সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

“পদ্মনাথ গোহাঞিবৰুৱাৰ দৃষ্টিত অসমীয়া ভাষা,সাহিত্য আৰু সমাজ” :



1.                       পদ্মনাথ গোহাঞিবৰুৱাৰ দৃষ্টিত অসমীয়া ভাষা,সাহিত্য আৰু সমাজ


( শিৱসাগৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ প্ৰথম খন অধিৱেশনত সভাপতি হিচাপে পঠিত গোহাঞিবৰুৱাৰ ভাষণৰ পৰা যুগুতোৱা)

       ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত বহা প্ৰথম খনি সাহিত্য সভাৰ অধিৱেশনত সভাপতি হিচাপে পদ্মনাথ গোহাঞিবৰুৱাই পাঠ কৰা ভাষণটিৰ আদিতে তেওঁ সভাপতিৰ পদটিৰ বাবে অযোগ্য বুলি ঘোষণা কৰি কৈছিল, ৰাইজে হয়তো তেওঁক মৰমৰ চিন স্বৰূপে অথবা তেওঁ বহুকাল জাতীয় সাহিত্য সেৱাত ব্ৰতীহৈ থকাত ‘সম্ভৱত: সেই পৰিশ্ৰমৰ পৰা কিবা সাৰ বস্তু পোৱা যায় নেকি তাকে চাবলৈ’ তেওঁলৈ সভাপতিৰ পদটি যাঁচিছে।অৱশ্যে এয়া তেওঁৰ নিতান্ত বিনয়ৰ পৰিচয়।কাৰণ এই ভাষণ এক অনন্য প্ৰতিভাৰ চানেকী।আমি ভবাত এই ভাষণ অসমীয়া ভাষা,সাহিত্য আৰু সমাজৰ বাবে অমূল্য সম্পদ ।
        গোহাঞিবৰুৱাৰ লেখাত এক নিজস্ব থাঁচ আছে । সেয়ে এই লেখাটিৰ কোনো কোনো অংশত তেওঁৰ লেখনি একেধৰণে বৰ্ত্তাই ৰখাৰ চেষ্টা কৰা হৈছে । গোহাঞিবৰুৱাৰ ভাষাত “নৈ যেনেকৈ আপুনি বৈ যায়, তাক কোনেও বাট লগাব নালাগে, ভাষাও তেনেকৈ আপুনি ওলাই আপুনি ব্যাপ্ত হয় । ইয়াৰ বিস্তাৰত কোনো কৃত্ৰিম উপায় নাখাটে। ভাষাৰ এই স্বাভাৱিক গুণৰ বাবেই এটা ভাষাৰ ঠাইত আন এটা ভাষা থাপিবৰ সাধ্য নাই। কাৰণ ব্যাকৰণতে ভাষাৰ বিশেষত্ব ৰয় –বাক্যাৱলী বা বচনভংগীত নহয়”। উদাহৰণ স্বৰূপে তেওঁ কয়, “অসমত ১৯৩৬ চনত অসমীয়া ভাষাক মাৰি বঙলা ভাষাত লয় পোৱাবলৈ অৰ্দ্ধশতাব্দীৰ উৰ্দ্ধকাল অবাৰিত বল প্ৰয়োগ কৰি বিপক্ষ দল বিফল মনোৰথ হোৱাই ইয়াৰ জলন্ত সাক্ষী”।
       