ফ'ৰ লেনৰ দুখ

অসমীয়া শিশু সাহিত্যৰ আৰম্ভণী কালৰ এগৰাকী অবহেলিত শিশু সাহিত্যিক জননায়ক মহাদেৱ শৰ্মাৰ শিশু সাহিত্যত এভুমুকি
অৰুণোদয় যুগত পাতনি মেলা আধুনিক অসমীয়া শিশু সাহিত্যই বিংশ শতিকাৰ প্ৰথম ভাগতেই আটাইতকৈ শক্তিশালী আৰু প্ৰাণবন্ত ৰূপত ধৰা দিছে সুসাহিত্যিক মহাদেৱ শৰ্মাৰ কলমৰ মাজেদি। আধুনিক অসমীয়া শিশু সাহিত্য মহাদেৱ শৰ্মাৰ কাপৰ পৰা নিৰ্গত হৈ পৰিপক্কতা লাভ কৰি পৰবৰ্তী সময়ত বিশাল আয়তন লাভ কৰিছে বুলি ক'লেও অতুক্তি কৰা নহ'ব। সহজ সৰল সাধু কথা কোৱা ভাষা শৈলীৰ ঔজিস্বতা, ভাৰতীয় আধ্যাত্মিকতাৰ বাণী নিহিত গভীৰ জীৱনবোধ, সকলো ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰকাশ, নৱপ্ৰজন্মক মূল্যবোধ, নৈতিকতাবোধৰ শিক্ষাৰে উজ্জ্বিবিত কৰাৰ চিৰন্তন দায়িত্ববোধ তেওঁৰ শিশু সাহিত্যৰ প্ৰধানতম বৈশিষ্ট্য । মুলত: এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে পৰিচিত শৰ্মাদেৱৰ এই প্ৰগাঢ় প্ৰতিভা বৰ্তমানেও উপেক্ষিত হৈ ৰোৱাটো কম পৰিতাপৰ বিষয় নহয়। বিংশ শতিকাৰ বিশৰ পৰা পঞ্চাশৰ দশক পৰ্যন্ত মহাদেৱ শৰ্মাৰ ৰচিত বিশাল শিশু সাহিত্যৰ সম্ভাৰে প্ৰজন্মৰ পিচত প্ৰজন্মক আলোকিত কৰি ৰাখিছিল। প্ৰখ্যাত গদ্য সাহিত্যিক হোমেন বৰগোহাঞিদেবে আমাৰ অসম কাকতৰ এটি সম্পাদ্বকীয় নিবন্ধত মহাদেৱ শৰ্মাৰ শিশু গ্ৰন্হসমূহ কিদৰে তেওঁৰ পঢ়ুৱৈ জীৱনৰ আদি পাঠ আছিল সেই সম্পৰ্কে গুৰুত্ব সহকাৰে উল্লেখ কৰিছে।শৰ্মাদেৱে ৰচনা কৰা প্ৰায় অৰ্ধ শতাধিক গ্ৰন্হৰ ভিতৰত সৰহ সংখ্যকেই শিশুৰ বাবে উপাদেয় উৎকৃষ্ট শিশু সাহিত্য। শৰ্মা ডাঙৰীয়াৰ গ্ৰন্হসমূহৰ পাতনিত স্বজাতিৰ প্ৰতি থকা দায়িত্ববোধ, ঐতিহ্যপ্ৰীতি, ভাৰতীয় মূল্যবোধৰ পৰম্পৰাৰ প্ৰতি থকা নিভাঁজ শ্ৰদ্ধা, মহৎলোকৰ আদৰ্শময় জীৱনেৰে নৱপ্ৰজন্মৰ জীৱন আলোকিত কৰাৰ সমাহিত প্ৰয়াস লক্ষ্য কৰা যায়।
