Posts

Showing posts from 2021

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

অসমীয়া চুটি ছবি "পত্নী"

Image
  https://youtu.be/KFjDmccAt44 অসমীয়া চুটি ছবি " পত্নী " চিত্ৰনাট্য,আৱহ সংগীত, মুখ্য চৰিত্ৰত অভিনয়,চিনেমা সম্পাদনাঃ দিগন্ত কুমাৰ ভূঞা। ইউটিউবত মুক্তি পালে ঃ ২৮নবেম্বৰ,২০২১।

চিত্ৰকল্পত জোনাক (চুটি গল্প)

Image
চিত্ৰকল্পত জোনাক  "মা',  চকুকেইটা লাহে লাহে মেলকচোন,  । কিবা অলপ খাব নেকি । " সেইষাৰ কাৰ মাত! তেওঁ নিজে আছে ক'ত !!  লাহে লাহে চকু মেলি প্ৰনামী মহন্তই    দেখিলে, বিচনাৰ কাষতে তেওঁৰ পুত্ৰ  অভিক আৰু বোৱাৰী শ্বৱনম বহি আছে। বহু বছৰৰ মুৰত তেওঁ শ্বৱনমক দেখিলে ।  শ্বৱনমৰ ধুনীয়া চকুকেইটাত কাজলৰ পাতল প্ৰলেপ । কঁপালত সেন্দুৰ । ওঁঠকেইটাত পাতল লিপষ্টিকৰ বোল, সঁ‌চাকৈ বৰ ধুনীয়া  ছোৱালী শ্বৱনম ।   তেনেতে নাৰ্চে এখন কাগজ আনি দিলেহি, ..কিবা কিবি ঔষধ লাগিব কাগজখনলৈ...শ্বৱনম দৌৰাদৌৰিকৈ ওলাই গ'ল । ঔষধৰ তোপোলাটো লৈ শ্বৱনম অহাৰ পাছতেই অভিক ওলাই গ'ল ॥  আকৌ ডক্তৰৰ ঔষধ, ব্লাড।  ... সময় বোৰ পাৰ হ'বলৈ ধৰিলে। লাহে লাহে ৰাতি হৈ আহিল । অভিকে শ্বৱনমক যাবলৈ ক'লে ।  কিন্তু তাই ন'গল । গোটেই ৰাতিটো তাই প্ৰণামীৰ বিচনাৰ ওচৰত বহি  ৰ'ল। ৰাতিটোত তাই প্ৰায় পাঁচবাৰ মান তেওঁৰ শুকাই যোৱা ওঁঠকেইটা  কপাহত পানী লগাই ভিজাই দিলে । ৰাতিপুৱা উঠি তেওঁ দেখিলে  যে অভিক এটেন্দেন্টৰ বাবে থকা বিচনাত টোপনিত লাল কাল আৰু শ্বৱনম তেওঁৰ হাত এখনত ধৰি মজিয়াত বহি ...

গৌৰী দেৱীৰ কবিতা " তৰা অ"

Image
  তৰা অ দীপাৱলীৰ নিশাটোত  নাকান্দিবি তই  তৰাৰ চকুলোৱে পৃথিৱী তিয়াই  দীপাৱলীৰ জিলমিল ৰাতিটোত  প্ৰতিশ্ৰুত  সপোনৰ বালি ছন্দাত মৰূদ্যানৰ জীপাল আশা জিজ্ঞাসা  কেনেকৈ উষ্ম বালিয়ে শুহি থয়  বৰষুণৰ সেমেকা টোপাল  পদুমৰ চকাত  জীৱনৰ সুদৰ্শন  চক্ৰাকাৰ  জীৱন বৃত্তান্তৰ যাযাবৰী গদ্য প্ৰবাহমান তটিনী  প্ৰজ্বলিত  অগনি  নৈৰ বোৱতী সুতিত  জীৱন জাগৰূক অনুপম । ‍মাটিৰ চাকিতেই বৰণীয়া  জীৱনৰ ৰূপ দুদিনীয়া  মৃত্তিকাৰ গভীৰত নতুনৰ  পৰিচিত অংকুৰণ  এটি মদৰুৱা গজালি  দুটি কূঁহিপাতৰ  মধুৰ চয়ন  আলফুলে জিলিকি উঠে  বন নহৰুৰ ফুল  গধূলিগোপালৰ মিচিকি হাঁহি  পৰিক্ৰমা এটি দিনৰ আন্ধাৰৰ এটি ক্ৰন্দসী  নিৰলস ৰাতিৰ  মাটিৰ চাকিত জিলিক্ মিলিক ধৰাতল  দীপান্বিতাৰ  ৰাংঢালী ছন্দত... হেৰাই যোৱাৰ পাছতো  নৱপত্ৰিকাৰ নতুন জীৱন ... তৰা অ' দীপাৱলীৰ নিশাটৌত নাকান্দিবি তই ॥ গৌৰী দেৱী,তেজপুৰ Gauri Devi

