ফ'ৰ লেনৰ দুখ

চিত্ৰকল্পত জোনাক
"মা', চকুকেইটা লাহে লাহে মেলকচোন, । কিবা অলপ খাব নেকি । "
সেইষাৰ কাৰ মাত! তেওঁ নিজে আছে ক'ত !!
লাহে লাহে চকু মেলি প্ৰনামী মহন্তই
দেখিলে, বিচনাৰ কাষতে তেওঁৰ পুত্ৰ
অভিক আৰু বোৱাৰী শ্বৱনম বহি আছে।
বহু বছৰৰ মুৰত তেওঁ শ্বৱনমক দেখিলে ।
শ্বৱনমৰ ধুনীয়া চকুকেইটাত কাজলৰ পাতল প্ৰলেপ । কঁপালত সেন্দুৰ । ওঁঠকেইটাত পাতল লিপষ্টিকৰ বোল, সঁচাকৈ বৰ ধুনীয়া ছোৱালী শ্বৱনম ।
তেনেতে নাৰ্চে এখন কাগজ আনি দিলেহি, ..কিবা কিবি ঔষধ লাগিব কাগজখনলৈ...শ্বৱনম দৌৰাদৌৰিকৈ ওলাই গ'ল ।ঔষধৰ তোপোলাটো লৈ শ্বৱনম অহাৰ পাছতেই অভিক ওলাই গ'ল ॥ আকৌ ডক্তৰৰ ঔষধ, ব্লাড। ...সময় বোৰ পাৰ হ'বলৈ ধৰিলে। লাহে লাহে ৰাতি হৈ আহিল । অভিকে শ্বৱনমক যাবলৈ ক'লে । কিন্তু তাই ন'গল । গোটেই ৰাতিটো তাই প্ৰণামীৰ বিচনাৰ ওচৰত বহি ৰ'ল। ৰাতিটোত তাই প্ৰায় পাঁচবাৰ মান তেওঁৰ শুকাই যোৱা ওঁঠকেইটা কপাহত পানী লগাই ভিজাই দিলে ।
ৰাতিপুৱা উঠি তেওঁ দেখিলে যে অভিক এটেন্দেন্টৰ বাবে থকা বিচনাত টোপনিত লাল কাল আৰু শ্বৱনম তেওঁৰ হাত এখনত ধৰি মজিয়াত বহি মুৰটো বিচনাত থৈ শুই আছে ।
মনটো দুখৰে ভৰি গ'ল তেওঁৰ । নাচি ভাল পোৱা শ্বৱনমক নাচনী বোৱাৰী নালাগে বুলি তেওঁ ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল । আনকি ছৱি আঁকি ভালপোৱা শ্বৱনমে ইজেলত তুলিকা লৈ ব্যস্ত হৈ থাকোতে তেঁও বিভিন্ন অজুহাতত তাইক মাতি থাকিছিল ।
ওচৰতে থকা অভীকৰ বায়েকে মাকক বুজোৱাৰ সলনি শ্বৱনমলৈ আঙুলী টোঁৱাইছিল । মাকক সময় নিদিয়া বুলি বাৰে বাৰে অভীকক গোচৰ দিছিল । আৰু এদিন .....
সেইদিনা মাকে কৈছিল বায়েক আহিব পৰিয়ালৰ সৈতে গতিকে সোনকালে ৰন্ধাবঢ়া কৰি আজৰি হ'ব লাগে । শ্বৱনমে মাকক চিন্তা কৰিবলৈ মানা কৰি সকলোবোৰ তৈয়াৰী কৰি অকনমান বজাৰলৈ গৈছিল । আৰু তেওঁ খঙৰ আতিশয্যত এক মগ পানী মাৰি পঠিয়াইছিল শ্বৱনমে তেতিয়া মাত্ৰ শেষ কৰি যোৱা ছৱিখনত । অথচ কিমান কষ্টেৰে তাই আঁকিছিল ছৱিখনৰ কুঁৱলীবোৰ ...এটা অপসৃয়মান প্ৰতিচ্ছৱি ....এজাক কহুঁৱা আৰু এজাক হাঁহি । তেওঁ দেখিও নেদেখাৰ নিচিনা কৰিছিল তাইৰ কষ্টবোৰ ।
বজাৰৰ পৰা ঘুৰি আহি শ্বৱনমে হুৰাও-ৰাওকৈ কান্দিছিল । অভীকে কৈছিল "কি কৰিলা মা ..সেইখন শ্বৱনমৰ হৃদয় আছিল "।
নাই প্ৰনামী মহন্তই শুনা নাছিল । আৰু একপ্ৰকাৰ বাধ্য কৰাইছিল ঘৰ এৰি গুচি যাবলে সিহঁত দুয়োটাকে ।
বেলেগ এখন জেগালৈ ট্ৰেন্সফাৰ হৈ অভীকে লৈ গৈছিল শ্বৱনমকো ।
অভীক আহি আছিল কিন্তু শ্বৱনম অহা নাছিল। তেওঁৰো অলপো ইচ্ছা নাছিল তাইক চাবলৈ। যোৱাকালিৰ ঘটনাবোৰ মনলৈ আহিছে তেওঁৰ । শুই উঠিয়েই বাগৰি পৰিছিল তেওঁ । কোনোমতে ফোন কৰি অভীকক খবৰটো দিছিল । তাৰপিছত তেওঁৰ একো মনত নাই । আৰু এতিয়া হস্পিটেলত । ডক্তৰে কৈছে তেওঁৰ বোলে ইউটেৰাচ অভাৰি সকলো ৰিম'ভ কৰিব লগা হ'ল । বহুত ব্লাডৰো দৰকাৰ হৈছে । চেলাইনটো সলাবলৈ অহা নাৰ্চগৰাকীক তেওঁ সুধিলে ...."মোক ব্লাদ কোনে দিলে চিষ্টাৰ ...."
চিষ্টাৰগৰাকীয়ে শ্বৱনমলৈ চালে ..."
আৰু এটা হাঁহি মাৰি ওলাই গ'ল ।
প্ৰনামী মহন্ত বহাতে ৰৈ গ'ল ...চকুলোবোৰ গিৰগিৰাই ওলাইছে ....লগতে উচুপনি ..সৌৱা আগবাঢ়ি আহিছে শ্বৱনম । মৰমৰে সাৱটি ধৰিছে তেওঁক । পৰম আশ্বাসেৰে হাত বুলাই দিছে পিঠিত । হস্পিতালখনৰ এটা মুৰত থকা কনমানি কেৱিন টোত এতিয়া জোনাকেই জোনাক ।
গল্পকাৰঃ গৌৰী দেৱী, তেজপুৰ
Comments
Post a Comment
If you have any doubts, please let me know.