“মুক্তিৰ সন্ধানত”
(ব্যংগাত্মক
গল্প)
ৰচনা: দিগন্ত কুমাৰ ভূঞা (অসম)
(বিৰুবাৰী,
গুৱাহাটীৰ-১৬ ৰ পৰা প্ৰকাশিত
অসমীয়া মাহেকীয়া
আলোচনী “মন্দাকিনী”ৰ বিশেষ
শেৱালী সংখ্যা
(অক্টোবৰ-নবেম্বৰ’
১৯৯৬) ত
এই গল্পটি
প্ৰকাশ পাইছিল-:
দিগন্ত কুমাৰ
ভূঞা)
শ্যামকান্ত
তালুকদাৰে পাঁচ বছৰত কমেও পঁচিশখন মান নাটক লিখিছিল। দুই এখন একাংকিকা নাটকৰ বাদে বাকী
সকলো পূৰ্ণাংক, পঞ্চমাংক নাটক। তেওঁৰ নাটক এবাৰ আৰাম্ভ হ’লে শেষ নোহোৱা পৰ্যন্ত দৰ্শকে
এবাৰো বহা আসন এৰি উঠি নাযায় বুলি তেওঁৰ বিশ্বাস। কিন্তু উপযুক্ত এস্কপেৰিমেণ্ট বা
গৱেষণাৰ অভাৱৰ বাবে শ্যমকান্তৰ সেই অমূল্য নাট্যসম্পদৰ পৰা নাট্যপ্ৰেমী সমাজ বঞ্চিত
হৈ আছে।
তথাপিও উৎসাহৰ নদীত ভেটা পৰা নাই। শ্যামকান্ত তালুকদাৰে
লিখিয়েই আছে। লিখি লিখি কাঠৰ বাকচ এটা ভৰাই তুলিছে, আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাৰ
বাবে নাট্যসম্ভাৰৰ পেৰাত নিয়মিত নেপথলিনৰ গুটি ভৰায়,তাৰমাজতে কেতিয়াবা ৰ’দৰ বতৰত পাণ্ডুলিপি
বোৰ পেৰাৰ পৰা উলিয়াই মাজে মাজে ৰ’দত দি শুকুৱাই ।
পাঁচ
বছৰত পঁচিশখন নাটকৰ পাণ্ডুলিপি তেওঁ “দুৰদৰ্শন”(T.V.) কৃতপক্ষলৈ প্ৰৰণ কৰিছে। কিন্তু
প্ৰতিবাৰেই সেই পাণ্ডুলিপিবোৰ অমনোনীত হৈ দুখে-বেজাৰে উভতি আহে। মাজে মাজে অনাতাঁৰ(ৰেডিঅ’)কেন্দ্ৰ
আৰু অসমৰ ভ্ৰাম্যমান নাট্যদল সমূহলৈও তেওঁৰ পাণ্ডুলিপি প্ৰেৰিত হয় কিন্তু দুখৰ বিষয়……!