বান্ধোন

Image
  বান্ধোন  ৰঙা কাপোৰ বোৰ পিন্ধিবলৈ মন যায় কেতিয়াবা তাইৰ ,কেতিয়াবা মন যায় উলাহৰ মাদলি হৈ গান গাই ফুৰিবলৈ ।হাঁহি হাঁহি দিন পাৰ কৰিব খুজিলেও তাই পিছলে ঘুৰি চালেই থমকি ৰ'ব লগা হয় ।  তাইৰো এটা জীৱন আছিল ।আয়তীৰ উৰুলিৰ মাজেৰে পবিত্ৰ হোমৰ গুৰিত তাইৰ বিবাহ হৈছিল । আৰু এতিয়া এনেকুৱা লাগে সৌ সিদিনাহে তাই যেন দৰাঘৰখন গছকিছিল ।  বিয়া মানেই তাইৰ মতে আছিল কঁপালৰ এটা ৰঙা আলি ..এটা ৰঙা বেলি । পাটৰ কাপোৰবোৰত চবতে লাগি ৰৈছিল চমকা চমক ৰঙা সেন্দুৰৰ দাগ ।গাৰুৰ গিলিপ  লেপৰ কভাৰ সকলোতে সেন্দুৰৰ দাগবোৰ স্থায়ী হৈ ৰৈ গৈছিল । তাইৰ আৰু অতি মৰমৰ আছিল হাতত পিন্ধা সৰু সৰু খাৰু কেইদালমান । সময়ৰ গতিময় ছন্দত সেন্দুৰৰ বোল কমি গৈছিল ..খাৰুবোৰো পিন্ধিবলৈ এৰিছিল তাই এপাতহে আছিল গৈ হাতত । সংসাৰৰ কঠিনতাত ক'ৰবাত পৰি ৰৈছিল  সাৱলীল জীৱনৰ ৰসপম । আৰু তাইৰ জীৱনৰ আটাইতকৈ কঠিনতম সময়ৰ মুখামুখিও তাই অকলেই কৰিছিল । সহমৰ্মিতা আৰু আস্থাৰ হাত এখন তাইৰ লগত নাছিল । বগা কাপোৰজোৰ পিন্ধি নিজক আইনাত চাই তাই বাৰে বাৰে মৰি গৈছিল ।কিয় কিয় ..অকল মোৰ লগত কিয় ।ৰং ভালপোৱা তাইৰ জীৱনৰ পদুলীৰ পৰা ৰঙ হেৰাই গৈছিল ।কিন্তু বগা ৰঙে...

চুটি গল্প "ঔষধ"

Image
  ঔষধ  " মোক এইকেইদিনৰ দৰমহাখিনি দি বিদায় দিয়ক বাইদেউ ",কান্দি কান্দি সৰস্বতীয়ে কোৱা কথাষাৰে মোক ভবাই তুলিলে । পইচা খিনি তাইৰ হাতত তুলি দি পিছদিনা এবাৰ ৰাতিপুৱাই আহিবলৈ কৈ মই দৌৰা দৌৰিকৈ  স্কুললৈ বুলি ওলাই গ'লো । পিছদিনা দেওবাৰ আছিল । ৰাতিপুৱাই সৰস্বতী আাহিল। একেৰাহে মুখত মিচিকি হাঁহি এটা লৈ ফুৰোৱা  মানুহ জনীৰ মুখখন মৰহি আছে ।  আহিয়েই অভ্যাসবসত: চৰিয়াটো উলিয়াই আটা সানিবলৈ আৰম্ভ কৰিলে । মই তাইৰ মনটো পঢ়িবলৈ যত্ন কৰিলো । তাইৰ ওচৰতে থাকি আলুখিনি কাটি ভাজিখন উঠাওমানে  তাই ৰুটিবোৰ বেলি বেলি সেকিবলৈ আৰম্ভ কৰিছে । ৰাতিপুৱাৰ ৰুটী  ভাজিৰ পৰ্ব্বটো সামৰি সৰস্বতী  সৰুমাছ খিনি  লৈ বহিল।সৰু সৰু বলিয়ৰা মাছ তাইৰ বৰ প্ৰিয় ।তাইৰ পছন্দৰ হেতু আমাৰ পাকঘৰত সৰু বলিয়ৰা মাছ সদায় থাকে বুলিলেও ভুল কোৱা ন'হব। মাছ বাচি থাকোতেও তাইৰ মুখখন দেখিলো অস্বাভাবিক ৰূপে গহীন ।  উপায় নাপায় মই  নিজেই আৰম্ভ কৰিলো ।  সৰস্বতীয়ে তাৰপিছত মোক যিখিনি কথা ক'লে শুনি মই ঠাইতে থৰ লাগিলো। তাইৰ মানুহটোৱে বোলে তাইক নতুনকৈ সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে ।  সন্দেহ গৈ এনেকুৱা এটা পৰ্য...

