ফ'ৰ লেনৰ দুখ

চলচ্চিত্ৰ জগতলৈ তেজপুৰৰ অৱদান।
ভাবিলে আচৰিত লাগে যে অসমত প্ৰথম চলচ্চিত্ৰৰ জাগৰণ আৰম্ভ হৈছিল তেজপুৰত। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, গুৱাহাটী আদি নামী দামী অঞ্চল বোৰ থাকোতেও তেজপুৰৰ পৰা প্ৰথম চিনেমা শিল্পৰ বাট মুকলি হ'ল কেনেকৈ ?
অসমৰ প্ৰথম আৰু দেশৰ তৃতীয় খন সবাক ছবি 'জয়মতী'ৰ সৃষ্টি হৈছিল এই চহৰৰ পৰা ! ই কি ধেমালি কথা ?
এইখিনিতে অলপ ফ্লেছবেক কৰি আপোনাক লৈ যাব খুজিছোঁ ১৯৩০ চনৰ এখন ফুটবল খেলৰ মাজলৈ। স্থান বৰপেটা সৰভোগৰ বৰ নগৰ।স্থানীয় ফুটবল দল এটিৰ হৈ আমন্ত্ৰিত খেলুৱৈ হিচাপে গুৱাহাটীৰ মেচুৱা বজাৰ আৰু খলিল বজাৰৰ ব্যৱসায় এৰি দুজন যুৱক খেলিবলৈ গৈছে।এজন বিষ্ণু প্ৰসাদ ৰাভা আৰু আন জন ফণী শৰ্মা । বাবৰি শাকৰ দৰে চুটি চুটি চুলিৰে বিষ্ণু ৰাভা চেন্টাৰ ফৰৱাৰ্ডত আৰু গলকিপাৰৰ স্থানত ফণী শৰ্মা। বিষ্ণু ৰাভাৰ ভৰিত বল পাৰিলেই বিপক্ষৰ দলৰ সমৰ্থকে চিঞৰি উঠে 'বাবৰি ৱালাক ধৰ', 'বাবৰি ৱালাক ধৰ' । কিন্তু ফুটবলৰ চুড়ান্ত পৰ্য্যায়ৰ খেলত তেওঁলোকে জয় লাভ কৰি নিশাটো ৰেফাৰী ব্ৰজ শৰ্মাৰ ঘৰৰ অতিথি হ'ল। তেওঁৰ আবাসতে ফুটবল মেচ জিকাৰ আনন্দত ছাগলী মাৰি ভোজৰ আয়োজনো চলিল। নিশা ভোজ-ভাতৰ অন্তত ওস্তাদ ব্ৰজ শৰ্মাৰ ঘৰতে নিশা থকাৰ ব্যৱস্থা হ'ল। নিশা ব্ৰজ শৰ্মাৰ কহিনুৰ অপেৰা পাৰ্টিৰ আখৰা গৃহৰ মজিয়াৰ পৰা ভাহি আহিল কোনো নাট্য শিল্পীৰ ৰাজকীয় বচন। চট্ ফট্ আৰম্ভ হ'ল ফণী শৰ্মাৰ। শোৱা পাটিতে সিদ্ধান্ত হ'ল তেওঁ নাটক কৰিব আৰু বিষ্ণু ৰাভাই কলকাতালৈ গৈ ফিল্ম শিল্পৰে জড়িত হৈ 'আৰ্গ ফিল্ম ষ্টুডিঅ' খুলিব। কথা মতেই কাম। বিষ্ণু ৰাভা কলকাতালৈ গৈ লগ পালে মনি ৰায় নামৰ এজন প্ৰযোজকক। বিষ্ণু ৰাভাৰ হাতত আচনি থাকিলেও ধন, টকা-পইচাৰ অভাৱ। সেয়েহে সকলো বিৱৰি এখন পত্ৰ লিখি মনি ৰায়ক পঠাই দিলে জ্যোতি প্ৰসাদৰ কাষলৈ। পত্ৰত লিখিলে মনি ৰায়ে জয়মতীক শাৰী পিন্ধোৱাৰ আগেয়ে আপুনি মেখেলা পিন্ধোৱাৰ ব্যৱস্থা কৰক।