সেই একেই অৱস্থা। তথাপিও শ্যামকান্ত তালুকদাৰ হতাশ হোৱা নাই। ধৈৰ্য্য হেৰুৱাই পেলোৱা
নাই। তেওঁ ভাবে, এনে এদিন নিশ্চয় আহিব যিদিনা শ্যামকান্তৰ নাটক সম্প্ৰচাৰ কৰিবলৈ ‘দুৰদৰ্শন’
(টিভি চেণ্টাৰ)ৰ মানুহ আহি ঘৰত হেন্দোলনি তুলিবহি।
কিন্তু
বৰ বিশেষ দেৰি নকৰাকৈ এদিন সেই দিনটো আহিল। ‘দুৰদৰ্শন’ কেন্দ্ৰৰ পৰা মানুহ অৱশ্যে অহা
নাই সঁচা , কিন্ত আহিল এখন ৰেজিষ্টাৰ কৰা চিঠি। শ্যামকান্তই ‘দুৰদৰ্শন’ কেন্দ্ৰলৈ সৰ্বশেষত
প্ৰেৰণ কৰা “মুক্তিৰ সন্ধানত” নাটকখন দুৰদৰ্শন কেন্দ্ৰৰ কোনো এক বিশেষ বিভাগৰ পৰা প্ৰচাৰ
কৰিব।
চিঠিখন
পোৱাৰ পিছৰ পৰা যেন শ্যামকান্ত তালুকদাৰ একেবাৰে সম্পূৰ্ণ পৰিবৰ্তন হৈ গ’ল। আগৰ সেই
হাঁহিস্ফুৰ্তিৰ ভাৱ আৰু নাই, আছে মাথো মুখত এক অস্বাভাৱিক গাম্ভীৰ্যপূৰ্ণ চাপ,তাৰোপৰি
তেওঁ এতিয়া বিজ্ঞ জনৰ দৰে জুখি মাখিহে কথা কয়। তেওঁৰ
মনৰ ভাৱটো এনে ধৰণৰ , ‘ইমান দিনে তেওঁ যেন ঠিক নিজৰ গুৰুত্বটো নিজেও বুজিব পৰা নাছিল’।
‘দুৰদৰ্শনকেন্দ্ৰৰ’ পৰা তেওঁ নিজে লিখা নাটক দুৰদৰ্শনৰ শিল্পীৰ দ্বাৰা অভিনিত হৈ প্ৰদৰ্শিত
হ’ব, সেয়ে এইবাৰহে তেওঁ যেন নিজে নিজক চিনিব পাৰিছে। তেওঁ এতিয়া একান্ত চিন্তাশীল ব্যক্তি,
সাধাৰণ মানুহ নহয়।
এদিন
ঘৰৰ ওচৰৰ ল’ৰা-ছোৱলীৰ হঁতৰ অনুৰোধত ‘ৰঙালী বিহু’ সন্মিলনৰ বঁটা বিতৰণী সভা খনৰ সভাপতিত্ব
কৰাৰ বাবে শ্যামকান্ত নিমন্ত্ৰিত হ’ল। আত্মপ্ৰচাৰ
কৰাৰ বাবে এনেহেন উপযুক্ত সুযোগ-সময় হাতত পৰাত শ্যামকান্তই তাৰ সদ ব্যৱহাৰ কৰিবলৈ কুণ্ঠিত
নহ’ল। সভাপতিৰ বক্তৃতা প্ৰসংগত তেওঁ নিজৰ নাট্য সাধনাৰ সুদীৰ্ঘ ইতিহাসৰ বিভিন্ন অধ্যায়ৰ
পৰা দুই-চাৰিটামান ৰোমাঞ্চকৰ ঘটনাৰ বিষয়ে ক’লে। বক্তৃতাৰ শেষত সকলোকে অহা বুধবাৰে সন্ধিয়া
চাৰে ছয়টা(৬-৩০মি:)বজাত বাসগৃহত পদাৰ্পণ কৰিবলৈ নিমন্ত্ৰণ কৰিলে। আৰু তেওঁ ক’লে, সেইদিনা
