সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।

 


কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।

কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।

 সহজাত ভাৱেই মোৰ লগত ওপৰত উল্লেখ কৰা শব্দ কেইটাৰ সম্বন্ধ। প্ৰথমে একো নুবুজিলেও যিহেতু এখন কলাকৌশল সমৃদ্ধ ঘৰত মোৰ জন্ম।গতিকে সৰুতেই মোৰ মনত সোমাইছিল কলা বস্তুটোনো কি জানিব লাগিব। তাতে এদিন মাই লুচি ভজা শলা এদাল তৈয়াৰ কৰি দিয়া মানুহটোক মোৰ সমুখতে কৈছিল "বৰ আৰ্টিষ্টিকেলী""বনালি দেই। স্কুল গৈ থাকোতেই কথাটো মোৰ মনত লাগি থাকিল।ক্লাছচেভেনৰ লৰা ।অলপ চোকা বুলিও নাম আছে গতিকে অৰ্থ জানিবই লাগিব। মোৰ পৰিয়ালে বৰ বেছিগুৰুত্ব নিদিয়াকৈ যি। বুজালে মোৰ মনঃপুত নহল। পিচদিনা গোপিমেধী চাৰক সুধিলো…! চাৰে কলে মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে নিজৰ সন্তুষ্টিৰ বাবে যতে ততে কিবা কিবি আকবাক কৰিব লগে ।গুহাৰ ভিতৰত ,বাহিৰত,গছৰ বাকলিত কিবাকিবি নিজৰ দেখাবস্তুৰ এটা আংশিক ৰূপ দিব চেষ্টা কৰিলে। এইবোৰকে পিচৰ সভ্যলোকে ভাষা গঠনৰ পিচত কলা বা  Art বুলিবলৈ ললে ।মোৰ জীৱনত এয়াই আৰ্টৰ প্ৰতি প্ৰাথমিক ধাৰণা হৈ ৰ'ল।এইট পাওতে মোক ককাদেউতাই কলে তুমি ৰেডিঅ'ত  নাটক কৰিব লাগিব ।তুমি মহাপুৰুষ গুৰুজনাৰ অংকীয়ানাট ৰামবিজয়ৰ 'ৰাম" হ'ব লাগিব।বহুআখৰাৰ পিচত নাট কৰিলো।পিচত আকৌ কৃষ্ণ। ৰেকৰ্ডিংকৰি আহি থাকোতে আমাৰ লগত যোৱা।মাৰ মোমাইদেউৱেকে কৈছিল সোন তোৰ লৰা "ৰেডিঅ আৰ্টিষ্ট"" হ'ল।এইটোও মোৰ বাবে নতুন শব্দ।ৰামবিজয় ৰেডিঅত হোৱা প্ৰথম অংকীয়া।নাট। পিচদিনা স্কুলত মেধী চাৰে মৰম কৰি খলে তোৰ খবৰটো পালো।অহা সপ্তাহত ৰেডিঅত দিব আমি শুনিম আৰু তই যে টকাপাবি আমাক খুৱাব লাগিব।মই চাৰক কলো চাৰ ৰেডিঅ' আৰ্টিষ্ট মানে কি?

চাৰে মোলৈ চাই যি খিনি কলে তাৰপৰা বুজিলো যে মুল কথা আৰ্ট তাৰপিচত আৰ্টিষ্ট ৰেডিঅ' আৰ্টিষ্ট বহুত পিচৰ কথা। বিশ্বব্যাপি যি ভাৱ চিন্তা নিজৰ সুসফল ৰূপৰে আঁকি বা কৈ অথবা অংগিভংগিৰে দেখুৱাই সেয়াই আৰ্ট বা কলা। যি কৰে তেওঁ হ'ল আৰ্টিষ্ট।

পৰীক্ষা আহি আছে পৰীক্ষাৰ পিচত মই তোক লিখি দিম।আৰু নিজে কিতাপ বিছাৰি পঢ়ি বুজিবি ।সেয়াই, মোৰ অন্বেষণৰ আৰম্ভণি। পৰীক্ষাৰ পিচত চাৰে মোক কৈছিল…ইংৰাজীত লিখিদিলো।পঢ়ি বুজিবি।চাৰে কোৱা কথা বহুত পাহৰিলো ।মোৰ যি  মনত আছে সেয়া হ'ল…..................

