কৰিব পাৰিবা…..,তুমিয়েই হেনো সেই সন্তানৰ মাতৃ হ’ব পাৰিবা…….

ম’না: মোৰ……..মোৰ সন্তান হ’ব…..সেই সন্তান মোৰ হ’ব….,মোক “মা” বুলি মাতিব…..! “মা” সেই মাতটো শুনিবলৈ মই যে আকুলতাৰে বাত চাই আছো….,কোনাবাই মোক “মা’ বুলি মাতিব…! প্ৰশান্ত..,প্ৰশান্ত…, মোক “মা” বুলিব পৰা এটি সন্তান লাগে……,তুমি যি উপায় আছে কৰা প্ৰশান্ত….”মা” আহ সেই শব্দটো শুনিবলৈ যেন মোৰ মন ব্যাকুলহৈ আছে…..!প্ৰশান্ত মোক সন্তান দিয়া…..যি কোনো উপায়েৰে মোক এটি সন্তান দিয়া………………….!

প্ৰশান্ত: কিন্তু……..

ম’না: কোনো কিন্তু নাই প্ৰশান্ত……..,মোক মই বুজিছো…..প্ৰশান্ত ! আজি দহটা বছৰে মই তোমাৰ সন্তানৰ মাতৃ হ’ব পৰা নাই…..,এগৰাকী পত্নী হিচাপে মই তোমাক পিতৃত্বৰ গৌৰব কৰিবলৈ দিব পৰা নাই….,কিমান ডাক্তৰ…,কবিৰাজ…..,বেজ..,মঠ-মন্দিৰ-গীৰ্জা-মছজিদত প্ৰাৰ্থনা কৰিলো…..! অহ!....অভিশপ্ত যেন মোৰ এই নাৰী জীৱন………

প্ৰশান্ত: ম’না…….,গুৰুজিয়ে কৈছে……আশ্ৰমত এগৰাকী খুব ভাল বিধবা সেবিকা আছে…,গিৰিয়েক ঢুকুৱা আঠ বছৰ হ’ল…., আশ্ৰমৰ ৰন্ধনশাল তাই তদাৰক কৰে……,তাই বৰ দুখুনী নাৰী…..,গুৰুজিয়ে তাইক নিজৰ আপোন----------

ম’না: গুৰুজিয়ে আৰু কি কৈছে….?

প্ৰশান্ত: (ইতস্তত: বোধ)…….ম’না…

ম’না: কোৱা প্ৰশান্ত….গুৰুজিয়ে আৰু কি কৈছে…?

প্ৰশান্ত: গুৰুজিয়ে কৈছে………গুৰুজিৰ দীক্ষা লাভ কৰিয়েই তাই আমাৰ বাবে ঈশ্বৰৰক দিনে-নিশাই প্ৰাৰ্থনা কৰিছে…….আৰু…..

ম’না: আৰু…….আৰু কি ?

প্ৰশান্ত: আৰু গুৰুজিয়ে কৈছে………..,সেই মানুহজনীৰ গৰ্ভতে হেনো আমাৰ সন্তান হ’ব…..,তোমাৰ সন্তান…..(মনা নিথৰহৈ ৰ’ব)………ম’না…ম’না…(গাতধৰি জোকাৰি দিব)…..ম’না…ম’না….ম’না কি হৈছে তোমাৰ…..?

ম’না:……প্ৰশান্ত…….!

প্ৰশান্ত: কোৱা ম’না….

ম’না: তুমি গুৰুজিৰ কথা মানি লোৱা…..(প্ৰশান্তয়ে একেথৰে অবাকহৈ ম’নাৰ মুখলৈ চাই ৰ’ব)

প্ৰশান্ত: (ম’নাক জোৰেৰে সাবতি ধৰি উচুপি উঠিব)……ম’না…….

ম’না: যি কোনো মূল্যৰ বিনিময়ত তোমাৰ ঔৰসৰ সন্তান মোক লাগে…..,মোক “মা” বুলি মাতিবলৈ আৰু তোমাক দেউতা বুলিবলৈ আমাক এটি সন্তান লাগে……,যি কোনো উপায়েৰে, যি কোনো মূল্যৰ বিনিময়ত লাগে প্ৰশান্ত…….., প্ৰশান্ত…প্ৰশান্ত……তুমি সেই নাৰী গৰাকীক যিমান ধন-ঐশ্বৰ্য লাগে দি দিয়া….,তোমাৰ পৰা যি লাগে সকলো দিয়া তাইক……, তোমাৰ সৰ্বস্ব উজাৰি দি হ’লেও সন্তানটো মোক আনি দিয়া….,মোক আনি দিয়া……মোক আনি দিয়া…….(প্ৰশান্তৰ ভৰিত পৰি উচুপি উঠিব)Light cut.

                                                        
অষ্টম
দৃশ্য 

(মঞ্চ পৰিকল্পনা: শেৱালীৰ কোঠা। সাংঘাটিক বিজুলী-ধেৰেকনী-বৰষুণৰ শব্দৰে সংগীতে পৰিৱেশ সৃষ্টি কৰিব।মঞ্চ আন্ধাৰ, বিজুলীৰ চকামকা পোহৰত বিচনাত বহি থকা অৱস্থাত প্ৰশান্তক দেখা পোৱা যাব।আন্ধাৰৰ মাজে মাজে বিজুলীৰ চকামকা পোহৰৰ মাজতে বৰষুণত তিতিবুৰি শেৱালীৰ প্ৰৱেশ, মঞ্চত অতি ক্ষীণ নীলা লাইটৰ পোহৰ পৰিব।হঠাতে প্ৰশান্তক দেখা পাই শেৱালী উচপ খাই উঠিব।)

শেৱালী: কোন…কোন সেয়া……?

প্ৰশান্ত: মই….,মই শেৱালী, তোমাৰ প্ৰশান্তদা…..বিজুলী সৰবৰাহ বন্ধহৈ গ’ল, মই আন্ধাৰতে তোমলৈ ৰৈ বহি আছো…….(এনেতে প্ৰচণ্ড ধেৰেকনীৰ শব্দত শেৱালীয়ে ভয়তে প্ৰশান্তক জোৰেৰে সাৱতি ধৰে…)….শেৱালী…

শেৱালী: হু……

প্ৰশান্ত: তোমাৰ ভয় লাগিছে নেকি..?

শেৱালী: অ’ বহুত ভয় লাগিছে প্ৰশান্তদা….

শেৱালী:..প্ৰশান্তদা…….

(নীলা লাইটৰ পোহৰ আৰু বিজুলীৰ চকামকা পোহৰত শেৱালী আৰু প্ৰশান্তক আলিংগনৰত অৱস্থাত দেখা পোৱা যাব।সংগীতে পৰিৱেশ সৃষ্টি কৰিব। আংশিক ৰঙা পোহৰ দুয়োৰো মুখত পৰিব।বৰষুণ-বিজুলী

 

ধেৰেকনীৰ শব্দ বন্ধ হ’ব আৰু দূৰৈৰ পৰা ভজন-কীৰ্ত্তনৰ শব্দ ভাঁহি আহিব ক্ৰমান্নয়ে শব্দ বেছি হ’ব আৰু পোহৰ ক্ৰমান্নয়ে কমি কমি আন্ধাৰ হ’ব।)Light cut.

                                                                           
নৱম দৃশ্য 

(মঞ্চপৰিকল্পনা: প্ৰশান্ত-ম’নাৰ ঘৰ। নিশাৰ দৃশ্য, বিজুলী-ধেৰেকনি আৰু বৰষুণৰ শব্দৰে সংগীতে পৰিৱেশ সৃষ্টি কৰিব। খিৰিকীৰ পৰ্দা বতাহত লৰি থাকিব মঞ্চত খিৰিকীৰে আংশিক বিজুলীৰ পোহৰ সোমাব,নীলা ক্ষীণ পোহৰত ম’নাক দেখা যাব খিৰিকীৰ কাষতৰৈ বাহিৰলৈ চাই থকা।লাহে লাহে এটি গীত আৰাম্ভ হ’ব। আৰু গীত শেষ হ’ব পোহৰ কমিব।)

                                                      দশম দৃশ্য

(মঞ্চ পৰিকল্পনা: শেৱালীৰ কোঠালি। নিশাৰ পৰিৱেশ, শেৱালী আৰু প্ৰশান্তৰ কথোপকথন)

প্ৰশান্ত:…..শেৱালী….

শেৱালী: এয়া আপুনি কি কৰিলে প্ৰশান্তদা ? কিয় এনে কৰিলে…? মই এজনী সাধাৰণ বিধৱা নাৰী…..,জীৱনত মই বহুত হেৰুৱালো, মোৰ জীৱনটোকলৈ আপুনি কিয় এনে খেলা খেলিলে…?(উচুপি উঠে)

প্ৰশান্ত:…শেৱালী….,চোৱা শেৱালী তুমি মোক ভুল নুবুজিবা…..,মই জানো তুমি এজনী ভাল ছোৱালী….,হয়তো ঈশ্বৰৰ এয়াই ইচ্ছা আছিল……তুমি মোক ভুল নুবুজিবা…….! শেৱালী…..,তোমাক এটা কথা কওঁনে?

শেৱালী: কি কথা…?

প্ৰশান্ত: তুমি বেয়া নোপোৱাটো ?

শেৱালী: কি কথা কওঁক…?

প্ৰশান্ত: তুমি……,তুমি এজনী ভাল ছোৱালী…..তুমি সঁচাকৈয়ে বৰ সৰল ছোৱালী….তুমি খুউব ধুনীয়া….সঁচাই খুউব ধুনীয়া……তুমি এজনী পূৰ্ণযৌবনা নাৰী…..তোমাৰ দেহত আছে অফুৰন্ত ৰূপ-যৌৱন…..,জীৱনটোক তুমি এনেকৈ ধ্বংসহৈ যাবলৈ নিদিবা শেৱালী…,বগা কাপোৰেৰে তোমাৰ জীৱনৰ ৰংবোৰ ঢাকি নেপেলাবা….জীৱনৰ ৰংবোৰ হেৰাই যাবলৈ নিদিবা শেৱালী………,এগৰাকী নাৰীৰ জীৱনৰ সৰ্বোত্তম প্ৰাপ্তিয়েই হ’ল মাতৃত্ব………তুমি সেই প্ৰাপ্তিক অস্বীকাৰ নকৰিবা….(কাষলৈগৈ শেৱালীৰ হাতখন ধৰি নিজৰ হাতৰ মুঠিৰে খামুচি ধৰিব)…শেৱালী….

শেৱালী: হু…

প্ৰশান্ত: শেৱালী….তুমি…….তুমি মোক এটি সন্তান দিবা……তোমাৰ গৰ্ভৰ এটি সন্তান মোক দিবানে….? হ’বানে তুমি মোৰ সন্তানৰ মাতৃ……?

শেৱালী:…প্ৰশান্তদা……

প্ৰশান্ত: চোৱা শেৱালী….,মই আৰু মোৰ পত্নী ম’নালিছাই যোৱা ১০টা বছৰে বহুত আশাৰে বাটচাই চাই এটা সন্তানৰ মুখ দেখা নাপালো……। (দুখ) ম’নালিছাৰ মুখলৈ মই চাব নোৱাৰা হৈছো……! মানুহবোৰৰ তীৰ্যক চাৱনি….,ইতিকিং….এইবোৰ আৰু আমি সহ্য কৰিব নোৱাৰা হৈ পৰিছো…..! তুমি আমাক এটি সন্তান দিয়া প্লীজ….,তুমি চিন্তা কৰিব নালাগে, এই কথা তুমি –মই আৰু ম’নালিছাৰ মাজতে থাকিব…..,তোমাৰ জীৱনৰ সমস্ত দায়িত্ব মই ল’ম….।…মই তোমাৰ ভৱিষ্যত জীৱনৰ সকলো ব্যৱস্থা কৰি দিম…,তোমাৰ সন্তান ডাঙৰ হ’ব মোৰ ঘৰত….। আমাৰ সেই সন্তানে পাব এখন বিশাল আকাশ….,তোমাৰ গৰ্ভৰ সন্তানে বিচাৰি পাব এখন ধুনীয়া পৃথিৱী….,তুমিও তোমাৰ সন্তানক যেতিয়াই মন-যায় তেতিয়াই পাই থাকিবা……,কোৱা শেৱালী, কোৱা মোক এটি সন্তান দিবা…?

