ফ'ৰ লেনৰ দুখ

"#সাম্প্ৰতিক কালত অসমীয়া সন্তান পালন আৰু সামাজিক জীৱন-যাপন"
এই যুগ হৈছে বিশ্বায়নৰ যুগ আৰু এই বিশ্বায়নৰ যুগত পৃথিৱীলৈ সদায় নতুন নতুন পৰিবৰ্তন আহিব ধৰিছে। সকলো ফালেই নতুনত্বৰ প্ৰয়োভৰ। সমাজৰ কোনো এটা এনেকুৱা দিশ নাই য'ত পৰিবৰ্তন হোৱা নাই। এই পৰিবৰ্তনেই কঢ়িয়াই আনিছে এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতা হৈছে এক অঘোষিত প্ৰতিযোগিতা। নিজক সকলোতকৈ আগত প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতা। আনৰ যি হয় হওঁক এনে এক মানসিকতাৰ বাহক হৈ পৰিছে আমাৰ মন। চাৰিওফালে গঢ় লৈ উঠিছে ব্যক্তিকেন্দ্ৰিকতা, ভোগ সৰ্বস্বত্ত্বা ।যিয়ে অজি প্ৰতিযোগিতা মূলক পৃথিৱীত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰে সেই মানুহৰ জীয়াই থকাৰ অধিকাৰো লাহে লাহে লুন্ঠিত হ'বলৈ ধৰিছে। সকলোৱেই যেন এক নিৰাপত্তাহীনতাত ভুগিছে। সেয়েহে এই বিশ্বায়নৰ যুগৰ পিতৃ-মাতৃৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বা নিৰাপত্তাৰ স্বাৰ্থতে একমাত্ৰ অৱলম্বন হিচাপে খামুচি আছে তেওঁলোকৰ সন্তানসকলক।
ইয়াৰ বাবে বাল্য কালৰ পৰাই তীব্ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ'বলৈ শিক্ষা পায় নতুন প্ৰজন্মই। প্ৰতিযোগিতাৰে ভৰা আজিৰ সমাজত শিশুসকলক এৰি দিয়াৰ বাবে পিতৃ-মাতৃয়েও সন্তানসকলৰ সমানে কষ্ট কৰিছে। নিজৰ সন্তানক জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰাবলৈ পিতৃ - মাতৃয়েও আশেষ কষ্ট আৰু ত্যাগ কৰিছে।
আজিৰ পিতৃ-মাতৃ অধিক সচেতন সন্তানক কেনেভাৱে শিক্ষা দিব। আজিৰ এই বিশ্বায়ন যুগত যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ হ'লে ইংৰাজী ভাষা লিখিব আৰু সলসলীয়াকৈ ক' ব পৰাটো অতি দৰকাৰী। এই কথা সৰোগত কৰি সৰহ সংখ্যক পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তান সকলক ইংৰাজী ভাষাত শিক্ষা দিয়াৰ প্ৰতি আগ্ৰহী হৈছে। কিন্তু নিজ মাতৃ ভাষাক কেতিয়াও অৱহেলা কৰিব নালাগে। পিতৃ-মাতৃসকলৰ প্ৰধান কৰ্তব্য নিজ সন্তানসকলক মাতৃভাষা অসমীয়াৰ শুদ্ধ উচ্চাৰণ আৰু শুদ্ধ বানান শিকোৱাতো। আজিৰ সচেতন পিতৃ-মাতৃয়ে বুজি উঠিছে যে, জীৱনত সফল হ'বলৈ প্ৰয়োজন