 The beautiful creation of God has the ability to Step foward and creative Innovative ideas which has given God within the Human . God's best They have gradually tried to expressed their thoughts and feelings my making some sign Later those considered Art.....over the centuries the styles of visual arts sculpture, painting,and drawing have changed.

তই ডাঙৰ হলে নিজে পঢ়ি বুজিবি।বহু বছৰ পাৰহ'ল।নিজে নাটক ভাওনা কৰিলো।কিন্তু মোৰ যিটো  Urge আছিল সেইটো তলপৰিল।কলেজ বিশ্ববিদ্যালয়।ল কলেজ বিএড কলেজতো সেইভাৱটোৱে জোৰ নকৰিলে। এসয়ত নাটক কৰাত কৈ চোৱাত লাগিলো। তেতিয়াই মোৰ মনলৈ পুনৰ পুৰনি ভাৱটো আহিল।বহু লোকক সুধি কিতাপ পঢ়ি বহু কলাৰ কথা গম পালো সংখ্যা পালো, ৬৪ কলা। নামবোৰো জানিলো.। তেতিয়াই গম পালো বাচিক কলা আৰু পৰিবেশ্যে কলাৰ কথা……

কলা কৃষ্টি আৰু জনসাধাৰনঃ 

 মানৱ সভ্যতাৰ বিকাশ অতি দ্ৰুত গতিত হৈছিল। যিটো গতিয়ে মানহক গছৰ পৰা মাটিলৈ নমালে সেই গতিয়ে যেন  সময়কো চেৰপেলালে। বনৰীয়া মানৱক অন্ততঃ গুহাবাসী কৰালে। জন্তু বা আনকিবা উৎসৰ পৰা হ'ব পৰা বিপদৰ পৰা নিৰাপত্তা বিচৰাধাৰনাটো হাজাৰ হাজাৰ বছৰ আগৰ পৰাই মানৱৰ বুকুত সোমাল।লগেলগে হয়তো সেইসময়ৰ জীৱনৰ পৰা আগুৱাই যোৱাৰ চিন্তা মনলৈ আহিল।

 মানৱ সভ্যতাই আনন্দ দুখ বুজাৰ কথাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰকোনো নিৰ্দিষ্ট দিন বাৰ নাই! হয়তো প্ৰাকৃতিক বিপৰ্য্যয়ৰ সময়ত ওলোৱা মুখৰ শব্দই দুখ বা ভয় বুজোৱা হ'ল। সেই অৱস্থা বা বিপৰ্য্যয় পাৰ হোৱা সময় খিনিৰ মুখভংগী আৰু শব্দই হল সুখৰ অভিব্যক্তি।

সেই সময়ৰ বাতাৱৰণত চিন্তাকৰিব পৰা কোনো গুণীজ্ঞানী গুহামানৱে ভয় দুখৰ মানৱীয় অনুভূতিৰ ৰূপ গুহাৰ বেৰত আঁকি বাকি ৰাখিলে। প্ৰথম কোনে ক'ত আঁকিছিল তাৰ কোনো নিৰ্দিষ্ট তথ্যনাই ! বহুসময়ৰ ব্যৱধানত আধুনিক পৃথিবীৰ বিভিন্ন ঠাইত বহু ধৰনৰ সভ্যতাৰ প্ৰমান পোৱা গৈছে। কিন্তু   "ডাৰাউইনৰ লষ্ট লিংক" থিঅ'ৰীৰ দৰে হৈ আছে সকলো। কণী আগতে হ'ল নে চৰাই আগতে হ'ল…এই অমিমাংসীত ধাৰনাৰ দৰে বহু কথা বাকী আছে। কিন্তু এটা কথাত সকলো আছৰিত হব লগীয়া যে সেই আদি মানৱৰ মনলৈ অহা  বিভিন্ন উৎসৰ পৰা হোৱা ধ্বনিক অনুকৰন কৰা বা সেই ধ্বনিৰে দুৰৰ পৰা দুৰলৈ সংকেট দিয়া পদ্ধতি উদ্ভাৱন কৰা। এতিয়া আফ্ৰিকা মহাদেশৰ কোনো দেশৰ গহিন অভ্যন্তৰত এই ধ্বনিয়েই যোগাযোগৰ মাধ্যম। ঘন অৰন্যৰ মাজত গৰিলা বিলাকে খাদ্য চিকাৰ কৰা বা পোৱাৰ পিচত বুকু চপৰিয়াই ঘুৰি ঘুৰি নচাটোৱেই সম্ভৱতঃ মানৱৰো আনন্দ প্ৰকাশৰ পিচৰ লক্ষন।এয়াই প্ৰথম কলা বা কৃষ্টি।

