“স্বচ্ছ ভাৰত অভিযান”(SCRIPT)
Date: 2ndoctober,2018
SCRIPT BY: DIGANTA KUMAR
BHUYAN
TEZPUR,
MOBILE: 8638684578.
E-MAIL-digbhuyan123@gmail.com
Sequence-1
পুৱাৰ পৰিবেশ, এখনি কৃষিভুমিত
কৃষক ভোলানাথে(৪০-৫০বয়সীয়া) কৃষি কৰ্মত ব্যস্ত থকা দেখা যাব।
Sequence-2
ভোলানাথৰ অতি সাধাৰণ গৃহৰ নঙলামুখৰ
পৰা, বাৰান্দা-চোতালৰ সৈতে ঘৰৰ আগফালটো দেখা যাব।ভোলানাথৰ সৰুপুত্ৰ বুলবুলে (১০-১২
বছৰীয়া) হাতত জলপানৰ এতি টোপোলা, পানী ভৰ্ত্তি এটি বাচন আৰু কান্ধত এখনি ওলোমা মোনালৈ
গৃহৰ সন্মূখৰ দুৱাৰেদি ওলাই চোতাল,নঙলামুখ পাৰহৈ মুকলি পথৰে কোবাকুবি খোজেৰেগৈ কৃষিভুমিত
থকা ভোলানাথৰ ওচৰ পাইগৈ।
Dialogue:
বুলবুল: পিতাই….অ’ পিতাই…তুমি
কাম সামৰা…..মায়ে জলপান দি পথাইছে….আহা খোৱাহি……
ভোলা: অ’…বুলবুল, জলপান আনিলিয়েই
নেকি…..ৰ’ তেন্তে (কাম সামৰাত ব্যস্ত)ভোকত মোৰ পেতৰ কেঁচু-কুমতি দৌৰিছে…..দে দে….তোপোলাতো খোল……(বুলবুলে
তোপোলা খোলে কাষতে ভোলানাথ বহে)তই পিছে খালি নে নাই…….?
বুলবুল: মই খাই আহিছো পিতাই….তুমি
খোৱা……অ.’ ৰ’বা পিতাই……
ভোলা: কি হ’ল আকৌ…….
বুল: হাত খন ধুই লোৱা..,মই পানী
লৈ আনিছো….
ভোলা:..এহ…,(গাত হাতদুখন মোহোৰি)
এনেকৈয়ে হ’ব দে…., কিয় হাত ধুব লাগে….বৰ ভোক লাগিছে……
বুল:…নহয় পিতাই ,এনেকৈ নহব….
ভোলা:(বুলবুলৰ মুখলৈ চাই ৰ’ব)
বুলবুল: চাবোনৰে ভালকৈ হাত নোধোৱাকৈ
খাদ্য গ্ৰহণ কৰিব নালাগে বুলি আমাৰ বিদ্যালয়ৰ চাৰে আমাক বুজাইছে……,চাৰে কৈছে আমাৰ হাতত
নানান বিজানু লাগি থাকে,সেই হাতত লাগি থকা বিজানু খাদ্যৰ লগত মিহলিহৈ আমাৰ পেতলৈ গ’লে
নানা ধৰণৰ ৰোগ-ব্যাধি হ’ব পাৰে, সেয়ে যি কোনো খাদ্য গ্ৰহণ কৰাৰ আগতে পৰিস্কাৰ পানী
আৰু চাবোন ঘঁহি হাত দুখন ধুই-পখালি পৰিস্কাৰ কৰি ল’ব লাগে….,মই চাবোন আৰু পানী লৈ আনিছো,
তুমি আগতে চাবোন আৰু পানীৰে হাত দুখন ভালকৈ ধুই লোৱা……….