শিশু সাহিত্যৰ পঠনৰ যোগেদি মনুষ্যত্বৰ বিকাশৰ ভেঁটি যে ৰচনা কৰিব পাৰি সেই ক্ষেত্ৰত ভবিষ্যদৰ্শী সাহিত্যিক গৰাকী সদা সতৰ্ক আছিল।শৰ্মাদেৱে কুমাৰসকলৰ লগতে কুমাৰীসকলৰো জীৱন সু-আদৰ্শ তথা মূল্যবোধ আৰু ত্যাগৰ আদৰ্শৰে গঠন কৰাৰ সপোন বাস্তাৱায়িত কৰাৰ প্ৰয়াস কৰিছিল তেখেতৰ যুগজয়ী শিশুসাহিত্যৰ সম্ভাৰৰ যোগেদি।১৯১৮ চনত কুমাৰীসকলৰ উদ্দেশ্যে প্ৰকাশিত 'সাৱিত্ৰী' শীৰ্ষক গ্ৰন্হখনৰ পাতনিত লেখক গৰাকীৰ ভাৰতীয় ঐতিহ্য-পৰম্পৰাৰ প্ৰতি থকা আস্হা আৰু সেই ঐতিহ্য সাৰোগত কৰি অসমৰ কুমাৰী সকলে জীৱন গঢ়াৰ স্বপ্ন প্ৰতিভাত হৈছে এনেদৰে-"সাৱিত্ৰীৰ জীৱনীত যথাৰ্থ গৃহী বা সংসাৰী হৈও যে আমি মুল সত্য লাভ কৰিব পাৰোঁ বা মৃত্যুকো প্ৰত্যক্ষভাবে অতিক্ৰম কৰিব পাৰোঁ তাৰ উজ্জ্বল দৃষ্টান্ত আমি দেখিছোঁ।
কোমল মনত এই ভাব ভবিষ্যতলৈকো জাগৰুক ৰাখিব পাৰিব বুলিয়েই বিশেষকৈ কুমাৰীসকললৈ বুলি এই পুথি লিখা হৈছে। সাৱিত্ৰীৰ কোমল কঠোৰ জীৱনীয়ে আমাৰ সমাজৰ কুমাৰীসকলৰ জীৱন গঠিত কৰক। আমাৰ সভ্যতাৰ সৈতে আমাৰ দেশৰ আদৰ্শ জীৱনীহে অনুকৰণ যোগ্য। আমাৰ ভোগতকৈ যোগহে আদৰণীয়..."(সাৱিত্ৰী গ্ৰন্হৰ পাতনি)।কুমাৰীসকলৰ বাবে ৰচিত আন কেইখন পৰম উপযোগী গ্ৰন্হ হৈছে- গৌৰীমা, কস্তুৰবা আৰু পঞ্চসতী। শিশু উপযোগী পুথি কেইখনত ত্যাগ আদৰ্শৰ প্ৰতীক আটাইকেউগৰাকী নাৰীৰ বিৰল আত্মত্যাগৰ আদৰ্শৰ কথা সহজ-সৰল ভাষাৰে সঞ্জীবিত কৰি কোমল বয়সীয়া শিশুৰ মন:স্তত্ব গঠন কৰাত বিশেষভাবে অৰিহণা যোগাইছিল । গৌৰীমা ৰামকৃষ্ণ পৰমহংসৰ সহধৰ্মিণী। ত্যাগ আৰু আদৰ্শৰ ভাৰতীয় নাৰীৰ প্ৰতীক গৌৰীমা জীৱনাদৰ্শই নি:সন্দেহে কোমলীয়া শিশুৰ মন সঞ্জীৱিত কৰি তুলিছিল।উল্লেখ্য যে মহাদেৱ শৰ্মাই গৌৰীমাৰ নামেৰেই তেজপুৰত ১৯৪৮ চনতে কুমাৰীসকলৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান গৌৰীমাতা বালিকা বিদ্যালয় গঢ়ি তুলিছিল। কস্ত্তৰবা গান্ধীৰ জীৱনৰ আধাৰত ৰচিত 'কস্তুৰবা' শীৰ্ষক গ্ৰন্হখন ১৯৪৪ চনত তেজপুৰ জেইলত থকা অৱস্হাতে ৰচনা কৰিছিল। গ্ৰন্হখনৰ পাতনিত নাৰী আদৰ্শৰ প্ৰতীক কস্তুৰবা গান্ধীৰ জীৱনৰ আলোকপাতে শিশুসকলক কিদৰে মূল্যবোধৰ আদৰ্শৰে জীৱন অতিবাহিত কৰাৰ পদাংক গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে উল্লেখ কৰি এনেদৰে কৈছে-কস্তুৰবাৰ সাহস, কৰ্তব্যবুদ্ধি, ধৈৰ্ষ্য সহনশীলতা কি অতুলনীয় আছিল। নিয়মানুবৰ্তীতাতো তেখেত অগ্ৰণী আছিল। ভাৰতীয় নাৰীত্বৰ মহিমাজ্জ্বোল আদৰ্শ এখেতৰ জীৱনৰ প্ৰতি কাৰ্যতে ফুটি উঠিছিল।