টিভিত তেওঁৰ বৰ্তমান মূল্যবৃদ্ধি সমস্যাৰ ওপৰত লিখা সামাজিক নাটক “মুক্তিৰ সন্ধানত”
অভিনীত হ’ব।
ইফালে
ৰাতিৰ ভিতৰতে শ্যামকান্ত তালুকদাৰ ঘৰৰ ওচৰৰ ডেকা-গাভৰু হঁতৰ মাজত সন্মানৰ পাত্ৰ হৈ
পৰিল। হাতে-বজাৰে,ঘৰে-বাহিৰে যাকেই য’তেই পালে,যাৰেই লগতে সাক্ষাৎ হয় সকলোৱে তেওঁক
শ্ৰদ্ধাত বা কাৰোবাৰ আন বিশেষ স্বাৰ্থত তেওঁক নমস্কাৰ জনায়, আৰু শ্যামকান্তইও এটা মিচিকিয়া
হাঁহিৰ লগত প্ৰতিনমস্কাৰ জনাই অহা বুধবাৰৰ সন্ধিয়া চাৰে-ছয় বজাৰ কথাটো প্ৰত্যেককে পুণৰ
বাৰলৈ স্মৰণ কৰাই দিয়ে।
আত্মীয়স্বজন
যি য’ত আছিল সকলোকে তেওঁ টেলিফোন কৰি আৰু বনকৰা ল’ৰা গোলাপৰ হতুৱাই খবৰ দিয়ালে, নিৰ্ধাৰিত
সময়ত টিভিৰ চুইচ অন কৰি তেওঁলোকে যেন নাটকখন
উপভোগ কৰে। যি সকল আঁতৰত থাকে ,তেওঁলোকলৈ অলপতে ছপাই অনা পেডত চিঠি লিখি খবৰটো দিয়ালে।
ঘৰৰ বাহিবন কৰা মানুহ,বাই, জমাদাৰ,পোষ্টমেন, আনকি শাক-পাচলি বজাৰৰ আলু-বেঙেনা বেপাৰী,মাছ-মাংস
বেপাৰী,ফেৰীৱালা আদি সকলোকে খবৰটো জনাই দিলে, আৰু বাকী যি সকল মানুহ থাকিল সেই সকলক
খবৰ দিয়াৰ দায়িত্ব ল’লে শ্যামকান্তৰ পত্নীয়ে ।
বুধবাৰে
ৰাতিপুৱা ১০বজাৰ লগে লগে শ্যামকান্ত অফিচলৈ গৈয়েই চিধাচিধি বৰবাবুৰ চেম্বাৰ পালেগৈ
আৰু অতি বিনম্ৰ সুৰত কব’লৈ ধৰিলে, ‘মই নাটক লিখো নহয়’……………
চকুদুটা
কপালত তুলি বৰবাবুৱে ক’লে, ‘কি কৈছে ? আপুনি নাটক লিখে ? আপুনি নাটক লিখে বুলি মইতো
আগতে কেতিয়াও জনা নাছিলো, সুন্দৰ অতি সুন্দৰ! মই বুজিছো, আজি তাৰমানে আপোনাৰ নাটক হ’ব
? উৎসাহিত
হৈ হাতৰ তলুৱা দুখন লগলগাই একপ্ৰকাৰ নমস্কাৰ কৰাৰ ভংগীমাৰে শ্যামকান্তই ক’লে, ‘চাৰ,
আজি সন্ধিয়া চাৰে-ছটা বজাত যদি টিভিটো খোলে তেন্তে মোৰ “মুক্তিৰ সন্ধানত” নাটকৰ অভিনয়
দেখিবলৈ পাব। আজি সন্ধিয়া ৬ বাজি ৩০ মিনিটত চাৰ। বৰবাবুৱে প্ৰশ্ন কৰিলে, ‘আপোনাৰ নাটক