শেৱালী: (অচেতনহৈ বাগৰি পৰিব)

প্ৰশান্ত: শেৱালী…..শেৱালী…..শেৱালী, কি হৈছে তোমাৰ শেৱালী…….মোৰ মুখলৈ চোৱা শেৱালী…চকুমেলা শেৱালী…..(লাহে লাহে শেৱালীয়ে চকু মেলে)…..শেৱালী….

শেৱালী: হু….

প্ৰশান্ত: তোমাৰ গাটো বেয়া লাগিছে নেকি…?

শেৱালী: কেইটা বাজিল প্ৰশান্তদা….,নাম-কীৰ্ত্তন শেষ হ’ল চাগৈ…..

প্ৰশান্ত: (ঘড়ী চাই) বহু নিশা হ’ল…..,১ক বাজিবলৈ ১০ মিনিট বাকী……

শেৱালী: বাহিৰত বৰষুণ কমিছে নে….?

প্ৰশান্ত: (খিৰিকীৰে বাহিৰলৈ জুমি চাই) এৰা! বৰষুণ এৰিলে….

শেৱালী: প্ৰশান্তদা…বৌ ঘৰত অকলে আছে…..,হয়তো আপোনালৈ বাটচাই ৰৈ আছে…..,নিশা বহুত হ’ল আপুনি এতিয়া যাওঁক….

প্ৰশান্ত: যাম ৰ’বা….আৰু অলপ সময় তোমাৰ কাষত থাকো…..

শেৱালী:…এতিয়া যাওঁক প্ৰশান্তদা….. বৌ চাগৈ ৰৈ আছে……

প্ৰশান্ত: ঠিক আছে…….মই তেন্তে যাওঁ এতিয়া……. (যাব খোজে..)

শেৱালী: ৰ’বচোন…… কাইলৈ সন্ধিয়া আপুনি আকৌ আহিব……

প্ৰশান্ত: আহিম শেৱালী…….Light cut.

                                                                                 একাদশ দৃশ্য

(মঞ্চ পৰিকল্পনা: আশ্ৰম। পুৱাৰ পৰিৱেশ। গুৰুজি,ৰূপেশ্বৰ ভকত, তীখৰ, তুলুমন, ২/৩জন ভকত বহি কথা পাতি থাকে।)

ৰুপেশ্বৰ: ভগবন্ত প্ৰভুৰ কৃপাত বাৰ্ষিক ধৰ্মসভা সমাৰোহৰ কামফেৰাই বৰ সুন্দৰ ভাৱে গতি পালে দেও…..! কৃষ্ণ কৃষ্ণ…….!!!

গুৰুজি: এৰা! ধৰ্মসভাখনি বৰ সুন্দৰকৈ পাৰ হ’ল……,সকলো প্ৰ্শান্ত বৰুৱাৰ কৃপাতে এনে এক ডাঙৰ অনুষ্ঠান সম্ভৱ হ’ল….নে কি কোৱা তোমালোকে…..

তীখৰ: হয় হয় গুৰুজি…..সত্য বচন….,সকলো প্ৰশান্ত চাৰৰ কৃপাতে সম্ভৱ হ’ল…….

গুৰুজি: কিন্তু ভগবন্ত প্ৰভুয়ে এতিয়া আমাৰ ভকত প্ৰশান্তক কৃপা কৰিলেই হ’ল…….

ৰূপেশ্বৰ: গুৰুজি, প্ৰশান্ত চাৰৰ মান-সন্মান,ধন টকা পইচা সকলো ফালেই নদন বদন, ঈশ্বৰে দিছে দিছে…হাত উজাৰি দিছে……আমি আশীৰ্বাদ কৰো চাৰক আৰু দিয়ক…..

তীখৰ: দিছে দিছে ভগবন্ত প্ৰভুৱে হাত খুলি প্ৰশান্ত চাৰক দিছে আৰু সেয়ে চাৰে আমাৰ আশ্ৰমলৈ প্ৰাণখুলি দিছে নহয়নে গুৰুজী----

গুৰুজি: কিন্তু….

সকলোৱে: (আচৰিত হয়.)

ৰূপেশ্বৰ: কিন্তু কি গুৰুজি?

গুৰুজি: মান-সন্মান,ধন-সম্পত্তি সকলো থাকিও…..আজি প্ৰশান্তৰ একো নাই…..

তীখৰ: একো নাই……,নুবুজিলো গুৰুজি…..কথাবোৰ ফৰকাল কৰি কওক চোন-----

গুৰুজি: এৰা! প্ৰশান্ত নি:সন্তান পিতৃ….,ঈশ্বৰে এটি সন্তানৰ মুখ দেখুৱালেহে প্ৰশান্ত সম্পূৰ্ণ সুখি হ’ব পাৰিব…। তেওঁ আৰু তেওঁৰ পৰিবাৰে এটি সন্তানৰ বাবে কিনো কৰা নাই……..,ঈশ্বৰে এতিয়া কৃপাদৃষ্টিৰে তেওঁলোকক এটি সন্তানৰ সুখ দিলেই আমিও সুখি হ’ম……

ৰূপেশ্বৰ: দিব দিব……,ইমান ভাল মানুহ এজনক ভগবানে এইকন সুখনো কিয় নিদিব…শাস্ত্ৰত কৈছে নহয়….ভগবানৰ ঘৰত দেৰি হ’লেও এন্ধাৰ নহয়……, গুৰুজি, আশীৰ্ৱাদ এটা দিয়ক….প্ৰশান্ত চাৰৰ ঘৰখনত যেন এটি কেচুৱা পোৱালীৰ মাতৰে পূৰ্ণ হৈ পৰক……

তীখৰ: ৰূপেশ্বৰ দদাইয়ে ঠিক কথাকে কৈছে……, গুৰুজি, আমি আঠু লৈছো আপুনি আশীৰ্বাদ দিয়ক….,এই সকলোৱে আঠু লওঁক…..,গুৰুজি আৰম্ভ কৰক…(সকলোৱে আঠু ল’ব,তীখৰে ভিতৰৰ পৰা ক্ষন্তেকতে শৰাই আৰু এখন গামোচালৈ আহি সজাই দিব,গুৰুজিয়ে আশীৰ্বাদ দিব।)Light cut.

                                                                                       দ্বাদশ দৃশ্য 

(মঞ্চ পৰিকল্পনা: শেৱালীৰ কোঠা, শেৱালীৰ একক অভিনয়। জোনাক নিশা…খিৰিকিৰে জোনৰ পোহৰ আহি শেৱালীৰ মুখত পৰিব)

শেৱালী: বগা ৰং হেনো পবিত্ৰ……শুদ্ধতাৰ প্ৰতীক, বগা ৰং…তুমি বোলে সুৰক্ষা-স্বচ্ছতা-সৰলতা…মুক্তিৰ প্ৰতীক….,বগা তুমি হেনো আশাৰ প্ৰতীক…তুমি হেনো অবোধ….! যদি বগা ৰং পবিত্ৰ তেন্তে বিধবাবোৰ কিয় পবিত্ৰ নহয় ? কিয় প্ৰতিপদত…,প্ৰতিক্ষণত অমংগলীয়া হয়..? কিয়…কিয়… বিধৱা দূৰ্ভাগ্যৰ কাৰক হয়……(হঠাৎ বেৰত ওলমি থকা মৃত স্বামী ৰমেনৰ ফ’টোখনলৈ চাই চাই ওচৰলৈ যাব)….কি চাইচা তুমি..?দেখিছা তুমি মোৰ ৰং…….দেখিছা তুমি…..(উচুপি উঠে)…..মোক বিধবাৰ সাজ পিন্ধাই তুমি আকাশৰ সীমনা পাৰহৈ গুছি গ’লা….লৈ গ’লা মোৰ সমস্ত ৰং….,এতিয়া মোক কোনেও ৰং নিদিয়ে….,এই বগা সাজেৰেই থাকিব লাগিব সমস্ত জীৱন……,তুমি এতিয়া আকাশৰ পৰা তৰা হৈ মোৰ বগা ৰংটো চাই হাঁহিছা…….,যোৱা আঠটা বছৰে তোমাৰ অবিহনে পাৰ কৰিলো বহু বিনিদ্ৰ ৰজনী(কান্দে)……..নাই নাই…পশান্তদাই ঠিক কথাকেই কৈছে…….,এতিয়াও মই পুৰ্ণযৌৱনা…….,বগা চাদৰৰ আঁৰত চিৰদিনলৈ মই মোৰ জীৱনৰ ৰংবোৰ হেৰুৱাব নোৱাৰো……..! মই জীয়াই থাকিম…, ৰামধেনুৰ সাতোৰংৰ লগত….,জীয়াই ৰাখিম মোৰ সপোন……,মোৰ সপোনক মই মৰহি যাবলৈ নিদিও….…….,চিৰদিন অকলে জীয়াই থাকিম কিন্তু মোৰ ছাঁ হৈ থাকিব মোৰ সপোন…,মোৰ হেঁপাহ…,মাক বুলি চিনাকি হয়তো পাম বা নাপাম….,নালাগে মোক চিনাকি..,গৰ্ভধাৰণ কৰাতেই থাকিব মোৰ প্ৰাপ্তি….,মোৰ সন্তান, মোৰ পেতৰ সন্তান….মোৰ সন্তান হ’ব….! বিধবাৰ যন্ত্ৰণাৰে মই মৰিবলৈ নিবিচাৰো…..,মই মৰিব বিচাৰো মোক এৰি থৈ…..,মই এৰি থৈ যাম মোক…..,আৰু এজনী মই মোৰ মৃত্যুৰ পিছতো জীয়াই থাকিব……..! মই সিদ্ধান্ত ল’লো…….প্ৰশান্তদাৰ প্ৰস্তাৱ মই মানিব লাগিব……মানিবই লাগিব…….! Light cut.

                                                    ত্ৰয়োদ্বশ দৃশ্য

(মঞ্চ পৰিকল্পনা: আশ্ৰমৰ দৃশ্য। মঞ্চ পোহৰ হোৱাৰ লগে লগে গুৰুজি আৰু প্ৰশান্ত দেখা যাব।)

প্ৰশান্ত: গুৰুজি……,এই অৱস্থাত শেৱালীক….মোৰ সোনাইবাৰী চাহ বাগিছা নহ’লে ধনপুৰ চাহ বাগিছাতে ৰাখিম বুলি ভাবিছো……,আপুনি কি কয়…?

গুৰুজি: প্ৰশান্ত…, প্ৰথমতে তোমাৰ চাহবাগিছাতে শেৱালীক ৰখোৱাৰ চিন্তাটো মইয়ো নকৰা নহয়….কিন্তু পিছত চিন্তা কৰিলো আমাৰ আশ্ৰমত থাকিলেহে সকলো ধৰণৰ আপদ-বিপদৰ পৰা মুক্তহৈ থাকিব…..,গতিকে তাই আশ্ৰমতে আমাৰ তত্ত্বাৱধানত থাকক….

প্ৰশান্ত: গুৰুজি. আপুনি যি আজ্ঞা দিয়ে…..সেয়ে সমিচিন হ’ব….।মই ইতিমধ্যে অতিথি শালাত ফেনৰ ব্যৱস্থা কৰি দিছো…..,তাৰোপৰি দুই এদিনতে জেনেৰেটৰ এটাৰো ব্যৱস্থা কৰি দিম…..

গুৰুজি: বৰ ভাল কথা হ’ব প্ৰশান্ত…..,তোমাৰ কৃপাতেই আশ্ৰমখন সুন্দৰভাৱে চলি আছে, বিভিন্ন নতুন নতুন ভকতোৰে আহ-যাহ চলিছে…..,ঈশ্বৰে তোমাৰ মংগল কৰক…..

প্ৰশান্ত: আপোনাৰ আশীৰ্বাদতেই সকলো সম্ভৱ হৈছে প্ৰভু…..

গুৰুজি: সকলো মহা শক্তিমান ভগৱন্তৰ ইচ্ছা….। প্ৰশান্ত….

প্ৰশান্ত:…গুৰুজি…..