এইখিনিতে আৰু এটা উল্লেখযোগ্য কথা যে ১৯১৬ চনত জন্ম লাভ কৰা অসম ছাত্ৰ সন্মিলনীয়ে ১৯২৩ চনত জাতীয় বীৰ পুৰুষ আৰু মহা পুৰুষ সকলৰ স্মৃতিত দিৱস উদযাপন কৰাৰ এক প্ৰস্তাৱ গ্ৰহন কৰিছিল। সেই সময়ত তেজপুৰৰ শাখা ছাত্ৰ সন্মিলনী খনৰ নাম আছিল 'ঊষা ছাত্ৰ সভা'। সেই সভাই তেতিয়াৰে পৰা লাচিত দিৱস, জয়মতী দিৱস আৰু চিলাৰায় দিৱস আদি তেজপুৰত উদযাপন কৰি আহিছিল। দিৱসৰ লগত সঙ্গতি ৰাখি নাটক আদিও মঞ্চস্থ কৰিছিল। এনে এটি দিৱসৰে সঙ্গতি ৰাখি অনুস্থিত হোৱা জয়মতী দিৱসতেই ফণী শৰ্মাই ১৯২৮ চনত তেজপুৰ কলিবাৰীৰ অ:ভা:উ:সা: সভাৰ ৰঙ্গমঞ্চ বাণ থিয়েটাৰত পদ্মনাথ গোহাঞিবৰুৱাৰ নাট 'জয়মতী'ত গদাপানিৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছিল। এই দিৱস বোৰেই জ্যোতিপ্ৰসাদৰ মনত জয়মতীক লৈ কিবা এটা কৰাৰ হেঁপাহ সুমুৱাই থৈছিলেই। গতিকে বিষ্ণু ৰাভাৰ পত্ৰই তেওঁক অনুপ্ৰাণিত কৰিছিল। তাতে আকৌ ১৯৩০ চনৰ পৰা দেবী চৰণ ভট্টাচাৰ্য, মুনীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু প্ৰবোধ বৰুৱাই 'গ্লৱ ট্ৰটিং' নামে এটি অনুস্থানৰ জন্ম দি চাহ বাগান বোৰত প্ৰজেক্টৰৰ দ্বাৰা চিনেমা দেখুৱাই চিনেমা উদ্যোগৰ বাট মুকালি থৈছিলেই। তাতে আকৌ জ্যোতি প্ৰসাদ তেতিয়া বিলাত ফেৰৎ চিনেমা শিল্পৰ অ,আ,ক,খ, শিকি অহা প্ৰশিক্ষাৰ্থী । গতিকে পলম নহ'ল। তেতিয়া ১৯৩৩ চন। এটি মাত্ৰ নদী ঘাটৰে সংযোজিত গমিৰি ঘাটকে যাতায়তৰ মধ্যমণি কৰি জ্যোতিপ্ৰসাদে ভতিজা ভাতৃ গোপাল আগৰৱালাৰ গহপুৰৰ ভোলাগুৰিত থকা চাহ বাগানৰ গুদাম ঘৰটিকে 'চিত্ৰলেখা মুভিটন' নামৰ ফিল্ম ষ্টুডিঅ'লৈ ৰূপান্তৰ কৰি ল'লে। তেতিয়া ভাৰত বৰ্ষতেই চিনেমা শিল্পৰে জড়িত অভিজ্ঞ ব্যক্তিৰ অভাৱ। ১৯৩১ চনৰ ১৪ মাৰ্চ তাৰিখে মুম্বাইৰ মেজষ্টিক হলত ভাৰতৰ প্ৰথম খন সবাক ছবি আলম আৰাই মুক্তি লভিছেহে। তেনে অৱস্থাত জ্যোতি প্ৰসাদে চিনেমা নিৰ্মাণৰ মৰসাহ কিয় কৰিলে ? ব্যৱসায় কৰিবলৈ নিশ্চয় নহয়। কাৰণ তেতিয়া অসমত এটাও চিনেমা হল নাছিল ব্যৱসায় কৰিবলৈ। ১৯৩০ চনত অৱশ্যে ডিব্ৰুগড়ত 'টকী হাউচ' নামৰ হ'ল এটা হওতে আছিল কিন্তু সিও নামতহে।
কল গছৰে ৰাজ প্ৰসাদ গঢ়া, নিজৰ চুলি কাটি কেফেয়াৰ লগোৱা, সময়ত অকলে ৩০ জন অভিনেতা-অভিনেত্ৰীৰ কন্ঠ 'ডাব' কৰি ছহেজাৰ ফুট ফিল্মক জীৱন্ত কৰি তোলা আদি সীমা হীন চিত্তাকৰ্ষক প্ৰত্যাহ্বান গ্ৰহণ কৰি জ্যোতি প্ৰসাদে যি জয়মতী প্ৰস্তুত কৰিলে সেয়া সঁচাই আছিল অবিস্মৰণীয়। চিনেমাৰ অভিনেত্ৰী