বহু হাজাৰ বছৰ পিচত সভ্য বিজ্ঞানীয়ে আবিস্কাৰ কৰিলে, তাহানিৰ গুহা মানৱে অংকন কৰা চিহ্নবোৰ সেই সময়ৰ গুহা মানৱৰ চিন্তাৰ প্ৰতিফলন। গৱেষণামূলক কামকাজৰ পিচত মায়া সভ্যতাৰ গুহাৰ চিত্ৰত পোৱা ভংগি বোৰ এক সংযোগ মাধ্যমৰ ধ্বনি।এয়াই  প্ৰাচিন ধ্বনি বিজ্ঞান।

পিচলৈ ধ্বনি বোৰক আধাৰ কৰি বৰ্ণ তৈয়াৰ হ'ল। ধ্বনিক  ভিত্তি কৰি বৰ্ণ কৰাটো এটা ঐতিহাসিক কথা।আজিৰ অসমীয়ামানুহে নিজৰ ভাষাৰ বৰ্নক মনত ৰাখিব নোৱাৰে। বিদেশী ভাষা ভাষীয়ে নিজৰ ভাষাৰ ক্ষেত্ৰত বহুত সচেতন। অৱশ্যে এটা কথা মানিব লাগিব তেওঁলোকৰ বিশেষকৈ ইংৰাজী ভাষা বৰ সহজ।তেওঁলোকৰ ভাষাৰে কিবা।লিখিবলৈ হলে ঘনে ঘনে হাত উঠাই থাকিব নালাগে।তেওঁলোকত স্বৰ বৰ্ণ ব্যঞ্জনবৰ্ণ একে গতৰে লিখা হয়।

যি নহওক নিজৰ ভাষাৰ গুৰুত্ব সদায় আগস্থানত। বৰ্ণৰ ব্যৱহাৰৰ লগে লগে বহু কথা ৰচিত হ'ল।

কলাকৃষ্টিৰ ভাগ পৰিবেশ্য কলাঃ

মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ বহু  গৱেষণামূলক লিখনি মানুহেপঢ়িছে।।মানুহৰসভ্যতাৰ বিবৰ্তন হ'ল আৰু মানুহৰ সময়ৰো নাটনি হ'ল। যন্ত্ৰৱত দৈনন্দিন জীৱন যাপনৰ মাজত বিৰক্ত হৈ এসময়ত মানুহে অৱসৰৰ ক্ষন্তেকীয়া মুুহুৰ্তক সজীব কৰিব খুজিলে।এনেধৰে এক অন্বেষণ কৰোতেই শাস্ত্ৰত উল্লেখিত ৬৪ কলাৰ কথা আহিল ।সেই কলাক সেই অংকৰে চিহ্নিত কৰা হ'ল।

আভিধানিক অৰ্থৰে আৱদ্ধ সেই কলা সমুহক মনত নলৈও কিছু  কামকাজক কলা বুলি চিনিব পৰা হল।তিৰোতাৰ ১৬কলা বুলি কওঁতে যি বুজা যায় সেয়া হ'ল গঢ়ন। বিভিন্নকোষ...., যিদৰে চন্দ্ৰৰ বৰ্দ্ধিত গঢ়ন-এয়া টিচু ।

আলোচিত কলা হ'ল বিদ্যা। নৃত্য ,গীত, চিত্ৰন ,লিখন, মাটিৰে বা কাঠৰে গঢ়া বিদ্যা।এই বিদ্যাৰে সংখ্যা ৬৪! আজিৰ তাৰিখত ইয়াৰ সংখ্যা বাঢ়িল। কিন্তু লিখনবিদ্যা বা কলাৰ গুৰুত্ব অসীম।লিখন বিদ্যা বা কলাক আশ্ৰয় কৰি বাকী কলাগঢ় লয় এই লিখন কলাক কোৱাহয় বাচিক কলা। এইকলাই যি ৰূপধৰাব খোজে তাকে পৰিবেশ্যকলা বোলে।

