সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

বান্ধোন

 বান্ধোন 


ৰঙা কাপোৰ বোৰ পিন্ধিবলৈ মন যায় কেতিয়াবা তাইৰ ,কেতিয়াবা মন যায় উলাহৰ মাদলি হৈ গান গাই ফুৰিবলৈ ।হাঁহি হাঁহি দিন পাৰ কৰিব খুজিলেও তাই পিছলে ঘুৰি চালেই থমকি ৰ'ব লগা হয় ।

 তাইৰো এটা জীৱন আছিল ।আয়তীৰ উৰুলিৰ মাজেৰে পবিত্ৰ হোমৰ গুৰিত তাইৰ বিবাহ হৈছিল । আৰু এতিয়া এনেকুৱা লাগে সৌ সিদিনাহে তাই যেন দৰাঘৰখন গছকিছিল । 

বিয়া মানেই তাইৰ মতে আছিল কঁপালৰ এটা ৰঙা আলি ..এটা ৰঙা বেলি । পাটৰ কাপোৰবোৰত চবতে লাগি ৰৈছিল চমকা চমক ৰঙা সেন্দুৰৰ দাগ ।গাৰুৰ গিলিপ  লেপৰ কভাৰ সকলোতে সেন্দুৰৰ দাগবোৰ স্থায়ী হৈ ৰৈ গৈছিল ।

তাইৰ আৰু অতি মৰমৰ আছিল হাতত পিন্ধা সৰু সৰু খাৰু কেইদালমান ।

সময়ৰ গতিময় ছন্দত সেন্দুৰৰ বোল কমি গৈছিল ..খাৰুবোৰো পিন্ধিবলৈ এৰিছিল তাই এপাতহে আছিল গৈ হাতত ।

সংসাৰৰ কঠিনতাত ক'ৰবাত পৰি ৰৈছিল 

সাৱলীল জীৱনৰ ৰসপম ।

আৰু তাইৰ জীৱনৰ আটাইতকৈ কঠিনতম সময়ৰ মুখামুখিও তাই অকলেই কৰিছিল । সহমৰ্মিতা আৰু আস্থাৰ হাত এখন তাইৰ লগত নাছিল ।

বগা কাপোৰজোৰ পিন্ধি নিজক আইনাত চাই তাই বাৰে বাৰে মৰি গৈছিল ।কিয় কিয় ..অকল মোৰ লগত কিয় ।ৰং ভালপোৱা তাইৰ জীৱনৰ পদুলীৰ পৰা ৰঙ হেৰাই গৈছিল ।কিন্তু বগা ৰঙেও তাইৰ অন্তৰাত্মাক  সাহস দিছিল অজস্ৰ । শিলীভুত তাইৰ দুচকুৰ পৰা চকুপানী ওলোৱা নাছিল । তাইৰ অৱশিষ্ট সেন্দুৰকন  মচিবলৈ খাৰুপাত খুলিবলৈ টনা আজোৰা চলি থকা সময়কনত তাইৰ চকুৰে যেন আগনি ওলাইছিল । "সোণৰ যদি খাৰুপাট খুলিব লাগিব "।  টনাটনিত তাইৰ হাত ছিঙাৰ উপক্ৰম হৈছিল ...

বহুদিনীয়া কষ্ট ,বিনিদ্ৰ ৰজনীৰ অৱসাদ সকলো পাহৰি তাই চিঞৰ মাৰি দিছিল .."খাৰুডাল সোণৰ নহয় "¡

তাই মুক্ত হৈছিল মানুহবোৰৰ হাতৰ পৰা .....

এটা বান্ধোনৰ পৰা .....। খাৰুপাট সোণৰেই আছিল ..

ৰচনাঃ গৌৰী  দেৱী, তেজপুৰ।


Writer: Gauri Devi


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়