সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ৰাধাকৃষ্ণনৰ শিক্ষা-দৰ্শনত মনুষ্যত্বৰ সাধনা

ৰাধাকৃষ্ণনৰ শিক্ষা-দৰ্শনত মনুষ্যত্বৰ সাধনা

       ---- পল্লব ভট্টাচাৰ্য্য 



সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱনমুখী শিক্ষাৰ স্বৰূপৰ মূল শিপা বৈদিক পৰম্পৰা তথা উপনিষদ বা বেদান্ত দৰ্শনত লিপিত খাই থকা মনুষ্যতৰ সাধনাত প্ৰতিষ্ঠাপিত। এগৰাকী সম্পূৰ্ণ মানুহ(Complete man)হৈ উঠিবলৈ হ'লে মানৱ জীৱনৰ সকলোবোৰ দিশৰে সামগ্ৰিক বিকাশ ঘটিব লাগিব, আৰু এই সামগ্ৰিক বিকাশৰ মেৰুদণ্ডই হৈছে সুপৰিকল্পিত মানৱীয় শিক্ষা ব্যৱস্হা। এগৰাকী আদৰ্শবাদী দাৰ্শনিক ধাৰাৰ বিশ্ববিশ্ৰুত দাৰ্শনিক হৈও ৰাধাকৃষ্ণনে শিক্ষাৰ ব্যৱহাৰিক( Pragmatic) দিশটোৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰিছিল।

ৰাধাকৃষ্ণনে শিক্ষাৰ জৰিয়তে মানুহৰ আত্মিক মুক্তি কামনা কৰিছিল । তেওঁ কৈছিল--'The meaning of education is to emancipate the individuals. By means of  education you get the life eternal you get freedom....your heart should become as named as a nerve itself , and it must respond to the suffering of other people.That is what we mean by education. Education must make you civil in your behaviour. You must be stern with yourself but be charitable to others....so far as other people are concerned try understand the position in which they happen to be and be charitable.' শিক্ষাৰ এই স্বৰূপৰ আঁৰত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্হাত বৰ্তি থকা 'আত্ম দীপু ভব': আৰু ' মনুষ্যত্বৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য' সাঙুৰ খাই আছে। মানৱ জীৱনৰ সমস্ত উৎকৰ্ষ তিনিটা 'দ' য়ে সামৰে বুলি ত্ৰৈতেৰীয় উপনিষদত থকা কথাৰ ব্যাখ্যা আগবঢ়াই ৰাধাকৃষ্ণনে লিখিছে  'In one passage all the virtues are brought together under the three 'D'as viz Dama, Dana and Daya' আত্মসংযম(দম), ত্যাগ(দান), আৰু সকলোকে সমদৃষ্টি(দয়া) এই তিনিটা গুণ শিক্ষাৰ মাধ্যমেৰে মানুহে আহৰণ কৰিবলগীয়া গুণ। 

ৰাধাকৃষ্ণনে শিক্ষাক মানৱ জীৱনৰ সৰ্বশেষ প্ৰাপ্তি লভাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ লগতে শিক্ষাক মানুহৰ পূৰ্ণতা প্ৰাপ্তি আৰু আধ্যাত্মিক পুনৰজাগৰণৰ সাধন হিচাপে প্ৰয়োগ কৰাত গুৰুত্ব দিছিল।  বৈদিক পৰম্পৰাত থকা শিক্ষাৰ জৰিয়তে মোক্ষ প্ৰাপ্তিৰ বিষয়টো ৰাধাকৃষ্ণনে  কলা আৰু বিজ্ঞানৰ উৎকৰ্ষৰ জৰিয়তে মানৱে মোক্ষ লাভ কৰিব পাৰিব বুলি ব্যাখ্যা আগবঢ়াইছিল আৰু সেয়েহে সুকুমাৰ কলাৰ শিক্ষা আৰু বৈজ্ঞানিক মনস্কতাৰ শিক্ষাৰ প্ৰসাৰত তেওঁ বিশেষ দৃষ্টি ৰাখিছিল। কলাৰ শিক্ষাই  মানুহৰ হৃদয় পবিত্ৰ কৰে আৰু মানুহক স্বয়ংসম্পূৰ্ণ কৰি তোলে আৰু তেনে শিক্ষাৰে শিক্ষিত মানুহ মানবতাৰ পূজাৰীহৈ জীৱনৰ শ্ৰেষ্ঠতম লক্ষ্যত উপনীত হ'ব পাৰে।

মহাত্মা গান্ধীয়ে শিক্ষাৰ মাধ্যমেৰে মানৱ দেহৰ তিনি অংগ শৰীৰ, মন আৰু আত্মা বিকাশৰ যি সংজ্ঞা দাঙি ধৰিছিল সেই সংজ্ঞা ৰাধাকৃষ্ণনৰ শিক্ষা-দৰ্শনতো প্ৰতিবিম্বিত হৈছে। ৰাধাকৃষ্ণনৰ মতেও 'The body, the mind, the spirit- they constitute the trinity- they constitute the human being. No education can be regarded as complete if it reflects any one of these three sides of human nature.'

