ফ'ৰ লেনৰ দুখ

স্বচ্ছ ভাৰত অভিযান (বাটৰ নাট)
*নিলা আৰু সেউজীয়া ডাষ্টবিনৰ ব্যৱহাৰঃ*
ৰচনাঃ দিগন্ত কুমাৰ ভূঞা, তেজপুৰ (8638684578.)
*চৰিত্ৰ সমূহঃ মীৰা, নিতু, জিতু, দিপু।*
(এক স্থানত দুটা ডাষ্টবিন থাকিব। এটা নিলা ৰঙৰ আৰু আনটো সেউজীয়া ৰঙৰ।চাৰিটা চৰিত্ৰ (পুৰুষ ৩ জন নাৰী ১) একগোটহৈ ঘুৰি ঘুৰি ওজাপালিৰ সুৰত নাচি নাচি সমবেত
কণ্ঠৰে গীত পৰিৱেশন কৰিব।)
গীতঃ
"শুনা শুনা সৰ্বজন আমাৰ বচন,
স্বচ্ছ ভাৰত অভিযানৰ কথোপকথন।
শুনা শুনা সৰ্বজন আমাৰ বচন,
চাফ-চিকুনতা সবে কৰা পালন।
সেউজীয়াত পেলাবা খাদ্য আবৰ্জনাৰ ভিজা,
তেহে পাবা অধিক আয়ুস সুষ্ঠিৰ জীৱন।
শুনা শুনা সৰ্বজন আমাৰ বচন,
নিলাত পেলাবা যত লেতেৰা আবৰ্জনা শুকান।
দেহ-মন বাতাবৰণ সদা ৰাখিবা পৰিস্কাৰ,
নিলা-সেউজীয়াক আদৰি দেশৰ কৰা উপকাৰ।
শুনা শুনা সৰ্বজন.....
( নিলা আৰু সেউজীয়া দুটা ডাষ্টবিন ৰ ওচৰত মীৰাই চিপচ খাই থাকিব আৰু চিপচৰ খালি পেকেটটো এনেই মটিত পেলাই দিব। এনেতে নিতু আহি মাটিৰ পৰা চিপচৰ খালি পেকেটতো উঠাই নিলা ডাষ্টবিনটোত পেলাই দিব )
নিতুঃ হেৰা ভন্তি কিয় মটিতে খালি পেকেটতো পেলাইছা ? এনেকৈ য'তে ত'তে নহয়। আবৰ্জনা এই ডাষ্টবিনতহে পেলাব লাগে, সেইকথা তুমি নাজানা নেকি ?
মীৰাঃ সকলোৱে পেলাই মই পেলালে কি হ'ব? ইস, দেখিছো নহয় বৰ চাফ-চিকোন পৰিস্কাৰটো! কাপোৰ-কানিত কোনো ষ্টাইল নাই, অসভ্য ফটুৱা চব কৰবাৰ, ছোৱালী দেখি কাষচাপিবৰ মন আৰু চলাহি কথাৰে ভদ্ৰহৈ দেখুৱাবলৈ আহিছে, আপোনাৰ ধাণ্ডাটো কি মই নাই বুজা বুলি ভাবিছে নেকি? আঁতৰ হওক মোৰ ওচৰৰ পৰা, মোক জ্ঞান দিব নালাগে।
নিতুঃ তেনেকৈ কিয় কৈছা ভন্তি , মোৰ কাপোৰকানি বোৰ মই চাফ-চিকুন কৈয়েতো পিন্ধিছোঁ, অ' তোমালোকৰ দৰে অতি আধুনিক পোছাক মই পিন্ধা নাই, মাৰ্জিত পোছাক এজোৰেই পিন্ধিছোঁ, মোৰ পোছাকৰ দৰে মোৰ মন আৰু সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাও পৰিস্কাৰ, আৰু মই তোমাক জ্ঞান দিবলৈ বাধ্য হৈছোঁ। যি বোৰ মানুহৰ স্বচ্ছতাৰ জ্ঞান নাই, সেইসকলক য'তেই যেনেকৈ পাওঁ, আৰু যেতিয়াই স্বচ্ছতাৰ বিষয়ত অজ্ঞতা দেখা পাও, তেতিয়াই জ্ঞান দিবলৈ মই বাধ্য হও ,কাৰণ ধুনীয়া সাজ-পাৰ পিন্ধিলেই নহ'ব, বাতাবৰণ সুন্দৰ কৰি ৰাখিব পাৰিলেহে সকলোতে সুন্দৰতা প্ৰকাশ পাব।
মীৰাঃ হ'ব হ'ব, মোক আপুনি নীতিশিক্ষা দিব নালাগে, মোক আপুনি ডিষ্ট্ৰাব নকৰিব।
নিতুঃ মই তোমাক ডিষ্ট্ৰাৱ কৰা নাই, তুমি কৰা ভুলতোহে দেখুৱাই দিছো।
মীৰাঃ বেছি কথা নক'ব, মোৰ বয়ফ্ৰেণ্ড আহি আছে, কথা বেয়া হ'ব কিন্তু কৈ দিছো।
নিতুঃ তুমি অভদ্ৰ নেকি হে ?