গুৰুজি: তুমি এতিয়াৰ পৰা শেৱালীৰ কাষতে থাকিবলৈ চেষ্টা কৰিবা, ভাত-পানীও আশ্ৰমতে গ্ৰহণ কৰিবা আৰু তাইক এজন ভাল ডাক্তৰৰ ওচৰত স্বাস্থ্যৰ পৰীক্ষা কৰোৱা….পাৰিলে আশ্ৰমলৈকে এজন ডাক্তৰ আনি তাইৰ স্বাস্থ্যৰ তদাৰক কৰোৱাতো সমিচিন হ’ব….।

প্ৰশান্ত: হয় প্ৰভু…..,মই ইতিমধ্যে সকলো ব্যৱস্থা কৰিছো…, এগৰাকী নাৰ্চ আৰু এজন ডাক্তৰ কাইলৈৰ পৰা ইয়াতে থকাৰ ব্যৱস্থা কৰি দিম…..। গুৰুজি..,মই এতিয়া যাও……,প্ৰণাম….

গুৰুজি: কল্যানভৱ…!Light cut.

                                                               চতুৰ্দশ দৃশ্য

( মঞ্চ পৰিকল্পনা: শেৱালীৰ কোঠা। শেৱালীৰ পাঁচমহিয়া গৰ্ভৱতী ৰূপ। শেৱালীৰ ওচৰত ম’নালিছা বহি দিহা পৰামৰ্শ দি থাকিব)

ম’না: (বেগৰ পৰা এপদ এপদ যাৱতীয় কানি-কাপোৰ উলিয়াই)…তুমি এতিয়া গধুৰ কাম নকৰিবা…,মই এইয়া কেইযোৰ মান কপাহী কাপোৰ আৰু নাইটি লৈ আহিছো…., ফলমূল-হৰলিস্ক-কমপ্লান-কাজু-কিচমিচ আৰু বহুতো কিবা কিবি লৈ আনিছো….মই সকলোবোৰ ৰহিলাৰ হাততে দি আহিছো …..,নাৰ্চ গৰাকী আৰু ৰহিলাক সকলো বুজাই দিছো….,তুমি সময় মতে খাবা আৰু খোৱা-বোৱা বা কিবা অসুবিধা হ’লেই মোলৈ ফোন কৰিবা মই প্ৰশান্তৰ হাতত দি পথাম…..অৱশ্যে প্ৰশান্তক মই কৈছো এই কেইদিন তেওঁ ঘনাই ইয়ালৈ অহা-যোৱা কৰি থাকিব আৰু দৰকাৰ হ’লে…..দিন চমুচাপি আহিলে প্ৰশান্তক ইয়াতে থাকি ল’বলৈ কৈছো…..। মই কাইলৈ কেইমাহমানৰ কাৰণে গুৱাহাটীৰ ঘৰলৈ যাম…….ভাল খবৰটো পোৱাৰ লগে লগে ইয়ালৈ আহিম……….

শেৱালী: (একে থৰে ম’নালৈ চাই ৰ’ব)

ম’না: কি চাই আছা শেৱালী…..?

শেৱালী: নাই একো নাই……,আপুনি ইমান মৰমীয়াল….,আপুনি যেন মোৰ অতি মৰমৰ বাইদেউ….,মোৰ বাবে ইমান চিন্তা কৰিছে……!

ম’না: কিয় মই জানো তোমাৰ আপোন বাইদেউ নহয়…?

শেৱালী: হয় , কিয় নহয় বাইদেউ…! কেওঁ কিছু নোহোৱা মইজনীৰ এই আশ্ৰমখনেই আপোন ঘৰ….,গুৰুজি মোৰ গুৰু, আশ্ৰয়দাতা…..পিতাস্বৰূপ….,আপুনি মোৰ অপোন বাইদেউতকৈও আপোন…..আৰু প্ৰশান্তদা……? প্ৰ্শান্তদা মোৰ কি হ’ব বৌ…?

ম’না: শেৱালী……

শেৱালী: কওঁক বৌ….,প্ৰশান্তদা মোৰ কোন…? তেওঁৰ লগত মোৰ সম্বন্ধ কি…? মই তেওঁৰ কোন….?

ম’না: শেৱালী….শেৱালী….(সাবতি ধৰে)……তোমাৰ এই প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই ভনী…!!Light cut.

 

                                          পঞ্চদশ দৃশ্য

(মঞ্চ পৰিকল্পনা: আশ্ৰমৰ দৃশ্য।বাহিৰৰ পৰা তীখৰৰ প্ৰৱেশ আৰু গুৰুজিৰ ভিতৰৰ পৰা প্ৰৱেশ)

তীখৰ: গুৰুজি….গুৰুজি…..(গুৰুজিৰ ভিতৰৰ পৰা প্ৰৱেশ) গুৰুজি…, লাইফ কেয়াৰ নাৰ্ছিং হোমত আমাৰ শেৱালী বৌয়ে ছোৱালী সন্তান এটি জন্ম দিলে প্ৰভু…….

গুৰুজি:…হা:….হা:…..হা:…..সকলো ভগবন্ত প্ৰভুৰ লীলা……..”হে প্ৰভু তোমাক শতকৌতি প্ৰণাম…..” মই  ইতিমধ্যে খবৰটো পাইছো তীখৰ…., প্ৰশান্তই ফোনকৰি মোক জনাইছে….,নিশা সাত বজাতেই স্বাভাবিক ভাবেই আমাৰ শেৱালী আইজনীয়ে এজনী ছোৱালী সন্তানৰ জন্ম দিলে…..। তীখৰ.., আশ্ৰমৰ চৌদিশ মচি-কুচি ফুলৰ মালাৰে সজাই পেলোৱাৰ দিহা কৰা……,শেৱালী আৰু নৱজাতকক স্বাগতম জনাবলৈ সকলো ব্যৱস্থা কৰা…আৰু আমাৰ আশ্ৰমত নতুন আলহীক আদৰিবলৈ….গীতে-মাতে আনন্দ উৎসৱৰ আয়োজন কৰা…

তীখৰ: মই সকলো সাজু কৰিয়েই থৈছো গুৰুজি----(সংগীতে পৰিৱেশ সৃষ্টি কৰিব, এনেতে কোলাত কেচুৱালৈ শেৱালি আৰু প্ৰশান্তৰ প্ৰৱেশ) Dirction…..

                                                        ষষ্ঠদশ দৃশ্য

(মঞ্চ পৰিকপ্লনা: আশ্ৰমৰ দৃশ্য। তমসো মা জ্যোতিৰ গময় উচ্চাৰিত হব, গুৰুজিয়ে আসনত বহি ধ্যানত থাকিব,কিছু সময়ৰ পিছত আউলি-বাউলিহৈ শেৱালীৰ প্ৰৱেশ)

শেৱালী: গুৰুজি…..গুৰুজি……গুৰুজি……., মোৰ সৰ্বনাশ হ’ল গুৰুজি……., মোৰ ছোৱালীজনী নাই দেখোন….গুৰুজি…? আপুনি একো নকয় কিয়……? গুৰুজি…(কান্দি-কাতি ভিতৰলৈ দৌৰ মাৰে , আকৌ আহে ,শেৱালীৰ আচৰণ পাগলীৰ দৰেহৈ পৰে)…মোৰ কোঠাত প্ৰশান্তদাই ছোৱালী জনী কোচত লৈ আছিল…,মই গা-ধুবলৈ যাওঁতে তাই প্ৰশান্তদাৰ কোলাত আছিল……..,এতিয়া কোনো নাই….,কোনো নাই…নাৰ্চজনীও নাই প্ৰশান্তদাও নাই আৰু মোৰ ছোৱালীজনী……..(কান্দে)….কোনে নিলে…..কোনে নিলে..মোৰ ছোৱালীজনী কোনে নিলে…….??

গুৰুজি: তোৰ ছোৱালীজনীক প্ৰশান্ত বৰুৱাই লৈ গ’ল আই………

শেৱালী: (মৌনহৈ থিয়হৈ ৰ’ব, এটা চিয়ঁৰ মাৰি ঢলি পৰিব আৰু সংগীতে পৰিৱেশ সৃষ্টি কৰিব)

Light cut.

                                                        সপ্তদশ দৃশ্য

(মঞ্চ পৰিকল্পনা: নদীৰ পাৰৰ দৃশ্য। ভোৱন/মোহন/কলিয়াৰ আড্ডা।কিছু সময়ৰ পিছত ৰূপেশ্বৰৰ প্ৰৱেশ )

ভোৱন: ঐ…, কঠাল পকি সৰিল…..,আনে খালে…..,তহঁতে ওঠঁ চেলেকি থাকোতেই গ’ল…….

কলিয়া: গাড়ীখন আশ্ৰমলৈ ৰাতি ৰাতি ঘনাই আহিবলৈ লওঁতেই মোৰ মনতো চেবাইছিল…..,জৰূৰ কিবা এটা ৰহস্যৰ গোন্ধ আছে…..,ঐ তহঁতে কথা এটা মন কৰিছ’ নে নাই?........ৰমেনদা মৰাৰ পাছৰ পৰা তাই…..মানে শেৱালীজনী কেনেকৈ ধুনীয়াজনী হৈ আহিছিল……. হেৰৌ….অ’তগাল ডেকাল’ৰা গাঁওখনত থাকোতে আনৰ লগত পিৰিতি……

মোহন: তই কি কৈ আছ’ মই হ’লে একো বুজা নাই দেও…..বুজাই ক’চোন..?

ভোৱন: বুজিবলৈ কি দাল আছে…..,শুনিছো তাই বোলে এটা খহালে……

মোহন: খহালে……?

ভোৱন: অ’ ৰমেনকাইটি মৰাৰ পিছৰ পৰা, তাই সম্পূৰ্ন অকলশৰীয়া হৈ পৰিল আৰু গুৰুজিৰ আশ্ৰমতে থাকিবলৈ ল’লে……,শুনিবলৈ পাইছো চহৰৰ কোনোবা ডাঙৰ অফিচাৰৰ লগত বোলে তাইৰ আশ্ৰমতে লেতিপেটি আৰম্ভ হ’ল……

মোহন: অ’ হয় নেকি….? হৰি হৰি…..কি নিলাজ তিৰোতা অ’…….

কলিয়া: কথাবোৰ বৰ ভালহোৱা নাই দেই…….(ৰূপেশ্বৰৰ প্ৰৱেশ)

ৰূপেশ্বৰ: কৃষ্ণ কৃষ্ণ ,কি কথা ভাল হোৱা নাই অ’ ল’ৰাহঁত…………..

ভোৱন: কিনো কথা কোৱাহে দাইটি…..? চৰু ফুটি জোল ওলাল, তুমি হ’বলা গমেই পোৱা নাই….?

ৰূপেশ্বৰ: কিবা এটা অহুকানে-পহুকানে শুনিছো যদিও খাটাংকৈ একো গম পোৱা নাই…..,তাতে আক’ আশ্ৰমৰ কথাও জড়িতহৈ আছে…..,আশ্ৰমখনৰ লগত ডাঙৰ ডাঙৰ মানুহো জড়িত হৈ আছে……

কলিয়া: দাইটি তুমি সাঁথৰ কৰি দেখুৱাব নালাগে…..,যি জানা সমস্ত কথা আমাক বিৱৰি কোৱাচোন……

ৰূপেশ্বৰ: বিৱৰি ক’বলৈ কিটো আছে……সকলোৱে জানেই….,ৰমেন মৰাৰ পিছত তাৰ বিধবা ঘৈনিয়েক শেৱালী আশ্ৰমতেই থাকিবলৈ লৈছিল…….। শুন (ফুচ ফুচাই ক’ব) ৰাতিৰাতি চহৰৰ ডাঙৰ ডাঙৰ মানুহ কিছুমান আশ্ৰমলৈ আহে…..,তহঁতেই কচোন তাই ঢকঢকিয়া গাভৰু যেন বিধবাজনীহৈ নিশালৈকে আশ্ৰমত কিয় থাকিব লাগে….? জুইৰ ওচৰত ঘিউ থাকিলে গলিবই…..পিছে সেয়াই হ’ল…..

কলিয়া: কি হ’লনো ৰূপেশ্বৰ দাইটি…?

