সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কাতি বিহুৰ খাতি কথা। KATI BIHU

 কাতি বিহুৰ খাতি কথা

source - Internet



কাতি বিহুৰ খাতি কথা।

লেখকঃ  শান্তনু বৰুৱা,তেজপুৰ

অসমৰ জাতীয় উৎসৱ বিহুৰ এটা অংশ কাতি বিহু। বিহু  কৃষি জীৱী ৰাইজৰ উৎসৱ। কাতি বা কঙালী তাৰে এটা অংগ। এই বিহুত হেনো আমাৰ ভড়াল বোৰ উদং হৈ থাকে। অভাৱ অনাতন বৃদ্ধি পায় সেয়ে এই বিহুক কঙালী বিহু বোলে। কিন্তু আমি কথাটো তেনেকৈ নাভাবো। বাৰটা মাহৰ ভিতৰত এটা মাহত ধনে-ধানে উভৈনদী হৈ পৰাৰ লগতে প্ৰকৃতিয়ে ৰঙ সানি দিয়া বাবে ৰঙালী আৰু এটা মাহত শাকে-পাতে মাহে-কৰাইয়ে   উভৈ নদী হোৱাৰ বাবে ভোগালী বুলি কৈ এটা মাহত আমি ইমান কঙ্গাল হৈ যাওনে যে তাক কঙালী বুলি কম ! আচলতে কথাটো বোধহয় সেইটো নহয় । যেতিয়া প্ৰকৃতি শুকাই শাক পাত নোহোৱা লঠঙা হয় তেতিয়াহে কঙালী চাগে । যেতিয়া প্ৰকৃতিত শাক পাত ভৰি থাকে তেতিয়া ভোগালী আৰু যেতিয়া বিৰিখত পাত ফুল ফুতি প্ৰকৃতিয়ে মন ৰঙাই তেতিয়া ৰঙালী। কিন্তু এনে নিশ্চয় নহয় যে অভাৱ অনাতনৰ চেপা-খুন্দাত ভড়াল উদং হৈ থকাৰ বাবেহে এই বিহু কঙালী।  

আহক আমি বিষয়টো এনে এক দৃষ্টিৰে চাও । আজিৰ পৰা  কেইটামান দশক পূৰ্বে অসমত অসমীয়া মানুহ আছিল স্ব-নিৰ্ভৰ, স্বয়ং সম্পূৰ্ণ।  জীৱন যাত্ৰাত প্ৰয়োজন আছিল মাত্ৰ ধান, মাহ, সৰিসহ, কুঁহিয়াৰ, নিমখ আৰু হাঁহ, পাৰ, গৰু, ছাগলী আদি। বাঁহ-বেত টো দা খন ললেই হ'ল ! হাবীয়ে-বননীয়ে, জংগলে-মেৰনীয়ে গিজ খাই আছিল। উলু, খেৰ, ইকৰাৰ অভাৱ নাছিল। খোজনীয়া-মগনীয়া বুলি জাত কি নাছিল। যি বা আছিল সিও টোকাৰী আদি লৈ দেহ বিচাৰৰ গীত আদি গাই ফুৰা বৈৰাগী জাতীয় দুই এজন আছিল। অৱশ্যে ধান, মাহ, সৰিয়হ আদি জাৰি-চালি দি উপাৰ্জন কৰা দুই এক দুখীয়া পৰিয়াল নোহোৱা নহয় সিও ভিক্ষাৰী লেখীয়া নাছিল। কাম কৰি উপাৰ্জন কৰি খোৱা বিধৰ আছিল। অন্ততঃ থাকিবলৈ এখন চাল আছিল। এনে হেন সমৃদ্ধিশালী  জাতি এটাৰ জাতীয় উৎসৱ বিহু কেতিয়াও অভাৱত পৰি কঙালী হ'ব নোৱাৰে। এই অভাৱ আচলতে প্ৰকৃতিৰ অভাৱক বুজাবলৈহে ব্যৱহাৰ কৰা হৈছিল। এই মাহত খালে ডোঙে পানী আদিও নোহোৱা হোৱাৰ বাবে ডাকৰ বচনত পোৱা যায় 

"আহিনে কাতিয়ে ৰাখিবা পানী 

ৰজাই ৰাখে যেনেকৈ ৰাণী।" 

