ফ'ৰ লেনৰ দুখ

নানাৰঙী শিতানলৈ
বৃহস্পতিবাৰ(৩/১১/২০২২)
![]() |
Aiswaryya kakoti |
আজীৱন মঞ্চৰ মাজতেই যেন থাকোঁ আৰু মঞ্চতেই যেন মোৰ মৃত্যু হয়ঃ৭৯ বছৰীয়া নাট্যবিদ্বান ঐশ্বৰ্য কাকতিৰ বিষয়ে
তেওঁ আছিল বিজ্ঞানৰ ছাত্ৰ৷কিন্তু প্ৰসিদ্ধি লাভ কৰিলে অভিনেতা,নাট্যকাৰ আৰু পৰিচালক হিচাপে৷এই দৰেই তেওঁ অতিবাহিত কৰিলে জীৱনৰ ৭৯টা বসন্ত৷যোৱা কেটামান বছৰে প্ৰতিটো জন্ম দিনতে তেওঁ উপহাৰ দি আহিছে একোখন নাটক৷এতিয়া দৃষ্টিশক্তি সামান্য হ্ৰাস পাইছে৷বয়সৰ লগে লগে দুই এটা ৰোগেও থিতাপি লৈছে তেওঁৰ শৰীৰত৷কিন্তু এই সকলোকে আসৈ নিদি তেওঁ বিভিন্ন কাকত আলোচনীত লিখি গৈছে৷নাটকৰ স’তে জড়িত থকাৰ লগতে সমাজ আৰু জাতিৰ বাবে অহৰহ চিন্তাই তেওঁৰ মন মগজুক আচ্ছন্ন কৰি ৰাখে৷এজন জাতীয়তাবোধ সম্পন্ন দায়িত্বশীল নাগৰিক হিচাপে পৰিচিত নাট্য বিদ্বান,তেজপুৰ নিবাসী ঐশ্বৰ্য কাকতিয়ে মনৰ ভাব প্ৰকাশ কৰি ক’লে “স্বাভিমান আছে,অহংকাৰ নাই৷কেতিয়াও কিবা পোৱাৰ আশাত কাম কৰা নাই৷কাম ভাল হ’লে প্ৰছাৰো ভালদৰেই হয়৷৷তেজপুৰ তথা ৰাজ্য খনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিছালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতি৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল য’দিও শৈশৱতে তেওঁক তেজপুৰৰ খুড়াকৰ ঘৰলৈ পঠিওৱা হৈছিল পঢ়াৰ বাবে৷প্ৰায়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পাছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰে৷তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰে শৈশৱৰে পৰাই জড়িত হৈ পৰা কাকতিয়ে অভিনয়ৰ কথা স্মৰণ কৰি কয় যে,১৯৫৮ত পুৰণা বাণ থিয়েটাৰত কুলেন গোস্বামীৰ স’তে প্ৰথম নাটকত অভিনয় কৰিছিল৷ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে ঠেতুৱৈ লগা জাৰত উদং দেহাৰে সংলাপবিহীন এক চৰিত্ৰত ভূমুকি মাৰিছিল ক্ষনিকৰ বাবে৷আনাহতে টিপু চুলতান নাটকত নটসূৰ্য ফণীশৰ্মাৰ স’তে অভিনয় কৰিছিল বেংগলী থিয়েটাৰত৷তেতিয়া তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ৷পৰৱৰ্তী সময়ত ১৯৬৯ত নাট্যসম্ৰাট
প্ৰফুল্ল বৰাৰ পৰিচালনাত উপপথ,সাকো,বৰুৱাৰ সংসাৰ,বান,সময়,মৃত্যুঞ্জয়,হীৰেণ চৌধুৰীৰ নাটক অলিম্পিক,নটসূৰ্য ফণী শৰ্মাৰ নাটক এমুঠি চাউল,চন্দ্ৰধৰ গোস্বামীৰ নাটক কাঞ্চনৰংগ,সুজিৎ সিংহৰ পৰিচালনাত ৰূপালিম,মেন উইদাউত ছেদ’,চি আই ডি আৰু দেবকুমাৰ নাথৰ পৰিচালনাত ভিউ ফ্ৰম দি ব্ৰীজ আদি মুঠ ১৩খন নাটকত বলিষ্ঠ অভিনয় কৰে৷পৰৱৰ্তী সময়ত তেওঁ নাটক ৰছনা আৰু পৰিচালনা আৰম্ভ কৰে আৰু দূৰদৰ্শনৰ বাবে তেওঁ মৃত্যু জানো এক শিল্প,দেৱাল ভঙাৰ গান,আখৰি চালাম,সেই মৃত্যু অপৰাজেয় নাটক পৰিচালনা তথা ৰছনা কৰে৷আনহাতে অবৈতনিক নাট্য গোষ্ঠীৰ বাবে তেওঁ ৰছনা কৰে ঔৰংজেৱৰ ফাঁচী,মইনামতীৰ কুৰুক্ষেত্ৰ,বদন বৰফুকন,ইপাৰ সিপাৰ,শাৰী শাৰী পতাকা,ছাঁ পোহৰৰ খেলা,অংকুৰ,দেশ চলি আছে,মমেন্তাম,ইভলিউচন,কোমাই চিমাই,সুখ এটা ইলিউশ্যন,বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন,ৰঙীন চশমাৰ পৃথিৱী,হৃদয়ত গোপনে,সন্ধ্যা আহিল কোনবাটে,ধুমুহাতো জ্বলি আছে বন্তি গছি আদি অৰ্থবহ নাটক৷কেবল সিমানেই নহয়,তেওঁ দেৱাল ভঙাৰ গান,থোৰা চা আচমান,আখৰি চালাম আৰু স্কুল বেগ নামৰ চাৰিখন শিশু