ৰূপেশ্বৰ: ধেৎ কটা নিধক….,এনেই দাড়ি-মোছ গজালি….,একো বুজি নাপাৱ…..খটপকৈ মাৰি দিম……,শুন……মই শুনিছো ঘটনবোলে ডাঙৰেই, অঘটন হয়েই গ’ল বোলে….কৃষ্ণ…কৃষ্ণ…..,এইবোৰ পাপৰ বচন গাবও নোৱাৰো….শুনিবও নোৱাৰো……কৃষ্ণ কৃষ্ণ…….(প্ৰস্থান)

(এনেতে শেৱালীয়ে নদীত গা ধুবলৈ কাপোৰ কানিৰ চৰিয়া এটিলৈ প্ৰৱেশ…, তাইক দেখিল’ৰাহঁতে ইজনে-সিজনক ইংগিত কৰে)

ভোৱন: ঐ তহঁতে খবৰটো শুনিছনে নাই….?

মোহন: কিনো খবৰ…?

ভোৱন: আজি কালি বিধবাৰহে গা-ঘেলাই ফুৰাৰ চখ…..,এজনীয়ে চহৰৰ এটাৰ লগত লেটিপেটি কৰি এটা খহালে বোলে…….

কলিয়া: অ’ শুনিছো……..এটা খহালে বুলি শুনিছো…….(সকলোৰে অসভ্যালি হাঁহি, এনেতে তীখৰে দা এখনলৈ উগ্ৰমূৰ্ত্তি ধাৰণ কৰি সিহঁতক কাটিবলৈ খেদি যায়)

তীখৰ: ঐ ঐ---,তহঁতৰ মাৰ ভনীহঁতক জোকাগৈ, কেউকিছু নোহোৱা বিধবা বৌজনীক জোকাবলৈ তহতৰ লাজ লগা নাই, চালা চুৱাচেলেকা,পদলিশুঙাৰ জাক-----(সকলো পলাই) ক’লৈ পলালি---ৰ’ আজি তহতক মই সুদাই নেৰো---(প্ৰস্থান)

শেৱালী: ( শেৱালীয়ে ঘ্ৰিনা আৰু ক্ৰোধ চাৱনিৰে সিহঁতকেইটা যোৱা ফাললৈ চাব, ……শেৱালী মৌনহৈ কিছু সময়ৰৈ হুকহুকাই কান্দি দিব)Light cut

                                                         অষ্টদশ দৃশ্য

(মঞ্চ পৰিকল্পনা: শেৱালীৰ আন্ধাৰ কোঠা। শেৱালী আৰু তীখৰৰ কথোপকথন)

শেৱালী: (মন মাৰি বহি থাকে , তিখৰ প্ৰৱেশ আৰু পোহৰ হয়)

তীখৰ: কি হ’ল বৌ……,গা ভাল নহয় নেকি…?...বৌ……

শেৱালী: হু…,ও….গাটো ভাল লাগি থকা নাই অ’…….

তীখৰ: তোমাক জোকোৱা চুৱাচেলেকা,পদুলিশুঙা কেইটাক আজি ভালকৈ এসেকা দিলো, ভবিষ্যতে সিহঁতে তোমালৈ ভুলতো নাচাও বুলি শপত খাইছে----,চালা কোনো কামবন নাই আনৰ বোৱাৰী-ছোৱালীক জোকোৱা –চুপতি মৰাৰ বাদে ফতুৱা মখাই একো নিশিকিলে। বৌ মই দোকানৰ পৰা কিবা-কিবি আনি দিব লাগিব নেকি ?

শেৱালী: নালাগে….,দৰকাৰ হ’লে ক’ম…….

তীখৰ: ঠিক আছে বৌ…..বজাৰ-সমাৰ কিবা কৰিব ল’গা থাকিলে মোক ক’ব….মই কৰি দিম….., আপুনি নাৰ্চিং হোমত থকা কেইদিন আপোনাৰ কোঠাটো পৰিস্কাৰ কৰি ৰাখিছো আৰু আশ্ৰমৰ চৌহদত ধেৰ জংঘল হৈছিল……, সেই বোৰো কাটি-কুটি চাফ-চিকুন কৰি ৰাখিছো…..,বৌ আপোনাক বহুত দূৰ্বল যেন লাগিছে….,গাটো বৰ বেছিকৈ বেয়া লাগিছে নেকি ?

শেৱালী: অ’ মোৰ গা ভাল নহয় অ’…..

তীখৰ: বৌ… মই কৰিব লগা কিবা কাম আছে নেকি ?

শেৱালী: তীখৰ…, তই মোৰ বাবে কেইটামান চাউল বহাই দেচোন…..,মোৰ আৰু এটা কাম আছিল……

তীখৰ: কি কাম বৌ…?

শেৱালী: মোক এটা দৰব লাগে….!

তীখৰ: দৰৱ..? কি দৰৱ ?

শেৱালী: ৰতনপুৰ গাঁওৰ মেলেঙী বুঢ়ী আহিছিল…..,মোৰ গাটো চাই চিতি এটা দৰৱ দিয়াৰ কথা কৈছিল….,তই লৈ আহিব পাৰিবিনে…?

তীখৰ: পাৰিম বৌ…….,বৌ কথা এটা কওঁনে..?

শেৱালী: কি কথা..? ক’….

তীখৰ: দেওবাৰে সন্ধিয়া নামঘৰত মেল বহিছিল……,সকলোৱে কৈছে……

শেৱালী: কি কৈছে..?

তীখৰ: সকলোৱে কৈছে…..মানে গাঁওবাসীয়ে বোলে ব্যভিচাৰক প্ৰশ্ৰয় নিদিয়ে……আপুনি বোলে পাপী…..,পাপীক বোলে প্ৰশ্ৰয় নিদিয়ে………

শেৱালী: আৰু কি কৈছে……..?

তীখৰ: আৰু বহুত বেয়া বেয়া কথা আলোচনা হৈছে…..মই আপোনাক ক’ব নোৱাৰো…..

শেৱালী: নেলাগে ক’ব….! মই সকলো বুজি পাওঁ………

তীখৰ বৌ…..

শেৱালী: তীখৰ…., মোৰ ছোৱালী জনীৰ নাম থৈছিলো তৰালী…..,তাইৰ মাক হোৱাটো মোৰ বাৰু ভুল হ’ল নেকি….? হয়তো সমাজৰ দৃষ্টিত ভুল কৰিলো…!কিন্তু কি ভুল কৰিলো মই……? ক’ত ভুল কৰিলো…? মই মানুহ চিনাত ভুল কৰিলো অ’…..! মই মোক চিনি পাওঁ অ’…..মই একো ভুল কৰা নাই….,মই মোৰ জোনাকবোৰ…,মোৰ সপোনবোৰ আৰু মোৰ হেঁপাহক জীয়াই ৰাখিবলৈ খুজিছিলো…..,তেন্তে ক’ত মই ভুল কৰিলো….? প্ৰশান্ত বৰুৱাক মই মানুহ বুলি ভাবি ভুল কৰিলো…….! যি মানুহে জন্মৰ তিনিদিনৰ দিনাই মোৰ তৰালীক মোৰ কোলাৰ পৰা আতৰাই লৈ যাব পাৰে…..,যি মানুহে তিনিদিনতে নিজৰ আক্ৰোশ দেখুৱাই দিব পাৰে…..,যি মানুহে মোৰ তৰালীক তাইৰ মাতৃ দুগ্ধৰ পৰা বঞ্চিত কৰিব পাৰে……,মাতৃৰ বুকুৰ উমৰ পৰা আতৰ কৰিব পাৰে…….সেইয়া মানুহ কেতিয়াও হ’ব নোৱাৰে তীখৰ….মানুহ কেতিয়াও হ’ব নোৱাৰে….সিহঁত মানুহ ৰূপি দানৱ….অ’ সিহঁত দানৱ…………

তীখৰ: বৌ……..

শেৱালী:……তেন্তে মই কি মোৰ তৰালীক দানৱৰ হাতত এৰি দিলো নেকি….! নাই নাই নাই…..মোৰ সপোন, মোৰ জোনাক………,নাই নাই….মই মোৰ তৰালীক কিয় দানৱৰ হাতত এৰি দিম ? এনেকৈ নহ’ব….! মই মোৰ তৰালীক দানৱৰ হাতৰ পৰা কাঢ়ি আনিম……! মই আইনৰ সহায় ল’ম….,মই আদালতলৈ যাম….,মই মোৰ তৰালীক ঘূৰাই আনিব লাগিব……!!! মই কেচ কৰিম…..অ’ মই কেচ কৰিম……Light cut.

                                                        নৱদশ দৃশ্য

(মঞ্চ পৰিকল্পনা: আশ্ৰমৰ দৃশ্য । গুৰুজি/তুলুমন/ভোৱন /মোহন/কলিয়া ৰ কথোপকথন)

গুৰুজি: শেৱালীয়ে যদি কেচ দিবলৈ বিছাৰিছে তেন্তে তাইক আমি সকলো প্ৰকাৰে সহযোগ কৰাটো উচিত হ’ব…। তুলুমন, তুমি যিহেতু অৰ্ধ আইনী স্বেচ্ছাসেৱক, গতিকে আমাৰ শেৱালীৰ কেচটোত তুমি দিহা-পৰামৰ্শৰে সহায় কৰিবা বুলি আশা ৰাখিলো…।

তুলুমন: প্ৰনাম গুৰুজি…., অৰ্ধ আইনী স্বেচ্ছাসেৱক হিচাপে সমাজৰ দৰিদ্ৰলোকৰ বিনামূলিয়া আইনী সাহাৰ্য পোৱা নিয়ম নীতি বোৰ মই জানো আৰু মই শেৱালীক সাধ্যানুসাৰে যিমান পাৰো এই ক্ষেত্ৰত সহায় কৰিম।

গুৰুজি: বৰ ভাল কথা….ঈশ্বৰে তোমাক কল্যান কৰিব….

তুলুমন: গুৰুজি, ইতিমধ্যে মই শেৱালীৰ লগত কথা বতৰা পাতি মুখ্য ন্যায়িক দণ্ডাধীশ আদালত, সুন্দৰপুৰ আদালতত থকা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যলয়ত সকলো তথ্য পূৰণ কৰি দৰ্খাস্ত এখন দিলো….আৰু জিলা আইনি সেৱা প্ৰাধিকৰনেই আদালতৰ যাৱতীয় খৰছৰ ব্যৱস্থাও কৰি দিলে…...উকিলো নিযুক্ত হ’ল…..।

গুৰুজি: অতি সুন্দৰ…..,পিছে তুলুমন,কোন উকিলে শেৱালীৰ কেচটো হাতত ল’লে ? উকিল জনৰ নাম কি ?