ভোলা: অ’ হয় নেকি…..,তহঁতৰ চাৰে
কৈছে যেতিয়া… ই বৰ সজ কথা…আমি হ’লো অশিক্ষিত
মানুহ এইবোৰ জ্ঞান একেবাৰে নাই নহয়……দে দে চাবোনটো দে…মই হাত দুখন ধুই পখালি পৰিস্কাৰ
কৰি লওঁ…….(বুলবুলে বেগৰ পৰা চাবোন উলিয়াই দিয়ে আৰু ভোলানাথে চাবোন ঘঁহি ভালকৈ দুইখন
হাত ধোৱে)……হেৰি নহয়…তহঁতৰ চাৰে আৰু কি কি কথা কই……,মোক ক’চোন… অজ্ঞ মানুহ আমি…দুই
চাৰি শিক্ষাজ্ঞানৰ কথা তোৰ পৰাই শুনো…..ক’ চোন ক…তহঁতৰ চাৰে আৰু কি কি কই……
বুলবুল: আমাৰ বিদ্যালয়ৰ চাৰে
কৈছে, য’তে ত’তে থু-খেকাৰ, তামোল-পানৰ পিক পেলাব নালাগে…পান-তামোলৰ পিক,থু-খেকাৰৰ পৰা
বিভিন্ন বেমাৰৰ, ৰোগৰ বিজানু মানুহৰ দেহলৈ সহজতে প্ৰৱেশ কৰি মানুহক ৰুগীয়া কৰে……
ভোলানাথ: অ’ হয়তোন…, আমি সেইবোৰ
কথাৰ ভুৱেই নাপাওঁ দেখোন…..,পান-তামোল চোবাই য’তে ত’তে পিকাই ফুৰো, য’তে ত’তে থু-খেকাৰ
পেলাওঁ আৰু এজন পৰা আন বহুজনৰ শৰীৰলৈ ৰোগৰ বিজানু বিয়পাওঁ………বুল…,এতিয়াৰ পৰা তহঁতৰ
চাৰে দিয়া সঁজ উপদেশ বোৰ আখৰে আখৰে পালন কৰিব লাগিব আৰু ৰাইজৰ মাজতো কথাবোৰ বুজাই ক’ব
লাগিব…….(জলপান খাই শেষ হোৱাত বাচন বৰ্তন সামৰি সামৰি)…..বুলবুল তোৰ পঢ়াশালীলৈ আজি
দেৰি নহ’ব জানো…? বল বল ঘৰলৈ যাওঁ বল, ঘৰৰ বাৰীখনো এতিয়াগৈ চাফ-চিকুন কৰি পৰিবেশতো
সুন্দৰ কৰি ৰাখিব লাগিব…ব্’ল….
বুলবুল: আজি আমাৰ বিদ্যালয়ত পঢ়া
নহয়…..
ভোলা: পঢ়া নহয় কিয়..?
বুলবুল: কৈছো ৰ’বা, আমাক চাৰে
কৈছে, ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশৰ প্ৰধান মন্ত্ৰীয়ে গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছ
ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল,আমাৰ গাওঁখন ,জিলাখন,ৰাজ্যখন
আৰু দেশখনক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মুল উদেশ্য…….
ভোলা: আওঁ….,তই দেখোন বহুত ভাল
ভাল কথা শিকিলি……ক’চোন ক’….
বুলবুল: অ’ পিতাই……,আজি হ’ল ২
অক্টোবৰ মহাত্মা গান্ধীৰ জন্ম দিৱস। গান্ধীজয়ন্তীৰ আজিৰ দিনটো আমাৰ বিদ্যালয়ত উদযাপন
কৰা হ”ব স্বচ্ছতা অভিযানৰে……
ভোলা: কেনেকৈ….,বুজাই দে চোন
মোক……
বুল: শুনা, আমাৰ বিদ্যালয়ৰ সকলো
ছাত্ৰ-ছাত্ৰী আৰু চাৰ-বাইদেউ হঁতৰ লগত একগোত হৈ বিদ্যালয়ত চাফাই অভিযামন আৰাম্ভ কৰিম
