Posts

Showing posts from 2020

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ৰাধাকৃষ্ণনৰ শিক্ষা-দৰ্শনত মনুষ্যত্বৰ সাধনা

Image
ৰাধাকৃষ্ণনৰ শিক্ষা-দৰ্শনত মনুষ্যত্বৰ সাধনা        ---- পল্লব ভট্টাচাৰ্য্য  সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱনমুখী শিক্ষাৰ স্বৰূপৰ মূল শিপা বৈদিক পৰম্পৰা তথা উপনিষদ বা বেদান্ত দৰ্শনত লিপিত খাই থকা মনুষ্যতৰ সাধনাত প্ৰতিষ্ঠাপিত। এগৰাকী সম্পূৰ্ণ মানুহ(Complete man)হৈ উঠিবলৈ হ'লে মানৱ জীৱনৰ সকলোবোৰ দিশৰে সামগ্ৰিক বিকাশ ঘটিব লাগিব, আৰু এই সামগ্ৰিক বিকাশৰ মেৰুদণ্ডই হৈছে সুপৰিকল্পিত মানৱীয় শিক্ষা ব্যৱস্হা। এগৰাকী আদৰ্শবাদী দাৰ্শনিক ধাৰাৰ বিশ্ববিশ্ৰুত দাৰ্শনিক হৈও ৰাধাকৃষ্ণনে শিক্ষাৰ ব্যৱহাৰিক( Pragmatic) দিশটোৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰিছিল। ৰাধাকৃষ্ণনে শিক্ষাৰ জৰিয়তে মানুহৰ আত্মিক মুক্তি কামনা কৰিছিল । তেওঁ কৈছিল--'The meaning of education is to emancipate the individuals. By means of  education you get the life eternal you get freedom....your heart should become as named as a nerve itself , and it must respond to the suffering of other people.That is what we mean by education. Education must make you civil in your behaviour. You must be stern with yourself but be chari...

সত্তৰৰ দশকলৈ ইতিহাসত তেজপুৰ

Image
সত্তৰৰ দশকলৈ  ইতিহাসত তেজপুৰ আলোকচিত্ৰৰ ইতিহাস বৰ প্ৰাচীণ নহয়। যদিও ইয়াৰে সম্পৰ্ক আমাৰ বৰ মধুৰ তথাপিও আলোকচিত্ৰৰ আবিস্কাৰ বেচি দিনৰ কথা নহয়। কথাটো মনলৈ নাহে যদিও অতীজতে কিন্তু মানুহে আলোকচিত্ৰৰ কাম পেঞ্চিল চিত্ৰৰেই কৰি লৈছিল।    victoria memorial কলকাতাৰ ভিক্ট'ৰিয়া মেমৰীয়াল চাবলৈ গৈ আমি এবাৰ এনে চিত্ৰ দেখি  হতবাক হৈ গৈছিলো। তাত ইমান সুন্দৰ চিত্ৰ কিছুমান প্ৰদৰ্শন কৰা আছিল যে এবাৰ চকু পৰিলে আতৰাই অনা কঠিন। ভাৰতৰ বিভিন্ন ঠাইৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ বেহা-বেপাৰৰ  লগতে সামাজিক পৰিবেশৰ চিত্ৰ আদিৰে কোনো চিত্ৰ শিল্পীয়ে সেইবোৰ ইমান নিখুঁত কৈ আকি থৈছে যে কোনো কোনো ক্ষেত্ৰত সেইয়া ফটোৱেই নে চিত্ৰই ধৰাই টান আছিল।  তাৰে কৰ্মচাৰী এজনক চিত্ৰবোৰৰ বিষয়ে সোধাত কৈছিল যে বৃটিছ সকল আৰু তাৰ আগেয়ে ভাৰতলৈ  অহা ওলন্দাজ, ফ্ৰাঞ্চিছ আৰু স্কাণ্ডিনেভিয়ান সকলে ভাৰতৰ বিষয়ে জানিবলৈ সেইসময়ৰ বহুবোৰ কথাই এনেকৈ ছবি আঁকি চাক্ষুষ বিৱৰণ প্ৰস্তুত কৰিছিল। কথাটো অনুভৱ কৰি আচৰিত লাগিছিল।   ফটো বা আলোক চিত্ৰৰ আৱিষ্কাৰ হোৱাৰ আগতে তেওঁলোকে ভাৰতৰ হাবি বন আদ...