বিচাৰি ত্ৰিশ বছৰীয়া বিলাত ফেৰত চফল ডেকা জন ছোৱালী ধৰা মানুহ বুলি বদনামৰ ভাগি হৈ পৰিছিল । তেওঁৰ গাড়ী খন দেখিলেই ছোৱালী ধৰা গাড়ী আহিছে বুলি ৰজনজনাই গৈছিল। অভিনেত্ৰী বিচাৰি দৰঙৰ চাৰিসীমাৰ পথাৰ, পিতনি, ডোবাৰ মাজেৰে গাড়ী চলাই গাড়ীৰ হৰ্ণ দিয়াৰ আৱশ্যক নোহোৱা হৈছিল। অভিনেত্ৰী বিচাৰি যোৱা গাড়ীৰ নম্বৰত বোকাৰে কৰাল লাগিছিল। পাছত হে যেনিবা গোলাঘাটৰ গুণীন বৰুৱাৰ চিঠি পাই মহুৰা গাঁৱত মনেখোৱা ডালিমী, ৰাজমাও আৰু জয়মতীক পালে। এইবোৰ লৈ নানান বু- বু বা-বা ওলাল। কিন্তু তেওঁৰ দৰে স্থিতপ্ৰজ্ঞ লোকক কোনে লক্ষ্যৰ পৰা বিচ্যুত কৰে ? ঘৰৰ পাছ ফালৰ তাল বাৰীত সেয়েহে দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰিলে দ্বিতীয় খন ছবি 'ইন্দ্ৰমালতী'। ফলত প্ৰতাপ বৰুৱা, গজেন বৰুৱা, ফণী শৰ্মা, বিষ্ণু ৰাভা, হীৰেন চৌধুৰী, বেদানন্দ শৰ্মা, চামচুল হুদা বৰুৱা আদি অনেক জন যুৱক ওলাই আহিল ফিল্ম শিল্পৰে জড়িত হ'বলৈ। কাৰণ আছিল এটাই। সেইটো হ'ল জাতীৰ সমুখত আহি পৰা সমস্যাক সমুখৰ পৰা প্ৰতিৰোধ কৰা। জ্যোতি প্ৰসাদে সঠিক অনুভৱ কৰিছিল যে চিনেমা শিল্পই আমাৰ সমাজক আকৃষ্ট কৰিবই। গতিকে আমি যদি আমাৰ চিন্তাৰে চিনেমা নিৰ্মাণ কৰি দৰ্শকক ৰুচীবোধৰ সন্ধান দিব নোৱাৰো তেনে আনে কৰা চিনেমাৰ তালত আমি উটি-ভাহি ফুৰিব লাগিব। তেতিয়া তেওঁলোকে যি খাই, যি পিন্ধে, যি গায় সেয়ে আমাৰ সংস্কৃতি হ'বগৈ।গতিকে অচিৰেই যদি এই ধ্বংসৰ গতি আমাৰ আত্মৰক্ষাৰ ফালে ফিৰাই আনিব লাগে তেনে চিনেমা শিল্পত মনোনিবেশ কৰিবই লাগিব। কিন্তু এই কামৰ বাবে প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজন আৰু অৰ্থৰো প্ৰয়োজন। এই কামটোকে অসমৰ দৰে অনগ্ৰসৰ আৰু অৰ্থৰ
অভাবৰ বাবে কমকৈ হোৱাৰ বাবে এদিন অসমীয়া ৰাইজৰ মনোৰঞ্জনৰ বাবে থকা এক মাত্ৰ মাধ্যম নাট্যমঞ্চৰ জনপ্ৰিয়তাও হ্ৰাস পাইছিল। সেয়ে হ'লেও কিন্তু অসমীয়া কৃষ্টি বিজতৰীয়া হোৱা নাছিল। কাৰণ চিনেমা এখন দুখনকৈ ওলাই থাকি সঠিক মনোৰঞ্জন দিছিল। এইখিনিতে জ্যোতি প্ৰসাদৰ এষাৰ কথা বৰ স্মৰণীয়। তেওঁ কৈছিল " অসমীয়াই অসমীয়া ফিল্ম উলিয়াব নোৱাৰিলে অসমীয়াৰ ৰক্ষা নাই, পৰিত্ৰাণ নাই। অসমীয়া ফিল্ম নহ'লে অসমৰ সুকীয়া ভাষা সাহিত্য সংস্কৃতি নিৰাপদ নহব। বিদেশী ফিল্মে অসমীয়াৰ আগত বিদেশী সভ্যতাৰ নিদৰ্শন ডাঙি কৃষ্টিৰ পোহৰ পেলাই, ভাষাৰ লালিত্য শুনাই, সঙ্গীতৰে