এনেবোৰ কাৰণতেই এই সময় খিনিক প্ৰকৃতিৰ এক সন্ধিক্ষণ বুলিব পাৰি। সেইয়া হ'ল ৰিক্তৰ পৰা সৃষ্ট হোৱাৰ সন্ধিক্ষণ। সেয়েহে এই সময় খিনি আছিল তাহানিৰ দিনত বেচ আধ্যাত্মিক চিন্তা চেতনাৰে ভৰা এক নিমাত, নিতাল, নিজান, নিজম ভাৱনাৰে সমৃদ্ধ। বতৰো আছিল ফৰকাল, মুকলি, শীত তাপ নোহোৱা সুন্দৰ বাতাবৰণ। একেবাৰে সৃষ্টিক আদৰাৰ দৃষ্টি নন্দন পৰিবেশ। তাতে আকৌ আহাৰ, শাওনৰ এই দুটা মাহত  মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ সাৰ্থকতাও ফুটি উঠে এইটো সময়তে। সেইটো হৈছে ধানে গেৰ মেলি গাখিৰতী হয় এই খিনি সময়তে। এনে হেন সুন্দৰ নয়নাভিৰাম পৰিবেশক আদৰণি জনাবলৈকে আচলতে কাতি বিহু। আমাৰ পূৰ্বৰ পুথাও পুলিন সকল প্ৰকৃততে বেচ সংস্কাৰী পুৰুষ আছিল, সংস্কৃতিবান আছিল। তেওঁ লোকে জানিছিল সৃষ্টিৰ  এই মৌন সময় খিনি বেচ সতৰ্কতাৰে পাৰ কৰিব লাগিব। কিয়নো এই সময় খিনিত শস্যৰ কোমল বীজৰ আৱৰণ ফুটাই ৰস পিবলৈ কিট পতঙ্গ বৃদ্ধি পায়। সেয়েহে তাক নাশ কৰি পথাৰখন সুৰক্ষিত কৰিবলৈ অগ্নি প্ৰজ্বলিত কৰাৰ ব্যৱস্থা কৰা হ'ল। সিয়েই আজিৰ বন্তিলৈ পৰিণত হ'ল। 

এই পৰম্পৰা বহু পুৰণি পৰম্পৰা। কিমান পুৰণি জনা নাযায় যদিও তাহানিৰে পৰা আজিও খেতিয়কে কাতি বিহুৰ দিনা পুৱা বেলা পথাৰ খন নিজৰ সন্তানৰ দৰে চুক কোণ চাই মৰম মিহলি শ্ৰদ্ধা আৰু আবেগিক এক সম্পৰ্ক সানি থৈ আহে। লোক বিশ্বাস মতে এনে কৰিলেহে খেতি দৰাই খেতিয়কৰে আপোনত্ব অনুভৱ কৰে আৰু শইচৰ বৃদ্ধি হয়।  নহলে গৃহস্থ নোহোৱা বুলি খেতি দৰা হেনো অধোবদনে মৃয়মান হৈ ৰয়। দিনে পোহৰে পথাৰ দৰাৰ সূচল ঠাইত গধূলি চাকি বন্তি দিব পৰাকৈ খুটি পুতি আহে। বহুতে আকৌ ইংৰাজী টি আকৃতিৰ জেং আদিও পুতি থৈ আহে যাতে পটঙ্গ ভোজী চৰাই চিৰিকটি আদি তাতে বহি চিকাৰ কৰিব পাৰে।

পথাৰ চাই আহি গৃহস্থই বাৰি, ঘৰ, চোতাল, ঢেকিশাল, জুহাল, ভড়াল, নামঘৰ, কুৱা পাৰ নাদৰ পাৰ, বৰ ঘৰ, চৰা ঘৰ, পাকঘৰ আদি সকলো  চিকুনাই ঘৰ খনলৈ সৰগ নমাই আনে ।  ছোৱালী বোৱাৰী সকলোৱে চাকি বন্তি মাহ প্ৰসাদ আদি যতনাই । সন্ধ্যা নমাৰ লগে লগে পথাৰত চাকি বন্তি লগাই সেৱা কৰে। ঔ টেঙাৰ বাকলি, অমিতা, কোমোৰা আদি কাটি তাৰ বুকু খুলিও তেল সলিতা দি বন্তি জ্বলোৱা হয়। পথাৰত যি ভক্তি ভাবেৰে চাকি বন্তি জ্বলোৱা হয় সেই একেই ভক্তিৰে চিকুনাই তোলা বাৰি,ঘৰ,চোতাল ভড়াল আদিটো মাটিৰ চাকি দি তাৰ স্নিগ্ধ পোহৰৰে সকলো আলোকিত কৰা হয়। 