টিভিত প্ৰদৰ্শিত হ’ব, তেন্তে বৰ আনন্দৰ কথা। বৰবাবুৱে পুণৰ প্ৰশ্ন কৰিলে, ‘ অফিচৰ কাম-কাজ
চম্ভালি আপুনি লিখিবলৈ সময় কেনেকৈ পায় ?’ বেচ সন্তুষ্টিৰেই শ্যামকান্তই উত্তৰ দিলে,
‘ চাৰ,অফিচৰ কাম অকনো অবহেলা নকৰো, মই ৰাতিহে লিখো’ ।তাৰোপৰি অফিচ বন্ধৰ দিনবোৰতো আছেই।
বৰবাবুৱে শ্যামকান্তৰ ছুটি মঞ্জুৰ কৰিলে।
ৰাতিপুৱাৰ
পৰাই শ্যামকান্ত তালুকদাৰৰ ঘৰত বেচ জাকজমক আৰাম্ভ হৈছে। কেইজনমান আত্মীয়ই নিজৰ ঘৰত
টেলিভিশ্বন নথকাৰ অজুহাতত ৰাতিপুৱাই আহি শ্যামকান্তৰ ঘৰত হাজিৰ হৈছেহি, সেইকাৰণে কিছু
টকা খৰছ কৰিয়েই তেওঁৰ বজাৰ কৰিব লগীয়া হৈছে। ইফালে আকৌ সন্ধিয়া সময়ত যি সকল আহিব তেওঁলোকৰ
বাবেও উপযুক্ত জলপানৰ ব্যৱস্থা কৰা হৈছে। শ্যামকান্তই গা-পা ধুই চোতালত থকা সৰু ফুলনি
খনৰ পৰা নাৰ্জিফুল কেইপাহমান চিঙি আনি এদাল মালা গাঁঠি টেলিভিশ্বনটোত পিন্ধাই দিছে।
ইফালে শ্যামকান্তৰ ঘৈনিয়েকে ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি গা-পা ধুই সদায় ভগৱানৰ
ওচৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ অভ্যাস,কিন্তু ভদ্ৰমহিলাই আজি ভুলতে হৰি প্ৰাৰ্থনা
কৰিবলৈ পাহৰিলে আৰু টেলিভিশ্বনটোতে প্ৰণাম কৰিলেহি।
ঘৰৰ
ওচৰৰ ডেকা-গাভৰুহঁত সন্ধিয়া ছ’টা নাবাজোতেই শ্যামকান্তৰ ঘৰত হাজিৰ হ’লহি। নাটকখনৰ বিষয়বস্তুৰ
বিষয়ে একো নজনাকৈয়ে ল’ৰাহঁতে শ্যামকান্তক অনুৰোধ কৰিবলৈ ধৰিলে যে, ‘এইবাৰ দূৰ্গাপূজাৰ
অষ্টমীৰ দিনা শ্যামকান্তৰ ‘মুক্তিৰ সন্ধানত’ নাটকখন মঞ্চস্থ কৰিবলৈ তেওঁ ল’ৰাহঁতক অনুমতি
দিব লাগে। তাৰোপৰি শ্যামকান্ত নিজেই যিহেতু এজন সুদক্ষ অভিনেতা আৰু নায়িকা অথবা শ্ৰেষ্ঠা
অভিনেত্ৰীৰ দৰকাৰ হ’লে শ্যামকান্তৰ ঘৈনিয়েক, অৰ্থাৎ সেই অঞ্চলৰ ল’ৰা-ছোৱালীহঁতৰ মৰমৰ
ৰাধিকা নবৌকে উঠাই দিয়া হ’ব।
শ্যামকান্ত-ৰাধিকা
নবৌ হঁতৰ বহাকোঠাটো বেচ আহল-বহল আৰু প্ৰায় ডাঙৰয়েই বুলিব পাৰি। মজিয়াৰ ওপৰত ভাড়াকৰি
