সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Swachh bharat abhiyan Script (assamese) “অনাময় শৌচাগাৰ”



                           অনাময় শৌচাগাৰ ( বাটৰ নাটক)
SCRIPT BY:  DIGANTA KUMAR BHUYAN        
 ৰচনা: দিগন্ত কুমাৰ ভূঞা
 TEZPUR,  MOBILE: 8638684578.
 E-MAIL-digbhuyan123@gmail.com
চৰিত্ৰ সমূহ—১) ভোলানাথ (খেতিয়ক)২) ব্যক্তি (এজন গাঁৱলীয়া ব্যক্তি) ৩) বুলবুলী (১৪/১৫ বছৰীয়া স্কুলৰ ছাত্ৰী) ৪) বাইদেউ (শিক্ষয়ত্ৰী)

                          উপস্থাপন:

সকলো চৰিত্ৰ একগোট হৈ ঘুৰি ঘুৰি ওজাপালিৰ সুৰত নাচি-নাচি তলৰ গীতটি সমবেত কণ্ঠৰে পৰিবৱশন কৰিব।
                        গীত:  “ শুনা শুনা সৰ্বজন আমাৰ বচন,
                  স্বচ্ছ ভাৰত অভিযানৰ কথোপকথন ।
                  শুনা শুনা সৰ্বজন আমাৰ বচন,
                  চাফ-চিকুনতা সবে কৰা পালন
                 তেহে পাবা অধিক আয়ুৰ সুষ্ঠিৰ জীৱন । 
                   শুনা শুনা সৰ্বজন আমাৰ বচন,
                  দেহ-মন বাতাবৰণ ৰাখিবা পৰিস্কাৰ
                   তেহে হ’ব দেহ আৰু দহৰ উপকাৰ ।”
(কৃষিভুমিত কোৰমাৰি মাটি চহাই থকা কৃষক ভোলানাথ(৪০-৫০বয়সীয়া)ক কৰ্মত ব্যস্ত থকা দেখা যাব।
ভোলানাথৰ জীয়েক বুলবুলী (১৪/১৫বছৰীয়া) হাতত জলপানৰ এতি টোপোলা, পানী ভৰ্ত্তি এটি বাচন আৰু কান্ধত এখনি ওলোমা মোনালৈ কোবাকুবি খোজেৰেগৈ কৃষিভুমিত থকা ভোলানাথৰ ওচৰ পাইগৈ।)

Dialogue:
বুলবুলী: পিতাই….অ’ পিতাই…তুমি কাম সামৰা…..মায়ে জলপান দি পথাইছে….আহা খোৱাহি……
ভোলা: অ’…বুলবলী, জলপান আনিলিয়েই নেকি…..ৰ’ তেন্তে (কাম সামৰাত ব্যস্ত)ভোকত মোৰ পেতৰ     কেঁচু-কুমতি দৌৰিছে…..দে দে….তোপোলাতো খোল……(বুলবুলীয়ে তোপোলা খোলে কাষতে ভোলানাথ বহে)তই পিছে খালি নে নাই…….?
বুলবুলী: মই খাই আহিছো পিতাই….তুমি খোৱা……অ.’ ৰ’বা পিতাই……
ভোলা: কি হ’ল আকৌ…….
বুলবুলী: হাত খন ধুই লোৱা..,মই পানী লৈ আনিছো….
ভোলা:..এহ…,(গাত হাতদুখন মোহাৰি) এনেকৈয়ে হ’ব দে…., কিয় হাত ধুব লাগে….বৰ ভোক লাগিছে……
বুলবুলী:…নহয় পিতাই ,এনেকৈ নহব….