আৰু আমাৰ অঞ্চলতোত য’তে-ত’তে জাবৰ-জোথৰ নেপেলাই চাফ-চুকুন কৰি পৰিস্কাৰ বাতাবৰণ কৰি
ৰাখিবলৈ ৰাইজক আহ্বান জনাম………
ভোলা: এৰা সঁজ কথা সঁজ কথা, বৰ
ভাল কথা হ’ব…….পৰিবেশ চাফ-চিকুনহৈ থাকিলে মনটো প্ৰফুল্লহৈ থাকে আৰু মন প্ৰফুল্লহৈ থাকিলে
দেহ সুষ্ঠ থাকে…, হে: হে: হে: আৰু তহঁতৰ চাৰে কোৱাৰ দৰে ৰোগৰ-বিজানু বিয়পাব নোৱাৰে…পৰিস্কাৰ
বাতাবৰন…. আহ….কল্পনা কৰিয়েই মনতো ভাল লাগি গৈছে অ’…..সমাজৰ সকলো মানুহেই সুষ্ঠ-সৱল
হৈ এখন সুষ্ঠিৰ স্বচ্ছতাৰে পৰিপূৰ্ণ ৰাষ্ট্ৰহৈ পৰিব আৰু এনে ৰাষ্ট্ৰত জীৱন-যাপন কৰি
আমি ধন্য হ’ম………( কথোপকথনেৰে দুয়ো আগবাঢ়িব…)।
Sequence-3
(এজন ব্যক্তি খৰ খেদাকৈ শৌচ কৰিবলৈ
বাটৰ কাষৰ জোপাহানিৰ মাজলৈ দৌৰ মাৰি আহি বহিবলৈ লওঁতেই ভোলা-বুলবুলে দেখা পাব)
Dialogue:
ভোলানাথ: হেই হেই…..হেৰৌ….মৰা
কি কৰিবলৈ তাত সোমাইছ’….ছি: ছি:…..তোৰ লাজ লগা নাই নে… এনেকৈ য’তে ত’তে ছি ছি ছি……….
ব্যক্তি: (সেমেনা-সেমেনিকৈ) নহয়,
নহয় অ’ ককাইটি…আমাৰ এনেকৈয়ে অভ্যাস যে….আৰু তহতৰ ঘৰত থকাৰ দৰে কামফেৰা কৰাৰ সুবিধা নাই যে…….সেয়ে…..
ভোলা: হেৰৌ কটা নিধক,কেলেহুৱা….তই
নাজান’ নেকি যে আমাৰ চৰকাৰে অনাময় শৌচাগাৰ প্ৰতি ঘৰে ঘৰে দিছে বুলি….আমাৰ ঘৰতো শৌচাগাৰ
চৰকাৰৰ সাহাৰ্যত হে সঁজাইছো…..,কাইলৈ পুৱাই তই মোৰ লগত ওলাবি…চৰকাৰি বিভাগীয় কাৰ্যলয়ত
তোৰ ঘৰতো এটি শৌচাগাৰ সঁজাৰ কথা পাতিবলৈ…..হ’ব নে….?
ব্যক্তি: (মুৰ লৰাই)হ’ব ককাইটি….যাম
যাম কাইলৈ তোমাৰ লগতে চৰকাৰী বিভাগীয় কাৰ্যলয়লৈ গৈ শৌচাগাৰটোৰ বাবে আবেদন কৰিম গৈ……কিন্তু
এতিয়া ইয়াতে কামফেৰা………..
ভোলা: খবৰদাৰ….,ইয়াত নহয়…আমাৰ
বুলবুলৰ বিদ্যালয়ৰ চাৰে কৈছে, এনেকৈ য’তে-ত’তে শৌচ-প্ৰেশ্ৰাৱ কৰা বা মল-মূত ত্যাগ কৰাটো
বেয়া কথা…আৰু এইবোৰৰ পৰা ৰোগৰ বিজানু চৌদিশে বিয়পি পৰি মানুহক বেমাৰী কৰে আৰু ই মানৱ
শৰীৰৰ বাবে এক ভয়ংকৰ ক্ষতি কাৰক…… গতিকে তই আমাৰ ঘৰলৈকে যা আৰু আমাৰ ঘৰত থকা শৌচাগাৰতে
তোৰ কামফেৰা কৰগৈ…….
Sequence-4
বিদ্যালয়ৰ পৰিবেশ। এটি গীত বাজিব,
আৰু ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়তিয়ে চাফাই অভিযানত ব্যস্ত হ”ব, পৰিচালকে সমস্ত দৃশ্যটি
পৰিকল্পনা কৰিব।
সমাপ্ত
Comments
Post a Comment
If you have any doubts, please let me know.