স্বাধীন চিন্তা

Image
স্বাধীন চিন্তা শান্তনু বৰুৱাৰ কলম অসমৰ ৰাজনৈতিক অৱস্থা এতিয়া বৰ অস্থিৰ। সামাজিক অৱস্থাও বৰ উদ্বেগ জনক।  অসমৰ এনে দুৰ্যোগ পূৰ্ণ মুহূৰ্ত্তত চৰকাৰ তথা দ'ল সংগঠনৰ এনে কোনো আচনি নাই যাক লৈ অসম বাসী আশ্বস্ত হ'ব পাৰে। সুদীৰ্ঘ যুগ ধৰি অসম লাঞ্চিত আৰু বঞ্চিত হৈ আহিছে। আহোম স্বৰ্গদেউৰ আমোলত ডা-ডাঙৰীয়াৰ খোৱা কামোৰাত পৰি যি কোৱঁৰ বিদ্ৰোহ, মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদি হ'ল তাৰ ফলত ৪০ বছৰীয়া ৰজা নোহোৱা দেশলৈ পৰিণত হৈছিল অসম। কাকো ক'তো  বিশ্বাসত ল'ব নোৱাৰা অৱস্থা হোৱাত অসমৰ খোপনি থকা ডা-ডাঙৰীয়া সকল দেশ এৰি পলাই গৈছিল। পেটৰ তাড়নাত ভাল ভাল মানুহো চোৰ ডকাইতিৰে  জড়িত হৈছিল। সেয়েহে বৃটিছ অহাত মানুহে স্বস্তিৰ নিশ্বাস এৰিছিল। তাৰ পাছত আৰম্ভ হ'ল বৃটিছ শোষণ। খাজনা বৃদ্ধি। সম্পত্তি বাজেয়াপ্ত। জল কৰ, খৰি কৰ, বন কৰ, ষ্টাম্প কৰ আৱকাৰী কৰ, আয় কৰ আদি বিভিন্ন কৰ ! বৃটিছ বিষয়া সকলে পৰ্দাৰ আৰত থাকি এই কৰ-কাতল বোৰ তোলাইছিল আমাৰ নিজৰ মানুহৰ দ্বাৰা । তেওঁ লোকেই আছিল জমিদাৰ, মৌজাদাৰ, চিৰস্তাদাৰ, হাকিম আদি বিষয়া সকল। বৃটিছে খাজনাৰ নামত মুদ্ৰাৰ প্ৰচলন কৰিলে। মুদ্ৰা দেখি...