ভোলা:(বুলবুলীৰ মুখলৈ চাই ৰ’ব)
বুলবলী: চাবোনৰে ভালকৈ হাত নোধোৱাকৈ খাদ্য গ্ৰহণ কৰিব নালাগে বুলি আমাৰ বিদ্যালয়ৰ চাৰ-বাইদেউৱে আমাক বুজাইছে……,চাৰে কৈছে আমাৰ হাতত নানান বিজানু লাগি থাকে,সেই হাতত লাগি থকা বিজানু খাদ্যৰ লগত মিহলিহৈ আমাৰ পেতলৈ গ’লে নানা ধৰণৰ ৰোগ-ব্যাধি হ’ব পাৰে, সেয়ে যি কোনো খাদ্য গ্ৰহণ কৰাৰ আগতে পৰিস্কাৰ পানী আৰু চাবোন ঘঁহি হাত দুখন ধুই-পখালি পৰিস্কাৰ কৰি ল’ব লাগে….,মই চাবোন আৰু পানী লৈ আনিছো, তুমি আগতে চাবোন আৰু পানীৰে হাত দুখন ভালকৈ ধুই লোৱা……….
ভোলা: অ’ হয় নেকি…..,তহঁতৰ চাৰে কৈছে যেতিয়া… ই বৰ সজ কথা…আমি হ’লো  অশিক্ষিত মানুহ এইবোৰ জ্ঞান একেবাৰে নাই নহয়……দে দে চাবোনটো দে…মই হাত দুখন ধুই পখালি পৰিস্কাৰ কৰি লওঁ…….(বুলবুলীয়ে বেগৰ পৰা চাবোন উলিয়াই দিয়ে আৰু ভোলানাথে চাবোন ঘঁহি ভালকৈ দুইখন হাত ধোৱে)……হেৰি নহয়…তহঁতৰ চাৰে আৰু কি কি কথা কই……,মোক ক’চোন… অজ্ঞ মানুহ আমি…দুই চাৰি শিক্ষাজ্ঞানৰ কথা তোৰ পৰাই শুনো…..ক’ চোন ক…তহঁতৰ চাৰে আৰু কি কি কই……
বুলবুলী: আমাৰ বিদ্যালয়ৰ চাৰে কৈছে, য’তে ত’তে থু-খেকাৰ, তামোল-পানৰ পিক পেলাব নালাগে…পান-তামোলৰ পিক,থু-খেকাৰৰ পৰা বিভিন্ন বেমাৰৰ, মানে ৰোগৰ বিজানু মানুহৰ দেহলৈ সহজতে প্ৰৱেশ কৰি মানুহক ৰুগীয়া কৰে……
ভোলানাথ: অ’ হয়তোন…, আমি সেইবোৰ কথাৰ ভুৱেই নাপাওঁ দেখোন…..,পান-তামোল চোবাই য’তে ত’তে পিকাই ফুৰো, য’তে ত’তে থু-খেকাৰ পেলাওঁ আৰু এজন পৰা আন বহুজনৰ শৰীৰলৈ ৰোগৰ বিজানু বিয়পাওঁ………বুলবুলী…,এতিয়াৰ পৰা তহঁতৰ চাৰে দিয়া সঁজ উপদেশ বোৰ আখৰে আখৰে পালন কৰিব লাগিব আৰু ৰাইজৰ মাজতো কথাবোৰ বুজাই ক’ব লাগিব…….(জলপান খাই শেষ হোৱাত বাচন বৰ্তন সামৰি সামৰি)…..বুলবলী তোৰ পঢ়াশালীলৈ আজি দেৰি নহ’ব জানো…? বল বল ঘৰলৈ যাওঁ বল, ঘৰৰ বাৰীখনো এতিয়াগৈ চাফ-চিকুন কৰি পৰিবেশতো সুন্দৰ কৰি ৰাখিব লাগিব…ব্’ল….
বুলবলী: আজি আমাৰ বিদ্যালয়ত পঢ়া নহয়…..
ভোলা: পঢ়া নহয় কিয়..?
বুলবলী: কৈছো ৰ’বা, আমাক চাৰে কৈছে, ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশৰ প্ৰধান মন্ত্ৰীয়ে গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল,আমাৰ গাওঁখন ,জিলাখন,ৰাজ্যখন আৰু দেশখনক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মুল উদেশ্য…….
ভোলা: আওঁ….,তই দেখোন বহুত ভাল ভাল কথা শিকিলি……ক’চোন ক’….
