ফ'ৰ লেনৰ দুখ

ঔষধ
"মোক এইকেইদিনৰ দৰমহাখিনি দি বিদায় দিয়ক বাইদেউ ",কান্দি কান্দি সৰস্বতীয়ে কোৱা কথাষাৰে মোক ভবাই তুলিলে । পইচা খিনি তাইৰ হাতত তুলি দি পিছদিনা এবাৰ ৰাতিপুৱাই আহিবলৈ কৈ মই দৌৰা দৌৰিকৈ স্কুললৈ বুলি ওলাই গ'লো ।
পিছদিনা দেওবাৰ আছিল । ৰাতিপুৱাই সৰস্বতী আাহিল। একেৰাহে মুখত মিচিকি হাঁহি এটা লৈ ফুৰোৱা মানুহ জনীৰ মুখখন মৰহি আছে ।
আহিয়েই অভ্যাসবসত: চৰিয়াটো উলিয়াই আটা সানিবলৈ আৰম্ভ কৰিলে । মই তাইৰ মনটো পঢ়িবলৈ যত্ন কৰিলো । তাইৰ ওচৰতে থাকি আলুখিনি কাটি ভাজিখন উঠাওমানে তাই ৰুটিবোৰ বেলি বেলি সেকিবলৈ আৰম্ভ কৰিছে ।
ৰাতিপুৱাৰ ৰুটী ভাজিৰ পৰ্ব্বটো সামৰি সৰস্বতী
সৰুমাছ খিনি লৈ বহিল।সৰু সৰু বলিয়ৰা মাছ তাইৰ বৰ প্ৰিয় ।তাইৰ পছন্দৰ হেতু আমাৰ পাকঘৰত সৰু বলিয়ৰা মাছ সদায় থাকে বুলিলেও ভুল কোৱা ন'হব। মাছ বাচি থাকোতেও তাইৰ মুখখন দেখিলো অস্বাভাবিক ৰূপে গহীন ।
উপায় নাপায় মই নিজেই আৰম্ভ কৰিলো ।
সৰস্বতীয়ে তাৰপিছত মোক যিখিনি কথা ক'লে শুনি মই ঠাইতে থৰ লাগিলো।
তাইৰ মানুহটোৱে বোলে তাইক নতুনকৈ সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে । সন্দেহ গৈ এনেকুৱা এটা পৰ্যায় পাইছেগৈযে আমাৰ ঘৰত কাম কৰি থাকোতেও সি বোলে একেৰাহে ৰাস্তাত ৰৈ কেইদিনমানৰ পৰা পহৰা দি থাকে । আমাৰ পৰিয়ালৰ পুৰুষ মানুহ কেইজনৰ কাষেবাৰে যোৱাও বন্ধ কৰিছে । ৰাস্তাত কোনোবা মানুহৰ লগত কথা পাতে বুলি লগতে অহাযোৱা কৰিবলৈ লৈছে । কোনোবা চিনাকী মানুহৰ লগত মাতবোল কৰিলেও ঘৰত গৈ মাৰ ধৰ কৰে । আজিও ৰখি আছে চাওক সৌৱা ।
মই তলৰ ৰাস্তাটোলৈ চালো ।এজন পকাদাড়িৰে ভোবোকাৰ ষাঠিৰ উৰ্ধৰ মানুহ । মই লগে লগে ৰাস্তা পালোগৈ । মোক দেখি লুকাবলৈ চেষ্টা কৰা
মানুহজনক ঘৰলৈ মাতি আনি বাৰান্দাতে বহিবলৈ দিলো ।সৰস্বতীক ক'লো তেওঁৰ কাৰনেও ভাত বনাবলৈ । মানুহজনে দেখিলো টাবকেইটা খুচৰিবলৈ আৰম্ভ কৰিছে ।
মই মোৰ শোৱনী কোঠালৈ গৈ মোৰ বন্ধু শ্যমলীমাক ফোন কৰি যিমান পাৰি সোনকালে মোৰ ঘৰলৈ আহিবলৈ ক'লো ।
তাই আহে মানে ভাত খোৱাৰ পিছতো মানুহজনক কিবা কিবি কামত ব্যস্ত কৰাই ৰাখিলো ।
শ্যমলীমা আহি মানুহজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে ।তাইৰ ঘৰত যে মালী এজনৰ বৰ দৰ্কাৰ তাকো ক'বলৈ নাপাহৰিলে ।
এসময়ত শ্যমলীমা গ'লগৈ ।
পিছদিনাৰ পৰা মানুহজন সদায় শ্যমলীমাৰ ঘৰৰ ফুলনীত কাম কৰিবলৈ আৰম্ভ কৰিলে ॥ সৰস্বতীৰো কাম চলি থাকিল আমাৰ ঘৰত । সৰস্বতী আৰু তাইৰ মনুহজনে এতিয়াও গম নাপালে যে ভিটামিনৰ বৰি বুলি খোৱা ঔষধবোৰ আছলতে মনোৰোগৰ ঔষধহে আছিল । মনোৰোগৰ কথা কওতে সৰস্বতীয়েও মানি ল'ব নুখুজিছিল ।ফলত psychiatrist শ্যমলীমাই বিকল্পৰ সন্ধান কৰিবলগীয়া হ'ল ।
এতিয়া দুই বুঢ়া বুঢ়ীৰ সুখৰ সংসাৰ দুটা নাতি নাতিনী লৈ পো বোৱাৰী সহিতে ॥
ৰচনাঃ গৌৰী দেৱী,তেজপুৰ
লেখিকাঃ গৌৰী দেৱী |
Comments
Post a Comment
If you have any doubts, please let me know.