মাহাত্মা গান্ধী আৰু গান্ধীবাদ

Image
মাহাত্মা গান্ধী আৰু গান্ধীবাদ দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। এবাৰ আমেৰিকাৰ প্ৰেচিডেন্ট বাৰাক ওবামাক   Barack Hussein Obama দশম মানৰ ছাত্ৰ এজনে সুধিছিল ধৰা হ'ল,আপোনাক বিশ্বৰ এনে এজন মৃত বা জীৱিত লোকৰ লগত ভাত এসাজ খোৱাৰ সুবিধা দিয়া হ'ল,আপুনি সেই ব্যক্তিজন কোন হোৱাটো পচন্দ কৰিব।তাৎক্ষণিক ওবামা ই উত্তৰ দিলে মাহাত্মা গান্ধী।আকৌ বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল ভবিষ্যতে নতুন পুৰষে হয়তো বিশ্বাস নকৰিব যে মাহাত্মা গান্ধীৰ দৰে তেজ-মঙহৰ মানুহ এজন পৃথিবীত সচাকে জন্ম হৈছিল।জৰ্জ ৱাৰ্নাৰ্ড শ্ব,ৰোমা ৰোলা ,নেলচন মেন্দেলা আদি বহুতৰ প্ৰাণৰ মানুহ জন হ'ল মাহাত্মা। শৈশৱত মহাত্মা গান্ধীতকৈ মই সুভাষ বসুৰ কথা ঘৰত বেছিকৈ শুনিছো।মহাত্মা গান্ধীৰ বিপক্ষে লিখা কিতাপ পঢ়ি ভাল পাইছিলো।কিন্তু গৰমৰ বন্ধত এমাহৰ বাবে বিহগুৰিৰ ৰঙামাটিৰ ককাৰ ঘৰলৈ গলেই মাহাত্মাৰ কথা মুক্তিযুদ্ধা ককা নৰেন্দ্ৰ নাথ গোস্বামীক পৰা বৰকৈ শুনো।ককাৰ মতে ভাৰতবাসীৰ প্ৰাণত মাহাত্মা গান্ধী হ'ল ভগৱান সদৃশ।ককাক মোৰ সকলোদিশৰে গান্ধীযেনেই লাগিছিল।ফলত এক দোদূল্যমান ভাৱনা মনত আছিল।কিন্তু ডাঙৰ হোৱাৰ পৰা মহাত...
Image
বহু বিতৰ্কিত,নিৰ্বাসিত,নাৰীবাদী লেখিকা Taslima Nasreen তচলিমা নাচৰিণ আৰু তেওঁৰ নিসিদ্ধ গ্ৰন্থ লজ্জা দিলীপ কুমাৰ বৰুৱা,তেজপুৰ Women are oppressed in East,in the west,in the south,in the north,Women are oppressed inside,outside home,a women is oppressed in religion,she is oppressed outside religion.-Taslima Nasrin.এয়া বাংলাদেশৰ এগৰাকী বহু বিৰ্তকিত সাহসী কবি,ঔপন্যাসিক,প্ৰবন্ধকাৰ,নাৰীবাদী ,লিঙ্গ-সমতা,মুক্ত-চিন্তা,নাস্তিকতাবাদী মানবঅধিকাৰ কৰ্মী সুলেখিকা তচলিমা নাচৰিণৰ কথা।ইছলামীক মৌলবাদীৰ দ্বাৰা দেশে-বিদেশে বাৰে বাৰে হত্যা,ভাবুকিৰ সন্মুখিনহৈ নিজৰ প্ৰিয় জন্মভূমিৰ পৰা বিতাৰিত হৈও লেখিকাই নিজৰ বলীষ্ঠ চিন্তা বৰ কষ্টৰে জীয়াই ৰাখি লিখি গৈছে সাহসেৰে । মৃত্যুভয়ে খেদি খেদি দৌৰাইফুৰাইছে তচলিমাক,তথাপি নাৰীৰ পক্ষত ধৰ্মীয় মৌলবাদৰ বিপক্ষে,পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ প্ৰতি ধাৰাবাহিক চলাই ৰখা বৈষম্যতাৰ বিপক্ষে মাত মাতি বিশ্বৰ বৌদ্ধিক মহলত কম্পন তুলিছে তচলিমাই। ১৯৯৪ জুন জুলাই মাহত বাংলাদেশৰ লাখে লাখে মানুহ ৰাজপথলৈ ওলায় দাবী জনালে তচলিমা নাছৰিনক ফাঁচী দিয়া হওক।সাতদিন ঢাকাত হৰতাল হ'ল...