বুলবলী: অ’ পিতাই……,আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চাৰ-বাইদেউ সকলৰ লগত গাঁৱে-ভূঞে উদযাপন কৰা হ’ব স্বচ্ছতাৰ অভিযান……..
ভোলা: কেনেকৈ….,বুজাই দে চোন মোক……
বুলবুলী: শুনা, আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু চাৰ-বাইদেউ হঁতৰ লগত একগোত হৈ বিদ্যালয়ত চাফাই অভিযান আৰাম্ভ কৰিম আৰু আমাৰ অঞ্চলতোত য’তে-ত’তে জাবৰ-জোথৰ নেপেলাই চাফ-চুকুন কৰি পৰিস্কাৰ বাতাবৰণ কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনাম………
ভোলা: এৰা সঁজ কথা সঁজ কথা, বৰ ভাল কথা হ’ব…….পৰিবেশ চাফ-চিকুনহৈ থাকিলে মনটো প্ৰফুল্লহৈ থাকে আৰু মন প্ৰফুল্লহৈ থাকিলে দেহ সুষ্ঠ থাকে…, হে: হে: হে: আৰু তহঁতৰ চাৰে কোৱাৰ দৰে ৰোগৰ-বিজানু বিয়পাব নোৱাৰে…পৰিস্কাৰ বাতাবৰন…. আহ….কল্পনা কৰিয়েই মনতো ভাল লাগি গৈছে অ’….. সমাজৰ সকলো মানুহেই সুষ্ঠ-সৱল হৈ এখন সুষ্ঠিৰ স্বচ্ছতাৰে পৰিপূৰ্ণ ৰাষ্ট্ৰহৈ পৰিব আৰু এনে ৰাষ্ট্ৰত জীৱন-যাপন কৰি আমি ধন্য হ’ম……
(এজন ব্যক্তি খৰ খেদাকৈ শৌচ কৰিবলৈ দৌৰ মাৰি আহি বহিবলৈ লওঁতেই ভোলা-বুলবুলীয়ে দেখা পাব)
ভোলানাথ: হেই হেই…..হেৰৌ….মৰা কি কৰিবলৈ তাত বহিছ’….ছি: ছি:…..তোৰ লাজ লগা নাই নে… এনেকৈ য’তে ত’তে ছি ছি ছি……….
ব্যক্তি: (সেমেনা-সেমেনিকৈ) নহয়, নহয় অ’ ককাইটি…আমাৰ এনেকৈয়ে অভ্যাস যে….আৰু তহতৰ ঘৰত থকাৰ দৰে কামফেৰা কৰাৰ সুবিধা আমাৰ ঘৰত নাই যে…….সেয়ে…..
ভোলা: হেৰৌ কটা নিধক,কেলেহুৱা….তই নাজান’ নেকি যে আমাৰ চৰকাৰে অনাময় শৌচাগাৰ প্ৰতি ঘৰে ঘৰে দিছে বুলি….আমাৰ ঘৰতো শৌচাগাৰ চৰকাৰৰ সাহাৰ্যত হে সঁজাইছো…..,কাইলৈ পুৱাই তই মোৰ লগত ওলাবি…চৰকাৰি বিভাগীয় কাৰ্যলয়ত তোৰ ঘৰতো এটি শৌচাগাৰ সঁজাৰ কথা পাতিবলৈ…..হ’ব নে….?
ব্যক্তি: (মুৰ লৰাই)হ’ব ককাইটি….যাম যাম কাইলৈ তোমাৰ লগতে চৰকাৰী বিভাগীয় কাৰ্যলয়লৈ গৈ শৌচাগাৰটোৰ বাবে আবেদন কৰিম গৈ……কিন্তু এতিয়া ইয়াতে কামফেৰা………..