সকলো দিশতে পাৰদৰ্শিতাৰ। সেয়ে সন্তানসকলক খেলা-ধূলা, নৃত্য - গীত, চিত্ৰাংকন, কম্পিউটাৰ আদি পাঠ্যক্ৰম বহিৰ্ভূত বিষয়ৰ অনুশীলনৰ প্ৰতিও সমানে চকু দিয়ে। সেয়ে পাঠ্যক্ৰমৰ বাহিৰেও আন বহিৰ্ভূত পাঠ্যক্ৰম থকা সকলো সুবিধাৰে ভৰপূৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তেওঁলোকৰ সন্তানৰ সু-ভৱিষ্যত গঢ়াৰ স্বাৰ্থত নিৰ্বাচন কৰে। আজিৰ প্ৰতিযোগিতাৰ যুগত নিজৰ সন্তানৰ সবাতোকৈ আগত স্থান সুনিশ্চিত কৰাৰ বাবেই এনে বিদ্যালয়সমূহৰ বৰ্ধিত মাচুলেও কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পৰা নোৱাৰে। সমানে সমানে ঘৰুৱা শিক্ষকৰো ব্যৱস্থা কৰে।
ল'ৰা-ছোৱালীৰ শিক্ষাৰ লগতে আজিকালি পিতৃ-মাতৃ আন আন দিশবোৰতো সচেতন। যেনে কাপোৰ পিন্ধা ক্ষেত্ৰত, খোৱা বোৱা ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। বৰ্তমান যুগৰ সন্তানৰ স্বাস্থ্যৰ সম্পৰ্কে পিতৃ-মাতৃ যথেষ্ট সচেতন হোৱা দেখা যায়। যিকোনো বস্তু বুলিয়েই সকলো বস্তু খাবলৈ নিদিয়ে। কেৱল যে শাৰীৰিক স্বাস্থ্যৰ প্ৰতিয়ে সচেতন এনে নহয়, সন্তানৰ মানসিক স্বাস্থ্যৰ প্ৰতিও সমানে সচেতন। সন্তানসকল লাজকুৰীয়া নেকি, মন মাৰি থাকে নেকি, ভয়াতুৰ বা নাৰ্ভাচ হয় নেকি আদি কথাবোৰ জানি লৈ মানসিক স্বাস্থ্য সম্বন্ধীয় চিকিৎসকৰ কাষ চাপি ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰে।
স্বাস্থ্যৰ লগতে আজিৰ যুগৰ পিতৃ-মাতৃয়ে সন্তানসকলে বন্ধৰ দিনবোৰত কিদৰে অতিবাহিত কৰিব এই কথাবোৰতো সচেতন হোৱা দেখা যায়। শুনিছোঁ আগৰ দিনত বন্ধৰ দিনবোৰত গাঁৱৰ ল'ৰাহঁতে গোট খাই টেঙাৰ বল, টাংগুটি, লুকাভাকু খেলা। এতিয়া এই খেলবোৰ পাহৰণি গৰ্ভত হেৰাব ধৰিছে। নগৰত বাস কৰা সকলে সন্তানৰ বিদ্যালয় বন্ধ দিনত দুদিনমান গাঁৱৰ ঘৰলৈ আহি আবেলি নদীপাৰৰ মুক্ত বায়ু সেৱনৰ সোৱাদকনো হেৰুৱাই পেলাইছে। পৰিবৰ্তনৰ ঢৌত বিধ্বস্ত হ' ল সেই পুৰণি দিনবোৰ। তাৰ পৰিবৰ্তে সন্তানসকলক ফুৰাবলৈ লৈ যায় এনে এখন ঠাইলৈ য'ৰ পৰা দুটা নতুন কথা শিকিব পাৰে।