তুলুমন:  উকিল নলীন দত্ত…। আৰু তেখেতৰ পাৰিশ্ৰমিক সুন্দৰপুৰ জিলা আইনি সেৱা প্ৰাধিকৰণেই বহন কৰিব।

গুৰুজি: অতি সুন্দৰ, নলিন দত্ত….,বৰ ভাল উকিল….তেখেতৰ নাম মই শুনিছো…..।

তুলুমন: গুৰুজি, প্ৰতিজন ভাৰতীয় নাগৰিকে গোচৰ দাখিল অথবা প্ৰতিহত কৰিবৰ বাবে আইন সেৱা কৃতপক্ষই--,আইন ১৯৮৭ৰ অধীনত অনুসূচীত জাতি-জনজাতি,ভাৰতীয় সংবিধানৰ ২৩ তম অনুচ্ছেদ অনুযায়ী মগনীয়া আৰু অনৈতিক কৰ্মত লিপ্ত কৰোৱা নাৰী, মহিলা-শিশু, মানসিক ৰোগী,প্ৰতিবন্ধি লোক ,বানপানী-খৰাং-ভূমিকম্প-গোষ্ঠীগত সংঘৰ্ষ,ঔদ্যোগিক প্ৰলয় ইত্যাদিত পিৰিত লোক, ঔদ্যোগিক মজদুৰ,নাৰী গৃহৰ জিম্মাত থকা নাৰী,পৰ্যৱেক্ষন গৃহৰ জিম্মাৰ লোক,মানসিক চিকিৎসালয়ত চিকিৎসাধিন আদি লোকৰ বাবে কিছুমান বিনামূলীয়া আইন সেৱাৰ ব্যৱস্থা কৰিছে। আৰু এই আইনৰ অধীনত সকলো ধৰণৰ দেৱানী গোচৰ যেনে সম্পত্তিৰ বিবাদ, বিবাহ সম্পৰ্কীয় বিবাদ, দূৰ্ঘটনা সম্পৰ্কীয় বিবাদ,গ্ৰাহক সুৰক্ষা আইন, শ্ৰমিক সুৰক্ষা আইন, শ্ৰমিক আৰু চাকৰি সংক্ৰান্তিয় গোচৰ আদি ।আৰু সকলো ধৰণৰ ফৌজদাৰী আইনজনিত অপৰাধৰ গোচৰ,খোৰাকী,মহিলাৰ ওপৰত নিৰ্যাতন অথবা যৌতুকজনিত অপৰাধ আদিৰ গোচৰ ,আৰু এই  আইন সাহাৰ্য যি সকল নাগৰীকৰ বছেৰেকীয়া সমুদায় আয় তিনিলাখ টকাতকৈ কম সেইসকলে বিনামূলীয়া আইনি সেৱা পোৱাৰ যোগ্যতা লাভ কৰিব । এতিয়া আমাৰ শেৱালিকো আইন সেৱা প্ৰাধিকৰণৰ পৰা বিনামূলীয়াোকৈ উকিল দিয়া হ’ব।আৰু ইতিমধ্যে মই সকলো ব্যৱস্থা কৰিছো।

    গুৰুজি: তুলুমন, আইনত থকা এনে এটা সুন্দৰ ব্যৱস্থাৰ কথা আমি জনাই নাছিলো। ঠিক আছে তোমালোকক মই এতিয়া এৰিলো…..মোৰ প্ৰাৰ্থনাৰ সময় হ’ল……(যাব খোজে, সকলোৱে প্ৰণাম জনাই আৰু গুৰুজিৰ প্ৰস্থান)

ভোবন: যিয়েই নহওক মোৰ কিন্তু এতিয়া বৰ বেয়া লগিছে……,হওঁতে শেৱালীবৌ আমাৰ গাঁৱৰে বোৱাৰী, ৰমেন ককাইদেউৰ বৌ………..,চহৰৰ এজন ধনবন্ত বিষয়াই দৰিদ্ৰতা আৰু বৈধব্যৰ সুবিধালৈ এনে এক জঘন্য কৰ্ম কৰি এতিয়া বৌৰ কোলাৰ কেচুৱাটোৱো কাঢ়ি নিলে…..।আমিবোৰ শেৱালী বৌৰ পক্ষত থকাতোহে ভাল হ’ব…..

কলিয়া: ঐ মৰিব খুজিছ’…..,তোৰ বাপেৰ নামঘৰীয়া…..বিধবা এজনীয়ে সন্তান জন্ম দিছে….,বিচাৰ গৈ আদালত পাইছেগৈ….এতিয়া আমি সমৰ্থন দিছো বুলি ৰাইজে আমাক এঘৰীয়া নকৰিবনে..?

ভোবন: কৰিলে কৰিব…..……! আমি যদিও ডেকা তেজৰ পিৰপিৰণিত বহু সময়ত নক’বলগীয়া কথা কৈছিলো….নকৰিবলগীয়া চিন্তা কৰিছিলো…..কিন্তু আমি পাহৰিগ’লে  নহ’ব যে শেৱালীবৌ আমাৰ ৰমেন ককাইদেউৰে পত্নী…..।

তীখৰ: এগৰাকী অবলা বিধবা তিৰোতাক সমাজৰ সকলো কথাতে কেৱল অনাদৰ,অৱহেলা কৰাহে আমি দেখি আহিছো…..,এগৰাকী বিধবাক গাঁওৰ কোনো মাংগলিক কৰ্মত আগভাগ ল’বলৈ দিয়া নহয়…..,এনে ধৰণৰ সমাজৰ অবিচাৰৰ সুযোগলৈ বহুতো আশ্ৰম গঢ়লৈ উঠিছে…..,কোনো কোনো আশ্ৰমত নানা ধৰণৰ ব্যভিচাৰে গা কৰি উঠাৰ খবৰ, কাগজে-পত্ৰই আৰু টিভিত প্ৰায়ে দেখিয়েই থাকো…..।

তুলুমন: তোমালোকে সঠিক কথাকে আলোচনা কৰিছা…..,এতিয়া আধুনিক যুগ..সতীদাহ প্ৰথা কেতিয়াবাই আমাৰ দেশৰ পৰা আঁতৰ হ’ল…,বিধবা বিবাহৰো প্ৰচলন হ’ল….কিন্তু আমাৰ নিৰক্ষৰ সমাজবোৰত, আমাৰ ঘৰবোৰত,আমাৰ মনবোৰত বিধবাই আজিও শান্তিৰে জীয়াই থাকিব নোৱাৰে….লাঞ্চনা-গঞ্জনা আৰু বঞ্চনাৰে তেওঁলোকে জীৱন কটাব লগা হৈছে…..শেৱালীৰ জীৱনটোলৈকে তোমালোকে চোৱা….

কলিয়া: এৰা তুলুমনদা, আপুনি ঠিক কথা কৈছে……। ৰমেন ককাইদেউৰ বিয়াত আমি সকলোৱে মহাজনৰ ঘৰৰ বাছখনত গৈ কিমান যে ফুৰ্তি কৰিছিলো…,শেৱালী বৌজনী যে কিমান ধুনীয়া আছিল…,কিমান যে মৰমীয়াল আছিল…..

ভোবন: এৰা অ’…..সেই শেৱালীবৌ জনীয়েই বিয়াৰ সাত দিনৰ পিছতেই জীৱনৰ ৰংবোৰ হেৰুৱাই পেলাইছিল..,সাৱতি লৈছিল এজোৰ বগা সাজ…..ধিক চালা…,আমি হেনো একৈশ শতিকাত বাস কৰিছো…

তুলুমন: তই ঠিক কথা কৈছ’ মোহন….,আজি আমাৰ শেৱালীবৌ গভীৰ সংকটত….,এগৰাকী বিধবাই অৱৈধ ভাবে গৰ্ভবতী হৈ সন্তান জন্ম দিয়া কাৰ্যক আমি সঁচাকৈয়ে সমৰ্থন দিব নোৱাৰো…..কিন্তু সামগ্ৰিক ঘটনাক্ৰমক বুজিব লাগিব…..। এই সংকট্ৰ মুহূৰ্তত আমি শেৱালীক সাহস দিয়া উচিত,আমি তেওঁৰ কাষত থকা উচিত আৰু আমি আমাৰ গাঁওৰ বয়োজেষ্ঠ সকলক বুজাব লাগিব….,তেওঁলোকক সঠিক পথৰ সন্ধান দিব লাগিব……..

তীখৰ: এৰা তুলুমনদা, আমি ৰাইজক বুজাব লাগিব……শেৱালীবৌক আমি সাহস দিয়াব লাগিব….,শেৱালীবৌ অকলশৰীয়া নহয়…..আমি লগত থাকিম,গোটেই গাঁও বৌৰ লগত থাকিব লাগিব….,শেৱালীবৌক ন্যায় দিয়াবই লাগিব……..

সকলোৱে: শেৱালী বৌয়ে ন্যায় পাবই লাগিব…….!

(এজন এজন কৰি শ্লোগান দি দি প্ৰস্থান কৰিব)

শ্লোগান: মহিলাৰ অত্যাচাৰ বন্ধ কৰক…/ বন্ধ কৰক ,বন্ধ কৰক / দোষীক উপযুক্ত শাস্তি দিয়ক/ শান্তি দিয়ক,শাস্তি দিয়ক/ শেৱালী হাজৰিকা ন্যায় দিয়ক/ ন্যায় দিয়ক, ন্যায় দিয়ক…………………………..

                                        
           
বিংশতিতম
দৃশ্য(A)

(মঞ্চ পৰিকলল্পনা: মঞ্চ পোহৰ হোৱাৰ লগে লগে Apron ত দেখা যাব এজন নিউজ চেনলৰ ৰিপোৰ্টাৰ আৰু দৰ্শকৰ পিছফালৰ পৰা অগণন মহিলা প্ৰতিবাদকাৰীৰ দল শ্ল’গান দি দি প্ৰৱেশ)

শ্লোগান: মহিলাৰ অত্যাচাৰ বন্ধ কৰক…/ বন্ধ কৰক ,বন্ধ কৰক / দোষীক উপযুক্ত শাস্তি দিয়ক/ শান্তি দিয়ক,শাস্তি দিয়ক/ শেৱালী হাজৰিকা ন্যায় দিয়ক/ ন্যায় দিয়ক, ন্যায় দিয়ক…………………………..

 

ৰিপোৰ্টাৰ: পিয় দৰ্শকবৃন্দ ,আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল, “নিউজ এট চেকেণ্ড”….,মই সুন্দৰপুৰৰ পৰা কেমেৰামেন ৰথিনৰ সৈতে…..মই মনোজ ডেকাই দেখুৱাইছো সুন্দৰপুৰ আদালত চৌহদৰ লাইভ কভাৰেজ…..,আজি আদালতত চলি থকা শেৱালী হাজৰিকা গোচৰত….শেৱালী হাজৰিকাৰ প্ৰাপ্য ন্যায় বিচাৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে সুন্দৰপুৰৰ কাছাৰী ফিল্ড……,সৌৱা মই দেখুৱাম কেনেকৈ  শ শ মহিলা ওলাই আহিছে……,মই কেমেৰা মেন ৰথীনক…..(এগৰাকী মহিলাক উদেশ্যি ক’ব)……বাইদেউ আপুনি কি ক’ব..?

মহিলা: মই ক্ষীৰমাই দত্ত বৰা….সুন্দৰপুৰ জিলা মহিলা সমিতিৰ সম্পাদিকা….,আপোনালোকে দেখিছে যে ভাৰতবৰ্ষত মহিলাৰ কোনো সুৰক্ষা নোহোৱা হৈছে…..প্ৰতিক্ষণতে আজি মহিলা সকল লাঞ্চিতা আৰু বঞ্চিতা….,আজি এগৰাকী বিধবাই ন্যায় বিচাৰি হাহাকাৰ কৰিছে……,আমি চৰকাৰক সকীয়াই দিছো..,প্ৰশাসনক সকীয়াই দিছো……আমি তীব্ৰ প্ৰতিবাদ কৰিম….তীব্ৰ আন্দোলন গঢ়ি তুলিম………….

সকলোৱে: (শ্লোগান দিব)  মহিলাৰ অত্যাচাৰ বন্ধ কৰক/বন্ধ কৰক বন্ধ কৰক…………………Light cut.

 

                                                         বিংশতিতম দৃশ্য(B)

(মঞ্চ পৰিকল্পনা: চৰকাৰী আদালতৰ দৃশ্য সজ্জা। এজলাচত হাকিম বহি থাকিব/পেচকাৰ/তৰণী-মহৰী/পিয়ন থাকিব।দুই পক্ষৰে উকিল বিষ্ণু বৰুৱা আৰু নলীন দত্ত থাকিব। মঞ্চ পোহৰ হোৱাৰ লগে লগে দেখা যাব কাঠগড়াত প্ৰশান্ত আৰু গোচৰীয়া ফৰিয়াদী থিয় হোৱা ঠাইত শেৱালী থিয় হৈ থাকিব। আদালত চলি থকা অৱস্থা।)

দত্ত: ইয়ৰ অনাৰ, মোৰ মক্কেল শেৱালী হাজৰিকা এজনী অবলা তিৰোতা।বিয়াৰ এসপ্তাহৰ পিছতেই এটা গাড়ী দূৰ্ঘটনাত, আজিৰ পৰা প্ৰায় আঠ বছৰ আগতেই স্বামী ৰমেহ হাজৰিকাক হেৰৱাইছিল।অকলশৰীয়া শেৱালী হাজৰিকাই মানসিক শান্তি আৰু নিৰপত্তাৰ বাবে তেওঁৰ গাঁওতে থকা এখন আশ্ৰমত আশ্ৰয় লৈছিল।সেই আশ্ৰমলৈ অহা-যোৱা কৰা আচামীপক্ষ প্ৰশান্ত বৰুৱাৰ দৰে এজন সম্ভ্ৰন্ত মানুহৰ গুপুত অভিসন্ধিৰ কথা অবলা শেৱালীয়ে নুবুজিলে আৰু শেৱালীৰ দাৰিদ্যতাৰ সুবিধালৈ…………………

বৰুৱা: আই অবজেক্ট ইয়ৰ অনাৰ…,মোৰ মক্কেলক বিনা কাৰণত অপবাদ দিয়া হৈছে…। মোৰ মক্কেল প্ৰশান্ত বৰুৱা সমাজৰ ভব্য-গব্য প্ৰতিষ্ঠিত বিষয়া….,তাৰোপৰি তেখেত এজন ধনবন্ত লোক । গোচৰীয়ানী ধনৰ লোভত পৰিল..,তাৰোপৰি গোচৰীয়ানী এগৰাকী যৌৱনা বিধবা তিৰোতা….যৌৱনটো ভালকৈ উপভোগ কৰাৰ আগতেই স্বামীৰ মৃত্যু হ’ল…সেয়েহে…..