গতিকে এনে পূজনীয়া আৰু বৰণীয়া জীৱনৰ সৈতে আমাৰ দেশবাসীৰ পৰিচয় থকা প্ৰয়োজন।( 'কস্তুৰবা' গ্ৰন্হৰ পাতনি,তেজপুৰ ৬/১০/৪৪)।গৌৰীমা, কস্তুৰবা আৰু পঞ্চসতীৰ জীৱনৰ প্ৰতিটো সৰু বৰ ঘটনাকে তেখেতে অত্যন্ত স্বচ্ছতাৰে আৰু হৃদয়স্পৰ্শী ভাষাৰে বৰ্ণনা কৰিছে। গৌৰীমা, কস্তুৰবা আৰু পঞ্চসতী সীতা, মন্দোদৰী,দ্ৰৌপদী আদিৰ জীৱন ত্যাগৰ মহিমাময় দীপ্তিয়ে চৌপাশ আলোকিত যুগে যুগে আলোকিত কৰি ৰাখিছে। গৌৰীমাৰ দৰে নাৰীয়ে সাংসাৰিক জীৱনৰ সকলো মায়া-মোহ ত্যাগ কৰি বৈৰাগ্য অবলম্বন কৰিছে আনহাতে কস্তুৰবাৰ দৰে নাৰীয়ে সাংসাৰিক বাধ্যবাধকতাৰ মাজত থাকিও ত্যাগ-আদৰ্শৰ সুউচ্চ নিদৰ্শন দেখুৱাইছে। ভাৰতীয় নাৰী জীৱনৰ এই বিচিত্ৰতা আৰু মহত্ত্বম চেতনাই শিশুৰ মন:স্তত্বক আলোড়িত কৰি তোলাত শিশু সাহিত্যিকগৰাকী সফলকাম হৈছে।
বিশ্বৰ প্ৰায় আটাইকেইগৰাকী ধৰ্মগুৰুৰ জীৱনী শিশুৰ উপযোগীকৈ ৰচনা কৰি শৰ্মাদেৱে ধৰ্মগুৰুসকলে দুৰ্দশাময় জীৱনৰ বাটেৰে আগুৱাই আহি কিদৰে জগত আলোকিত কৰি তুলিছিল সেইকথা জুহালৰ আগত সাধুকথা কোৱা ভাষাশৈলীৰে বৰ্ণাই শিশুসকলক সন্মোহিত কৰি তুলিছিল।বিশ্বৰ সকলো ধৰ্মই মানৱতাৰ শিক্ষা প্ৰদান কৰে, মানুহক মানুহৰূপে গঢ়ি তোলাৰ শিক্ষাৰে শিক্ষিত কৰাৰ আদৰ্শৰ প্ৰসাৰৰ বাবেই শৰ্মাদেৱে এনে ধৰ্মগুৰুসকলৰ জীৱনী যেনে-বুদ্ধদেৱ, মহম্মদ চৰিত, স্বামী বিবেকানন্দ, গুৰুনানক, যিশু জীৱন,তীৰ্থঙ্কৰ মহাবীৰ,শ্ৰীমন্ত শঙ্কৰদেৱৰ লীলা প্ৰসঙ্গ, জৰথ্ৰুছ আদি নিৰ্মল ভাষাৰে শিশুৰ উপযোগীকৈ প্ৰকাশ কৰে। ধৰ্মগুৰুসকলৰ জীৱনী প্ৰসংগত তেখেতে ১৯৬৩ চনত ৰামানুজ,তুলসীদাস, কবীৰ, তুকাৰাম, ৰূপসনাতন, ধনুৰ্দাস আদি সন্ত পুৰুষসকলৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্হ 'সন্ত চৰিত'খনো উল্লেখযোগ্য শিশু সাহিত্য। সন্ত পুৰুষসকলৰ জীৱনৰ সৰু সৰু ঘটনাক আলোকিত কৰা এই গ্ৰন্হখনি এখনি পৰম উপাদেয় শিশু পুথি হিচাপে বিবেচিত হৈছিল।১৯১১ চনত ৰচিত যিশু জীৱনখনেই সম্ভবত: শৰ্মাদেৱৰ প্ৰথমখন শিশু সাহিত্যমূলক গ্ৰন্হ।
