“ প্লাষ্টিক বৰ্জন আৰু
স্বচ্ছতাৰে মানৱ আৰু
সমাজক কৰক সেৱা”
(সজাগতা সভাৰ বক্তাৰ বাবে প্ৰস্তুত কৰা Script)
ৰচনা: দিগন্ত কুমাৰ ভূঞা,
তেজপুৰ(ছেপ্তেম্বৰ,২০১৯)
পুৰুষ
বক্তা:
নমস্কাৰ,
শ্ৰদ্ধাৰ ৰাইজ,
আমি আজি
এনে এক
বাতাৱৰণত সোমাই
পৰিছো যে
,পৃথিৱীৰ জীৱজগতৰ
বিলুপ্তিৰ যাত্ৰা আৰাম্ভ হৈছে।
আমি বাসকৰা
অনেক সমস্যাৰে
ভাৰাক্ৰান্ত এই জগতখনত বৰ্তমান অৰ্থাৎ আজিৰ
সময়ত আটাইতকৈ
ভয়ংকৰ আৰু
বিপদজনক সমস্যা
হ’ল
পৰিৱেশ প্ৰদূষণ। কিন্তু
আচৰিত কথা
ইয়াৰ সৃষ্টি
আমিয়েই কৰিছো। বিভিন্ন
কাৰণত হোৱা
পৰিৱেশ প্ৰদূষণৰ
ভিতৰত আন
এক বিশেষ
কাৰণ হ’ল প্লাষ্টিকজাত
আবৰ্জনা।
পৃথিৱীত সৃষ্টি
হোৱা সকলো
প্ৰকাৰৰ আৱৰ্জনাৰ
দহ শতাংশ
হ’ল
প্লাষ্টিক আৱৰ্জনা, যাৰ ফলত প্ৰতি
বছৰে প্ৰায়
এশ মিলিয়ন
সাগৰীয় জীবৰ
মৃত্যু হয়
।এই প্লাষ্টিক জাতীয় পেলনীয়া
সামগ্ৰীবোৰৰ বাবে মাটিৰ গুণাগুণ হ্ৰাস
পোৱা, ভূ-জলপৃষ্ঠ নিম্নগামী
হোৱা, চহৰে-নগৰে,গাঁৱে-ভূঞে হোৱা
কৃত্ৰিম বানপানী
এতিয়া নতুন
কথা হৈ
থকা নাই
। এনে বিপদঘণ্টাৰ পিছতো আমাৰ
মানুহবোৰৰ অসচেতনতাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ
প্ৰতিদিনে বাঢ়ি অহাৰ বিপৰিতে যোৱা
বছৰ অৰ্থাৎ
২০১৮ চনৰ
পৰা বিশ্ব
পৰিৱেশ দিৱস
কাৰ্যসূচীৰ মুখ্য আয়োজক দেশ আমাৰ
ভাৰতবৰ্ষই প্লাষ্টিকজাত সামগ্ৰীৰ বিৰুদ্ধে মুকলি
সংগ্ৰাম আৰাম্ভ
কৰিছে , “ প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক”(Beat
plastic pollution) বাণীৰে।
এই বিশ্ব
পৰিৱেশ দিৱস প্ৰতিবছৰে ৫জুন তাৰিখে সমস্ত বিশ্বতেই পালন কৰা হয়। আৰু এই দিৱসটি পালন
কৰাৰ মূল উদেশ্য তথা লক্ষ্য হৈছে পৃথিৱীৰ সকলো অঞ্চলৰ মানুহক পৰিৱেশৰ প্ৰ্তি সজাগ কৰি
তোলা ,যাতে পৃথিৱীৰ সকলো অঞ্চলৰ লোকেই পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীৰ ভাৰসাম্য সুষ্ঠিৰ
কৰি ৰাখে। তাৰোপৰি এই দিৱস সৰ্বপ্ৰথম পালন কৰা হৈছিল ১৯৭৪ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ
পাছত সমস্ত বিশ্বত এই পৰিৱেশ দিৱস পালন কৰা হয়। ৰাইজ, প্লাষ্টিকৰ বৰ্দ্ধিত ব্যৱহাৰ
বন্ধ কৰি জৈৱিক সামগ্ৰী ব্যৱহাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ অংশগ্ৰহণ নিশ্চিত
কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰি সকলোৰে বাবে এখন সেউজীয়া সুন্দৰ,
