সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

Bhabendra Nath Saikia

 শ্ৰদ্ধাঞ্জলি

Bhabendra Nath Saikia
Bhabendra Nath Saikia

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত জন্মলাভ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া ৰ অসমৰ সামগ্ৰিক জাতীয় জীৱনলৈ অৱদান আছিল অতুলনীয় । ২০০১ চনত ভাৰত চৰকাৰে তেখেতলৈ "পদ্মশ্ৰী"সন্মান আগবঢ়ায় । 'অসম উপত্যকা সাহিত্য বঁ‌টা' , "শ্ৰীমন্ত শংকৰদেৱ বঁ‌টা"ৰেও তেখেত সন্মানিত হৈছিল । কথাসাহিত্য,বিশেষকৈ গল্প সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ অসাধাৰণ কৃতিয়ে অসমীয়া সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।  এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা ,পৰিচালক,নাট্যকাৰ,উপন্যাসিক আৰু সম্পাদক হিচাপেও এইগৰাকী বৰেণ্যৰ অৱদান যাউতিযুগীয়া । "শৃংখল" গল্প সংকলনখনৰ কাৰণে সাহিত্য অকাডেমি বঁ‌টা লাভ কৰা শইকীয়া চাৰৰ আন কেইখনমান গল্প-সংকলন হ'ল 'প্ৰহৰী' ,'বৃন্দাবন', 'গহ্বৰ', 'আকাশ','সান্ধ্যভ্ৰমণ' আদি । ২০০৩ চনৰ ১৩ আগষ্টত মৃত্যু বৰণ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া চাৰক শ্ৰদ্ধাৰে স্মৰণ কৰো আহক বন্ধুসকল ।

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়