সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

শিশুৰ বাবে নাটকৰ প্ৰয়োজনীয়তাঃ

শিশুৰ বাবে নাটকৰ প্ৰয়োজনীয়তাঃ

 বাস্তৱ জীৱনৰ পৰিস্থিতিৰ বিষয়ে বহুলাংশে খেলৰ জৰিয়তে শিকে। উদাহৰণস্বৰূপে, খেলৰ সময়ত যদি শিশুটি আন এটা সন্তানৰ মাতৃ হয়, তেতিয়া তেওঁ বুজিব যে মাতৃগৰাকীয়ে গোটেই দিনটো কিমান কাম কৰিবলগীয়া হয় আৰু শেষত কিমান ভাগৰুৱা হয়। এনে পৰিস্থিতিত ৰ’ল প্লেয়িঙৰ জৰিয়তে তেওঁ নিজেই আনৰ অনুভৱ বা পৰিস্থিতি অনুভৱ কৰিবলৈ শিকিব।কেৱল এয়াই নহয়, ই শিশুসকলক বিভিন্ন কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবলৈ  বা বুজিবলৈ শিকাব।

 নাটকে এখন সমাজ বা এটা জাতিৰ উন্নয়নত ব্যাপক প্ৰভাৱ পেলাব পাৰে। দৰ্শক-ৰাইজৰ মনোৰঞ্জনৰ খোৰাক দিয়াৰ লগতে নাটকে ৰাইজক সামাজিক,ৰাজনৈতিক,অৰ্থনৈতিক সমস্যাবোৰৰ সম্পৰ্কে সজাগ কৰে আৰু সেইবোৰৰ সমাধানৰ বাবে উৎসাহিত কৰে।


     কেৱল সমাজ বা জাতিৰ উন্নতিয়ে নাটকৰ শেষ কথা নহয়। নাট্য চৰ্চাত জড়িত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ জীৱন পৰিবৰ্তন কৰাৰ সুযোগো ইয়াত পোৱা যায়। সেয়ে আমাৰ শিশু সকলক ল'ৰালি কালৰ পৰাই নাটকৰ দৰে সুন্দৰ মাধ্যমত জড়িত কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। সম্প্ৰতি পশ্চিমীয়া উন্নত দেশবোৰত নাটকৰ জড়িয়তে মানৱ জীৱন গঢ়াৰ কৌশল( life skilks) শিকোৱাৰ ব্যৱস্থা বৰ জনপ্ৰিয় হৈছে। নাটক বা অভিনয়ৰ দৰে কাৰ্যত জড়িত হৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰকাৰে লাভান্বিত হ'ব পাৰে। যেনে; 

নাটকে শিশু-চেমনীয়া সকলৰ শাৰীৰিক আৰু মানসিক বিকাশত উত্তম প্ৰভাৱ পেলাই। তেওলোকৰ চলন-ফুৰণ আৰু কথা কোৱাৰ ধৰণ উন্নত কৰে । ৰাইজৰ সন্মুখত কথা কোৱাৰ দক্ষতা (public speaking) অৰ্জন কৰাত সহায়  কৰে।  নাটকে মানসিক বিকাশত (emotional growth) বৰকৈ প্ৰভাৱ পেলায়। যাৰ ফলত নিজক ভালকৈ বুজাৰ লগতে আনকো বুজিবলৈ যত্নপৰ হোৱাত সহায় কৰে। আনৰ প্ৰতি সহানুভূতিশীল (sympathetic) আৰু সহমৰ্মী (empathetic)  হ'বলৈ নাট্য চৰ্চাই শিশুসকলক শিকাই, দক্ষতাবোৰৰ বিকাশ ঘটাই, ভাব বিনিময়ৰ দক্ষতা (communication skill), নেতৃত দিয়াৰ দক্ষতা (leadership skill), লোকৰ কথা মনোযোগৰে শুনা (listening skill) ইত্যাদিবোৰ বৰ্ধন কৰাত নাটকৰ চৰ্চাই শিশু-চেমনীয়া সকলক যথেষ্ট সহায় কৰে।