মন-প্ৰাণ হৰি অসমীয়াক নিজত্বৰ পৰা অতি বেগেৰে আঁতৰাই লৈ যাবগৈ। বিশেষকৈ স্কুল কলেজৰ ল'ৰা বোৰৰ ওপৰত চিনেমাৰ দুৰ্দান্ত প্ৰতাপে বিদেশী সভ্যতাৰ কৃষ্টিৰ সাঁচ বহুৱাই সিহঁতক প্ৰথমেই বিজতৰীয়া কৰিব। গতিকে অন্ততঃ ১০ বছৰলৈ অসমীয়া ফিল্ম এটা স্পিৰিটেৰে উলিয়াবই লাগিব।"
মন কৰক।কিমান সাংঘাটিক সত্য কথা এটা তেখেতে তেতিয়াই কৈছিল । সেই বাবেই হয়তো জ্যোতি প্ৰসাদৰ 'জয়মতী' আৰু 'ইন্দ্ৰমালতী' ৰ পাছত ১৯৪৮ চনত তেজপুৰৰ পৰা পুণৰ প্ৰাণ পাই উঠিল আন এখন বক্ম অফিচ হিট চিনেমা 'চিৰাজ'। জ্যোতিপ্ৰসাদে কোৱাৰ দৰে চিনেমাৰ প্ৰভাৱ কিমান সুদুৰ প্ৰসাৰি এই চিৰাজেই তাৰ উৎকৃষ্ট প্ৰমাণ। সেই সময়ত ভাৰত বিভাজনৰ গয়না লৈ সমগ্ৰ ভাৰত বৰ্ষত যি হিন্দু মুছলমানৰ সংঘাট হৈছিল সেই সংঘাট অসমত হোৱা নাছিল। তাৰ অন্যতম এক কাৰণ আছিল ছিৰাজৰ কাহিনী ভাগ।
লাহে লাহে সকলো উন্নয়ন মূলক কাম গুৱাহাটী কেন্দ্ৰীক হৈ উঠাত পাছলৈ সকলো কাম গুৱাহাটী মুখি হ'বলৈ ধৰিলে। ফলত অসমৰ বিভিন্ন ঠাইৰ প্ৰতিভা বোৰ গুৱাহাটীলৈ যাব পাৰিলেহে প্ৰকাশৰ বাট দেখা পোৱা হ'ল। এনেবোৰ কাৰণতে তেজপুৰৰ চতুৰ্থ খন চিনেমা পিয়লি ফুকলৈ বাবে বাট চাব লগা হ'ল ১৯৫৫ চনলৈ। তেতিয়ালৈ যেনিবা তেজপুৰত এটা ৰেল ষ্টেচন হ'ল, টি,বি,আৰ ৰেলেৰে ষ্টেচন। এটা ব্যস্ত বন্দৰ ঘাট হ'ল, জাহাজ ঘাট আৰু বিমান বন্দৰ এটিও হ'ল শালনীবাৰী। এতিয়া পিছে না ৰেল ষ্টেচন আছে, না জাহাজ ঘাট আছে, না বিমান বন্দৰ আছে ! তথাপিও কিন্তু বহু অভাৱ অনাটনৰ মাজতো তেজপুৰীয়া শিল্পী সকলে মাজে মাজে মৰসাহ কৰি হ'লেও দুই এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে। জ্যোতি প্ৰসাদৰ 'জয়মতী'ৰ পৰা শিৱম ক্ৰিয়েশ্চনৰ 'কেকটাছ' আৰু 'কানীন'লৈকে ১৮ খন চলচ্চিত্ৰ আজি তেজপুৰৰ পৰাই নিৰ্মাণ হৈছে। তেজপুৰৰ আশে পাশে থকা নৈসৰ্গিক দৃশ্য, চাহ বাগান আৰু কাষতে থকা অৰুণাচল, বমডিলা, টাৱাং আদি পাহাৰীয়া অঞ্চলৰ শোভাৰ বাবেই হয়তো এয়া সম্ভৱ হৈছে। তদুপৰি জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা, হীৰেন