হজৰত মহম্মদৰ জীৱনৰ আধাৰত ৰচিত মহম্মদ চৰিত পুথিখন মহাত্মা হজৰত মহম্মদৰ আধাৰত ৰচিত প্ৰথমখন অসমীয়া গ্ৰন্হ বুলি মন্তব্য কৰিব পাৰি। ১৯২৮ চনত ৰচিত মহম্মদ চৰিতৰ পাতনিৰ শৰ্মাদেৱৰ লেখাখিনিও তাৎপৰ্যপূৰ্ণ। শিশুৰ উপযোগীকৈ লিখা ধৰ্মীয়গুৰুৰ জীৱনীৰ উদ্দেশ্য পাতনিৰ বক্তব্যত প্ৰতিফলিত হৈছে এনেদৰে--মোৰ বিশেষ আগ্ৰহ যে আমাৰ দেশৰ শিশুসকলে জগতৰ ধৰ্মগুৰু কেইজনৰ জীৱনীৰ অলপ আভাস লৈ জীৱনত আগবাঢ়ক। সেই অৰ্থে ত্যাগৰ অৱতাৰ 'বুদ্ধদেব' উপহাৰ দি বালিকাসকললৈ 'সাৱিত্ৰী' আগবঢ়োৱা হ'ল।এতিয়া এইখনি আগবঢ়ালোঁ...মোৰ বিশ্বাস মহম্মদৰ দৰে কোনো অৱতাৰ পুৰুষে ইমানখিনি কষ্ট স্বীকাৰ কৰি সমাজ গঠনৰ পৰা আৰম্ভ কৰি ধৰ্মদানলৈকে সকলো দান কৰিবলগীয়া হোৱা নাই। মহম্মদৰ জীৱনী কৰ্ম আৰু কষ্ট সহিষ্ণু হিচাবে অতুলনীয়..জন্মাবধি তেখেতৰ কষ্টলৈ চাই জীৱনী পঢ়িলে কাৰো হৃদয় কৰুণাৰে পূৰ্ণ নোহোৱাকৈ নোৱাৰে...(মহম্মদ চৰিতৰ পাতনি)।
১৯৪১ চনত স্বাধীনতা যুদ্ধৰ অগ্ৰণী নেতা হিচাপে কাৰাৰুদ্ধ হৈ থকা কালছোৱাত অসমীয়া শিশুসকল স্বামী বিবেকানন্দৰ জীৱনাদৰ্শৰ দ্বাৰা প্ৰভাবিত কৰাৰ উদ্দেশ্যে শৰ্মাদেৱে 'স্বামী বিবেকানন্দ' শীৰ্ষক শিশুৰ উপযোগী গ্ৰন্হ লিখি প্ৰকাশ কৰে।প্ৰায় ৩৪০ পৃষ্ঠাৰ এই সুবৃহৎ পুথিখন তেজপুৰৰ বি আৰ এণ্ড কোম্পানীৰ হৈ ভাবীৰাম কলিতাই প্ৰকাশ কৰে।
শিশু সাহিত্য হিচাপে শৰ্মাদেৱৰ একেবাৰে শেহৰ ৰচনা আছিল 'জৰথ্ৰুশ' নামৰ গ্ৰন্হখন। বিশ্বৰ এটি প্ৰাচীনতম ঐতিহ্যপূৰ্ণ ধৰ্ম জৰথ্ৰুশৰ গভীৰ অন্তৰ্নিহিত তত্ব আৰু এই ধৰ্মৰ মহিমামণ্ডিত ৰূপটোৰ সৈতে শিশুসকলক পৰিচয় কৰি দিব পৰাটো কম গুৰুত্বপূৰ্ণ কথা নহয়।শৰ্মাদেৱে গ্ৰন্হখনৰ পাতনিত নিজেই কৈছে--"মোৰ দৃঢ় ধাৰণা যে ইয়াৰ দ্বাৰা আমাৰ অকল জ্ঞানৰ পৰিসৰেই বৃদ্ধি নহয়: আমাৰ অন্তৰত ভাৰতৰ অখণ্ডতাবোধ অংকিত হ'বলৈ সহায়কো হ'ব।সঁচাকৈয়ে জৰথ্ৰুশ ধৰ্মৰ মতবাদসমূহ সুস্হ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত;যি আদৰ্শৰ সৈতে পৰিচয় হোৱাটো আমাৰ একান্ত প্ৰয়োজনীয়।"(জৰথ্ৰুশ' গ্ৰন্হৰ পাতনি)।