দত্ত: ইয়ৰ অনাৰ.., মোৰ মক্কেলৰ চৰিত্ৰহনন কৰা হৈছে…..কিন্তু আচামী পক্ষৰ এনে অধিকাৰ নাই….,তাৰোপৰি সন্তানৰ জিন্মাৰ বাবে কৰা এই গোচৰত এনেবোৰ কথাৰ কোনো প্ৰাসংগিকতা নাই ।

বৰুৱা: প্ৰাসঙ্গিকতা আছে ইয়ৰ অনাৰ…,আৰু সম্পূৰ্ন প্ৰাসঙ্গিকতা আছে বুলি মই আদালতত প্ৰমান কৰি দেখুৱাম……,যেনেকৈ গোচৰীয়ানীৰ সন্তান জিন্মাৰ গোচৰ ঠিক তেনেকৈ এই কথা স্বীকাৰ কৰি লোৱা হৈছে যে সেই সন্তান আচামীপক্ষৰ ঔৰষজাত সন্তান ।মোৰ আচামীপক্ষৰ মান সন্মান,স্বত্ত্ব অধিকাৰ ইয়াত জড়িত হৈ আছে….গতিকে মোক কব’লৈ সুযোগ দিয়ক ইয়ৰ অনাৰ…..

হাকিম: অৱজেকচন অভাৰ ৰোল্ড….,আপুনি কৈ যাওঁক মিষ্টাৰ কাউন্সেল বৰুৱা….।

বৰুৱা: ইয়ৰ অনাৰ…,মই কৈছোৱেই যে গোচৰীয়ানী এগৰাকী পূৰ্নযৌবনা বিধবা…..,বিয়াৰ সাত দিনৰ পিছত গোচৰীয়ানীয়ে স্বামীক হেৰুৱাইছে গতিকে স্বাভাবিক কাৰণতেই যৌবনৰ তীব্ৰ তাৰনা থকা আচৰিত কথা নহয় আৰু মনৰ ইচ্ছাক চৰিতাৰ্থ কৰিব পৰা নাছিল…..,তেনে অৱস্থাতেই আশ্ৰমত হঠাৎ লগ পালে সুদৰ্শন চেহেৰাৰ উচ্চপদস্থ-ধনবন্ত বিষয়া মোৰ মক্কেল প্ৰশান্ত বৰুৱাক আৰু গোচৰীয়ানীৰ উকিলে তেওঁক ক’ব খোজে সতী-সাধবী বুলি…..

দত্ত: অৱজেকচন এয়ৰ অনাৰ…, আই ষ্ট্ৰংলী অৱজেক্ট…..

হাকিম: অৱজেকচন অভাৰৰোল্ড….

বৰুৱা: এয়ৰ অনাৰ…, চি ইজ এ চিপ লেডী….,তেওঁ এগৰাকী সুলভ মহিলা…..

দত্ত: অৱজেকচন ইয়ৰ অনাৰ….,ইট ইজ টু মাটচ্‌…..

হাকিম: অৱজেকচন চাচটেইনড মি: কাউন্সেল…আপুনি শালীনতাৰ সীমা চেৰাই গৈছে….,আপুনি প্ৰাসংগিকতাৰ পৰা আতৰি গোচৰীয়ানীৰ চৰিত্ৰ হননক মূল বিষয় হিচাপে লৈছে….আপোনাক সামগ্ৰিক ঘটনাক্ৰমৰ প্ৰয়োজনতহে তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথা ক’বলৈ সুবিধা দিয়া হৈছে…,কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মুকলি আদালতত বিনা প্ৰমাণত অপমান জনক মন্তব্য কৰিব…।

বৰুৱা: ছৰি ইয়ৰ অনাৰ…….

দত্ত: কি ছৰি…..ছৰি ক’লেই হ’ব নেকি…?

বৰুৱা: ছৰি বুলি ন’কই কি বুলি ক’ম….?

হাকিম: চাওঁক, এইখন আদালত….,ইয়াত সত্য উৎঘআটনৰ বাবে আমি চেষ্টা কৰো….। আপোনালোকৰ দুয়োজন জেষ্ঠ অধিবক্তা….,টি ভি চেনেলৰ সস্তীয়া টকশ্ব’ৰ দৰে কৰা কাজিয়া শোভা নাপায়….,আপোনালোকে জানেই ভাৰতৰ উচ্চ ন্যাললয়ে “‘কৰ্ণাটক উচ্চ ন্যায়লয় বনাম জয় চৈতন্য দাস এণ্ড আডাৰচ’ গোচৰ আৰু আন বিভিন্ন গোচৰত হুকুম দি থৈছে যে ‘এডভোকেটচ আৰ অফিচাৰচ অৱ দা জাষ্টিচ্‌’’ । ন্যায় পক্ৰিয়াৰ বিষয়া হিচাপে আপোনালোকে আপোনালোকৰ যুক্তি-তৰ্ক্ৰ সীমাবদ্ধতা ৰাখক….আদালতে এনে আচৰণ আশা নকৰে…।

দুয়োজন: ছৰি ইয়ৰ অনাৰ….

দত্ত: ইয়ৰ অনাৰ, অচামী পক্ষৰ অধিবক্তাই অপ্ৰাসঙ্গিক তথা পৰস্পৰ বিৰোধী কথাৰে আদালতৰ সময় নষ্ট কৰিছে…। তেওঁলোকে মানি লৈছে যে সন্তানটি আচামীৰ ঔৰসজাত সন্তান…., আমি দৰ্খাস্ততো সেইকথা উল্লেখ কৰিছোৱেই….,আচামী পক্ষই কৈছে যে গোচৰীয়ানীয়ে স্ব-ইচ্চাৰে আচামীৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাৰ বাবে গোচৰীয়ানী গৰ্ভবতী হ’ল আৰু এজনী গৰ্ভবতী বিধবাক সমাজৰ লাঞ্চনাৰ পৰা বচাবলৈ আচামীয়ে সন্তানটি তেওঁৰ নিজ সন্তান হিচাপে তুলি-তালি ডাঙৰ কৰাৰ উদেশ্যে লৈ গৈছিল….। ইয়ৰ অনাৰ, আমাৰ গোচৰীয়ানীৰ জীৱনত হেৰুৱাব লগা একো নাই…..,বৈধব্যৰ সামাজিক যন্ত্ৰনা সহ্য কৰি বিয়া নোহোৱাকৈ কটালে আঠটা বছৰ….।অসহায় এগৰাকী বিধবাক এক অসৰ্তক মূহূৰ্তত বৰ্ষামুখৰ ৰাতি আচামীয়ে প্ৰস্তাব দিলে সন্তান জন্মৰ বাবে । হয়…..,মোৰ গোচৰীয়ানীৰ হয়তো কোনোবাখিনিত ভুল হৈছিল…কাৰন তেওঁ সন্মত হৈছিল আচামীৰ সেই প্ৰস্তাবত….।

বৰুৱা: চি ইজ এ কনচেণ্টিং পাৰ্টি…..,ন’ কেচ ইজ মেড আউট….

দত্ত: ইয়ৰ অনাৰ, আচামীপক্ষৰ অধিবক্তাই হয়তো পাহৰি গৈছে যে এইটো ধৰ্ষণৰ গোচৰ নহয়…..,এইটো বিয়া কৰোৱাৰ ভুৱা প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবদ ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৩ ধাৰাৰ গোচৰো নহয় ।এই গোচৰৰ এক সুকীয়া ভিত্তি আছে…..।মোৰ মক্কেলৰ সন্তানক আবদ্ধ কৰি ৰখাৰ বাবেহে এই গোচৰ তৰা হৈছে…..।

বৰুৱা: মোৰ মক্কেলে যিহেতু ধৰ্ষণ কৰা নাই ,গোচৰীয়ানীক বিয়াৰ ভুৱা প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্কও কৰা নাই তেন্তে মোৰ মক্কেলে কি অপৰাধ কৰিলে…? ইয়ৰ অনাৰ…..

হাকিম: মিষ্টাৰ কাউন্সেল বৰুৱা…, আপুনি তেখেতৰ আৰগুমেণ্টত অনাহকত বাধা নিদিব….,আপোনৰ প্ৰত্যুত্তৰো মই শুনিম….।

বৰুৱা: ছৰি ইয়ৰ অনাৰ…….

দত্ত: ইয়ৰ অনাৰ, এগৰাকী সাধাৰণ নাৰীৰ জীৱনৰ আটাইতকৈ আকাংক্ষিত কথাবোৰ হৈছে…..বিয়া-স্বামী-আৰু সন্তান….। মোৰ মক্কেল বিয়া হ’ল যদিও স্বামী সুখ নাপালে বৰঞ্চ সমাজৰ লাঞ্চনা-গঞ্জনাৰ মাজেৰে বৈধব্য জীৱন কটাব লগা হ’ল…তেনে এক অসতৰ্ক মুহূৰ্তত আচামীৰ সৈতে তেওঁৰ দৈহিক মিলন হ’ল….,সন্তানৰ সুখ পাবলৈ সক্ষম নোহোৱা শেৱালী হাজৰিকাক এটি সন্তান গৰ্ভধাৰণৰ প্ৰস্তাৱ দিলে আচামীয়ে….। আৰু প্ৰতিশ্ৰুতি দিলে নিৰপত্তাৰ…..।জীৱনৰ সমস্ত সুখ হেৰুৱা গোচৰীয়ানীয়ে সন্তান সুখৰ লালসাত আচামীৰ প্ৰস্তাৱত মান্তি হ’ল…। তেওঁ নিজৰ সন্তানক তুলি দিব আচামীৰ হাতত…,আচামীয়ে লালন-পালন কৰিব সন্তানক, তাই লগ পাব তাইৰ সন্তানক….তাই….

বৰুৱা: ইয়ৰ অনাৰ, গোচৰীয়ানীৰ অধিবক্তাই নাটকৰ কাহিনী উপস্থাপন কৰিছে…..,গোচৰীয়ানীয়ে যদি নিজ ইচ্চাত গৰ্ভধাৰণ কৰি সন্তান আচামীক লালন-পালন কৰিবলৈ দিয়াৰ কথা আছিল,তেন্তে গোচৰীয়ানীৰ গোচৰৰ কাৰণ কি ? আদালতৰ সময় নষ্ট নকৰি এই গোচৰ ডিচমিচ কৰিব লাগে ।ডিছ কেছ ইজ লায়েবুল টু বি ডিচমিছড….,মাই একিউজড পাৰচন ইজ এনটাইটুলড টু বি এককুইটেড……,মোৰ আচামীক খালাচ দিব লাগে..।

দত্ত: ইয়ৰ অনাৰ, আই হেভ নত ইয়েট কমপ্লিটেড মাই আৰগুমেণ্ট….,হয় নাটকৰ দৰে এই কাহিনী ৰহস্যঘন……কিন্তু এই নাটক শেষ হ’বলৈ এতিয়াও বহুত বাকী আছে….,মোৰ ক’বলৈ আৰু বহুত বাকী আছে…

বৰুৱা: আৰু কি বাকী থাকিল ? ইয়ৰ অনাৰ, ইট ইজ ডা লচ অৱ ভেলুৱেবল পাব্লিক টাইম….,ইট ইজ ডা লচ অৱ ভেলুৱেবল টাইম অৱ কৰ্ট…….