পৰিবেশ্য কলাঃ

পৰিবেশ্যকলাই নিৰ্দিষ্ট ৰূপ ( Form)ৰ  মাজেদি স্বৰূপাৰ্থত বাচিক বা লিখিত কলাক চাক্ষুষ ৰূপদিয়ে।পৰিবেশ্য কলাৰ মাধ্যমৰে গীত-পদ, বচন-প্ৰবচন লোকোক্তি প্ৰজ্ঞোক্তি,শ্ৰুতিজনশ্ৰুতি, কাহিনীগীত বাচিকলিখিত নাট নাটক আদিৰে নৃত্য গীত বাদ্য বাজানা অভিনয় আদিৰ মাজৰে দৃশ্যশ্ৰব্য ৰূপ পৰিগ্ৰহ কৰে।

নিৰ্বাহিক নিৰ্বাহিকা সকলে(যি পোনপতীয়াকৈ জড়িতহৈ থাকে) সকলো বিশেষ নিয়ম নিৰ্দেশ মানি সমাজৰ আগত নৃত্যগীত বাদ্যৰে অভিনয়কৰে। এই পোনপতিয়া চাক্ষুস অৱলোকনক কোৱা হয় পৰিবেশ্যকলা।ইংৰাজীত Performing arts form.

অসমত কলা প্ৰদৰ্শনৰ ইতিহাস আৰম্ভ হ'ল ১৫শতিকাৰ পৰা। পশ্চিমৰ দেশতো পুৰ্নপৰ্য্যায়ৰ বিকশিত ৰূপও প্ৰায় সমসাময়িক যদিও ২৫০০বছৰীয়া এক ইতিহাস গ্ৰীক সকলৰ আছে।কিন্তু চেক্সপিয়েৰৰ দিনৰ পৰাহে ই পুৰ্ন বিকশিত হল।হয়তো মহাপুৰুষ শংকৰ দেৱৰ  প্ৰথম প্ৰদৰ্শন "" চিহ্নযাত্ৰা"নাট আধুনিক বিশ্বৰ প্ৰথম পুৰ্নপৰ্য্যায়ৰ পৰিৱেশ্যকলা। মহাপুৰুষ গুৰুজনাই চিহ্নযাত্ৰাত যি পট আঁকি ব্যৱহাৰ কৰিছিল

সেয়াই বিশ্বৰ প্ৰথম চেটিংচ। গুৰুজনাই সেই নাটত নিজে অভিনয় কৰিছিল। চিহ্নযাত্ৰাৰ প্ৰায় ৯০বছৰৰ পিচতহে চেক্সপিয়েৰৰ জন্ম। যি নহওক সকলো কলাৰ ভিতৰত পৰিবেশ্য কলাৰ গুৰুত্ব বেছি।

সমগ্ৰ ভাৰতীয় উপমহাদেশত ৰাজ্যভেদে অঞ্চল ভেদে নিজা কৃষ্টি সংস্কৃতিৰ নিৰবিচিন্ন চৰ্চা চলি থাকে বা আছে।কিছু পৰিবেশ্য কলা আৰু কিছু দীৰ্ঘসূত্ৰি পৰিবেশ্যকলা।এইকলা নামত পাৰ্ফৰ্মিং কিন্তু কামত নহয়। কাৰন পৰিবেশ্য কলা সদায় Live...