অনা কাৰ্পেট পৰা হৈছে। সোঁমাজত এখন টেবুলৰ ওপৰত ডিঙি দীঘল ফুলদানি এটাত শোভা পাইছে
কিনি অনা ৰজনীগন্ধাৰ থোপা এটিয়ে। ঘৰৰ চাৰিও দিশৰ বায়ু ধূপৰ সুগন্ধিত আমোদিত হৈছে। চাৰে-পাঁচ
বজাৰ পৰা উৎসুক দৰ্শকৰ দল আহি কাৰ্পেটৰ ওপৰতেই আসন গ্ৰহণ কৰিছে। ঠিক মঞ্চৰ সন্মুখত
দৰ্শকৰ সমাগম হোৱাৰ দৰেই এক প্ৰক্ৰিয়া। এনেকুৱা ভাব হৈছে টেলিভিশ্বনটোৱেই যেন এক মঞ্চ
আৰু তেওঁলোক সকলো দৰ্শক । খিৰিকী আৰু দৰ্জাত ওলমিছে ৰঙীন পৰ্দা । মুঠৰ ওপৰত শ্যামকান্তই
আড়ম্বৰত একেবাৰেই ক্ৰুটি ৰখা নাই। বজাৰৰ
পৰা কিনি অনা দামী দামী মিঠাইৰ প্লেট সজোৱা হ’ল, পৰমতৃপ্তিৰেই আলহীসকলে খাদ্য সমূহৰ
সদ ব্যৱহাৰ কৰিলে। বৈঠক শ্যামকান্তৰ উদেশ্যি প্ৰশংসামুখৰ হৈ উঠিল।
তথাপিও
শ্যামকান্তই সকলোতকৈ বেছিকৈ খাতিৰ কৰিছে, শ্যামকান্তক সকলো ফালৰ পৰা বিৰূপ সমালোচনা
কৰা গুণসিন্ধু কলিতাক। কাৰণ গুণসিন্ধু কলিতা ভ্ৰাম্যমান নাট্যদল এটিৰ মুখ্য পৃষ্ঠপোষক
বুলিয়েই ক’ব পাৰি। শ্যামকান্তই সেই ভ্ৰাম্যমান নাট্যদলটিত তেওঁৰ নাটক এখন মঞ্চস্থ কৰিবৰ
বাবে গুণসিন্ধু কলিতাক বহুত বাৰ অনুৰোধ কৰিছিল। তাৰোপৰি শ্যামকান্তই গুণসিন্ধু কলিতাৰ
ঘৰলৈ গৈ নিজ হাতে তেখেতক নাটকৰ পাণ্ডুলিপিও
দি আহিছে, কিন্তু প্ৰতিবাৰেই গুণসিন্ধু কলিতাই শ্যামকান্তৰ প্ৰতিভাক সহজভাৱেই অবজ্ঞা
কৰি কৈছিল, ‘নাটক লিখা যদি ভাতৰ লগত পানী খোৱাৰ নিচিনা কাম হ’লহেতেন তেন্তে মোৰ ঘৰত
পোঁহা মেকুৰীটোৱেও এদিনত এক ডজন নাটক লিখিব পাৰিলেহেতেন, এইটো এটা সাধনাৰ কাম, আপুনি আৰু দহ বছৰমান চেষ্টা
কৰক বুজিছে, পিছত চিন্তা কৰি চাম বাৰু’ ।আজি
সেইজন গুণসিন্ধু কলিতাই শ্যামকান্ত তালুকদাৰক চিনি পাব, ‘মুক্তিৰ সন্ধানত’ চাই তেওঁ
নিজেই প্ৰমান পাব শ্যামকান্তৰ প্ৰতিভাৰ বিকাশ কিমান উচ্চখাপৰ, নহ’লে টেলিভিশ্বনত জানো
এলাপেচা নাটক প্ৰচাৰ হয় !