গোহাঞিদেৱৰ মতে, ব্যাকৰণ সিদ্ধ সুগঠিত সাহিত্যত যিমানেই কি বিদেশী বা বিভাষী শব্দ আৰু বচনভংগী সোমাওক লাগে, সি কেতিয়াও সেই সাহিত্যৰ সুকীয়াত্ব হানি কৰিব নোৱাৰে, মাথোন সেই শব্দ আৰু বচনভংগী নিজৰ সাঁচত মাৰি ল’ব জানিব লাগে । ইয়াৰ উদাহৰণ স্বৰূপে তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত সাহিত্যত হিন্দি, মাগধী, ব্ৰজবুলি, উড়িয়া আদি ভাষাৰ শব্দ আৰু বচনভংগীৰ অন্তৰ্ভুক্তিৰ উদাহৰণ দিছে । তেওঁ পুণৰ কৈছে, “ভাষাবিশাৰদ পণ্ডিত ব্ৰাউন চাহাবে অসমীয়া ভাষা বিশ্লেষণ কৰোতে ইয়াত শতকৰা ৬৩ টাকৈ সংস্কৃত, ২৩ টাকৈ মিচিমি, ৭ টাকৈ অঁকা, ৫ টাকৈ মান, ১ টাকৈ আবৰ, ১ টাকৈ খামতি এই হিচাপে আৰ্য্য আৰু অনাৰ্য্য ভাষাৰ মূল থকা শব্দ পোৱা গৈছিল ।
…………অসমীয়া ভাষাত আহোম ভাষাৰ সঁচ মুঠেই নাছিল; মাত্ৰ বুৰঞ্জী মূলক ৰাজকীয় ব্যাপাৰত আৰু আহোমৰ সুকীয়া সম্বন্ধ বুজোৱা কিছুমান ( যেনে নিচাক্তদেও, আপাদেও, পুথাও দেউতা, এনাই দেউতা ইত্যাদি) শব্দ ব্যৱহৃত হৈছিল”।
        গোহাঞিবৰুৱাৰ মতে আমাৰ জাতীয় জীৱন পুনৰ টনকিয়াল কৰিবৰ হ’লে যিমান সোনকালে সম্ভৱ আমাৰ ধৰ্ম গ্ৰন্থাদি সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙি তাক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ আমাৰ জাতীয় চেষ্টা হ’ব লাগে । অৰ্থ ভাঙনি কৰিব নোৱাৰাৰ যহত কঠিন সংস্কৃত শ্লোকত লীন হৈ থকা ধৰ্মৰ
 2
পবিত্ৰ আৰু গভীৰ আধ্যাত্মিক ভাৱৰ ওচৰ সীমা চুব নোৱাৰা বাবে সমাজে ধৰ্মৰ প্ৰকৃত মোল বুজাত অক্ষম হৈ “জাতীয় জীৱন ক্ষীনাই মৰামুৱা হ’বলৈ ধৰিছে”।সেই একে কাৰণ আৰু উদ্দেশ্যেই আৰৱী ভাষাৰ পৰাও কোৰাণৰ অসমীয়া ভাঙনি ওলাব লাগে । “নহলে ভাটৌৰ দৰে আৰবী আওৰাই আমাৰ মুছলমান সম্প্ৰদায়ৰ সকলোৱে প্ৰকৃত ধৰ্ম আয়ত্ব কৰিব নোৱাৰি অন্ধবিশ্বাসৰ বলি হ’ব আৰু অসমীয়া জাতিটোৰ এটা প্ৰধান অংগ ক্ষীণাই যোৱাৰ বাবে আমাৰ জাতীয় জীৱন সম্পূৰ্ণকৈ পূৰঠ কৰিব পৰা নাযাব । কাৰণ ধৰ্মত বাজে আন সকলো কথাতে অসমীয়া হিন্দু আৰু মুছলমান প্ৰায় একে । অসমীয়া ভাষাৰ প্ৰতি দুইৰো সমান মৰম, অসমীয়া সাহিত্যৰ উন্নতিলৈ দুইৰো সমান ধাউতি”। এই ক্ষেত্ৰত গোহাঞিবৰুৱা দেৱে খ্ৰীষ্টান ধৰ্মপুথি বাইবেলৰ উদ্বৃতি দি কৈছে, “ষোল শতিকাত মহাত্মা লুথাৰৰ ধৰ্ম সংস্কাৰৰ ফল স্বৰূপে যেতিয়াৰ পৰা বাইবেল দেশী ভাষাত অনুবাদিত হৈ জনসাধাৰণৰ মাজত প্ৰচাৰিত হ’ল তেতিয়াৰ পৰা খ্ৰীষ্টধৰ্ম আকৌ ঠন্‌ ধৰি উঠিল”।