ৰাজা ৰাও আৰু কান্থাপুৰা

Image
ভাৰতীয় ইংৰাজী সাহিত্যৰ ত্ৰিমূৰ্তিৰ এজন ৰাজা ৰাও আৰু কান্থাপুৰা Raja Rao and his novel Kanthapura  দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ভাৰতীয় ইংৰাজী উপন্যাস তথা সৃষ্টিশীল সাহিত্যৰ পিতৃপুৰুষ ত্ৰিমূৰ্তিৰ এজন হ'ল ৰাজা ৰাও।যি কেৱল ইংৰাজী সাহিত্যতে নহয় ফৰাচী সাহিত্যটো প্ৰথম পৰ্যায়ত সাহিত্য সৃষ্টি কৰি বিশ্বজুৰি খ্যাতি অৰ্জন কৰে।ভাৰতৰ স্বাধীনতা সংগ্ৰামটো এইগৰাকী লেখকে ভাগলৈ গান্ধীবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয়। ১৯৬৬ ৰ পৰা ১৯৮৮ লৈ এই গৰাকী লেখকে অষ্ট্ৰিনৰ টেক্সাচ বিশ্ববিদ্যালয়ৰ ভাৰতীয় দৰ্শন বিভাগৰ অধ্যাপক চাকৰি কৰি আমেৰিকাতে মৃত্যুবৰণ কৰে।দক্ষিণ ভাৰতীয় মহীশূৰ চহৰৰ ওচৰৰ এক ব্ৰাহ্মণ পৰিয়ালত ১৯০৮ চনৰ ৮ নবেম্বৰত জন্মহোৱা ৰাজা ৰাও ২০০৬ চনৰ ৮ জুলাইত আমেৰিকাতে মৃত্যু বৰণ কৰে। ভাৰতীয় তত্বমিমাংসাবাদ আৰু দৰ্শনৰ( metaphysics and Philosophy)ৰ ৰাও আছিল এগৰাকী পণ্ডিত।তদুপৰি ভাৰতীয় পটভূমিৰ এগৰাকী ইংৰাজী জনপ্ৰিয় চুটিগল্প লেখক আৰু ঔপন্যাসিক । মহীশূৰতে বিদ্যালয় শিক্ষা সমাপ্ত কৰি তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা১৯২৯ চনত স্নাতক উৰ্তীণহৈ ফ্ৰান্সলৈ গৈ তাতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৩৩ চনত ভাৰতলৈ ...

বিক্ৰম শেঠ আৰু এ চুইটেবল্ বই

Image
 আধুনিক  ভাৰতীয় মহাকাব্য লেখক বিক্ৰম শেঠ আৰু এ  চুইটেবল্ বই Vikram Seth and his epic novel A Suitable Boy ::দিলীপ কুমাৰ বৰুৱা ভাৰতীয় বিভিন্ন ৰাজ্যিক ভাষা সমূহত বহু কেইগৰাকী প্ৰখ্যত লেখক লেখিকাৰ সৃষ্টি হোৱাৰ লগতে ইংৰাজী সাহিত্য টো বহু কেইগৰাকী বিশ্বমানৰ ভাৰতীয় লেখক লেখিকাৰ জন্ম হৈ ভাৰতীয়ৰ গৌৰৱ প্ৰকাশ কৰিছে।আজি আমি এনে এগৰাকী লেখকৰ আলোচনা কৰিব বিচাৰিছো, যি ইংৰাজী ভাষাত এক বৃহৎ কলেৱৰৰ আধুনিক মহাকাব্য লিখি বিশ্বতে এগৰাকী কিংবদন্তী লেখক হিচাবে জিলিকি উঠিছে৷ উল্লেখযোগ্য যে তেওঁ লিখা উক্ত কিতাপখন প্ৰকাশ ৰ আগতেই প্ৰকাশকে লেখকক এঘাৰ লাখ টকা ৰয়েলিটিৰ ধন আগধন হিচাবে আগবঢ়াইছিল।এই বিখ্যত আধুনিক মহাকাব্য খনৰ নাম হ'ল দি চুইটেবল্ বই।এই উপন্যাসখনত এখন অভিধানতকৈ পাচগুণ বেছি শব্দ আছে  আৰু মহাভাৰতৰ তিনিভাগৰ এভাগ শব্দ সন্নিবিষ্ট ।১৯৯৩ চনত প্ৰথম প্ৰকাশহোৱা এই উপন্যাস খনত মুঠ পৃষ্ঠা সংখ্যা ১৩৪৯ পৃষ্ঠা আৰু শব্দ সংখ্যা ৫,৯১,৫৫২ টা।উপন্যাস খনৰ পটভূমি হ'ল ভাৰত স্বাধীন হোৱাৰ সময়ৰ ভাৰতীয় মানুহৰ চিন্তা,সাংস্কৃতিক,পাৰিবাৰিক মানসিকতা,হিন্দু-মুছলমানৰ মাজৰ সামাজিক দ্বণ্ড ,পুৰনি ৰ...