নাটকৰ লগত জড়িত হৈ থাকিলে আত্মবিশ্বাস ( confidence) বৃদ্ধি পাব, ব্যক্তিত্বৰ বিকাশ হ'ব, ভাষা জ্ঞান বৃদ্ধি পাব। সাহিত্যৰ ক্ষেত্ৰখনতো দখল বঢ়াব। তদুপৰি তেওলোকক শিক্ষা, সমাজ, ইতিহাস , সংস্কৃতি,ৰাজনীতি ইত্যাদিৰ বিষয়ে জানিবলৈ বা অধ্যয়ন কৰিবলৈ আগ্ৰহী কৰি তুলিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল নাটকে সৃষ্টিশীলতা (creativity) আৰু উদ্ভাৱনী শক্তি (imaginative power) বৃদ্ধি কৰে। নাট্য চৰ্চাই  মনোযোগ (concentration) বৃদ্ধিৰ দিশতো সু প্ৰভাৱ পেলাব পাৰে।  নাটকে জীৱনটোক সুশৃংখলিত আৰু নিয়মানুৱৰ্তী (disciplined) কৰিবলৈ সুযোগ দিব। নাটকত অভিনয়ৰ কৰিবলৈ সংলাপ সলসলীয়াকৈ মুখস্ত কৰিব লাগে আৰু ইয়াৰ ফলত  স্মৰণশক্তি (memory)  বৃদ্ধি হয়। যিহেতু নাটক আত্মতৃপ্তিৰ তথা আনন্দদায়ক মাধ্যম সেইয়ে নাটকে বিশ্ৰাম  (relaxation) দিয়ে, মনত উদয় হোৱা অৱসাদ (stress) , মানসিক চাপ (tension) , উত্তেজনা (anxiety) ইত্যাদিৰ পৰা মুক্ত কৰি ৰাখিব। নাটক হ'ল দলীয় কাৰ্য (team work) । সেইয়ে নাটকে এজনক আনসকলৰ  লগত সহযোগিতাৰে কাম কৰাৰ কৌশল আয়ত্ত কৰাত সহায় কৰে । আজিৰ যুগত সকলো ক্ষেত্ৰতে এই কৌশলৰ অত্যধিক গুৰুত্ব আৰোপ কৰা হয়। লগ-সমনীয়াৰ লগত একেলগে আনন্দ-স্ফুৰ্তিৰে কাম কৰাৰ মজা নাটকৰ দৰে মাধ্যমত সুন্দৰভাৱে পোৱা যায়।


 নাটকৰ দৰে মাধ্যমে সমাজৰ প্ৰতি কাম কৰাৰ সুযোগ দিয়ে । দৰ্শক ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰাত প্ৰভাৱ পেলাব পাৰে। নাটকৰ লগত জড়িত হৈ একঘেমীয়া (monotony) দূৰ কৰিব পাৰি। কাৰণ নাটক হ'ল এক ইতিবাচক কলা। পঢ়াৰ  লগে লগে নাট্য চৰ্চাত লাগি থাকিলে শিক্ষাৰ্থী সকলৰ কেতিয়াও সমস্যা নহয়। নাট্য চৰ্চাই খ্যাতি (fame) অৰ্জন কৰাত সহায় কৰিব পাৰে। যি সকলে জীৱনত নাম-যশ অৰ্জন কৰিব বিচাৰে , তেওঁলোকৰ বাবে নাটক অন্যতম কেৰিয়াৰ হ'ব পাৰে। নাটকৰ জগতখনত কাম কৰিবলৈ অসংখ্য দিশ আছে, যেনে ; নাট্যকাৰ,  অভিনেতা, পৰিচালক, প্ৰযোজক ইত্যাদি। শিক্ষাৰ্থী সকলে নিজৰ পছন্দ অনুযায়ী যিকোনো এটা দিশত নিজক আগবঢ়াই নি ভবিষ্যতে সংস্থাপিত হ'ব পাৰিব। নাট্য চৰ্চাত জড়িত হৈ বহুতো লোকে কম বয়সতে ব্যাপক প্ৰচাৰ তথা খ্যাতি অৰ্জন কৰা আমি দেখিছো।


 কলাত্মক ৰুচিবোধ (aesthetic taste) গঢ়াত নাটকে বৰকৈ প্ৰভাৱিত কৰিব পাৰে। নিয়মিতভাৱে নাটকৰ চৰ্চা কৰা আৰু নাটক উপভোগ কৰা  মানুহৰ ৰুচিবোধ উন্নত হয়।

নাট্য চৰ্চাই যি কোনো পৰিস্থিতিত নাট্যকৰ্মীক খাপ খাব পৰা (adaptability) বিধৰ কৰি গঢ়ি তুলিব পাৰে। পৰিশ্ৰম কৰাৰ ক্ষমতা বঢ়াই। তদুপৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম এটা কি দৰে সমাধান কৰিব লাগিব ,সেই সম্পৰ্কেও নাটকে শিকাৰ সুযোগ দিয়ে । যাৰ ফলত শিশু সকল ডাঙৰ হৈ জীৱনত বিভিন্ন ঘাট-প্ৰতিঘাট আৰু নানান চাপৰ মাজত কাম কৰাত (work under pressure) সিদ্ধ হ'ব পাৰে।


দিগন্ত কুমাৰ ভূঞা

নাট্যকাৰ / পৰিচালক

(অধ্যক্ষ, অৰিন্দম নাট্য বিদ্যালয়,তেজপুৰ)

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়