বহুদিন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থাকি বিভিন্নকলা সংস্কৃতিৰ ৰূপ দেখি মোৰ এটা ধাৰনা হৈছিল।অসমলৈ আহি একেৰাহে বহু অনুস্থান ,প্ৰদৰ্শন চাই এক নতুন ধাৰনা হ'ল। যোৱা ৫বছৰত বহু নাটক চালো। বহু নাটকৰ মুহুৰত অনুস্থানৰ পৰা প্ৰদৰ্শনৰ সময়লৈকে দৰ্শক হলো। পেচাদাৰী অপেচাদাৰী দুয়ো দলৰে নাটক চাই মোৰ ধাৰনা হ'ল যে, পৰিবেশ্য কলাৰ  কঠিনতম ৰূপ অভিনয়।


পৰিবেশ্য কলাৰ  কঠিনতম ৰূপ অভিনয়ঃ

দক্ষিন এচিয়া উপমহাদেশৰ  প্ৰায়বোৰ অঞ্চলতে পৰিবেশ্য কলাৰ নিদৰ্শনআছে।ভাৰতীয় উপমহাদেশৰ ঊত্তৰপূব অঞ্চলতো বহুশতিকাৰ আগৰপৰা বহুবিধকলাৰ নিদৰ্শন বা উল্লেখ আছে ।ইয়াৰপ্ৰদৰ্শন বা উপভোগ বহুদিনধৰি কৰি অহা হৈছে। ইয়াৰে  অসমৰ বিভিন্ন লোক কলা আৰু সংস্কৃতিৰ  ভিতৰত জনপ্ৰিয়তাৰ শীৰ্ষত আছে বিহু।বিহুহৈছে অসমৰ লোক সংস্কৃতি। ইয়ো এক পৰিৱেশন কৰা কলা।কেতিয়াৰ পৰা এইকলাৰ প্ৰচলন হ'ল তাৰকোনো বিৱৰণ নাই !কৃষিজীৱি অসমীয়াৰ বুকুৰ আপোন বিহু অসমীয়া জাতিৰ জন্মলগ্নৰ কৃষ্টিবুলি থাউকতে ধৰাহয়।অসমৰ অজস্ৰলোক কলাৰ ভিতৰত ওজাপালিক যথেষ্ট গুৰুত্ব দিয়াহয়।এই ওজাপালিত থাকে অভিনয় আৰু কথকতা।

ডাঠি কব নোৱাৰিলেও খৃঃপূ ১ম আৰু২য় শতিকাৰ যিবোৰ কলাৰ কথা ভৰতমুনিৰ নাট্যশাস্ত্ৰত উল্লেখ আছে সেই সমুহৰ মাজৰে একধাৰা কামৰূপৰ ওজাপালিৰ আদিৰূপ বুলি ধৰিব পাৰি। ওজাপালিৰ বাহিৰে যি বিলাকত এক জনসংখ্যা জড়িত হয় আৰু কিছু অলিখিত নিয়ম মানি বাদ্য আৰু কন্ঠৰে নিৰ্দিষ্টকাৰ্য্য সমাপন কৰা হয়,সেইবোৰক লোকাচাৰ বোলাহয়। লোকাচাৰ,কৃষ্টি,সংস্কৃতি আদিৰ নাম সমুহেই নিজৰ নিজৰ চিনাকি দিয়ে।এটা জাতিৰ নিজস্ব কলা সংস্কৃতি থাকে।কিন্তু কলাও বেলেগ সংস্কৃতিও বেলেগ।সেয়ে চৰকাৰী ভাৱে ইংৰাজী ভাষাৰে দুইটাক পৃথককৰি Art and cultureকৰাহৈছে। এজন শিলাকুটিয়ে নিজৰ নৈপুন্যতাৰে এটা শিলত যদি কিবা অংকন কৰে সেয়াহ'ব কলা। এগৰাকী লোকে কিবা সুন্দৰকৈ তালমান ৰক্ষাকৰি গাব পাৰিলে সিয়ো হ'ব কলা। গীত নৃত্য বাদ্য আদি সুকীয়া বা এক কৰি গোৱা,বজোৱা বা নচা সকলোৱেই একবিদ্যা বা কলা।

এটা কথা সকলোৱে জনা উচিত যে এই কলাসমুহৰ এক বিশেষ বিশালক্ষেত্ৰ আছে।সেয়া হ'ল পৰিবেশন কৰা কলা। গীত মাত নাচ বাগ আদি বহুবিধ পৰিবেশন হয়। সকলো কলা পৰিবেশন নহয় পৰিবেশন হোৱা কলাক পৰিবেশ্যকলা বা ইংৰাজীত Performing arts form বুলি কোৱা হয়।এই কলা Live হয়। গতিকে বিহু বা গুৰুজনৰ অংকীয়া ভাওনা,নানান ধৰনৰ গীত নাচ যাৰ সমুখত  চাওঁতা বা দৰ্শক থাকে সেইসকলো বোৰ পৰিৱেশনৰ কলা।