Rahul Sankrityan and his book Valga to Ganga

Image
ভাৰতৰ মহাপণ্ডিত,ভ্ৰমণ সাহিত্যৰ জনক,পল্-ই-গ্লট্ ৰাহুল সংকৃত্যায়ন আৰু তেওঁৰ ভল্গাৰ পৰা গঙ্গালৈ Rahul Sankrityan and his book Valga to Ganga দিলীপ কুমাৰ বৰুৱা,তেজপুৰ Oh!Ignorat,Go and travel all over the world .You will not get this life again.Even if you live long youth will never return. আজি মোৰ আটাইতকৈ প্ৰিয় লেখক যাৰ লেখনিয়ে আমাৰ শৈশৱ আৰু যুৱকাল বৰকৈ প্ৰভাৱিত‌ কৰি আজিও মনটো সজীৱ কৰি ৰাখিছে তেনে এজন মহাপণ্ডিতৰ বিষয়ে লিখিবলৈ ওলাইছো।মই আচৰিত হওঁ কি বিষয়ত তেওঁৰ জ্ঞান নাছিল,কি ভাষা তেওঁ জনা নাছিল।ভ্ৰমণ আৰু জ্ঞান আহৰণৰ বাবে ঘৰ সংসাৰ সকলো এৰি তেওঁ প্ৰায় ৪৫ বছৰ ঘুৰি ফুৰিছিল ভাৰতৰ সকলো প্ৰান্তত আৰু বিদেশত।উত্তৰ প্ৰদেশৰ পৰা তেওঁ লাডাখ,কিনাউৰ,কাশ্মীৰ,তিৰ্বত,নেপাল,শ্ৰীলংকা,চীন,ৰাচীয়া ,জাপানআদি ভ্ৰমণ কৰি  জ্ঞান আহৰণ কৰিছিল। তেওঁ জানিছিল হিন্দী,ইংৰাজী,সংস্কৃত,পালি,ভোজপুৰী,মাঘী,উৰ্দ্দু,পাৰ্চি,আৰবী,নেপালী,তামিল,তেলেগু, কানাড়া,তিৰ্ব্বতী,সিংহলী,ফৰাচী , ৰাচীয়ানকে আদি কৰি ৩৬ টা ভাষা।ভোজপুৰী আছিল তেওঁৰ মাতৃভাষা। প্ৰায়বোৰ ভাষাতে তেওঁ গ্ৰন্থও ৰচনা কৰিছিল।৯ বছৰ বয়সতে ঘৰৰ ...
Image
মুল্ক ৰাজ আনন্দ আৰু অস্পৃশ্যতা Mulk Raj Anand and his novel Untouchable   লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ভাৰতৰ স্বাধীনতাৰ আগৰ পৰিস্থিতি ,উচ্চ নীচৰ সংঘাট,ইংৰাজৰ মানসিকতা,খৃষ্টীয়ান ধৰ্মৰ অগ্ৰাসন আদি বিষয় জানিবলৈ বৃটিছ ভাৰতৰ ইংৰাজী ঔপন্যাসিক মুল্ক ৰাজ আনন্দৰ কাহিনীৰ মাজলৈ যাব লাগিব।গোটেই জীৱনজুৰি দৰিদ্ৰপীড়িত লোকৰ বাবে লিখা আনন্দ আছিল সমাজবাদী আদৰ্শত বিশ্বাসী।সেয়েহে তেওঁৰ লেখনি বৰ শক্তিশালী আৰু মৰ্মদ।ভাৰতৰ চাৰ্লচ ডিকেন্স বুলিও তেওঁক কোৱা হয়।কাৰণ চাৰ্লচ ডিকেন্সেও সাধাৰণ মানুহৰ লৈয়ে কাহিনী লিখিছিল।  Mulk Raj Anand ১৯০৫ চনৰ ১২ ডিচেম্বৰ ত পোছোৱাত জন্ম হোৱা আনন্দ ২০০৪ চনৰ ২৪ ডিচেম্বৰত ৯৮ বছৰত মহাৰাষ্ট্ৰৰ পুনাত মৃত্যু হয়।অমৃতচৰৰ খালচা কলেজৰ পৰা স্নাতক উৰ্তীণহৈ তেওঁ ইংলেণ্ডলৈ গৈ স্নাতকোতৰ উৰ্তীণহৈ তাতে দৰ্শন বিষয়ত ডক্তটৰেত ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল বাৰ্টেণ্ড ৰাছেল আৰু ইংৰাজ অনুভৱবাদ।তেৱেই প্ৰথম তেওঁৰ ইংৰাজী লেখনিত পাঞ্জাৱী আৰু হিন্দুস্তানী জঁতুৱা-ঠাঁচ ইংৰাজী ভাষাত ব্যৱহাৰ কৰে।১৯৫৩ চনত তেওঁ বিশ্ব শান্তি পৰিষদৰ পৰা আন্তঃৰাষ্ট্ৰীয় শান্তি পুৰস্কাৰ...