চিৰকাংক্ষিত পৃথিৱী গঢ় দিয়াৰ লক্ষ্যৰে পৰিৱেশ দিৱসৰ সৃষ্টি হৈছে ।গতিকে ৰাইজ প্লাষ্টিকজাত
সামগ্ৰী নহয় এতিয়াৰ পৰা আমি জৈৱিকভাৱে তৈয়াৰ কৰা সামগ্ৰী ব্যৱহাৰ কৰো আহক। বজাৰ সমাৰ
কৰিবলৈ কাপোৰৰ বেগ বা মোনা ব্যৱহাৰ কৰো আহক।
নাৰী
বক্তা:
নমস্কাৰ।
শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানেনে ,যে আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা প্লাষ্টিক জাতিয়
সামগ্ৰীবোৰে আমাৰ চাৰিওফালৰ বাতাবৰণ বা পৰিৱেশ কিমান ভয়ানকভাবে বিনষ্ট কৰি আহিছে ?আৰু
ইয়াৰ ফলত আমাৰ মানৱজাতিৰ বাদেও আমাৰ বনাঞ্চল,জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও কিমান ভয়ানক
ভাবুকি নামি আহিছে ? এই ভয়ানক ভাবুকিক প্ৰতিহত কৰিবলৈ হ’লে আমি আমাৰ চৌপাশৰ
পৰিৱেশ
প্ৰদূষণমুক্ত ৰূপে গঢ়ি তুলিবলৈ বা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি প্লাষ্টিকজাতিয়
সামগ্ৰীৰ সলনি যি কোনো পচনশীল সামগ্ৰী ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।
পুৰুষ
বক্তা:
শ্ৰদ্ধাৰ
ৰাইজ, আমি সাধাৰণতে ব্যৱহাৰ কৰা প্লাষ্টিকবোৰৰ ভিতৰত কিছুমান প্লাষ্টিক ৰিচাইক’ল কৰিবলৈ
সহজ, সেইকাৰণে এনেধৰণৰ পলিথিন বোৰ আন কিছুমান প্লাষ্টিকতকৈ সস্তা। চ’ডাৰ বটল,বিভিন্ন
কল্ডড্ৰিংকছৰ বটল,পানীৰ বটল, আলু-ভুজীয়াৰ মোনা বা চিপছ জাতিয় পেকেট বা তেনেধৰণৰ আন
আন বস্তু ভৰোৱা প্লাষ্টিকৰ পেকেট আদি তৈয়াৰ কৰোতে সেইধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয়।
আৰু সেইবোৰ প্লাষ্টিকক Pet or Pete বুলি কোৱা হয়। এই ধৰণৰ প্লাষ্টিকবোৰ
ভাঙি গুৰি হৈ যাবলৈ উত্তম অৱস্থাত ৫ ৰ পৰা ১০ বছৰ সময় লাগে। ৰাইজ, HDPE নামৰ আন এবিধ
প্লাষ্টিক আছে,এইবিধ
প্লাষ্টিক
আটাইতকৈ বেছি ৰিচাইক’ল কৰা হয়। ডিটাৰজেণ্টৰ
বটল, গাখীৰৰ ডাঙৰ কাৰ্টুন, চেম্পু বটল,গাড়ী-মটৰৰ তেল-মবিল ভৰোৱা পাত্ৰ ইত্যাদিৰ
নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা হয়। এইধৰণৰ পলিথিন সামগ্ৰীৰ ডাঠ-পাতলৰ ওপৰত নিৰ্ভৰ কৰি ১০০
বছৰৰ ভিতৰত নষ্ট হৈ গুৰি হৈ যায়। তাৰোপৰি PVC নামৰ আন এবিধ প্লাষ্টিকৰে পানীৰ পাইপৰ
পৰা আৰম্ভ কৰি পুতলাজাতিয় সামগ্ৰী নিৰ্মান কৰা হয়। এই পিভিচি প্লাষ্টিক কিমান দিনত
নষ্ট হয় তাক সঠিককৈ ক’ব নোৱাৰি। কিন্তু ইয়াৰ পৰা বহুতো বিষাক্ত পদাৰ্থ নিৰ্গত হৈ থাকে।