ছবি অকা,শিলৰ ভাস্কৰ্য্য তৈয়াৰ কৰা আদি বহু কলা গুৰুত্বপূৰ্ণ হয়ো পাৰফৰ্মিং আৰ্ট নহয়। অতি জনপ্ৰিয় জনতাৰ লগত জড়িত চিনেমা,চিৰিয়েল ও নহয়। সৰুছোৱালীএজনীয়ে চাওঁতাৰ আগত ৮মিনিটৰ চালিনাচ এটা নাচিলে সিয়ে এক পৰিবেশনা হ'ব।বা পৰিবেশ্য কলাহ'ব। পৰিবেশ্য কলাৰ সমুহ উপাদান কলা হ'ব,  কিন্তু সকলো কলাই পৰিবেশ্য কলা নহয়।

 ক।লা সংস্কৃতি ,লোকাচাৰ আৰু পৰিবেশ্য কলাঃ

সকলোবোৰ শিল্পকলাৰ অন্যতম পৰিবেশ্যকলাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ ভুমিকা  লোৱা নাটকৰ বিষয়ে নাটকসংক্ৰান্তীয় গৱেষণামূলক কাৰ্য্যত লিপ্তসকল বা গৱেষেক সকলৰ বাহিৰে আনে ভালকৈ নাজানে।যদিও প্ৰায়বোৰ দেশৰে নিজৰ নিজৰ পাৰফৰ্মিং আৰ্ট ফৰ্ম  আছে সেই বিলাকৰ ভিতৰত যে নাটক সমুহে এক বিশেষ ভুমিকা লৈ আহিছে সেয়া  সেই দেশৰ জনগনে জনাৰ উপায়  নাই! গতিকে আমি নাটক নো কি প্ৰথমে জানি লোৱা ভাল।

সংস্কৃতি ,লোকাচাৰ আৰু পৰিবেশ্যকলাৰ অন্যতম গুৰুত্বপুৰ্ন উপাদান নাটকঃ

বহুবছৰৰ পৰা নাটক সমুহ প্ৰদৰ্শিত হৈ আহিছে।কি প্ৰাচ্য কি পাশ্চাত্য সকলোৰে মাজত নাটকৰ আদৰ আছে  গ্ৰীক সকলে ২৫০০বছৰৰ আগত কৰিছিল।প্ৰাচ্য ধৰ্মীয়শাস্ত্ৰ অনুসৰি হাজাৰ বছৰ ধৰি কৰি আহিছিল ক্ৰমান্বয়ে ইয়াৰ ৰূপ সলনি।হ'ল।দেৱতাৰ তুষ্টিৰ পৰা মানুহৰ সন্তুষ্টিৰ কথা আহিল। আচলতে নাটক নো কি সেইটো বৰ সুন্দৰকৈ পশ্চিমৰ লেখক চিন্তাবিদে কৈছে.........., "Drama has been delighting people for at least 2500 years.A Broadway musical and all soap opera are different work of Drama.What they have in common is the presence of actors..who perform a story, (the  play).in a theatrical settings to entertain  an  audience and  ..

 MADE THEM THINK ……………………………………

Dramatist ( writers of the drama)use their art to entertain or thrill their audience or  more seriously to explore human characters and raise questions of nature and meaning of life.

সম্ভবতঃ এইকথা খিনি নাটক সংক্ৰান্তত কোৱা আটাইতকৈ ধুনীয়া কথা। তাহানিৰে পৰা চলি অহা পশ্চিমীয়া নাটক সংক্ৰান্তত কোৱা পশ্চিমৰ লেখকৰ কথা প্ৰাচ্যতো খাটে।