R K Narayan and Malgudi Days

Image
ভাৰতীয় ইংৰাজী সাহিত্য ৰ পথিকৃৎ আৰ কে নাৰায়ণ আৰু মালগুডি দেইজ R K Narayan and Malgudi Days লেখক:- দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ভাৰতীয় ইংৰাজী সাহিত্যৰ কথা ওলালেই মনলৈ আহে তিনিজন ভাৰতীয় ইংৰাজী লেখকৰ নাম মূলজ্ ৰাজ আনন্দ,ৰাজা ৰাও আৰু আৰ কে নাৰায়ন। আৰ কে নাৰায়নক ভাৰতীয় ইংৰাজী সাহিত্যৰ পথিকৃতও বোলা যায়।তেওঁৰ সম্পূৰ্ণ নাম আছিল ৰাচীপুৰম কৃষ্ণস্বামী আইয়াৰ নাৰায়ন স্বামী। বন্ধু ইংৰাজ লেখক গ্ৰাহাম গ্ৰীনৰ অনুৰোধ মৰ্মে তেওঁ নিজৰ নাম চমু কৰি আৰু  আৰ কে নাৰায়ন কৰে।১৯০৬ চনৰ ১০ অক্টোৱৰত তেওঁৰ মাদ্ৰাজৰ চেন্নাইত জন্ম হয় আৰু ২০০১ চনৰ ১৩ মেত চেন্নাইত জীৱনৰ যৱনিকা পৰে।আৰ কে নাৰায়নৰ ভায়েক আৰ এন লক্সমনো ভাৰতৰ এগৰাকী বিখ্যাত কাৰ্টুনিষ্ট।আৰ কে নাৰায়নৰ শৈশৱ আছিল ধিতিঙালি কৰি ঘুৰিফুৰা ৰং আনন্দৰ জীৱন।তেওঁৰ লগৰী আছিল এটা ময়ুৰ পক্ষী আৰু এটা দুষ্ট বান্দৰ।১২ বছৰ বয়সত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটি সমদলত মনেমনে ভাগলৈ মামাকৰ গালি খাব লগা হয় নাৰায়নে।শৈশৱত আনকি পঢ়াতকৈ তেওঁৰ বাহিৰা কিতাপ পঢ়াৰ প্ৰতি ইমানেই ধাউতি আছিল যে পাঠ্যপুথি নপঢ়াৰ বাবে তেওঁ মেট্ৰিকত প্ৰথমবাৰ ফেল কৰে আৰু তিনি বছৰৰ স্নাতক পাঠ্...