অসমীয়া শিশু সাহিত্যৰ আৰম্ভণী কালৰ এগৰাকী অবহেলিত শিশু সাহিত্যিক জননায়ক মহাদেৱ শৰ্মাৰ শিশু সাহিত্যত এভুমুকি:

Image
  Mahadev  Sarmah অসমীয়া শিশু সাহিত্যৰ আৰম্ভণী কালৰ এগৰাকী অবহেলিত  শিশু সাহিত্যিক জননায়ক মহাদেৱ শৰ্মাৰ শিশু সাহিত্যত এভুমুকি          অৰুণোদয় যুগত পাতনি মেলা আধুনিক অসমীয়া শিশু সাহিত্যই বিংশ শতিকাৰ প্ৰথম ভাগতেই আটাইতকৈ শক্তিশালী আৰু প্ৰাণবন্ত ৰূপত ধৰা দিছে সুসাহিত্যিক মহাদেৱ শৰ্মাৰ কলমৰ মাজেদি। আধুনিক অসমীয়া শিশু সাহিত্য মহাদেৱ শৰ্মাৰ কাপৰ পৰা নিৰ্গত হৈ পৰিপক্কতা লাভ কৰি পৰবৰ্তী সময়ত বিশাল আয়তন লাভ কৰিছে বুলি ক'লেও অতুক্তি কৰা নহ'ব। সহজ সৰল সাধু কথা কোৱা ভাষা শৈলীৰ ঔজিস্বতা, ভাৰতীয় আধ্যাত্মিকতাৰ বাণী নিহিত গভীৰ জীৱনবোধ, সকলো ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰকাশ, নৱপ্ৰজন্মক মূল্যবোধ, নৈতিকতাবোধৰ শিক্ষাৰে উজ্জ্বিবিত কৰাৰ চিৰন্তন দায়িত্ববোধ তেওঁৰ শিশু সাহিত্যৰ প্ৰধানতম বৈশিষ্ট্য । মুলত: এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে পৰিচিত শৰ্মাদেৱৰ এই প্ৰগাঢ় প্ৰতিভা বৰ্তমানেও উপেক্ষিত হৈ ৰোৱাটো কম পৰিতাপৰ বিষয় নহয়। বিংশ শতিকাৰ বিশৰ পৰা পঞ্চাশৰ দশক পৰ্যন্ত মহাদেৱ শৰ্মাৰ ৰচিত বিশাল শিশু সাহিত্যৰ সম্ভাৰে প্ৰজন্মৰ পিচত প্ৰজন্মক আলোকিত কৰি ৰাখিছিল। প্ৰখ্যাত গদ্য সাহিত্যি...

কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।

Image
  কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ। কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।   সহজাত ভাৱেই মোৰ লগত ওপৰত উল্লেখ কৰা শব্দ কেইটাৰ সম্বন্ধ। প্ৰথমে একো নুবুজিলেও যিহেতু এখন কলাকৌশল সমৃদ্ধ ঘৰত মোৰ জন্ম।গতিকে সৰুতেই মোৰ মনত সোমাইছিল কলা বস্তুটোনো কি জানিব লাগিব। তাতে এদিন মাই লুচি ভজা শলা এদাল তৈয়াৰ কৰি দিয়া মানুহটোক মোৰ সমুখতে কৈছিল "বৰ আৰ্টিষ্টিকেলী""বনালি দেই। স্কুল গৈ থাকোতেই কথাটো মোৰ মনত লাগি থাকিল।ক্লাছচেভেনৰ লৰা ।অলপ চোকা বুলিও নাম আছে গতিকে অৰ্থ জানিবই লাগিব। মোৰ পৰিয়ালে বৰ বেছিগুৰুত্ব নিদিয়াকৈ যি। বুজালে মোৰ মনঃপুত নহল। পিচদিনা গোপিমেধী চাৰক সুধিলো…! চাৰে কলে মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে নিজৰ সন্তুষ্টিৰ বাবে যতে ততে কিবা কিবি আকবাক কৰিব লগে ।গুহাৰ ভিতৰত ,বাহিৰত,গছৰ বাকলিত কিবাকিবি নিজৰ দেখাবস্তুৰ এটা আংশিক ৰূপ দিব চেষ্টা কৰিলে। এইবোৰকে পিচৰ সভ্যলোকে ভাষা গঠনৰ পিচত কলা বা  Art বুলিবলৈ ললে ।মোৰ জীৱনত এয়াই আৰ্টৰ প্ৰতি প্ৰাথমিক ধাৰণা হৈ ৰ'ল।এইট পাওতে মোক ককাদেউতাই কলে তুমি ৰেডিঅ'ত  নাটক কৰিব লাগিব ।তুমি মহাপুৰুষ গুৰুজনাৰ অংকীয়ানাট ৰ...