কি সংস্কৃত নাটক বা পশ্চিমৰ।নাটক অথবা অসমৰ অংকীয়া নাটসকলোতে দুটা কথাৰ মিল আছে।নাটকৰ কাহিনী আৰু দৰ্শক। সময় পাৰ হোৱাৰ লগে লগে নাটকৰ  আমুলপৰিবৰ্তন হ'ল।পৰিবেশ্য কলাৰ বাকীখিনিৰ চকুত লগা কিছু পৰিৱৰ্তন হল যদিও পিচৰ নাট্যশৈলীয়ে নিজেই এক বিবৰ্তন আৰম্ভ কৰিলে । তাহানিৰ ৰোমান্টিক ,ট্ৰেজেদী আদিৰ উপৰিও বহু যোগ হ'ল। হিষ্ট্ৰিক ভিত্তি কৰা নাটক বোৰো সলনি হল। লগত যোগ হ'ল চেটায়াৰ।বিদ্ৰুপত্মাক,সামাজিক আদি বহু ৰূপ।

বহু বছৰ এটা গতিত চলাৰ পিচত আধুনিক মনৰ কিছুমানুহে বিশ্বজুৰি নাটকৰ ৰূপ সলালে। আগৰ মনোৰঞ্জনৰ আহিলাক এক গহীন চিন্তনৰ ৰূপ দিলে। আধুনিক নাটক নিৰ্দিষ্ট কাৰকত আৱদ্ধ হল। প্ৰথমে থকা কথকতাৰ গুৰুত্ব বাঢ়িল।  নাট্যকাৰ, অভিনেতা, সংলাপ ,সংগীত,আৰু পোহৰ এইসকলো যি সকলৰ বাবে সেই দৰ্শক। এই সকলোকে এক সুনিৰ্দিষ্ট  গতিৰে সময় সুচী অনুযায়ী আগুৱাই নিয়া পৰিচালক। এইবিশাল কাৰ্য্যত জড়িত হৈ থাকে কলাকুশলী। সামগ্ৰিক পৰিকল্পনাৰে এখন নাটক এক নিৰ্দ্দিষ্ট ঠাইত পৰিবেশন হয়। নাট্যকাৰ হ'ল এখন নাটকৰ মুল ব্যক্তি।তেওৰে পিচত পৰিচালক আৰু পিচলৈ অভিনেতা আদি। সময় আবদ্ধ এই কলা ক্ৰমান্বয়ে এনে কঠিন হৈ আহিল যে নাটক বুলিলে এচামে ভয় খাই আৰু এচাম আগবাঢ়ি আহে। পৰিবেশন কৰা কলা সমুহৰ বহুতো ধৰা বন্ধা নীতি থাকে যদিও নাটকৰ দৰে পদে পদে আবদ্ধতা নাথাকে। বহু ধৰনৰ পৰিবেশন কলাৰ পোনপতীয়া প্ৰদৰ্শন চোৱাৰ পিচত মানুহে বুজিব নাটক কৰা কিমান কঠিন এজুম মানুহ সন্মুখত লৈ এক নিৰ্দ্ধাৰিত দীৰ্ঘসময়ৰে একে মমেন্টাম লৈ কলাকুশলী অভিনেতা সংগীতত জড়িত লোক পোহৰ নিয়ন্ত্ৰনত থকালোক ,যি সকলৰ লগত দেখা দেখিকৈ প্ৰত্যক্ষ যোগাযোগ নকৰাকৈ নাটক কৰা কি সহজ কথা ! এইখিনিৰে দৰ্শকৰ মনজয় কৰিব লাগিব । যাৰ চিনেমা চিৰিয়েল ৰ দৰে ৰি টেকৰ সুবিধাও নাই !!