হাকিম: মিষ্টাৰ কাউন্সেল….,আদালতৰ কাম হৈছে সত্য উৎঘাটন কৰা আৰু ন্যায় প্ৰদান কৰা…. দুয়োপক্ষৰ কথা-বতৰা,যুক্তি-তৰ্ক আদালতে নুশুনিলে কেনেকৈ সঠিক সিদ্ধান্ত দিব পাৰিব..? যদিও কোৱা হয় যে, জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড…,কিন্তু এইটোও সত্য যে, জাষ্টিছ হাৰীড ইজ জাষ্টিছ বাৰিড…,এয়া দুয়োপক্ষৰ জীৱনযুদ্ধৰ প্ৰশ্ন….,ইয়াত এজনী কণমানীৰ ভৱিষ্যত জড়িত হৈ আছে….। আজি যুক্তি তৰ্ক সম্পূৰ্ণ কৰিব পৰা নগ’ল…..,এই গোচৰৰ শুনানি অহা ৩০ তাৰিখে লোৱা যাব…..(হাকিম এজলাচত ঠিয় হ’ব,সকলোৱে ঠিয় হৈ তেওঁক সন্মান জনাব) Light cut.

(নেপথ্যত মহিলাৰ কণ্ঠত শ্লোগান  শুনা যাব ; মহিলাৰ অত্যাচাৰ বন্ধ কৰক/বন্ধ কৰক,বন্ধ কৰক/ দোষিক উপযুক্ত শাস্তি দিয়ক/শাস্তি দিয়ক,শাস্তি দিয়ক/শেৱালী হাজৰিকাক ন্যায় দিয়ক/ন্যায় দিয়ক,ন্যায় দিয়ক…………………………………………………(দুই,তিনি বাৰ)}

                                                       বিংশতিতম  দৃশ্য(C)

(মঞ্চ পৰিকল্পনা : পোহৰ হোৱাৰ লগে লগে দেখা যাব আদালত চলি থাকিব)

দত্ত: ইয়ৰ অনাৰ, মই আগৰ তাৰিখৰ আৰগুমেণ্টত কৈছো যে আচামীয়ে কু-অভিসন্ধিৰে গোচৰীয়ানীৰ সন্তানক হস্তগত কৰাৰ উদেশ্যে নৱজাতক কন্যা সন্তানটিক মনে মনে নি আৱদ্ধ কৰি ৰাখিছে….,যি সময়ত গোচৰীয়ানীয়ে প্ৰসৱ বেদনাত লাইফ কেয়াৰ নাৰ্চিং হোমত চটফতাই আছিল সেই সময়ত প্ৰয়িজনীয় নথি-পত্ৰ বোৰত আচামীয়ে গোচৰীয়ানীক ভৰ্তি কৰোৱাৰ কথা উল্লেখ আছে বুলি হাস্পতালৰ কৰ্মীয়ে সাক্ষ্য দিছে…।উক্ত দৰ্খাস্তত গৰ্ভবতী ৰোগীৰ নাম ম’নালিছা বৰুৱা আৰু তেওঁৰ স্বামীৰ নাম আচামী প্ৰশান্ত বৰুৱাৰ নাম উল্লেখ আছে। (নথি-পত্ৰৰ ফাইল হাকিমক পেচ কৰিব)…যদিও আদালতত আচামীপক্ষই মানি লৈছে যে সন্তানটি গোচৰীয়ানীৰ গৰ্ভজাত কিন্তু আচামীৰ ঘৰত কামকৰা মহিলা ৰহিলাৰ সাক্ষত এই কথা প্ৰমাণ হৈছে যে আচামীৰ পত্নী সন্তান সম্ভবা বুলি লোকচক্ষুৰ আগত প্ৰতিপন্ন কৰিবলৈ ৮/৯মাহ দিন ধৰি এই চহৰৰ পৰা তেওঁক আঁতৰত ৰখা হৈছিল । জন্মৰ তিনিদিন পিছতেই আচামীয়ে নৱজাতক শিশুটিক লৈ যোৱা বুলি সাক্ষীবাদীয়ে প্ৰমাণ কৰিছে….।যদি যুক্তিৰ খাতিৰত মানি লোৱাও হয় যে গোচৰীয়ানীয়ে নিজৰ নৱজাতক সন্তানটিক আচামীক লালন-পালন কৰিবলৈ নিছিল,কিন্তু তেতিয়াও কিশোৰ ন্যায় আইনৰ প্ৰতিষ্ঠিত নিয়ম অনুযায়ি শিশু উন্নয়ন সমিতি,এডপচন কমিটি আদিৰ নীতি-নিয়মৰ অন্তত জিলা ন্যায়াধিশৰ আদালতৰ পৰা এডপচন হুকুম নোহোৱাকৈ কোনো লোকে সন্তানক তোলনীয়া পুত্ৰ বা কন্যা বুলি ক’ব নোৱাৰে অথবা তেওঁলোকে নিজকে এডপটিভ ফাদাৰ বা এডপটিভ মাডাৰ বুলি দাবী কৰিব নোৱাৰে ।এইবোৰ সাক্ষীবাদীৰ অৰ্থ কি ? কিয় নাৰ্চিং হোমত ভুৱা তথ্য দিয়া হ’ল ? কিয় আচামীৰ পৰিবাৰক ৮/৯মাহ কাল ঘৰৰ পৰা আঁতৰাই ৰখা হ’ল ? কিয় গোচৰীয়ানীৰ বুকুৰ পৰা জন্মৰ তিনিদিনৰ দিনা শিশুটিক কাঢ়িলৈ যোৱা হ’ল ? কিয় মাতৃ দুগ্ধ পান কৰিব নোৱাৰাৰ বেদনা আৰু অসহ্য শাৰীৰিক তথা মানসিক কষ্টৰ বলি হ’বলৈ গোচৰীয়ানীক এৰি দিয়া হ’ল ? কিয় বঞ্চিত কৰা হ’ল শিশুটিক মাতৃ চেনেহৰ পৰা ? নিশ্বিত ভাৱে এইবোৰ প্ৰশ্নৰ উত্তৰেই মোৰ গোচৰীয়ানীক ন্যায় দিব….। ইয়ৰ অনাৰ, মোৰ গোচৰীয়ানীক ন্যায় প্ৰদান কৰি তেওঁৰ কন্যা সন্তানটিক আচামীৰ কবলৰ পৰা উদ্ধাৰ কৰি আজিয়েই গোচৰীয়ানীক ঘুৰাই দিবলৈ আৰু আচামীক যথোপযুক্ত শাস্তি দিয়াৰ প্ৰাৰ্থনা কৰিলো….।ইয়ৰ অনাৰ, সকলো দিশ পৰীক্ষা কৰি চুৰান্ত হুকুম দিবলৈ নিশ্বিত ভাৱে আদালতক কিছু সময়ৰ প্ৰয়োজন হ’ব, কিন্তু তাৰ আগতেই গোচৰীয়ানীয়ে দিয়া আৱেদন মৰ্মে সন্তানটি সাময়িক জিন্মা গোচৰীয়ানীক দিবলৈ প্ৰাৰ্থনা কৰিলো….।

বৰুৱা: ইয়ৰ অনাৰ, এই গোচৰ চুৰান্ত হুকুমৰ দিশে আগবাঢ়িছে ,গতিকে গোচৰীয়ানীয়ে সন্তানটিৰ সাময়িক জিন্মা পাব নোৱাৰে…।

দত্ত: ন’ ইয়ৰ অনাৰ, এই আদালতে সন্তানটিৰ উদ্ধাৰৰ বাবে চাৰ্চ ৱাৰেণ্টৰ হুকুম দিছিল….,উক্ত হুকুমৰ বিৰুদ্ধে আচামীপক্ষই উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল..। মাননীয় উচ্চ ন্যায়লয়ে দুয়োপক্ষক শুনি সাময়িক জিন্মাৰ বিষয়টো নিস্পতি কৰিবলৈ এই অদালতক এমাহৰ সময় দিছিল….আৰু আজি উক্ত সময়ৰ অন্ত পৰিব…,গতিকে সাময়িক জিন্মাৰ বিষয়টোৰ ক্ষেত্ৰত আজি হুকুম দিয়াৰ প্ৰাৰ্থনা জনালোঁ….।তাৰোপৰি এটি সন্তানৰক বুকুৰ মাজৰ পৰা আঁতৰাই ৰখাৰ বেদনা এগৰাকী মাতৃ,মোৰ গোচৰীয়ানীৰ বাবে অসহনীয় হৈ পৰিছে………..।

হাকিম: এই গোচৰৰ চুড়ান্ত হুকুম দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব..,কিন্তু সন্তানটিৰ সাময়িক জিন্মাৰ ক্ষেত্ৰত আজিয়েই হুকুম দিয়া হ’ব…। আজি বিয়লি ৪বজাত দুয়োপক্ষ আদালতত উপস্থিত থাকিব লাগিব । আদালতে হুকুম দিয়াৰ সময়ত আচামীপক্ষই তেওঁৰ জিন্মাত থকা সন্তানটি আদালতত হাজিৰ কৰাব লাগিব…।

বৰুৱা: ইয়ৰ অনাৰ, বৰ্তমান কেচুৱাটিৰ অলপ অসুখহৈ থকাৰ বাবে বিয়লি ৪বজাত হাজিৰ কৰাবলৈ অসুবিধা হ’ব…….

হাকিম: চাওঁক মিষ্টাৰ কাউন্সেল বৰুৱা, আপোনাৰ আচামী পক্ষই এই অদালতে পূৰ্বতে দিয়া সন্তানৰ সাময়িক জিন্মাৰ হুকুমৰ বিৰুদ্ধে উচ্চ ন্যায়লয়ত গোচৰ তৰিছিল,উক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে উচ্চ ন্যায়লয়ে গোচৰটো এমাহৰ ভিতৰত এই আদালতত নিস্পতি কৰিবলৈ নিৰ্দেশ দিছে…..,যদি আচামীয়ে আজি বিয়লি ৪বজাত সন্তানটি আদালতত হাজিৰ নকৰাই তেন্তে মই আচামীৰ জামিন পৰ্যন্ত নাকচ কৰিবলৈ বাধ্য হ’ম আৰু কন্যা সন্তানটি উদ্ধাৰ কৰিবলৈ চাৰ্চ ওৱাৰেণ্ট দিবলৈ বাধ্য হ’ম….।

বৰুৱা: অবলাইজড্‌ ইয়ৰ অনাৰ…..! Light cut.

                                                   বিংশতিতম দৃশ্য()

(মঞ্চ পৰিকল্পনা: আদালতৰ দৃশ্য। কাঠগড়াত প্ৰশান্ত থিয় হৈ থাকে, শেৱালীৰ কোলাত কেচুৱা আৰু আদালত চলি থকা অৱস্থা)

দত্ত: ইয়ৰ অনাৰ , গোচৰীয়ানীয়ে ইতিমধ্যে আদালতৰ পৰা ন্যায় পাইছে…। আদালতৰ হুকুম মতে সাময়িক ভাবে সন্তানটিক গোচৰীয়ানীক গতাই দিয়া হৈছে । এনে পৰিপেক্ষিতত আচামীৰ জেল বা শাস্তি হোৱাটো গোচৰীয়ানীয়ে বিচৰা নাই…..।

নেপথ্যত : (গুণ গুণনি হুলস্থুল…..)

হাকিম: অৰ্ডাৰ অৰ্ডাৰ……..

দত্ত: ইয়ৰ অনাৰ…, গোচৰীয়ানীয়ে এই অপৰাধ মিলামিছা অৰ্থাৎ কম্পাউণ্ড কড়িব বিচাৰিছে….,আদালতে প্ৰয়োজন অনুভৱ কৰিলে গোচৰীয়ানীক এই বিষয়ত সোধা-পোছা কৰিব পাৰে….

সকলোৱে: (আচৰিত হ’ব…।)

হাকিম: ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪৪ ধাৰাত অপৰাধ মিলা-মিছাযোগ্য অপৰাধ অৰ্থাৎ ভুক্তভোগীয়ে এই অপৰাধ কম্পাউণ্ড কৰিব পাৰে । শেৱালী হাজৰিকা ,আপুনি নিজ ইচ্ছাতে এনে সিদ্ধান্ত লৈছেনে ? আপুনি কি কাৰণত এনে সিদ্ধান্ত লৈছে আদালতক বুজাই কওকচোন ?