        সেইদৰে অসম ৰাজ্যতো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ৰাজ্যখনৰ বাবে এক বিশেষ সৌভাগ্যৰ বিষয় । সেই সময়ত অসমৰ সামাজিক জীৱন কুসংস্কাৰ আৰু ধৰ্মান্ধতাই আবৰি আছিল । শ্ৰীমন্ত শংকৰদেৱে স্বীয় অলৌকিক প্ৰতিভাৰে ধৰ্ম, সাহিত্য আৰু সমাজক একেডাল সূতাৰে গাঁঠি আন্ধাৰত খেপিয়াই ফুৰা অসমীয়া জনসাধাৰণক জ্ঞানৰ পোহৰেৰে বাট দেখুৱালে । এই মহাপুৰুষ জনাই সাহিত্যক সাৰথি কৰি একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰৰে সমাজো গঢ়িলে, অসমৰ সাহিত্যৰ বৰ চ’ৰাত প্ৰতিষ্ঠাও কৰিলে তেৰাই সৃষ্টিকৰা নামঘৰ, নাট,ভাওনা,গীত-মাত নৃত্য ইত্যাদি আৰু কীৰ্ত্তন, ভাগৱত আদিৰ ৰচনাই অসমীয়া সমাজখনক বিশ্বৰ দৰবাৰত পৰিচয় কৰি দিয়াৰ উপৰিও অসমৰ ভিন ভিন জাতি উপজাতিক একতাৰ ডোলেৰে বান্ধ নিয়ালে ।
         সমাজৰ বন্ধন আৰু জাতীয় জীৱন গঠনত শ্ৰীমন্ত শংকৰদেৱৰ উপৰিও মাধৱ কণ্ডলী, অনন্ত কণ্ডলী, মাধৱদেৱ, ৰামসৰস্বতী আদি মধ্যযুগৰ উজ্জ্বল সাহিত্যিক সকলৰ অৱদান অনস্বীকাৰ্য্য ।
         আভিভাষণ খনিৰ আন এঠাইত পদ্মনাথ গোহাঞিবৰুৱাই সাহিত্যৰ বিস্তৃতৰ সম্পৰ্কত কৈছে, মনোভাৱ ব্যক্ত হোৱাই যদি ভাষা, আৰু ভাষা লিপিৱদ্ধ হোৱাই যদি সাহিত্য ; তেন্তে কাব্য, দৰ্শন, বিজ্ঞান, ইতিহাস, পুৰাতত্ত্ব, মানৱতত্ত্ব আদি বিষয় সমূহো সাহিত্যৰ অন্তৰ্গত । ভাষাক এনেভাৱে “আহল বহলকৈ ঠাই দি” লিপিৱদ্ধ কৰিলেহে সাহিত্য বিকশিত হয় আৰু জাতীয় জীৱনো উন্নত হয় ।
          পদ্মনাথ গোহাঞিবৰুৱাই অভিভাষণ খনিত অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ বিষয়ে অতি বিস্তৃত ভাৱে উল্লেখ কৰিছে । এই লেখনিত তাৰ এটি অত্যন্ত সংক্ষিপ্ত আভাষহে দিয়া হ’ল ।
                     ---------০০০০০------------

                                                                                     মায়া শৰ্মা

ভৈৰৱ নগৰ টিলা,তেজপুৰ-৭৮৪০০১,পো::-তেজপুৰ,বাইল নং-7896554424.

(লেখিকা: অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী, তেজপুৰ চৰকাৰী বহুমুখী কন্যাবিদ্যালয়,তেজপুৰ)

   

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়