সময়মতে
টেলিভিশ্বনৰ চুইচ অন কৰি শ্যামকান্ত নিজেও দৰ্শক সকলৰ মাজত আসন গ্ৰহণ কৰি বহি পৰিল।
আৰু অলপ সময়ৰ পিছতেই তেওঁৰ ‘মুক্তিৰ সন্ধানত’ নাটকখন প্ৰচাৰ হ’ব। উত্তেজনাৰ
উত্তাপত শ্যামকান্তৰ সমস্ত শৰীৰ কঁপিবলৈ ধৰিলে। ইফালে পাকঘৰৰ পৰা ঘৈনিয়েকে টেটুফালি
চিঞৰি ক’লে, “ভলিউমটো অলপ বঢ়াই দিয়ক,নহ’লে আৰাম্ভ হ’লে মই গমেই নাপাম নহয়”।
যথাৰীতিমতে
টিভিৰ অনুষ্ঠান আৰাম্ভ হৈ গ’ল। দুই এটি সংগীতৰ অনুষ্ঠানৰ পিছত এগৰাকী সুন্দৰী গাভৰু
ওলাই ঘোষণা কৰিলে, “ আমাৰ আজিৰ আঞ্চলিক নাট্যানুষ্ঠানৰ নাট্য নিবেদন “মুক্তিৰ সন্ধানত
” নাটকখন ৰচনা কৰিছে………….., হঠাৎ টেলিভিশ্বনৰ পৰ্দাৰ পৰা সুন্দৰী নাৰীগৰাকী অন্তৰ্ধান
হৈ গ’ল আৰু তাৰ ঠাইত দেখা দিলে ইংৰাজী আখৰ কেইটামান “ Sorry For Interruption ”নাট্যকাৰৰ
নামটো আৰু শুনা নগ’ল । শ্যামকান্ত একেজাপে টিভিটোৰ ওচৰ পালেগৈ ,আৰু ইফালে সিফালে টিভিৰ
চুইচ ঘুৰাইও একো কাম নহ’ল। মুৰৰ ওপৰত বজ্ৰপাত পৰিলেও বোধহয় ইমান বেয়া নহ’ল হেতেন, শ্যামকান্তই
টিভিটো দুই হাতৰে ধৰি এটা জোকাৰণিও দিলে কিন্তু তাতো সুফল লাভ কৰিব নোৱাৰিলে। তেনেতে
দৰ্শক হৈ কাৰ্পেটৰ ওপৰত বহি থকা ‘ৰাতুল’ নামৰ ল’ৰাটোৱে চিঞৰি উঠিল, “শ্যামদা, টিভিটো
জোকাৰি, চুইচ ঘুৰাই পকাই একো লাভ নাই, নিশ্চয় টিভি চেণ্টাৰত বেয়া হৈছে,আপুনি দেখা নাই
জানো টিভিৰ পৰ্দাত কি লিখা আছে। শ্যামকান্তই সকলো জানিবুজিও শেষ চেষ্টা এটা কৰি চাইছিল
কিজানিবা…………..! পাকঘৰৰ পৰা ঘৈনিয়েকে চিঞৰি উঠিল, “ টিভিটো বন্ধ কৰি দিলে কিয় ? চাউণ্ডটো
বঢ়াই দিয়ক।
কিছুসময়ৰ
পিছত দেখা গ’ল টেলিভিশ্বনৰ পৰ্দাৰ পৰা “ Sorry For Interruption” বুলি লিখা আখৰ কেইটা
আঁতৰি গ’ল আৰু অভিনেতাই অভিনয় কৰি থকা দেখা পোৱা গ’ল। অপাৰ সাগৰৰ পাৰ পায় যেন শ্যামকান্তই
বহুখিনি সকাহ পালে। তথাপিও প্ৰথমে নামটো প্ৰচাৰ নোহোৱাৰ দুখটোৱে তেওঁৰ বুকুৰ ভিতৰত
বৰ বেয়াকৈ কোব মাৰিলে। তথাপি ভাবিলে ! কিজানিবা শেষত নামটো পুণৰ প্ৰচাৰ হয়েইবা !!