বহুতো হেলথ অৰ্গেনইজেচনৰ মতে ইয়াতকৈ বিষাক্ত প্লাষ্টিক আন একোৱেই নাই। ইয়াক নিৰ্মান
কৰাৰ সময়ত dioxin নামৰ এবিধ বিষাক্ত গেছ নিৰ্গত হয়, সেইকাৰণে Greenpeace society য়ে ইয়াৰ নিৰ্মান বন্ধ কৰিবলৈ
বিশ্বৰ কিছুমান গোটৰো সৃষ্টি কৰিছে আৰু পানীৰ পাইপ pvcৰ সলনি লোহাৰে নিৰ্মান কৰা সামগ্ৰীবোৰ
ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে । ৰাইজ, আমি সাধাৰণতে দোকান-বজাৰত ব্যৱহাৰ কৰা কেৰিবেগ
বোৰ LDPE নামৰ প্লাষ্টিকৰে তৈয়াৰ কৰা হয় । সূৰ্য্যৰ আল্ট্ৰাভায়’লেট ৰশ্মিৰ সংস্পৰ্শত
এই ধৰণৰ প্লাষ্টিক নষ্ট হ’বলৈ ৫০০ বছৰ লাগে আৰু সংৰক্ষিত অৱস্থাত ১০০০ বছৰ লাগে। এই
ধৰণৰ প্লাষ্টিক মাটিৰ তলত পুতি ৰাখিলে ইয়াৰ নষ্টকাল অসীমিত। আন এবিধ প্লাষ্টিক আছে
PP , অতী পাতল এইবিধ প্লাষ্টিক বস্তু ভৰোৱা মোনা, ৰচী, কাপোৰ, বস্তা, ইত্যাদিবোৰ বনাবলৈ
ব্যৱহাৰ কৰা হয়।এইবিধৰ সূৰ্য্যৰ ৰশ্মিৰ বিক্ৰিয়াৰ বিপৰীতে ৰোধক ক্ষমতা অতি বেছি।সেইকাৰণে
ই হাজাৰ বছৰলৈকে ধ্বংস নহয়। ৰাইজ, PS নামৰ আন এবিধ প্লাষ্টিক আছে ,সেই বিধৰে সাধাৰণতে
ফলমূল,কাপ, বাচন-বৰ্তন,ইলেকট্ৰিকেল সামগ্ৰী, কাচৰ সামগ্ৰী আৰু নানা ধৰণৰ কিছুমান চনকা
বস্তু ভৰোৱা বাকচত নাভঙিবলৈ ব্যৱহাৰ কৰা ফ’ম (Fome)নিৰ্মানত ব্যৱহাৰ কৰা হয়। এনে প্লাষ্টিক
নষ্ট হ’বলৈ ৫০ বছৰ সময় লাগে। ৰাইজ এতিয়া আপোনালোকেই ভাৱকচোন ইমান বিষাক্ত আৰু ভয়ানক
এইবোৰ প্লাষ্টিকৰ পৰা দৈনিক আমাৰ পৰিৱেশ কিমান পদূৰ্ষণ হৈ আছে। আমি প্লাষ্টিকৰ বিকল্পৰ
কথা এতিয়াই নাভাবিলে অনাগত সময়ত ই ভয়াবহ ভাবে প্ৰকৃতি,জীবজগত আৰু সমগ্ৰ মানৱজাতিলৈ
অশনি সংকেত কঢ়িয়াই নানিবনে ।
নাৰী
বক্তা:
ৰাইজ,
আমাৰ হাতত এই ভয়াবহ প্লাষ্টিকৰ বিকল্প ব্যৱস্থা আছে যদিও আমি অতি সহজতে আৰু কমমূল্যত
উপলব্দ্ধ বাবেই প্লাষ্টিক ব্যৱহাৰ কৰি আহিছো,এই এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা প্লাষ্টিকৰ
বেগ বা আন সামগ্ৰীৰ ব্যৱহাৰে আমাৰ চৌপাশৰ পৰিৱেশ- বায়ু,পানী,মাটিৰ ক্ষতি কৰিছে। এইবোৰ
য’তে ত;তে পেলোৱাৰ ফলত নানান সমস্যাৰ সৃষ্টি হৈছে, জনস্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ
পৰিছে, প্লাষ্টিকৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য খাদ্যৰ লগত মিহলি হৈ ভয়াবহ ৰোগ