Bhabendra Nath Saikia

Image
  শ্ৰদ্ধাঞ্জলি Bhabendra Nath Saikia ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত জন্মলাভ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া ৰ অসমৰ সামগ্ৰিক জাতীয় জীৱনলৈ অৱদান আছিল অতুলনীয় । ২০০১ চনত ভাৰত চৰকাৰে তেখেতলৈ "পদ্মশ্ৰী"সন্মান আগবঢ়ায় । 'অসম উপত্যকা সাহিত্য বঁ‌টা' , "শ্ৰীমন্ত শংকৰদেৱ বঁ‌টা"ৰেও তেখেত সন্মানিত হৈছিল । কথাসাহিত্য,বিশেষকৈ গল্প সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ অসাধাৰণ কৃতিয়ে অসমীয়া সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।  এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা ,পৰিচালক,নাট্যকাৰ,উপন্যাসিক আৰু সম্পাদক হিচাপেও এইগৰাকী বৰেণ্যৰ অৱদান যাউতিযুগীয়া । "শৃংখল" গল্প সংকলনখনৰ কাৰণে সাহিত্য অকাডেমি বঁ‌টা লাভ কৰা শইকীয়া চাৰৰ আন কেইখনমান গল্প-সংকলন হ'ল 'প্ৰহৰী' ,'বৃন্দাবন', 'গহ্বৰ', 'আকাশ','সান্ধ্যভ্ৰমণ' আদি । ২০০৩ চনৰ ১৩ আগষ্টত মৃত্যু বৰণ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া চাৰক শ্ৰদ্ধাৰে স্মৰণ কৰো আহক বন্ধুসকল ।
 চলচ্চিত্ৰ জগতলৈ তেজপুৰৰ অৱদান। ভাবিলে আচৰিত লাগে যে অসমত প্ৰথম চলচ্চিত্ৰৰ জাগৰণ আৰম্ভ হৈছিল তেজপুৰত। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, গুৱাহাটী আদি নামী দামী অঞ্চল বোৰ থাকোতেও তেজপুৰৰ পৰা প্ৰথম চিনেমা শিল্পৰ বাট মুকলি হ'ল কেনেকৈ ?   অসমৰ প্ৰথম আৰু দেশৰ তৃতীয় খন সবাক ছবি 'জয়মতী'ৰ সৃষ্টি হৈছিল এই চহৰৰ পৰা ! ই কি ধেমালি কথা ?  এইখিনিতে অলপ ফ্লেছবেক কৰি আপোনাক লৈ যাব খুজিছোঁ ১৯৩০ চনৰ এখন ফুটবল খেলৰ মাজলৈ। স্থান বৰপেটা সৰভোগৰ বৰ নগৰ।স্থানীয় ফুটবল দল এটিৰ হৈ আমন্ত্ৰিত খেলুৱৈ হিচাপে  গুৱাহাটীৰ মেচুৱা বজাৰ আৰু খলিল বজাৰৰ ব্যৱসায় এৰি দুজন যুৱক  খেলিবলৈ গৈছে।এজন বিষ্ণু প্ৰসাদ ৰাভা আৰু আন জন ফণী শৰ্মা । বাবৰি শাকৰ দৰে চুটি চুটি চুলিৰে বিষ্ণু ৰাভা চেন্টাৰ ফৰৱাৰ্ডত আৰু গলকিপাৰৰ স্থানত ফণী শৰ্মা। বিষ্ণু ৰাভাৰ ভৰিত বল পাৰিলেই বিপক্ষৰ দলৰ সমৰ্থকে চিঞৰি উঠে 'বাবৰি ৱালাক ধৰ', 'বাবৰি ৱালাক ধৰ' । কিন্তু ফুটবলৰ চুড়ান্ত পৰ্য্যায়ৰ খেলত তেওঁলোকে জয় লাভ কৰি নিশাটো ৰেফাৰী ব্ৰজ শৰ্মাৰ ঘৰৰ অতিথি হ'ল। তেওঁৰ আবাসতে ফুটবল মেচ জিকাৰ আনন্দত ছাগলী মাৰি ভোজৰ আয়োজনো ...
 "#সাম্প্ৰতিক কালত অসমীয়া সন্তান পালন আৰু সামাজিক জীৱন-যাপন"           এই যুগ হৈছে বিশ্বায়নৰ যুগ আৰু এই বিশ্বায়নৰ যুগত পৃথিৱীলৈ সদায় নতুন নতুন পৰিবৰ্তন আহিব ধৰিছে। সকলো ফালেই নতুনত্বৰ প্ৰয়োভৰ। সমাজৰ কোনো এটা এনেকুৱা দিশ নাই য'ত পৰিবৰ্তন হোৱা নাই। এই পৰিবৰ্তনেই কঢ়িয়াই আনিছে এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতা হৈছে এক অঘোষিত প্ৰতিযোগিতা। নিজক সকলোতকৈ আগত প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতা। আনৰ যি হয় হওঁক এনে এক মানসিকতাৰ বাহক হৈ পৰিছে আমাৰ মন। চাৰিওফালে গঢ় লৈ উঠিছে ব্যক্তিকেন্দ্ৰিকতা, ভোগ সৰ্বস্বত্ত্বা ।যিয়ে অজি  প্ৰতিযোগিতা মূলক পৃথিৱীত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰে সেই মানুহৰ জীয়াই থকাৰ অধিকাৰো লাহে লাহে লুন্ঠিত হ'বলৈ ধৰিছে। সকলোৱেই যেন এক নিৰাপত্তাহীনতাত ভুগিছে। সেয়েহে এই বিশ্বায়নৰ যুগৰ পিতৃ-মাতৃৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বা নিৰাপত্তাৰ স্বাৰ্থতে একমাত্ৰ অৱলম্বন হিচাপে খামুচি আছে তেওঁলোকৰ সন্তানসকলক।  ইয়াৰ বাবে বাল্য কালৰ পৰাই তীব্ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ'বলৈ শিক্ষা পায় নতুন প্ৰজন্মই। প্ৰতিযোগিতাৰে ভৰা আজিৰ সমাজত শিশুসকলক এৰি দিয়াৰ বাবে পিতৃ-মাতৃয়েও...