গুণসিন্ধু
কলিতাৰ কাষলৈ আহি শ্যামকান্তই কাণে-কাণে ক’লে, “এই নাটকখন আপুনি আগতে পঢ়া নাই যদিও
নাটকখনৰ দৃশ্যবোৰৰ পৰাই আপুনি বুজিব পাৰিব মই কিমান সতৰ্কতাৰে নাটকখনৰ ঘটনা প্ৰবাহক
গভীৰলৈ টানি লৈ যাবলৈ চেষ্টা কৰিছো।
ইফালে
দৰ্শকবৃন্দই অভিনয় চাই চাই তন্মই হৈ পৰিছে। হঠাৎ পুলকিত হৈ ওচৰৰে প্ৰবীণ হোমিওপেথিক
ডাক্তৰ সদানন্দ লহকৰে চিঞৰি কৈ উঠিল, “ আমাৰ শ্যামকান্তৰ মাজত যে ইমান গুণ লুকাই আছিল
সেয়াটো আগতে কোনো কালেই জনা নাছিলো, মোৰ মাজু ভাইটোৰ থিয়েটাৰ পাৰ্টি এটা আছে তোমাক
এবাৰ তাৰ লগত চিনাকি কৰাই দিম দিয়া। আহ!
মনে মনে থাককচোন ডাক্তৰ, বিৰক্ত হৈ গুণসিন্ধু কলিতাই বাধা দিলে। ইমান হৈ হাল্লা কৰিলে
ডাইলগবোৰ একো শুনা নাযায় নহয়।
শ্যামকান্তই
মাজে মাজে মহিলা সকলৰ ওচৰলৈ গৈ কাৰোবাৰ বুজোতে কিবা অসুবিধা হৈছে নেকি তাৰ খা-খবৰ লৈছে।
চকুফুৰাই ঘৈনিয়েকক দেখা নাপায় শ্যামকান্ত একেবাৰে পাকঘৰ পালেগৈ। ঘৈনিয়েকক ওচৰৰে জয়া
বাইদেউৰ লগত বাঁত বিষৰ বিষয়ে আলোচনা কৰি থকা দেখা পায়,শ্যামকান্তৰ খং মুৰৰ চুলিৰ আগ
পালেগৈ, আৰু খংৰে তেওঁ ঘৈনিয়েকক ক’বলৈ ধৰিলে, “ তুমি বাঁট বিষ লৈয়ে মৰিলা,ইমান এখন
সুন্দৰ নাটকনো তুমি কিয় চাবা! মগজুততো তোমাৰ ঘিউ বোলা কোনো পদাৰ্থই নাই”। এতিয়া শ্যামকান্ত
আৰু ক’ত সাৰে…….,টেলিভিশ্বনৰ শব্দ তল পেলাই ঘৈনীয়েকে টেটুফালি চিঞৰি দিলে, “কি ক’লে
? মোৰ মগজুত ঘিউ নাই ? আপোনাৰ তপা মূৰটোতনো কিমান ঘিউ আছে ? মূৰত ঘিউ থকা হ’লে নিজৰ
পত্নী,ল’ৰা-ছোৱালী,ঘৰ-সংসাৰ এৰি বৈৰাগী হৈ যোৱা নাটকহে লিখিবলৈ পায়নে ? আওঁ ! এনে কথা
শুনিলেও গা জ্বলি যায় পায়। কৈ থোৱা ভাল যে, শ্যামকান্তৰ নাটকখনৰ নায়কে সংসাৰৰ মায়াজালৰ
পৰা মুক্তিলৈ বৃন্দাবনৰ ফালে যাত্ৰা কৰিছে।
ঘৈনিয়েকৰ
সাংঘাটিক ভাৱ-ভংগী দেখি শ্যামকান্তৰ আৰু কথা বঢ়াবলৈ সাহস নহ’ল, আৰু টিভি ৰুমলৈ ঘুৰি
আহি টেলিভিশ্বনৰ সন্মুখত বহিলহি। তেতিয়া টেলিভিশ্বনত নাটকৰ শেষ দৃশ্যৰ অভিনয় চলিছে। গঁয়া,কাশি,বৃন্দাবনৰ