বিহু বুলিলেই অসমীয়াৰ দেহ মন ঢোলৰ ছেৱত নাছি উঠে যদিও এই বিহুত কিন্তু ঢোল নিষিদ্ধ। আমি আগেয়েও উল্লেখ কৰিছোঁ যে এই বিহু এক আধ্যাত্মিক চিন্তা চেতনাৰ উৎসৱ। ইয়াত বাহুল্য নাই। সেয়েহে ঢোলৰ মালিতাতো এই মাহত ঢোল নিষিদ্ধ বুলি কোৱা হৈছে।  মালিতাত আছে যে আহাৰ শাওনত ঢোল বজালে ৰোৱা পোকে খাই আৰু কাতি, আঘোণত ঢোল বজালে ধান পতান হয়। সেয়েহে এই চাৰিমাহ ঢোল নিষিদ্ধ। 

তদুপৰি আৰু এটি বৰ চিত্তাকৰ্ষক কথা এই কাতি বিহুত পালন কৰা হয়। সেইয়া হৈছে আকাশ বন্তি। কাতি বিহুত লগোৱা আকাশ বন্তিৰ পোহৰত হেনো মৃতকৰ আত্মাই সৰগলৈ যাবলৈসদগতি লাভ কৰে । সেয়েহে আকাশ বন্তিৰ দ্বাৰা আকাশলৈ যোৱাৰ পথ পোহৰাই তোলা হয় । বহু ঠাইত সেয়েহে কাতি বিহুৰ দিনা শৱ দাহ কৰা ঠাইটো এগছি মিঠাতেলৰে মাটিৰ চাকি জ্বলাই মৃতকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এইদৰে গোটেই কাতিমাহ টোৱেই আকাশ বন্তি জ্বলোৱাৰ লগতে তুলসী তলত চাকি জ্বলোৱা হয়। 

এইখিনিয়ে আমি জনা কাতি বিহুৰ মূল কথা। ইয়াত হয়তো আৰু দুই এক কথাৰ সংযোগ হ'ব পাৰে কিয়নো অসমৰ ঠায়ে, ঠায়ে, ঘাটে, ঘাটে গীত, মাত, নাট, কথা, গদ্য,পদ্য আদিৰ বৈচিত্ৰতা দেখা যায়। কথাৰ সুৰ, শব্দ, আনকি লোক সংগীতো ঠায়ে ঠায়ে নিজস্ব শৈলীৰে জীপ লৈ উঠা। ঠায়ে ঠায়ে এই বিহুৰ দিনা তামোল, নাৰিকল আদি গছৰ পুলিও লগোৱা দেখা যায়। 

এনে বহু কথাৰ ভিত্তিত হয়টো আন সৰু বৰ কথাও থাকিব পাৰে। সেইবোৰ বিচাৰি বুটলি আনি উদ্ধাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত।

এই খিনিতে কাতি বিহুৰ আন এক উল্লেখযোগ্য লোকাচাৰৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ সেইয়া হৈছে তুলসী পূজা। এই পূজাৰ মূল তত্বটো হৈছে তুলসী পুলি ৰোপন আৰু তাত মাহ প্ৰসাদ কল, কুঁহিয়াৰ, ৰবাৱ টেঙা আদিৰে নৈবেদ্য আগ বঢ়োৱা। এনে এখন নৈবেদ্য পথাৰটো চাকি বন্তি দিওঁতে আগ বঢ়োৱা হয়। এইদৰে কাটি মাহৰ প্ৰতিটো দিনতে তুলসী তলত বন্তি জ্বলোৱাটো এটা লোকাচাৰত পৰিণত হৈছে। কেতিয়াৰ পৰা সঠিক ক'ব নোৱাৰিলেও কাতি বিহুত তুলসী ৰোৱাটো এটা আনন্দৰ বিষয়। কাৰণ ঘৰে ঘৰে ল'ৰা -ছোৱালী বোৰে এটি সুন্দৰ তুলসী ভেটি কৰি তাত তুলসী ৰোৱাটো এক সুকুমাৰ কলাৰ বহি প্ৰকাশ। বিভিন্ন আৰ্হিৰে মাটিৰ ঢিপ সাজি তাত নক্সা গঢ়ি  আটা, ময়দা, হালধী, সেন্দুৰ, ফাকুগুৰি আদি বিভিন্ন ৰঙেৰে ভেটিটো বোলাই প্ৰতি ঘৰেই কোনে কিমান সুন্দৰ কৈ ভেটি টো গঢ়িব পাৰে তাৰে এক অঘোষিত প্ৰতিযোগিতাই হয় আৰু গধূলি গাঁৱৰ ডেকা-গাভৰু , ল'ৰা-ছোৱালী হতে লগ হৈ ইঘৰ সিঘৰ ফুৰি সেই ভেটিটো চাই তুলসী তলত নাম গাই মাহ প্ৰসাদ খাই আনন্দ স্ফূৰ্তি কৰে। ই বৰ সুন্দৰ পৰিবেশ এটাৰ সৃষ্টি কৰাৰ লগতে গাওঁ খনৰ সকলোৰে মাজত এটা ভাতৃত্ব বোধৰো জন্ম দিয়ে। তুলসী তলত গাই -