চৌধুৰী আদিৰ লগতে গামা প্ৰসাদ আগৰৱালা, হ্নদয়ানন্দ আগৰৱালা, ভূপেন হাজৰিকা, কামিনী বৰুৱা, সোহনলাল ডুগৰ আদিৰ দৰে ব্যক্তিৰ প্ৰভাবো নিশ্চয় অনস্বীকাৰ্য। এইক্ষেত্ৰত বৰ্তমানে শ্ৰদ্ধাৰে নাম লগা এগৰাকী তেজপুৰীয়া বোলছবি প্ৰযোজক হ'ল শ্ৰী যুত গোপেন্দ্ৰ মোহন দাস ডাঙৰীয়া । তেজপুৰ জে, বি, প্ৰডাকচন নামৰ সু-বিখ্যাত নাট্যানুষ্ঠানটোৰ প্ৰতিস্থাপক সভাপতি তথা অনন্ত মেম'ৰিয়েল নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডা° গোপেনদ্ৰ মোহন দাস এগৰাকী ব্যস্ত চিকিৎসক যদিওঁ শিল্পী মনৰ অধিকাৰী শ্ৰী দাস ডাঙৰীয়াৰ শিৱম ক্ৰিয়েশ্চনে আজি চিনেমা শিল্পৰ মহঙা দিনটো দুখনকৈ চিনেমা প্ৰযোজনা কৰাৰ পাছত আৰু দুখন মান কৰাৰ হাবিয়াস ৰখা তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। শিৱম ক্ৰিয়েশ্চনৰ প্ৰযোজনাত 'কেকটাছ' আৰু
'কানীন'এ ভুমুকি মৰাৰ পাছত তৃতীয় খন বোলছবি 'অনুৰ' কামো ইতিমধ্যে শেষ হৈছে বুলি আমি জানিব পাৰিছো। কৰ'না পৰিস্থিতিয়ে বিধি পঠালি নিদিয়া হ'লে হয়তো অনুৰে আজি মুক্তি পালে হয়। তথাপিও এইটো সুখবৰ যে অনুৰ আজি মুক্তিৰ অপেক্ষাত। প্ৰযোজক গোপেন্দ্ৰ মোহন দাস দেৱৰ সৃষ্টি কৰ্মক সন্মান জনায় আমাৰ এই লেখাৰেই তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো।
এইদৰেই তেজপুৰৰ পৰা ইতিমধ্যে নিৰ্মাণ হৈছে ২১ খন কৈ বোলছবি। সেইকেইখন হৈছে জ্যোতিপ্ৰসাদৰ জয়মতী(১৯৩৫), ইন্দ্ৰমালতী(১৯৩৯), ফণী শৰ্মাৰ ছিৰাজ(১৯৪৮), পিয়লি ফুকন(১৯৫৫), ধুমুহা(১৯৫৭), কেঁচা সোণ(১৯৫৯), পুৱতি নিশাৰ সপোন(১৯৫৯), সুজিত সিংহৰ অভিযান(১৯৭৩ ), জনছ মহলীয়াৰ দুৰনিৰ ৰং(১৯৭৯ ), বহাগৰ দুপৰীয়া(১৯৮৫ ), সুপ্ৰভা দেৱী আৰু হীৰেণ চৌধুৰীৰ সৰৱজান(১৯৮৫ ), প্ৰফুল্ল বৰাৰ বংশধৰ(১৯৯২ ), জনছ মহলীয়াৰ যুগানন্তৰৰ তেজাল পুৱা(২০০০ ), অলক নাথৰ ইমান মৰম কিয় লাগে(২০০২), বিদ্যুত চক্ৰৱৰ্তীয়ৰ গুণ গুণ গানে গানে(২০০২), জনছ মহলীয়াৰ মহাসমৰ(২০১৩), অৰূপ মান্নাৰ কেকটাছ(২০১৬), দীপক নাথৰ লাভ ইন টাৱাং(২০১৬), হীৰেন বৰাৰ ক্ষোভ (২০১৭), সীমা(২০১৯) আৰু মঞ্জুল বৰুৱাৰ কানীন(২০১৮)।
মুক্তিৰ অপেক্ষাত থকা 'অনুৰ' আমি এই লেখত নধৰিলেও তেজপুৰৰ পৰা মুক্তি লাভ কৰা বোলছবিৰ সংখ্যা এই হিচাবে হয় গৈ ২২ খন।