বাটে-পথে ঘূৰিও শ্যামকান্তৰ নাটকৰ নায়কে মুক্তিৰ একো আনন্দই নাপালে। শেষত গাঁওৰে মানুহ
এজন বাটত লগ পালে,সেই মানুহজনৰ মুখৰে নায়কে গম পালে যে তেওঁৰ ঘৰখনত বেমাৰ-আজাৰে ভীষণ
বিশৃংখলৰ সৃষ্টি কৰিছে, আৰু খবৰটো শুনিয়েই নায়কে এৰি থৈ যোৱা সংসাৰ খনলৈ পুণৰ উভতি
আহিল। নায়ক সংসাৰলৈ উভতি অহা কথাটোকে গুৰুত্ব দি বিবেকে এটি গীত আৰাম্ভ কৰিলে,
“…..আৰে…..মুকুটিৰ…..সন্ধান্ত…..” । বিবেকৰ গীত শেষ হঁও নহঁওতেই পুণৰ আকৌ টিভিৰ পৰ্দাত
দেখা পোৱা গ’ল সেই, “Sorry For interruption” বুলি লিখা ইংৰাজী আখৰ কেইটা । ইমান এক
উত্তেজনাপূৰ্ণ মুহূৰ্তত টেলিভিশ্বনটো পুণৰ বেয়া হৈ যোৱাত শ্যামকান্তৰ অৱস্থা কিমান
যে শোচনীয় হৈ পৰিছে সেইয়া নকলেও সহজেই অনুমান কৰিব পাৰি। শ্যামকান্তই একো উপায় নাপায়
একে ঠাইতে দাঁতে-দাঁত চেপিধৰি ৰৈ থাকিল।
কেইমিনিট
মানৰ পিছত আকৌ টেলিভিশ্বনৰ পৰ্দাত সেই সুন্দৰী গাভৰু গৰাকীৰ আবিৰ্ভাব হ’ল,আৰু ক’বলৈ
ধৰিলে, “……….নাটক খনত অভিনয় কৰা শিল্পী সকল হ’ল………”। কিন্তু “মুক্তিৰ সন্ধানত” নাটকৰ
নাট্যকাৰৰ নামটো টেলিভিশ্বনত আৰু শুনিবলৈ পোৱা নগ’ল।
গুণসিন্ধু
কলিতা দৰ্জাৰ ফালে আগবাঢ়ি গ’ল, যোৱাৰ সময়ত উপস্থিত সকলোৱে শুনাকৈ কৈ গ’ল,
“ নাটকখন সিমান একো ভাল হোৱা নাই,সেইকাৰণে নাট্যকাৰৰ
নামটো লুকুৱাই থৈ প্ৰকাশ নকৰিলে” ।
তেনেতে,
টেলিভিশ্বনৰ পৰ্দাত নাৰীগৰাকী আবিৰ্ভাৱ হৈ বেছ সুপষ্ট ভাষাৰে বুজাই দিলে যে, “নাটকখনি
আৰাম্ভ হোৱাৰ আগতে আৰু শেষ হোৱাৰ লগে লগে যান্ত্ৰিক বিজুতিৰ বাবে কিছুসময় অনুষ্ঠান
প্ৰচাৰ কৰাত ব্যাঘাত জন্মিছিল আৰু তাৰবাবে আমি দূৰদৰ্শন কেন্দ্ৰৰ কৃতপক্ষ আপোনালোকৰ
ওচৰত দু:খিত , নমস্কাৰ”।
(বিৰুবাৰী,
গুৱাহাটীৰ-১৬ ৰ পৰা প্ৰকাশিত
অসমীয়া মাহেকীয়া
আলোচনী “মন্দাকিনী”ৰ বিশেষ
শেৱালী সংখ্যা
(অক্টোবৰ-নবেম্বৰ’
১৯৯৬) ত
এই গল্পটি
প্ৰকাশ পাইছিল-:
দিগন্ত কুমাৰ
ভূঞা)
Comments
Post a Comment
If you have any doubts, please let me know.