                                                                                                    


                                                                                                   "তুলসীৰ তলে মৃগ পহু চৰে 

                                                                                           

  তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে।" বা

   "তুলসী তুলসী অ'আই তুলসী তুমি গোবিন্দৰ 

প্ৰিয়া 

তোমাক পূজিছো আই অ'তুলসী শান্তি অকনি দিয়া।"






এই খিনিতে আমাৰ মনত প্ৰশ্ন হয় কাতি বিহুত কিয়, কেতিয়া আৰু কেনেকৈ তুলসী পূজাৰ প্ৰচলন হ'ল ? তুলসী এবিধ ঔষধি গুণ সম্পন্ন ভাইৰাছ, বেক্টেৰিয়া, পোক, পৰুৱা আদিৰ প্ৰতিষেধক ৰূপে ইয়াক পূজা কৰা হয় নে পুৰাণ আদিত বৰ্ণনা থকা  শঙ্খচূড়, তুলসীৰ আখ্যানৰ বাবে ?  কাতি বিহুৰ কৃষি পৰম্পৰাত ই নতুন সংযোজন নে পূৰ্বৰে পৰা থকা পৰম্পৰা সেই বিষয়ে অৱশ্যে জানিব নোৱাৰিলোঁ। কিন্তু এটা কথা ঠিক যে তুলসীৰ দৰে ঔষধি গছ ঘৰে ঘৰে থকা উচিত্ । দেখা যায় যে তুলসী চৰিত, তুলসী আখ্যান আদি পুৰাণৰ সৃষ্টি। পুৰাণবোৰ আকৌ দশম শতিকা মানৰ পাছৰ কালৰ হে সৃষ্টি। কিয়নো সংস্কৃত ভাষা লিখিব পৰা দেৱনাগিৰি লিপিৰ বিকাশ তেতিয়ালৈ হৈছে বুলি একো প্ৰত্নতাত্বিক প্ৰমাণ নাই। সেয়েহে তাল পাত, ভূজ পাত, তুলাপাত আদিত লিখা কথাবোৰ বৰ যে প্ৰাচীন নহয় সেইয়া প্ৰতিস্থাপিত সত্য। গতিকে পুৰাণ লেখক দেৱ স্তাৱক ব্ৰাহ্মণ পণ্ডিত সকলে আখ্যান বোৰ লিখোতে সদায় দেৱতাৰেই জয় গান গোৱাটো স্বাভাৱিক। গতিকে তাৰ পৰা সঠিক তথ্য আশা কৰাটোও ভুল। উদাহৰণ স্বৰূপে তুলসী গছৰ পৱিত্ৰতাক যদি আদিম সমাজে মান্যতা দি আহিছিল তাকে হয়তো পাছৰ কালত ব্ৰাহ্মণ্য হিন্দু পণ্ডিত সকলে নিজৰ প্ৰভাৱ খতুৱাবলৈ  তুলসীক এবিধ দৈৱীক বৃক্ষ বুলি কবলৈ ল'লে আৰু পূজা পাতৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। সেয়েহে পদ্মপুৰাণৰ সপ্তম ভাগ,২৪ অধ্যায়ৰ শ্লোক সংখ্যা ৫-৬ ত উল্লেখ পোৱা যায় "কেশৱপত্ৰমধ্যেস্ব: পত্ৰাগ্ৰেয়স্ব:প্ৰজাপতিহি