মানুহৰ ধ্যান- ধাৰণা, আশা-আকাংক্ষাৰ সলনি হৈ অহাৰ লগতে সামাজিক জীৱনতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হৈছে। সংসাৰখন ভালদৰে চলাবলৈ, সন্তানক ভালদৰে পালন কৰিবলৈ অধিক ধনৰো প্ৰয়োজন হয়। সৰহকৈ ধন ঘটাটো সকলোৰে বাবে সহজ নহয়। তাৰ বাবে পৰিশ্ৰমৰো প্ৰয়োজন। সন্তানৰ সুশিক্ষা বাবে স্বামী-স্ত্ৰী দুয়োজনে পৰিশ্ৰম কৰিব লগীয়া হয়। অন্যহাতে দিন সলনি হোৱাৰ লগে লগে সমাজ জীৱনৰ ভাৱধাৰা, মূল্যবোধ, জীৱন - যাপনৰ মানো যুগে যুগে সলনি হৈ আহিছে। এই পৰিবৰ্তনৰ চক্ৰটোৰ লগত কম বেছি পৰিমাণে তালমিল ৰাখি সকলোৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰে। আজিৰ যান্ত্ৰিক যুগটোৰ লগত খাপ খুৱাই চলিবলৈ যাওঁতে মানুহবিলাকো যেন একোটা যন্ত্ৰ হৈ পৰিছে। সলনি হৈ যাবলৈ ধৰিছে মানুহৰ অন্তৰৰ সাধাৰণ ভাৱ-অনুভূতিবোৰৰ। মানুহৰ মাজত মৰম, আন্তৰিকতাৰ দোলডালো যেন লাহে লাহে শিথিল হৈ পৰিছে।
আজিকালি মানুহৰ বন্ধু-বান্ধৱ বা আত্মীয় - স্বজনৰ ঘৰলৈ আহ-যাহ কৰিবলৈ সময় নাই। সাধাৰণতে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ বা প্ৰয়োজনৰ খাতিৰতহে ইজনে সিজনৰ ঘৰলৈ যোৱা পৰিলক্ষিত হয়। আজিকালি সকলোৰে মুখত এটাই কথা "সময় নাপাওঁ জানা"? এইয়া অকল সময় নোপোৱাটো হয় জানোঁ? অলপ দ'কৈ চিন্তা কৰি চালে আমি জানিম যে, আচলতে বন্ধ বাৰটো আত্মীয় বা বন্ধু - বান্ধৱৰ ঘৰত ভূমুকি মৰাতকৈ সন্তানসকলক লৈ কোনো ৰেষ্টুৰেন্টত এসাঁজ খোৱাতো বেছি পছন্দৰ।
আগৰ দিনত অসমীয়া সমাজত অতিথিক ভগৱান জ্ঞান কৰিছিল। কিন্তু আজি জীৱন যাত্ৰাই নিজৰ সময়ৰ লগত মিলাই আহিব পৰা অতিথিজনকহে হাদ্যতা প্ৰদৰ্শন কৰা হয়। অৱশ্যে ইমান ব্যস্ত দৈনন্দিন কাৰ্যসূচীৰ মাজত ইয়াৰ বাবে কোনেও কাকো দোষাৰোপো কৰিব নোৱাৰে। ইমান কঠোৰ নিয়ম - নীতিৰ মাজত চলিও আলহী - অতিথিৰ প্ৰতি আন্তৰিকতা থকা বা নিজেও অকনমান সময় উলিয়াই চুবুৰীয়াক মাত এষাৰ দিয়া মানুহৰ সংখ্যাও যথেষ্ট আছে।ল'ৰা-ছোৱালী বিদ্যালয়লৈ অনা-নিয়া কৰা অভিভাৱকসকলৰ সংখ্যাও যথেষ্ট। বিদ্যালয়ৰ বাহিৰত ৰৈ থাকোঁতেই তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠে আৰু কোনো কাৰো ঘৰলৈ নোযোৱাকৈ অতিবাহিত হয় সুন্দৰ সময়।