সেয়ে নাটকেই  কঠিতম পৰিবেশ্য কলা। প্ৰাচীন বা মধ্য যুগৰ নাটকৰ কথা আলোচনা কৰাৰ ইচ্ছা কৰা নাই। আধুনিক সময়ৰ কথাহে ভাবিছো। নাটক দুটা ভাগে কৰে। এক হ'ল প্ৰফেচনেল বা বৈতনিক নাট্যদল! আৰু আন ভাগত পৰে এমেচাৰ বা অবৈতনিক নাট্যদল।বৈতনিক বা প্ৰফেচনল গ্ৰুপটোৰ সুবিধা বহুত।তেওঁলোকক বহুতে ধনৰ যোগান ধৰে,আধুনিক গেজগেট ব্যৱহাৰ কৰে। চিনেমাৰ অভিনেতাক ধনৰ চুক্তিৰে জড়িত কৰে আৰু প্ৰদৰ্শনী চাবলৈ যোৱা ৯০শতাংশৰ পৰা টিকট বুলি ধন লয়।দৰ্শক সকলো তেওঁলোকৰ নিজস্ব ধৰা বন্ধা একশ্ৰেনী। সেই শ্ৰেনীটোৰ বাবে নাটক কেৱল মনোৰঞ্জনৰ আহিলা।তেওঁলোকে নাটক চাই ওলাই আহোতে কেতিয়াবা সাময়িক দুখ বা সুখ মনত কঢ়িয়াই লৈআহে। কিন্তু তেওঁঁলোকে চিন্তা লগত নানে। তেওঁলোকৰ কোনো দোষ নাই! অবৈতনিক বা এমেচাৰ গ্ৰুপটো হ'ল অতি কষ্টৰে আৰু আন্তৰিকতাৰে সমাজৰ বা জনতাৰ উত্তৰণৰ বাবে বাৰ্তা প্ৰেৰণ কৰা দল।

তেওঁলোকৰ সকলো সীমিত। নিজৰ পকেটৰ ধন ভাঙি দুইএজন একে মনোভাবৰ শুভাকাংক্ষীৰ সহায়ৰে নাটক কৰিবলৈ স্থান ভাড়াত লৈ এক সুনিৰ্দিষ্ট সময়ত নাটক কৰে। নাটক নিৰ্বাচন কৰোতেও তেওঁলোক অতি সাবধান হয়। কলাকুশলীৰ পৰা পৰিচালকৈকে সকলো ঊৎসৰ্গকৃত মনোভাবৰ হয় বাবে সেয়ে শতকৰা ৯৫খন নাটক সফল হয়। দৰ্শক সকলে নাটক চাই ঘৰলৈ যাওতে এক পজিটিভ চিন্তা কঢ়িয়াইলৈ যায়। এইভাগটোৰ এজন নাট্যকাৰে পৰাপক্ষত এচাম চিন্তাশীল লোকক মনত ৰাখি লৈ এক কাহিনীক নাট্যৰূপদিয়ে।তেওঁৱেই নাটকৰ স্ক্ৰীপ্টত নুন্যতম নিৰ্দেশ দি থয়।পৰিচালকে নাট্যকাৰৰ মনোভাৱ বুজি তেনে নিৰ্দেশনা দিয়ে।নাটক যিহেতু এক টিমৱৰ্ক গতিকে কোনোক্ষেত্ৰতে নাট্যকাৰৰ মনোভাৱ পৰিচালকৰ দ্বাৰা সকলোৰে লগত যোগসুত্ৰ স্থাপন কৰি চলা সহজ নহয়। গতিকে তেওঁলোকৰ কষ্ট অনুমান কৰিবলৈ অসুবিধা নহয়। যদিহে নাট্যকাৰেই পৰিচালক হয় তেনে সেই নাটক অনিবাৰ্য্য ভাৱে দৰ্শকৰ মনোগ্ৰাহী হয়। এই নিৱন্ধত ইচ্ছাকৃত ভাৱে অসমৰ আধুনিক নাটক বা নাট্যকাৰ পৰিচালকৰ নাম উল্লেখ কৰা নাই যদিও শেষত তেজপুৰৰ দিগন্তকুমাৰ ভুঞা,দেৱব্ৰত শৰ্মাৰ দৰে কেইজনমান উদ্যমী অভিজ্ঞ ডেকা নাট্যকাৰ পৰিচালকৰ কামৰ মানদণ্ড দেখি নাম ললো ।তেওলোক বিশেষকৈ দিগন্তৰ চিন্তাধাৰা পৃথক। হয়তো ক'ব  নোৱৰাকৈ এৱচাৰ্ড নাটকৰ প্ৰতি ধাউতি আছে।আচলতে  খৰচি মাৰি এক প্ৰৱন্ধ পিচত লিখাৰ মন আছে।

(শেষ)

 লেখকঃ মুকুল গোস্বামী,

তেজপুৰ নিকামুল সত্ৰ।

কলা ,কৌশল জনতাৰ সমন্ধ
Mukul Goswami


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়