শৰ্মাদেৱে ৰামকৃষ্ণ পৰমহংসৰ জীৱনৰ মহিমাময়ী , অমৃতময় আৰু অবিস্মৰণীয় ঘটনাৱলীৰে শিশুৰ মন পোহৰাই তোলাৰ উদ্দেশ্যৰে পৰমহংস ৰামকৃষ্ণৰ কথা আৰু গল্প ৰচনা কৰি প্ৰকাশ কৰে। পৰমহংসদেৱৰ জীৱনাদৰ্শ আৰু গভীৰ তত্বক বিনোদনধৰ্মী ভাষাৰে উপস্হাপন কৰি শিশুসকলক আকৰ্ষিত কৰিছিল।
ভাৰতীয় দাৰ্শনিক ভাবধাৰাৰে পুষ্ট উপদেশমূলক একাংশ কাহিনী- 'পণ্ডিত আৰু গুৱালনী', সৰ্বমঙ্গলা, মধুসুদন দাদা, কবিৰাজ, চাপ্ৰাছ আদি শৰ্মাদেৱৰ নিমজ কাপৰ পৰশত মসৃণ হৈ শিশুৰ বাবে পৰম উপাদেয় হৈ উঠিছিল।
অসমীয়া সমাজত মহাভাৰত আৰু ৰামায়ণৰ কাহিনীৰ প্ৰভাব অত্যন্ত গভীৰ। প্ৰাচীন অসমৰ শিক্ষা ব্যৱস্হাত মহাভাৰত আৰু ৰামায়ণৰ অধ্যয়ন পাঠ্যক্ৰমৰ এৰাব নোৱাৰা অংগ আছিল। মহাদেৱ শৰ্মাদেৱে শিশুৰ কুমলীয়া মনৰ ভেঁটিতে মহাভাৰত আৰু ৰামায়ণৰ সমুজ্জ্বল প্ৰভাব অংকিত কৰিব বিচাৰিছিল। শিশুৰ উদ্দেশ্যে অতিকৈ প্ৰাঞ্জল ভাষাত ৰচিত 'অসমীয়া ল'ৰাৰ কথা ৰামায়ণ' গ্ৰন্হখনি ৰামায়ণক লৈ ৰচিত শিশু সাহিত্যৰ ধাৰাত এক মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি।
চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী প্ৰণীত 'কথা মহাভাৰত'খন ১৯৬৪ চনত শৰ্মা ডাঙৰীয়াই অসমীয়া ভাষালৈ তৰ্জমা কৰি যুগজয়ী খ্যাতি অৰ্জন কৰি থৈ গৈছে। শিশু সাহিত্যৰ অনূদতি ধাৰাটোত এইয়া এক বিৰল অবদান। বৰ্তমানেও বয়োজ্যেষ্ঠসকলে শৰ্মাদেৱে অনূদিত কৰা কথা মহাভাৰতখনৰ ভাষাৰ লালিত্যৰ অমিয়া সুবাসৰ কথা সুৱঁৰি স্মৃতিকাতৰ হৈ পৰে। বৰ্তমানে দুষ্প্ৰাপ্য হৈ পৰা 'কথা মহাভাৰত'কে ধৰি শৰ্মাদেৱৰ সামগ্ৰিক শিশু সাহিত্যৰ পুন:মুদ্ৰণ বাঞ্চনীয়।
এইখিনিতে সুসাহিত্যিক মহাদেৱ শৰ্মাদেৱৰ শিশু সাহিত্যৰ তালিকা এখন সন্নিবিষ্ট কৰা হৈছে--
১/ শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱ, ২/স্বামী বিবেকানন্দ, ৩/ যীশুজীৱন ৪/ বুদ্ধদেৱ ৫/ অসমীয়া ভাষাত প্ৰথম হজৰত মহমদৰ বিষয়ে লিখা 'মহমদ চৰিত' ৬/ বাপুজী, ৭/ গুৰুনানক, ৮/ মহাবীৰ তীৰ্থঙ্কৰ, ৯/ সন্ত চৰিত ১০/ শ্ৰী মন্ত শঙ্কৰ লীলা প্ৰসঙ্গ, ১১/ কস্তুৰবা