তেনেদৰে বিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্মাণ হোৱা বোলছবিৰ সংখ্যা হ'ল ১৬ খন। যেনে - ভৱেন দাসৰ উপগ্ৰহ(১৯৭২), সুজিত সিংহৰ অভিযান (১৯৭৩), প্ৰবীণ বৰাৰ পৰিণাম(১৯৭৪), অংগিকাৰ(১৯৮৫), হেমন্ত দত্তৰ উপপথ (১৯৮০), ডাৰা আহমেদৰ ধ্ৰুৱতৰা(১৯৯০), ৰিক্মাৱালা(১৯৯৩), উৰ্বশী(১৯৯৫), যখিনী(১৯৯১),উপেন বৰুৱাৰ জলাঞ্জলী(১৯৯৬), পদ্ম কৈৰীৰ বঙধু অৰ্জুন(১৯৯৭), মা(২০০৩), নৰেণ বৰাৰ সত্যম শিৱম সুন্দৰম(২০০৩), প্ৰবীণ বৰাৰ প্ৰেম ভৰা চকুলু(২০১৩),লুইতক ভেটিব কোনে(২০১৩) আৰু হীৰেন বৰাৰ বসুন্ধৰা(২০১৭)
তেনেকৈ মংগলদৈৰ পৰা নিৰ্মাণ হোৱা বোলছবিৰ সংখ্যা হৈছে ৮ খন । যেনে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ
অৰণ্য(১৯৭১), পুতলা ঘৰ (১৯৭৬), সোণৰ হৰীণ(১৯৭৯), সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ৰাজা(১৯৮২), কাজিৰঙাৰ কাহিনী(১৯৮২), পৰমানন্দ ৰাজবংশীৰ অনল(১৯৯৯), সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বীৰ চিলাৰায়(২০১৩) আৰু ড°পৰমানন্দ ৰাজবংশীৰ কমলা কুঁৱৰী(২০১৯)।
ইয়াৰোপৰি জামুগুৰিৰ পৰা ১৯৯৭ চনত ৰাজেন ৰাজখোৱাৰ পৰিচালনাৰে সপোন আৰু গহপুৰৰ পৰা ববী শৰ্মা বৰুৱাৰ অদম্য (২০১৪) আৰু সোণাৰবৰণ পাখি(২০১৭) নামে দুখন বোলছবিয়ে মুক্তি লাভ কৰে।
অৰ্থাৎ অবিভক্ত দৰং জিলাৰ পৰাই নিৰ্মাণ হৈছে মুঠ ৪৮ খনকৈ বোলছবিৰ।
তেজপুৰত চলচ্চিত্ৰৰ উত্থান বা বোলছবি জগতলৈ তেজপুৰৰ অৱদানৰ বিষয়ে কবলৈ গৈ আমি এক প্ৰকাৰ আমাৰ সিমিত জ্ঞানেৰে চলচ্চিত্ৰ সম্পৰ্কত এটি জৰীপ কৰিলো যদিও ইয়াত বহু কথাৰ যোগ বিয়োগ হব পাৰে। সেইখিনি শুদ্ধ ৰূপত প্ৰকাশ হোৱাৰ প্ৰয়োজন আছে। কিন্তু কোনোবাই কামটো আৰম্ভ কৰিলেহে ভূল শুদ্ধৰ বিচাৰ হ'ব! সেয়েহে আমিয়েই এই ভাৰ কান্ধ পাতি লৈ বিষয়টো প্ৰকাশ কৰাৰ আগ্ৰহ কৰিলো যাতে প্ৰয়োজনীয় কিবা থাকিলে যোগ হ'ব আৰু অনৰ্থক কিবা থাকিলে বাদ পাৰিব এই আশাৰে।
সেয়েহে বিজ্ঞ জনৰ উপদেশ আৰু দিহা পৰামৰ্শ কামনা কৰি বিষয়টো তথ্যসমৃদ্ধ কৰি তুলিবলৈ অনুৰোধ জনায় বিষয়টো ইয়াতে সামৰিলো
ধন্যবাদ।
শান্তনু বৰুৱা, তেজপুৰ।
Comments
Post a Comment
If you have any doubts, please let me know.