পত্ৰবৃন্তেশিৱতিস্তে তলস্যাস্বৰ্গদেৱাহি।।" অৰ্থাৎ

 তুলসীৰ অগ্ৰ ভাগত ব্ৰহ্মা, মধ্য ভাগত বিষ্ণু আৰু নিম্নাংশৰ বৃন্তত শিৱৰ স্থিতি। সেয়েহে তুলসী তীৰ্থ ভূমিৰ দৰে পৱিত্ৰ। তদুপৰি মাহৰ ভিতৰত কাতি, তিথিৰ ভিতৰত একাদশী, তীৰ্থৰ ভিতৰত দ্বাৰকা আৰু বৃক্ষৰ ভিতৰত তুলসীকেই উচ্চস্থান দিয়া হৈছে। 

আনহাতে দ্বিজ ভগীৰথ প্ৰণীত 'তুলসী চৰিত্ৰ'ত ভগৱান বিষ্ণুৰ উপাসক ৰূপে তুলসী দেৱী আৰু দানৱ বীৰ শঙ্খচুড়ৰ কাহিনী পোৱা যায়। ইয়াত দানৱবীৰ শঙ্খচুড়ে তুলসীক বিবাহ কৰাই তেওঁৰ সতীত্ব গুণেৰে অজেয় বীৰ হৈ উঠাত দেৱতা সকল সঙ্কিত হৈ পৰি বিষ্ণুৰ দ্বাৰা শঙ্খচুড় নিধনৰ বাবে বিষ্ণুৰ সহায় বিচাৰি কেনেকৈ তেঁওক বধ কৰালে তাৰ বৰ্ণনা আছে। ।  বিষ্ণুয়ে শঙ্খচুড়ক বধ কৰিবলৈ  শঙ্খচুড়ৰ ৰূপ লৈ তুলসীক ধৰ্ষণ কৰি সতীত্ব নষ্ট কৰি শঙ্খচুড়ক বধ কৰোৱাইছিল আৰু তাৰ ফলত তুলসীৰ সাপত বিষ্ণু শিলালৈ পৰিণত হৈ শালেগ্ৰামলৈ পৰিণত হোৱা আদিৰ বৰ্ণনা পোৱা যায়। আনহাতে ব্ৰহ্মবৈৱৰ্ত পুৰাণতো আছে তুলসীৰ কথা। ইয়াত আকৌ ৰূপ লাৱণ্যত অদ্বিতীয়া তুলসী দেৱীয়ে  নৈৰ পাৰত প্ৰত্যুষতে গণেশক ধ্যান কৰি থকা দেখি গণেশৰ ৰূপত মুগ্ধ হৈ গণেশৰ ধ্যান ভগ্ন কৰি প্ৰেম নিবেদন কৰাত গণেশে নিজকে ব্ৰহ্মচাৰ্য্য ব্ৰত পালন কৰাৰ বাবে সেই প্ৰেম প্ৰত্যাখ্যান কৰাত শাও দিয়াৰ আখ্যান পোৱা যায়। ইজনে সিজনক দিয়া শাওপাতৰ বাবেই পাছলৈ গণেশে কেইবাগৰাকীও পত্নীৰ অধিন হ'ব লগা হয় আৰু তুলসী দেৱী মৰ্ত্যত বৃক্ষ ৰূপে জন্ম হ'ব লগা হয়। এতিয়া কথা হ'ল এই তুলসী কাতি বিহুত কেনেকৈ সংপৃক্ত হ'ল ? কেতিয়াৰ পৰা হ'ল আৰু কেনেকৈ হ'ল নিশ্চয় গৱেষণাৰ বিষয়। আমি ইয়াৰ দ্বাৰা তুলসীৰ তলত বন্তি জ্বলোৱা প্ৰথাক বেয়া বুলি ক'ব খোজা নাই বৰঞ্চ আন দহজনেও এই বৃক্ষ ৰোপণ কৰি ইয়াৰ পৱিত্ৰতাক অক্ষুণ্ণ ৰখাৰ হে পৰামৰ্শ দিম । কিন্তু কাতি বিহুৰ মাজলৈ তুলসীৰ প্ৰৱেশ কেনেকৈ আৰু কিয়  হ'ল তাৰ সম্ভেদ ল'লে  নিশ্চয় বহু অজানা তথ্যৰ সম্ভেদ পোৱা যাব সেইতোহে ক'ব খুজিছোঁ।

ধন্যবাদ।

Editor: diganta kumar bhuyan

Sahitya Sofura,সাহিত্য সঁফুৰা

                               ‌      -০-

writer: Santanu Baruah












Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়