আজিৰ অসমীয়া সমাজ ব্যস্ত জীৱনত সকাম, বিয়া-বাৰুৰ দৰে সামাজিক অনুষ্ঠানবোৰ আত্মীয় - স্বজন, বন্ধু - বান্ধৱক বহুদিনৰ মূৰত এবাৰ লগ পোৱাৰ ডাঙৰ মাধ্যম হৈ পৰিছে। ইমান ব্যস্ত জীৱন - ধাৰণৰ মাজতো আপোনজনক এনেকৈ অলপ সময়ৰ বাবে লগ পোৱাৰ অপাৰ আনন্দ। আজিকালি ভাম্যভাষটোৱে সকলোৰে বাবে মুখ্য ভূমিকা বহন কৰিছে। আপোন মানুহৰ, বন্ধু - বান্ধৱৰ মাজত আহ-যাহৰ সূচল নাথাকিলেও মাজে মাজে ভাম্যভাষৰ দ্বাৰা দুই আষাৰ কথা পাতি বা খবৰলৈ মনটো শাঁত পেলাব পাৰি। কিন্তু এটা কথা মন কৰিছে নে? ভাম্যভাষৰ বাৰ্তা প্ৰেৰণ বা ই-মেইলখনে কেতিয়াও চিঠিখনৰ অভাৱ দূৰ কৰিব নোৱাৰে। চিঠি এখনৰ বাবে ডাকোৱালজনলৈ বাট চোৱা, চিঠিখন বাৰে বাৰে পঢাৰ আমেজ আৰু আন্তৰিকতাই বেলেগ আছিল ।(মাৰ অভিজ্ঞতা )
আজিৰ যুগৰ আধুনিক জীৱন - যাত্ৰাই আমাৰ জীৱন ধাৰণৰ মান বহু ওপৰলৈ তুলি দিছে সঁচা, কিন্তু তাৰ লগে লগে আমি যেন আমাৰ জীৱনৰ সৰু সৰু সুখবোৰ, মনৰ অনাবিল আনন্দ বিলাক লাহে লাহে হেৰুৱাই পেলাইছোঁ। তাৰ ঠাইত দিনে দিনে মানসিক অস্থিৰতা বাঢ়ি গৈছে। অৱশ্যে তাৰ মাজতেই মনৰ শান্তি, আনন্দ বিচাৰি ল'ব পাৰিব লাগিব। তেহে জীৱন যাত্ৰা অলপ সহজ হ'ব।
সমাজ পৰিবৰ্তনশীল। সময়ৰ লগে লগে সমাজখনো বিভিন্ন দিশত পৰিবৰ্তন হোৱাটো স্বাভাৱিক। বৰ্তমান সময়ত গাওঁ, চহৰ সকলোতে পাশ্চাত্যৰ প্ৰভাৱ কোনেও নুই কৰিব নোৱাৰে। ইয়াৰ কাৰণ হিচাপে নিশ্চয় বৈদ্যুতিক মাধ্যমকে উনুকিয়াব পাৰি। অসমীয়া সমাজতো এই পৰিবৰ্তন। থকা-মেলা, খোৱা - বোৱা, পোছাক - পৰিচ্ছদ আদি সকলো দিশতে পৰিলক্ষিত হৈছে। আজিৰ পৰা দহ বছৰৰ আগতে আমি দেখা পোৱা অসমীয়া সমাজখন আৰু এতিয়াৰ অসমীয়া সমাজখনৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পাওঁ। আজিৰ অসমীয়াৰ জীৱন - যাপন আৰু তেতিয়াৰ অসমীয়াৰ মানুহৰ জীৱন - যাপনৰ মাজত আকাশ পাতাল পাৰ্থক্য। আজি যান্ত্ৰিক সমাজখনৰ লগত খাপ খাবলৈ গৈ আমি যেন ক্ৰমশঃ হেৰুৱাইছোঁ সমাজৰ কিছুমান পৰম্পৰাগত অতুলনীয় ব্যৱস্থা। মৰম-চেনেহ, আত্মীয়তা - সহৃদয়তা আদিৰ পৰাও আমি যথেষ্ট আঁতৰি আহিছোঁ। পৰিবৰ্তনৰ সোঁতত এৰি থৈ আহিব লগীয়া হৈছে বহুতো মিঠা স্মৃতি। সেয়ে নতুনক আদৰিবলৈ যাওঁতে প্ৰায় মিঠা স্মৃতিয়ে সোঁৱৰণি হৈ ধৰা দিয়েহি আমাৰ মনত।এটা সময়ত গাওঁ - চহৰ সকলোতে যৌথ পৰিয়াল আছিল। ককা - আইতা, আপা-নিচাদেই, দদাইদেউ - খুড়ীদেউ, পেহী, ভতিজা - ভতিজীৰে ভৰা এখন ঘৰ।