ভোলা: খবৰদাৰ….,ইয়াত নহয়…আমাৰ বুলবুলীৰ বিদ্যালয়ৰ চাৰে কৈছে, এনেকৈ য’তে-ত’তে শৌচ-প্ৰেশ্ৰাৱ কৰা বা মল-মূত ত্যাগ কৰাটো বেয়া কথা…আৰু এইবোৰৰ পৰা ৰোগৰ বিজানু চৌদিশে বিয়পি পৰি মানুহক বেমাৰী কৰে আৰু ই মানৱ শৰীৰৰ বাবে এক ভয়ংকৰ ক্ষতি কাৰক…… গতিকে তই আমাৰ ঘৰলৈকে যা আৰু আমাৰ ঘৰত থকা শৌচাগাৰতে তোৰ কামফেৰা কৰগৈ…….(ব্যক্তি আতৰি যাৱ)বুলবুলী…
বুলবুলী: কি হ’ল পিটাই ?
ভোলা: মই কথা এটা ভাবিছো অ”
বুলবুলী: কি কথা পিতাই……?
ভোলা: আমাৰ গাঁওত এতিয়াও যাৰ যাৰ ঘৰত শৌচাগাৰৰ ব্যৱস্থা নাই ,সেইসকলৰ ঘৰে ঘৰে গৈ শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ বুজাব লাগিব…..
বুলবুলী; তুমি থিকেই কৈছা পিতাই…., আমাৰ গাঁওৰ বহুতৰ ঘৰতে শৌচাগাৰ নাই বাবে য’তে ত’তে শৌচ কৰে……(এনেতে মাষ্টৰণী বাইদেউ আহে)
বাইদেউ: বুলবুলি তুমি ইয়াত কি কৰিছা ? আজি আমাৰ স্কুলত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী আছে নহয় ,তুমি যাব লাগিব নহয়…..
বুলবুলি: হয় বাইদেউ , মই যাম ,পিতাইক চাহ-জলপান দিবলৈ আহিছিলো….এতিয়া ঘৰলৈকে গৈ আছো, গা-পা ধুই স্কুললৈ যাম বাইদেউ…….., অ’ বাইদেউ এইয়া মোৰ দেউতা…..
ভোলা: নমস্কাৰ বাইদেউ…
বাইদেউ: নমস্কাৰ….
ভোলা: বাইদেউ, আপোনালোকে আমাৰ বুলবুলীহঁতক স্বচ্ছতাৰ বিষয়ত বৰ সুন্দৰ সুন্দৰ কথা শিকাইছে…..,তাইৰ পৰা মইও বহুত কথা শিকিছো……..
বাইদেউ: এৰা…., আমাৰ দেশৰ মানুহে এতিয়াও শুদ্ধ্বভাবে,স্বচ্চতাৰে জীৱন ধাৰন কৰিবলৈ শিক্ষা লাভ কৰা নাই, যাৰ বাবে নিশকতীয়া ৰোগাক্ৰান্তহৈ অকালতে জীৱন হেৰুৱাব লগাত পৰিছে……(এনেতে ব্যক্তিজন আহিব)
ব্যক্তি: বাইদেউ নমস্কাৰ….
বাইদেউ: নমস্কাৰ……অ’ শুনিছো তোমাৰ ঘৰত বোলে শৌচাগাৰ নাই ? তুমি প্ৰাত:কৰ্ম ক’ত কৰা….?
ব্যক্তি: (সেমেনা-সেমেনি) এ বাইদেউ….,মানে আমি দুখিয়া মানুহ আমাৰ নিচিনা মানুহেনো ক’ত শৌচকৰা ঘৰ সাজিব পাৰো…..,মুকলি পথাৰ ,বাৰি-জংঘল আৰু পুখুৰীৰ পাৰতে হৈ যায় আৰু……..
বাইদেউ: বৰ বেয়া কথা হৈছে…….,মুকলি স্থানত শৌচ কৰিলে বেমাৰৰ বিজানু বিয়পে……,এজন ৰোগী ব্যক্তিৰ শৌচত পৰি থকা মহ-মাখি উৰি আহি আমাৰ খাদ্য বস্তুৰ ওপৰত পৰি ৰোগৰ বিজানু বিয়পায়…,তাৰোপৰি পোহনীয়া জীৱজন্তুৱে সেইবোৰ ভক্ষণ কৰিলে মৃত্যু প্ৰৰ্যন্ত হ’ব পাৰে…..। বুলবুলি, বাহিৰত শৌচ কৰাৰ ফলত কি কি হ’ব পাৰে তুমি বুজাই দিয়াচোন……….
