ফ'ৰ লেনৰ দুখ

তৰা অ
দীপাৱলীৰ নিশাটোত
নাকান্দিবি তই
তৰাৰ চকুলোৱে পৃথিৱী তিয়াই
দীপাৱলীৰ জিলমিল ৰাতিটোত
প্ৰতিশ্ৰুত সপোনৰ বালি ছন্দাত
মৰূদ্যানৰ জীপাল আশা জিজ্ঞাসা
কেনেকৈ উষ্ম বালিয়ে শুহি থয়
বৰষুণৰ সেমেকা টোপাল
পদুমৰ চকাত জীৱনৰ সুদৰ্শন চক্ৰাকাৰ
জীৱন বৃত্তান্তৰ যাযাবৰী গদ্য
প্ৰবাহমান তটিনী
প্ৰজ্বলিত অগনি
নৈৰ বোৱতী সুতিত
জীৱন জাগৰূক অনুপম ।
মাটিৰ চাকিতেই বৰণীয়া
জীৱনৰ ৰূপ দুদিনীয়া
মৃত্তিকাৰ গভীৰত নতুনৰ
পৰিচিত অংকুৰণ
এটি মদৰুৱা গজালি
দুটি কূঁহিপাতৰ
মধুৰ চয়ন
আলফুলে জিলিকি উঠে
বন নহৰুৰ ফুল
গধূলিগোপালৰ মিচিকি হাঁহি
পৰিক্ৰমা এটি দিনৰ
আন্ধাৰৰ এটি ক্ৰন্দসী নিৰলস ৰাতিৰ
মাটিৰ চাকিত জিলিক্ মিলিক ধৰাতল
দীপান্বিতাৰ ৰাংঢালী ছন্দত...
হেৰাই যোৱাৰ পাছতো
নৱপত্ৰিকাৰ নতুন জীৱন ...
তৰা অ'
দীপাৱলীৰ নিশাটৌত নাকান্দিবি তই ॥
গৌৰী দেৱী,তেজপুৰ
Comments
Post a Comment
If you have any doubts, please let me know.