য'ত ৰং-তামাচা, হাঁহি - ধেমালি, মান-অভিমানেৰে ভৰা এক মিঠা পৰিবেশ আছিল। ওচৰ-চুবুৰীয়াৰ ল'ৰা-ছোৱালীহঁতৰ হাঁহি-ধেমালি, উখনা-উখনিত মুখৰিত হৈ আছিল ঘৰৰ আগফাল পিছফাল। জোনাক ৰাতি চোতালত ঢাৰি - পাটী পাৰি সাধু শুনি শুনি ককা-আইতাৰ মৰমৰ উম লৈছিল। শীতৰ দিনত জুহালত বহি কিমান যে ৰসাল কাহিনীৰ অৱতাৰণা হৈছিল। প্ৰায়ে আলহী-অতিথিৰে ঘৰ ভৰি আছিল। এনেদৰে নিৰ্ভেজাল - নিঃস্বাৰ্থ মৰমেৰে বান্ধ খাই আছিল আমাৰ আত্মীয়তাৰ এনাজৰী। কিন্তু এতিয়া মাথো সকলোৰে আগলৈ চোৱাৰ সময়। সমাজত নিজকে প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতাত আমি আজি ইমানেই ব্যস্ত যে পিছত কি এৰি আহিলোঁ চাবলৈ সময় নাই। মানুহ মাত্ৰেই মৰম আকলুৱা। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিচাৰে নিজা আপোনজনৰ পৰা মৰম। কিন্তু বৰ্তমান ব্যস্ততাৰে ভৰা আমাৰ অসমীয়া যান্ত্ৰিক সমাজখনত কোনেও কাকো নিঃস্বাৰ্থ ভাৱে মৰম কৰিব নজনা হ'ল। সেয়ে আজি নিঃসংগভাৱে থাকিব লগা হৈছে বৃদ্ধ - বৃদ্ধাসকল। আজিৰ সমাজত টকা-পইচা নোহোৱা তেজৰ সম্পৰ্ক থকা আপোনজনকো নিজৰ বুলি চিনাকি দিবলৈ লাজ পোৱা হ'ল। গাওঁ কি, চহৰ কি আজি সকলোতে একেখনেই ছবি। নিজ চৌহদত ওখ ওখ বেৰ দি নিজকে ইজনে সিজনৰ পৰা আঁতৰাই ৰাখিব বিচৰা হ'ল। কিয় আজি নতুনচামৰ মাজত সৰ্ব সাধাৰণৰ দূৰত্ব বজাই ৰখাৰ এই মানসিকতা? কিয় বাৰু আমাৰ মনবোৰ এনেকুৱা হ'ল? এটা সময়ত গাওঁখনৰ সকলোৰে খবৰ ৰখাৰ বিপৰীতে আজি দেখোন আমি প্ৰতিবেশী ঘৰৰ খবৰকে নজনা হ'লোঁ। ক'ত হেৰাই গ'ল আমাৰ মনৰ পৰা আত্মীয়তা, সহৃদয়তা গঢি তোলা সেই প্ৰৱণতা? বিজ্ঞান - প্ৰযুক্তি বিদ্যাৰ দ্ৰুতগামী প্ৰসাৰে সলনি কৰি পেলোৱা আধুনিক জীৱন যাত্ৰাত নতুন প্ৰজন্মৰ হাতত ইমানেই সময়ৰ অভাৱ যে তেওঁলোকৰ সময় নাথাকে কাৰোবাৰ সুখ-দুখৰ সমভাগী হ'বলৈ, মনৰ ভাবৰ আদান-প্ৰদান কৰিবলৈ, মিতিৰ-কুটুম ফুৰি নিৰ্ভেজাল নিঃস্বাৰ্থ মৰমৰ এষাৰ মাত দিবলৈ। আজি সকলো নিজক লৈ ব্যস্ত, নিজৰ সংসাৰ লৈ ব্যস্ত। নতুন প্ৰজন্ম ব্যস্ত নিজা কেৰিয়াৰ লৈ। সেয়ে হয়তো আজি জন-অৰণ্যত থাকিও গাইগুটীয়াভাৱে নিঃসংগ হৈ জীৱন কটাইছোঁ আমি সকলোৱে।
উৰ্বশী বৰগোহাঁই।
ডিব্ৰুগড় ।০৯/০৮/২০২১
Comments
Post a Comment
If you have any doubts, please let me know.