বুলবুলী: হয় বাইদেই…,খুৰা,…..,বাইদেউ হঁতে আমাক স্কুলত শিকাইছে যে , মুকলি পথাৰ পুখুৰী আদিত কেতিয়াও শৌচ-প্ৰেশ্ৰাব কৰিব নালাগে……কাৰণ মুকলী পথাৰ, পুখুৰীৰ পাৰত শৌচ কৰাৰ বাবে মহ-মাখীৰ লগতে বতাহত ৰোগৰ বিজানু মানুহ আৰু জীৱজন্তুৰ শৰীৰলৈ বিয়পি পৰি ৰুগীয়া কৰে……….
ভোলা: সইত সইত……এইয়া বৰ সইত কথা…….
বাইদেউ: তাৰোপৰি বাৰিষা বৰষুণৰ ফলত হোৱা বান পানীয়ে মুকলীত কৰা শৌচ-প্ৰেশ্ৰাব বোৰ উতুৱাই নি ঘৰে বাহিৰে একাকাৰ কৰি পেলাই আৰু তেতিয়া সেইবোৰ যদি আমাৰ খাদ্যবস্তুৰ লগত সানমিহলি হয় তেন্তে…ডায়েৰীয়া।কলেৰা,হাইজা আদিৰ দৰে ভয়ংকৰ বেমাৰ সৃষ্টি কৰি মানুহ গৰু-ছাগলীক বেমাৰী কৰি মহামাৰীৰ ৰূপ ধাৰণ কৰে…..গতিকে শৌচাগাৰত শৌচ কৰিব লাগে আৰু হাত চাবোনৰে ঘঁহি ঘঁহি ভালকৈ ধুই চাফা কৰিব লাগে….
ব্যক্তি: সঁচাকৈ বৰ ভয় লগা কথা বাইদেউ……..,মই আজিয়েই আমাৰ ভোলাৰ ঘৰত থকা অনাময় শৌচাগাৰৰ লেখিয়াকৈ আমাৰ ঘৰতো এটি শৌচাগাৰৰ ব্যৱস্থাৰ বাবে চৰকাৰী বিভাগীয় কাৰ্যলয়লৈ ভোলাৰ লগতে যাম……..
বাইদেউ: বৰ ভাল কথা……,ৰাইজৰ ঘৰে ঘৰে চৰকাৰে আমাক বিনা পইচাতে অনাময় শৌচাগাৰৰ ব্যৱস্থা কৰি দিছে……গতিকে তুমি তোমাৰ পৰিয়াল সহিতে সেই সুবিধা গ্ৰহণ কৰি সু স্বাস্থ্যৰে নিৰোগী জীৱন যাপন কৰা………,অ’ তোমালোকৰ লগত কথাপাতি থাকিলে মোৰ স্কুললৈ দেৰিয়েই হ’ব এতিয়া…..,মই আহিছো দেই, বুলবুলী তুমিওঁ সোনকাল কৰা আজি আমাৰ স্কুলৰ পৰা স্বচ্ছ অভিযান কাৰ্যসূচী আছে নহয়……দেৰি নকৰিবা…
বুলবুলী: হ’ব বাইদেউ….
ভোলা/ব্যক্তি: বাইদেউ যাব দেই, নমস্কাৰ….., (বাইদেউ আতৰি যায়)
ভোলা: তই ৰৈ থাকিবি নে ? ব’ল তোৰ ঘৰৰ বাবে অনাময় শৌচাগাৰৰ ব্যৱস্থা কৰোগৈ…..  
Date: 12 February 2019
SCRIPT BY: DIGANTA KUMAR BHUYAN      TEZPUR,  MOBILE: 8638684578.
                             E-MAIL-digbhuyan123@gmail.com
                               সমাপ্ত

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়