শেৱালী: (ঠিয় হৈ উঠি,এবাৰ প্ৰশান্তৰ ফালে এবাৰ বিচাৰকৰ ফালে ,এবাৰ উপস্থিত সকলৰ ফালে চাই ৰ’ব)..চাৰ, এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ আকাংক্ষীত বস্তু কেইপদ হৈছে…..যৌৱন…….বিয়া….সন্তান…,মোৰ সাংসাৰিক জীৱনৰ সাতটা দিনৰ পিছতেই হেৰুৱাইছিলো মই মোৰ জীৱনৰ ৰং…..,আচামীৰ সৈতে যেতিয়া মই জোনাক বিচাৰি পাইছিলো,আকাশ বিচাৰি পাইছিলো আৰু মোৰ প্ৰচ্ছায়াক এই পৃথিৱীত এৰি থৈ শান্তিৰ যাত্ৰাৰ সপোন ৰচিছিলো…..! তেতিয়া মই তেও৬লোকৰ দানৱীয় ৰূপ দেখা নাছিলো…..! এতিয়া মই মোৰ তৰালীজনীক ঘুৰাই পাইছো…..,চাৰ, মই নিবিচাৰো যে মোৰ দৰে মোৰ সন্তান তৰালীয়েওঁ হেৰুৱাওক তাইৰ জীৱনৰ ৰং……,মই মোৰ তৰালীৰ বাবে এক অভিশপ্ত ইতিহাস এৰি থৈ যাবলৈ নিবিচাৰো…..। আইন আদালতে,সমাজে স্বীকৃতি নিদিলেও তৰালীৰ জন্ম দাতাক কাৰাগাৰৰ চাৰিবেৰৰ ভিতৰলৈ পঠিয়াই মই পুণৰ অন্য এক অভিশপ্ত ইতিহাস ৰচিব বিচৰা নাই……। চাৰ, মই নিজ ইচ্চাতে এই সিদ্ধান্ত লৈছো…..। আচামীপক্ষই যদি মোৰ তৰালীক মোক স্থায়ী ভাবে দিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰে তেন্তে মই আপোচসূত্ৰে এই গোচৰ শেষ কৰিব বিচাৰো……..। বৰুৱা: ইয়ৰ অনাৰ, যিহেতু গোচৰীয়ানীয়ে বিচাৰখন কম্পাউণ্ড কৰিব বিচাৰিছে আৰু মোৰ মক্কেলৰ পক্ষৰ পৰা মিলামিছাৰে এই বিচাৰৰ আপোচতে সমাধান বিচাৰি মাননিয় আদালতৰ ৰায়ৰ বাবে অপেক্ষা কৰা হ’ল।

হাকিম: ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪৪ ধাৰা এটা কম্পাউণ্ডেৱল অফেন্স অৰ্থাৎ মিলা-মিছাযোগ্য অপৰাধ…গতিকে গোচৰীয়ানীৰ এই গোচৰ কম্পাউণ্ড কৰিব পৰা যাব….সেয়ে এই গোচৰ দিচমিচ কৰা হ’ল..।এতিয়া গোচৰীয়ানী শেৱালী হাজৰিকাক সাময়িক ভাবে দিয়া কন্যা সন্তানটিৰ জিন্মা স্থায়ীকৰণ কৰা হ’ল ।

(দৰ্শকৰ মাজৰপৰা ম’নালিচাৰ মাত) বিচাৰপতি……… বিচাৰপতি……..( দৰ্শকৰ মাজৰ পৰা ম’না ৰ মঞ্চলৈ প্ৰৱেশ,প্ৰশান্ত কাঠ গৰাত পৰা নামি ম’নাৰ ওচৰলৈ আগবাঢ়ি যাব , )

প্ৰশান্ত: ম’না ম’না----(ম’নাক সাবতি ধৰিব আৰু উচুপি উঠিব Direction--) কিয় এনেকুৱাখন কৰিছা তুমি---

(Dirction: লাহে লাহে ম’না হাকিমৰ সন্মুখলৈ গৈ হাতযোৰ কৰিব)

ম’না: বিচাৰপতি……মোক এবাৰলৈ কণমানিজনীক একোলা লোৱাৰ অনুমতি দিবনে……(আকুলতাৰে আহ্বান আৰু উচুপি উঠে)

দত্ত: নিশ্চয়…….(হাকিমৰ প্ৰস্থান)

(Direction:  মনালিচা লাহে লাহে শেৱালীৰ কাষলৈ যাব…দত্ত শেৱালীৰ ওচৰলৈ গৈ কেচুৱাটিৰ বাবে হাত আগবঢ়াব আৰু শেৱালীয়ে কঁপাকঁপা হাতৰে সন্তানটি দত্তলৈ আগবঢ়াই দিব।দত্তই কেচুৱাটি ম’নাৰ হাতত তুলি দিয়ে। দত্তই বৰুৱাৰ লগত কৰমৰ্দন কৰিব আৰু দুয়োৰে প্ৰস্থান। কেচুৱাটি ম’নাই লৈ চুমাৰে ওপচাই দি উচুপি উঠে ,প্ৰশান্তই ম’নাৰ কোলাৰ পৰা কেচুৱাটি লৈ শেৱালীৰ হাতত তুলি দিয়ে, আৰু ম’নাৰ গাত ধৰি মঞ্চৰ সন্মুখলৈ দুয়ো আগুৱাই আহে,……শেৱালীয়ে কেচুৱাটিক চুমা দিব লাহে লাহে পোহৰ কমি আহিব Light cut.)

Direction : মঞ্চৰ সন্মুখত প্ৰশান্ত বহি পৰে আৰু প্ৰশান্ত কোলাত মুৰ থৈ ম’না উচুপি থাকে………..)

প্ৰশান্ত: আমাৰ সপোনবোৰ ভাঙি গ’ল অ’,--ঈশ্বৰৰ হয়তো এইয়াই ইচ্ছা আছিল-----বিধতাই আমাক নি:সন্তান হিচাপে ৰাখি কোনোবা জনমত কৰা দোষৰ শাস্তি দিছে----(দুখ) ম’না, তোমাৰ মনত আছেনে গুৰুজীয়ে কি কৈছিল………,হয়তো ভগবানে তোমাক যান্ত্ৰনা দিব বিচৰা নাই, হয়তো তুমি কষ্ট পাবা ,আৰু কষ্ট পাবা বুলিয়েই চাগে ভগবানে তোমাক সন্তান জন্ম দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে ……..কিন্তু কিয় মানি ল’ব পৰা নাছিলো আমাৰ ৰিক্ত হৃদয়ৰ এই শূণ্যতাক……… কিয়  ম’না কিয় …..,সকলোবোৰ জানিও কিয় আমি বুকুৰ উমৰে কিয় জীপাল কৰিবলৈ পাগলহৈ  পৰিছিলো আমাৰ ৰিক্ত হৃদয়ৰ সিক্ত সপোন ? কিয় ?  কিয় ? কিয় ?  এই নিস্পাপ সপোন…………কোনোবাই তোমাক মা’ বুলিব মোক দেউতা বুলিব…….এনেকৈ লাহে লাহে প্ৰাণ পাই উঠিছিল এটা সপোন , আৰু আমি নজনাকৈয়েই লাহে লাহে সেই সপোন ডাঙৰ হ’বলৈ ধৰিছিল , বহুত আশাৰে বাটচাই আছিলো তাৰ ঠুনুক ঠানাক মাতটো শুনিবলৈ………কিন্তু আমাৰ সপোনে পাখি মেলি উৰিবলৈ ধৰাৰ আগতেই নিয়তিয়ে তাৰ পাখি দুখন চিঙি পেলালে…….. আমাৰ সপোনবোৰ ভাঙি গ’ল অ’ ম’না ………(Direction: বিষ্ণু ৰাভাৰ “কিবা যেন নাই আজি নাই” গীতটি বাজি উঠিব আৰু পোহৰ কমিব, আন এটা Zoneত শেৱালীয়ে কোলাত কচুৱাটি লৈ  উচুপি উচুপি সন্তানটিক চুমা দিয়ে আৰু এক দৃষ্টিৰে দৰ্শকলৈ চাই ৰ’ব আৰু off voice ত শেৱালীৰ কণ্ঠত(বাণীবদ্ধ) শুনা যাব….)

OFF VOICE:(শেৱালীৰ কণ্ঠ বাণীবদ্ধ ৰূপত) পাবনে বাৰু মোৰ তৰালীজনীয়ে এখন মুকলি আকাশ,এজাক নিৰ্মল বতাহ ! পাবনে বাৰু মোৰ তৰালীজনীয়ে কেতিয়াবা তাইৰ পিতৃ পৰিচয় , দিবনে বাৰু সমাজে মোৰ ছোৱালীজনীক স্বীকৃতি, পাবনে তাই পিতৃত্বৰ চিনাকি, পাবনে…….? পাবনে…….? পাবনে বাৰু….?

শেৱালী: (উচুপি উঠিব) Direction : আৰু পুণৰ বিষ্ণু ৰাভা দেৱৰ “কিবা যেন নাই আজি নাই” গীতটি বাজি  উঠিব, লগে লগে  মঞ্চৰ সন্মুখৰ Zoneত থকা প্ৰশান্ত-ম’নাৰ মুখত পোহৰ পৰিব আনটো Zoneত থকা শেৱালীৰ মুখতো পোহৰ পৰি থাকিব। লাহে লাহে গীতৰ শব্দ কমিব আৰু পোহৰ কমিব Light cut.

 

                                                         …… যবনিকা …..

 ( RIKTA HRIDYAIR SIKTA SOPUN)

প্ৰথম মঞ্চস্থ: বাণ থিয়েটাৰ,তেজপুৰ (অসম),তাৰিখ: ১ডিচেম্বৰ,২০১৯ সন্ধিয়া: বজাত, নাটকৰ দৈঘ্য: ১ঘণ্টা ৩৫ মিনিট

অভিনয়ত:

পুৰুষ চৰিত্ৰ: বিজিত কলিতা (গুৰুজী), অচ্যুত শৰ্মা( উকিল দত্ত), প্ৰশান্ত কুমাৰ বৰা (উকিল বৰুৱা),পলাশ নাথ (প্ৰশান্ত), অবনি কুমাৰ বৰা (ৰূপশ্বৰ), ফিৰোজ আখটাৰ আনচাৰি(বিচাৰক), শশাংক বৰা(তুলুমন), জোন কোঁচ(তীখৰ), বিপ্লৱ শৰ্মা  (ভোবন),প্ৰাঞ্জল বৰঠাকুৰ(মোহন), ৰুবু কলিতা(কলিয়া),অশ্বিনি বৰা(সাংবাদিক),পবিত্ৰ বৰা(ৰমেন),জয়ন্ত ডেকা(পিয়ন),জিন্তূ বৰঠাকুৰ(পেচকাৰ)

নাৰী চৰিত্ৰ: পংক্তি নেওগ(নলিছা), তৰালী ডেকা(শেৱালী),সংগীতা মহন্ত(শইকীয়ানী,আন্দোলনকাৰী সদস্যা),ৰিবী দাস(দত্তনী, সদস্যা),ক্ষীৰমাই দত্ত বৰা(সম্পাদিকা মহিলা সমিতি),কল্পনা কলিতা(সদস্যা) আৰু কেইবাগৰাকীও -পুৰণি শিল্পী

(আখৰা গৃহত) স্মাৰক: জয়ন্ত শৰ্মা ৰূপসজ্জা: দিব্যাজ্যোতি নাথ, লাইট ডিজাইন: নিতু কলিতা, আৱহ সংগীত: চিত্ৰামণি বড়ো, ব্যৱস্থাপনা: পংকজ বৰুৱা(সভাপতি,সুন্দৰম), দেৱব্ৰত শৰ্মা(সম্পাদক,সুন্দৰম)

দৃশ্য সজ্জা আৰু প্ৰযোজনা: সুন্দৰম,তেজপুৰ পোহৰ আৰু শব্দ: বাণ থিয়েটাৰ,তেজপুৰ

নাট্যৰচনা / পৰিচালনা / সামগ্ৰিক পৰিকল্পনা: দিগন্ত কুমাৰ ভূঞা

Script  Writer & Director: Diganta Kumar Bhuyan

 

 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়