নাটক ৰছনা তথা পৰিচালনা কৰে যি কেইখন নাটক দেশে বিদেশে সমাদৃত হৈছে৷এইজন ছিৰিয়াছ নাট্যকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবেও ভালে কেইখন নাটক ৰছনা কৰিছে৷ইয়াৰে ভিতৰত ৰূপালিম থিয়েটাৰৰ বাবে ৰাতিৰ জুই,শেষ প্ৰহৰ,অসম ষ্টাৰৰ বাবে জয় জয়ন্তী,সম্ৰাট,গিৰিৰাজ আৰু সমন্বয় থিয়েটাৰৰ বাবে অপবিত্ৰ দেৱতা,দেৱতাৰ মৃত্যু অগ্নিগৰ্ভা জন্মভূমি নাটক ৰছনা কৰিছিল৷কটক,দেৰাদুন,কলকাতা,কোচি আৰু দিল্লীত এই পৰ্যন্ত কাকতিৰ ৰছনা আৰু পৰিচালনাৰে আঠখন নাটক প্ৰদৰ্শিত হোৱাৰ উপৰি আন্তৰাষ্ট্ৰীয় তথা বিশ্ব শিশু নাট মহোৎসৱ উপলক্ষে দেশক প্ৰতিনিধিত্ব কৰা কাকতিৰ সাতখন নাটক জাৰ্মানী,ক্ৰৱেচিয়া,চুইজাৰলেণ্ড,টুৰ্কীৰ উপৰি দেশৰ মুম্বাই আৰু নতুন দিল্লীত প্ৰদৰ্শিত হৈছে৷নিৰলস ভাবে নাটক সৃষ্টি কৰি যোৱা এইজন নাট্যকাৰে অঁনাতাৰ কেন্দ্ৰৰ বাবে ৰছনা কৰে আবেলিৰ ৰং,সঞ্জীৱনী,সুখ,পদশব্দ,দৃষ্টি,যাত্ৰা আদি নাটক৷এই পৰ্যন্ত তেওঁৰ শাৰী শাৰী পতাকা নামৰ নটকখন গ্ৰন্থ ৰূপে প্ৰকাশ পোৱাৰ লগতে জীৱন যাত্ৰাৰ সংগী নামৰ উপন্যাস আৰু ঐশ্বৰ্য বিচিত্ৰা নামৰ আন দুখন গ্ৰন্থ প্ৰকাশ পাইছে৷ উল্লেখযোগ্য যে,কেতিয়াও কিবা পোৱাৰ আশাত নাটক ৰছনা তথা অভিনয় আৰু পৰিচালনা নকৰা এইজন স্পষ্টবাদী শিল্পীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ লগতে কটকৰ উৎকল যুৱক সাংস্কৃতিক সন্হাৰ পৰা নাট্যভূষণ সন্মান লাভ কৰে৷তদুপৰি অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক নাট্যকাৰ পৰিচালক তথা অভিনেতা গৰাকীক স্হানীয় ভাবে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা আৰু প্ৰফুল্ল বৰা সোঁৱৰণী বঁটাও আগবঢ়োৱা হৈছে৷তেজপুৰৰ পাৰ্বতী নগৰ নিবাসী আৰু বৰ্তমানেও নাট্যক্ষেত্ৰ খনত অতি সক্ৰিয় হৈ আছে৷ প্ৰবীন নাট্য শিল্পীজনে মনৰ ভাব প্ৰকাশ কৰি কয় যে,এক জেদত পৰিয়েই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত ১৯৬৬ত সংগীত নাটকম নামৰ অনুষ্ঠানৰ জন্ম দিছিল৷এই অনুষ্ঠানৰ সহযোগী কাণ্ডাৰী সকল প্ৰফুল্ল বৰা, নিপন গোস্বামী,প্ৰণৱ সিংহ,সত্যৰঞ্জন কলিতা,ৰবীন গায়নে ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে৷একেদৰেই আন এক বিশেষ কাৰণত তেওঁ ১৯৮০ত ৰছনা কৰিছিল শিশু নাটক “দিৱাৰ ত’ৰনি হ্যেয়” ৰ৷প্ৰথম অৱস্থাত অভিনেতা হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত থকাৰ বিপৰীতে বন্ধু নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ বিয়োগৰ পাছত শুভাকাংক্ষী সকলৰ আহ্বানত কাকতিয়ে নাটক ৰছনা কৰিবলৈ লয়৷এইজন নাট্যকাৰ পৰিচালকে বৰ্তমান তেওঁৰ নাট্যক্ষেত্ৰৰ বন্ধু সকলৰ ভিতৰত হেমন্ত দত্ত,বিঞ্চু খাৰঘৰীয়া আৰু দীনেশ দাসেই জীৱিত থকাৰ বিষয়েও উল্লেখ কৰে৷বৰ্তমান পৰিবাৰ,দুই বিবাহিতা কন্যা আৰু একমাত্ৰ পুত্ৰৰে এক সুখী দাম্পত্যজীৱন অতিবাহিত কৰি থকা এইজন বিশিষ্ট অভিনেতা৷নাট্যকাৰ, পৰিচালকৰ ৭৯সংখ্যক জন্ম দিনটোত তথা কালি দুই নৱেম্বৰত তেজপুৰৰ ড° ভূপেন হাজৰিকা কলাভূমিত কাকতিৰ ৰছনা আৰু পৰিছালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা পৰিৱেশিত হয় ছ হাত মাথোঁ নামৰ অৰ্থৱহ নাটকখন৷
©অৰূপ কলিতা
![]() |
Arup kalta |
Comments
Post a Comment
If you have any doubts, please let me know.