গান্ধী, ১২/ সাবিত্ৰী, ১৩/ পঞ্চৱতী ১৪/ শ্ৰী শ্ৰী গৌৰীমা ১৫/ অসমীয়া ল'ৰাৰ কথা ৰামায়ণ, ১৬/ কথা মহাভাৰত, ১৭/ উপনিষদৰ কাহিনী ১৮/ পুৰাণৰ উপাপখ্যান, ১৯/ জয়মতী উপাখ্যান, ২০/ মইনা হতঁৰ ৰামকৃষ্ণ কথা ২১/ ৰসামৃত ২২/ মৌ কোঁহ, ২৩/ দহৰ লাঠি একৰ বোজা, ২৪/ গাৱলীয়া জীৱন, ২৫/ অমৃত ধাৰা(সংগ্ৰহ), ২৬/ কিৰণমালা (এইখন আছিল বিদ্যালয় সমূহৰ পাঠ্যপুঁথি), ২৭/ বুৰঞ্জীৰ কথা, ২৮/জৰথুশাস্ত্ৰ, ২৯/ শ্ৰী শ্ৰী ৰামকৃষ্ণ উপদেশামৃত, ৩০/ স্বামী বিবেকানন্দৰ বাণী সংগ্ৰহ, ৩১/ কথা মহাভাৰত। ৩২/ 'ভাৰতৰ ঋষিমুনি সকল' ৩৩/ 'খলিফা চাৰিজন', ৩৪/ ৰবীন্দ্ৰনাথ ঠাকুৰ।
শিশু উপযোগী গ্ৰন্হ ৰচনা কৰাৰ সমান্তৰালভাবে শৰ্মা ডাঙৰীয়া শিশু আলোচনী প্ৰকাশ আৰু সম্পাদনাটো আত্মনিয়োগ কৰিছিল।
১৯২৪ চনৰ পৰা ১৯৩০ চনলৈ মহাদেৱ শৰ্মাই 'অৰুণ' নামে এখন শিশু আলোচনী সম্পাদনা কৰে। ইয়াৰ সমান্তৰালভাবে 'অকণ' নামে আন এখন শিশু আলোচনী সম্পদনাত শৰ্মাদেৱে আগভাগ লয়। দুয়োখন আলোচনীয়েই অসমীয়া শিশু সাহিত্যৰ জগতখনলৈ বিশেষ অৰিহণা আগবঢ়াই গৈছে। শিশুসকলক প্ৰতিভা বিকাশৰ এখনি ক্ষেত্ৰ দিয়াৰ উদ্দেশ্যে ১৯৫৯চনত শৰ্মা ডাঙৰীয়াই 'মইনা পাৰিজাত' নামে এটি শিশু উপযোগী অনুষ্ঠানৰ শুভাৰম্ভ কৰে। বৰ্তমানে এই অনুষ্ঠানে এক বৃহৎ আয়তন লাভ কৰিছে।
মহাদেৱ শৰ্মা সৃষ্ট শিশু সাহিত্যৰ সম্যক আলোচনাই এই কথা প্ৰতীয়মান কৰে যে স্বাধীনতাৰ পূৰ্বৰ অসমীয়া শিশু সাহিত্যক শৰ্মা দেৱৰ বিশাল শিশু সাহিত্যৰ সম্ভাৰে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। অৰুণোদয় যুগত পোখা মেলা অসমীয়া শিশু সাহিত্যই মহাদেৱ শৰ্মাৰ কাপৰ স্পৰ্শত পৰিপক্কতা লাভ কৰি এক শক্তিশালী স্হিতিত উপনীত হৈছে। সহজ-সৰল প্ৰাঞ্জল ভাষাৰে ৰচিত এই শিশু সাহিত্যৰ সম্ভাৰে বিনোদন ধৰ্মীৰ ৰূপ লোৱাৰ উপৰিও লেখক গৰাকীৰ ঐতিহ্য প্ৰীতি,গভীৰ স্বদেশনুৰাগ, স্বজাতি আৰু নৱপ্ৰজন্মৰ প্ৰতি থকা তেওঁৰ প্ৰগাঢ় দায়িত্ববোধ কালে মচিব নোৱাৰাকৈ প্ৰতিফলিত কৰি থৈছে।
--পল্লব ভট্টাচাৰ্য্য
Comments
Post a Comment
If you have any doubts, please let me know.