মোৰ দৃষ্টিত নাটক

Image
  মোৰ দৃষ্টিত নাটকঃ মোৰ দৃষ্টিত নাটকঃ                                 ‘ নাটক ’ সাহিত্যৰ এক বিশেষ ভাগ বা শাখা । তাৰোপৰি নাটক এক শক্তিশালী গণমাধ্যম । নাটক এখন ৰচনা কৰোতে নাট্যকাৰে সামাজিক দায়বদ্ধতাৰে সামাজিক ক্ষেত্ৰখনৰ সামগ্ৰিক দিশত গুৰুত্ব প্ৰদান কৰাতো অতি আৱশ্যকীয় বিষয় । বিভিন্ন প্ৰকাৰৰ নাটক হ ’ ব পাৰে , কেৱল মাথো দৰ্শক - শ্ৰোতাক আনন্দ দিবলৈ মনোৰঞ্জনমূলক নাটক হ ’ লেও আদৰ্শগত উদেশ্যৰে কোনো বিশেষ ধৰণৰ বাৰ্তা থকাতো প্ৰয়োজন । সামাজিক বাতাৱৰণ , জীৱনৰ আনন্দ - সুখ - দুখ - হাঁহি - কান্দোন - হিংসা - বিদ্ৰোহ - সমস্যা ইত্যাদিৰ উপৰিও ; ইতিহাস , দেশপ্ৰেম , জাতিপ্ৰেম , সমাজৰ বিভিন্ন বিষয়ৰ সজাগতামূলক নাটক ইত্যাদি ভিন্ন বিষয়ৰ ওপৰত নাটক ৰচনা হয় — ।   # মোৰ দৃষ্টিত নাটক : অনাতাঁৰ , মঞ্চ , মুকলি মঞ্চ ,  বাটৰ নাট , দূৰদৰ্শণ আদিৰ বাবে নাট্য লেখক সকলে সেই বিষয়বোৰলৈ নাটক ৰচনা কৰে । এখন উপন্যাস বা এটি গল্প পাঠ কৰিলে তাৰ পূৰ্ণত...