Posts

Showing posts from April, 2020

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

লকডাউন (Lock down ) (চুটিগল্প)

Image
                                                                লকডাউন (Lock down ) (চুটিগল্প)     দিগন্ত কুমাৰ ভূঞা ভদ্ৰেশ্বৰে ভাওনাৰ বচন আঁওৰাই থাকোতেই ঘৈনিয়েক   বাসন্তীয়ে শব্দটো প্ৰথমে শুনিলে । এটা নতুন শব্দ। আগতে কাহানিও নুশুনা ,  লকডাউন (Lock down) তলাবন্ধ ।    বিশ্ব আজি কম্পিত ক ' ৰ ' না ভাইৰাছৰ সংক্ৰমণত। আৰু মাত্ৰ কেইটিমান দিনৰ পিছত , অহা ৩ মে ' ২০২০ তাৰিখে দেশজোৰা চলি থকা এই লকডাউনৰ সময় অন্ত পৰিব।     ভয়ানক কোভিন - ১৯ ৰ প্ৰতিৰোধৰ বাবে বিশ্বৰ অনেক দেশে লকডাউন কৰিছে। আৰু   আমাৰ দেশৰ লগতে আমাৰ ৰাজ্য অসমতো   ২৪ মাৰ্চ , ২০২০ তাৰিখৰ পৰা দেশৰ সৰ্...

ব্যংগাত্মক গল্প “মুক্তিৰ সন্ধানত”

Image
  “ মুক্তিৰ সন্ধানত ”                 (ব্যংগাত্মক গল্প)             ৰচনা: দিগন্ত কুমাৰ ভূঞা (অসম) ( বিৰুবাৰী, গুৱাহাটীৰ-১৬ ৰ পৰা প্ৰকাশিত অসমীয়া মাহেকীয়া আলোচনী “মন্দাকিনী”ৰ বিশেষ শেৱালী সংখ্যা (অক্টোবৰ-নবেম্বৰ’ ১৯৯৬) ত এই গল্পটি প্ৰকাশ পাইছিল-: দিগন্ত কুমাৰ ভূঞা) শ্যামকান্ত তালুকদাৰে পাঁচ বছৰত কমেও পঁচিশখন মান নাটক লিখিছিল। দুই এখন একাংকিকা নাটকৰ বাদে বাকী সকলো পূৰ্ণাংক, পঞ্চমাংক নাটক। তেওঁৰ নাটক এবাৰ আৰাম্ভ হ’লে শেষ নোহোৱা পৰ্যন্ত দৰ্শকে এবাৰো বহা আসন এৰি উঠি নাযায় বুলি তেওঁৰ বিশ্বাস। কিন্তু উপযুক্ত এস্কপেৰিমেণ্ট বা গৱেষণাৰ অভাৱৰ বাবে শ্যমকান্তৰ সেই অমূল্য নাট্যসম্পদৰ পৰা নাট্যপ্ৰেমী সমাজ বঞ্চিত হৈ আছে।   তথাপিও উৎসাহৰ নদীত ভেটা পৰা নাই। শ্যামকান্ত তালুকদাৰে লিখিয়েই আছে। লিখি লিখি কাঠৰ বাকচ এটা ভৰাই তুলিছে, আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাৰ বাবে নাট্যসম্ভাৰৰ পেৰাত নিয়মিত নেপথলিনৰ গুটি ভৰায়,তাৰমাজতে কেতিয়াবা ৰ’দৰ বতৰ...

“স্বচ্ছ ভাৰত অভিযান” (Script)

                    “ স্বচ্ছ ভাৰত অভিযান ”(SCRIPT) Date: 2 nd october,2018 SCRIPT BY: DIGANTA KUMAR BHUYAN   TEZPUR,   MOBILE: 8638684578.   E-MAIL-digbhuyan123@gmail.com Sequence-1 পুৱাৰ পৰিবেশ, এখনি কৃষিভুমিত কৃষক ভোলানাথে(৪০-৫০বয়সীয়া) কৃষি কৰ্মত ব্যস্ত থকা দেখা যাব। Sequence-2 ভোলানাথৰ অতি সাধাৰণ গৃহৰ নঙলামুখৰ পৰা, বাৰান্দা-চোতালৰ সৈতে ঘৰৰ আগফালটো দেখা যাব।ভোলানাথৰ সৰুপুত্ৰ বুলবুলে (১০-১২ বছৰীয়া) হাতত জলপানৰ এতি টোপোলা, পানী ভৰ্ত্তি এটি বাচন আৰু কান্ধত এখনি ওলোমা মোনালৈ গৃহৰ সন্মূখৰ দুৱাৰেদি ওলাই চোতাল,নঙলামুখ পাৰহৈ মুকলি পথৰে কোবাকুবি খোজেৰেগৈ কৃষিভুমিত থকা ভোলানাথৰ ওচৰ পাইগৈ। Dialogue: বুলবুল: পিতাই….অ’ পিতাই…তুমি কাম সামৰা…..মায়ে জলপান দি পথাইছে….আহা খোৱাহি…… ভোলা: অ’…বুলবুল, জলপান আনিলিয়েই নেকি…..ৰ’ তেন্তে (কাম সামৰাত ব্যস্ত)ভোকত মোৰ পেতৰ      কেঁচু-কুমতি দৌৰিছে…..দে দে….তোপোলাতো খোল……(বুলবুলে তোপোলা খোলে কাষতে ভোলানাথ...