ৰাধাকৃষ্ণনে শিক্ষাৰ মাধ্যমেৰে নৈতিক গুণসমূহৰ বিকাশ কামনা কৰাৰ লগতে সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তনৰ সাধন হিচাপেও শিক্ষাক গ্ৰহণ কৰিছে।তেওঁৰ মতে শিক্ষাই এহাতে সত্যৰ অন্বেষন কৰে আৰু আনহাতে সামাজিক প্ৰগতিৰ মাধ্যম হিচাপেও কাম কৰে। শিক্ষা এনে এক সাধন যি যুৱ শক্তিক সামাজিক আৰু আৰ্থিক পৰিবৰ্তনৰ বাবেও প্ৰশিক্ষিত কৰি তোলে।স্নাতক পৰ্যায়ত সেয়েহে দাৰ্শনিক গৰাকীয়ে কৃষি শিক্ষাৰ প্ৰসাৰৰ পোষকতা কৰিছিল। আৰু ওপৰত উল্লেখ কৰি অহাৰ দৰেই ব্যৱহাৰিক(Pragmatic) লক্ষ্য পূৰণৰ অৰ্থে বিদ্যাৰ্থীসকলৰ মাজত বৃত্তিগত(Vocational) শিক্ষা ব্যৱস্হা প্ৰসাৰত গুৰুত্ব দিছিল।

মানৱ জীৱনৰ পৰিৱৰ্তনশীল জীৱনধাৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ব্যৱসায়িক শিক্ষা, ন্যায় শিক্ষা,চিকিৎসা শিক্ষা আদিৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল।অন্ধবিশ্বাসৰ বিৰুদ্ধে বিবেকৰ ধৰ্মযুদ্ধত অৱতীৰ্ণ হ'বলৈ তেওঁ নৱ শিক্ষাৰে শিক্ষিত তৰুণসকলক আহ্বান জনাইছিল। অন্ধবিশ্বাসক যুক্তিৰ তুলাচনীৰে বিচাৰ কৰিবলৈ তৰুণ সকলৰ হৃদয় বৈজ্ঞানিক হোৱাৰ কামনা তেওঁ কৰিছিল।

নাৰী শিক্ষা সমাজৰ প্ৰগতিৰ বাহক এই চেতনাৰে তেখেতে নাৰী শিক্ষাৰ পাঠ্যক্ৰম তৈয়াৰ কৰিছিল। নাৰীক শিক্ষয়িত্ৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল। তেওঁ কৈছিল-- For the earlier years of schooling, women are the natural teachers, and for all the later stage, in education, they have their place. Especially for the teacher's calling it is important that education should not be  limited to narrow specialization, but that well proportioned general education shall provide a broad foundation for special interest.'

নবভাৰতীয় শৈক্ষিক চেতনাত  ড.ৰাধাকৃষ্ণনৰ শিক্ষা দৰ্শন এটি সোণালী আলোক স্তম্ভ ।দাৰ্শনিক গৰাকীৰ সমকালীন শিক্ষা জগতৰ উপৰিও সাম্প্ৰতিক কালৰ শিক্ষা ব্যৱস্হাতো তেওঁৰ শিক্ষা দৰ্শনক মৌলিক চেতনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

বুদ্ধদেৱে তেওঁৰ শিষ্যসকলৰ উদ্দেশ্যি প্ৰদান কৰা ঈশ উপনিষদত সন্নিবিষ্ট এটি কালোৰ্ত্তীন উপদেশ ৰাধাকৃষ্ণনে তেওঁৰ 'Our heritage' গ্ৰন্হত উল্লেখ কৰিছে। গুৰুৱে শিষ্যক দিয়া মানৱীয় উপদেশৰ  সৰ্বোৎকৃষ্ট  উদাহৰণ হিচাপে পৰিগণিত আৰু প্ৰজ্ঞাৰ অন্তহীন সাধনাৰ ৰূপক হিচাপে ব্যৱহৃত বাক্যটো হৈছে-.Don't blindly believe what I say, ...don't rely on logic alone,nor speculation..Don't give up your authority and follow blindly..this way will lead to only delusion.Find out for yourself what is truth, what is real. মই কোৱা উপদেশবোৰ পোনচাটেই বিশ্বাস নকৰিবা অন্যথা প্ৰমাদগ্ৰস্হতাত ভুগিবা। তোমাৰ নিজৰ বিচাৰ বুদ্ধিৰেহে জ্ঞানৰ অন্বেষন কৰিবা আৰু  প্ৰকৃত সত্যক বিচাৰি ল'বা।

দাৰ্শনিক ৰাধাকৃষ্ণনে প্ৰাচীন ভাৰতীয় শিক্ষা পৰম্পৰাত নিহিত থকা মানৱীয় চেতনাক সাঁচিপাতৰ পৰা তুলি আনি আধুনিক মানৱৰ আত্মিক আৰু সামগ্ৰিক বিকাশৰ সাধন হিচাপে সংস্হাপিত কৰিছে।

       ---- পল্লব ভট্টাচাৰ্য্য 



লেখকঃ পল্লৱ ভট্টাচাৰ্য্য,তেজপুৰ।


sahitya sofura
Pallab Bhattacharya








Editor: diganta kumar bhuyan,

Sahitya Sofura

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়