হোৱাৰ সম্ভবনা সৃষ্টি কৰিছে। প্লাষ্টিকৰ বেগ আদিৰ আৱৰ্জনাই ভূমিস্থল প্ৰদূষিত কৰি তুলিছে। দিনে দিনে প্লাষ্টিক আৱৰ্জনা সাগৰ,নদী, বিল,পুখুৰী
আদিত পৰি পানীৰ লগত মিহলি হৈ পৰাত জলস্থলত থকা জীৱই ইয়াৰ কুপ্ৰভাৱত ভুগিব লগা হৈছে।
প্লাষ্টিক নলা-নৰ্দমাত পেলোৱাৰ ফলত কৃত্ৰিম বান পানীৰ সৃষ্টি হৈ আমাক জীয়াতু ভোগাইছে।
প্লাষ্টিক জ্বলাই দিলে বিষাক্ত গেছ নিৰ্গত হৈ আমাৰ বায়ুমণ্ডল প্ৰদূষিত কৰে। গতিকে ৰাইজ,
কোনেও যেন প্লাষ্টিক জ্বলাই নিদিয়ে তাৰ বাবে আপোনালোক সজাগ হওক। তাৰোপৰি ৰাইজ এই প্লাষ্টিকৰ আৱৰ্জনা মাটিৰ তলত পুটি
নথব, পুতি থলে ভূমিস্থলত পানী পৰিবাহিত হোৱাত বাধাৰ সৃষ্টি হয়।ৰাইজ, প্লাষ্টিকজাত সামগ্ৰীৰ
ব্যৱহাৰে মানুহৰ জীৱন তথা সমস্ত জীবজগতলৈ বিপদ নমাই আনিব পাৰে । প্লাষ্টিকৰ কাপ বা
গিলাছত গৰম চাহ-কফি অথবা গৰমপানী খালে মাৰাত্মক ৰোগ হোৱাৰ সম্ভৱনা থাকে । গতিকে প্লাষ্টিকৰ
সামগ্ৰী আপোনালোকে বৰ্জন কৰক , বজাৰ সমাৰ কৰিবলৈ , মাল বস্তু ভৰাবলৈ কাপোৰৰ বা জৈৱিক
ভাৱে তৈয়াৰি মোনা, বস্তা আদি ব্যৱহাৰ কৰক।
পুৰুষ
বক্তা:
ৰাইজ
, এই ভয়াবহ প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি “ 4R ” নীতি পালন কৰিব লাগিব ,
মানে চাৰিটা ইংৰাজীৰ R অৰ্থাৎ Refuse ,Reduce, Reuseআৰু Recycle.
ৰাইজ,
প্ৰথমে আপোনালোকে প্লাষ্টিক ব্যৱহাৰ কৰাতো একেবাৰে ত্যাগ(Refuse) কৰক। দ্বিতীয়তে, বাধ্যতামূলক
কাৰণৰ ক্ষেত্ৰৰ ত্যাগ কৰিব নোৱাৰিলে ব্যৱহাৰ কমাই(Reduce) দিয়ক। তৃতীয়তে, পুন:ব্যৱহাৰ
(Reuse) হোৱা প্লাষ্টিক সামগ্ৰীবোৰ ইয়াৰ জীৱন কাল সম্পূৰ্ণ হোৱালৈকে ব্যৱহাৰ কৰক।আৰু
শেষত, ব্যৱহাৰৰ পিছত ইয়াৰ উপাদানৰ দ্বাৰা(Recycle)পুন:নিৰ্মিত সামগ্ৰীৰ কাৰণে ব্যৱস্থা
লওক।
ৰাইজ,
এই প্লাষ্টিক ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ পৰা মুক্ত হ’বলৈ আমি প্লাষ্টিকজাত
সামগ্ৰী ত্যাগৰ দৃঢ় প্ৰতিজ্ঞা ল’ব লাগিব,তেতিয়া দেখিব যে প্লাষ্টিকৰ বিকল্প ব্যৱস্থা
আমাৰ হাতত নিজেই ধৰা দিবহি। আহক ৰাইজ ,শেষত আমি সমগ্ৰ বিশ্বৰ লগতে একেলগে এক শ্লোগান
দিওঁ----“Beat Plastic Waste” !
A Script by-----Diganta kumar bhuyan
*****সমাপ্ত*****
Comments
Post a Comment
If you have any doubts, please let me know.