মীৰাঃ What ? আপুনি মোক ভদ্ৰতা শিকাব নালাগে, যাওক ইয়াৰ পৰা, নহ'লে কথা বিষম হ'ব কিন্তু কৈ দিছোঁ।
নিতুঃ শুনা, ২০১৪ চনৰ ১৫ আগষ্টত আমাৰ দেশৰ প্ৰধান মন্ত্ৰীয়ে গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল, আমাৰ গাওঁ, চহৰ, নগৰ, জিলাখন, ৰাজ্যখন আৰু দেশখনক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদেশ্য...
মীৰাঃ লেকচাৰ বন্ধ কৰক, আপোনাৰ লেকচাৰ শুনি থাকিবলৈ মোৰ মন নাই।
(এনেতে মীৰাৰ বয়ফ্ৰেণ্ড জিতু আহে)
জিতুঃ কি হ'ল মীৰা ?
মীৰাঃ জিতু, তুমি আহিলা ভালেই হ'ল, এইদালে অথনিৰ পৰা মোক কামোৰ দি আছে, বৰ আমনি দিছে, দুইচৰ মান লগাই দিয়াচোন।
জিতুঃ ঐ মিষ্টাৰ, আপুনি কিয় দিগদাৰ দি আছে এওক। আপোনাৰ প্ৰৱলেমটো কি ?
নিতুঃ চোৱা ভাইটি, মই ভন্তিজনীক একো দিগদাৰ দিয়া নাই, চিপচ খাই খালি পেকেটটো মাটিত পেলাইছিল তাকে যেনিবা মই সৌ ডাষ্টবিনটোত পেলোৱা কথাটো ক"লো, তাতেই মোক বেয়া পালে, মই মাথো য'তে ত'তে আৱৰ্জনা নেপালাবলৈ বুজাইছিলো, কিন্তু তেও মোক ভুল বুজিছে।
জিতুঃ মীৰা, দাদাইতো একো বেয়া কথা কোৱা নাই তোমাক, আজিকালি প্ৰায়ে দেখিবলৈ পাওঁ মানুহ কিছুমানে চিপছৰ পেকেট, প্লাষ্টিকৰ পানীৰ বটল, গুটকা চুফাৰী, পানতামোল ছোবাই য'তে-ত'তে পেলাই লেতেৰা কৰে , সুন্দৰকৈ সজায় থোৱা ৰাষ্টাৰ কাষৰ বেৰ-ওৱাল আৰু বাট-পথ বোৰ অপৰিস্কাৰ আৰু অসুন্দৰ কৰি তোলে। নাপায় নাপায় মীৰা, এনে কাম কৰিব নাপায়, দাদাই একো ভুল কথা কোৱা নাই,
য'তেত'তে আৱৰ্জনা পেলোৱাৰ ফলত , এইবোৰৰ পৰা বেমাৰৰ বিজানু সংক্ৰমণ হোৱাৰ উপৰিও এইবোৰে আমাৰ চহৰ-নগৰ, গাঁৱে-ভূঞে অপৰিস্কাৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু আমাৰ দেশৰো সৌন্দৰ্য নষ্ট কৰে। বেলেগ দেশৰ মানুহ আহি আমাৰ এনে অপৰিস্কাৰ পৰিৱেশ দেখি আমাক নাহাঁহিব জানো ?
মীৰাঃ তুমি ঠিকেই কৈছা জিতুদা, মোৰ ভুল হ'ল, মই আপোনাৰ গাত চুই শপত খালো এনে কাম মই পুণৰ আৰু কেতিয়াও নকৰোঁ। আৰু আজিৰ পৰা মই আৱৰ্জনা ডাষ্টবিনতহে পেলাম। দাদা (নিতুক ক'ব) আপোনাকো মই বহুত বেয়া ব্যৱহাৰ কৰিলো, মোক ক্ষমা কৰি দিব।
নিতুঃ একো নাই ভণ্টী , দেৰিকৈ হ'লেও, তুমি কথাবোৰ বুজিলা যে তাতেই মই সন্তুষ্ট হ'লো।
আছলতে, এই আৱৰ্জনা বোৰ আমি য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে, আৰু আজিকালি আমাৰ চৰকাৰে বিভিন্ন আঁচনিৰ দ্বাৰা এই আৱৰ্জনা বোৰ সংগ্ৰহ কৰি লৈ যোৱাৰো ব্যৱস্থা কৰিছে, আমি সেই চৰকাৰী বিভাগৰ সহায় লোৱা উচিত, তাৰোপৰি চৰকাৰী বিভাগীয় কৃতপক্ষই নিৰ্দিষ্ট কিছুমান স্থানত এনেবোৰ জাবৰ-জোথৰ পেলোৱাৰ বাবে নিলা ৰঙৰ আৰু সেউজীয়া ৰঙৰ কিছুমান ড্ৰামৰো মানে ডাষ্টবিনৰো ব্যৱস্থা কৰিছে, (ডাষ্টবিনলৈ দেখুৱাই) সৌৱা চোৱা, ইয়াত এই ডাষ্টবিন দুটা ৰাইজে আৱজনা পেলাবলৈ চৰকাৰে স্থাপন কৰিছে। নিলা আৰু সেউজীয়া দুইটা ডাষ্টবিনতে শুকান আৱৰ্জনা আৰু ভিজি থকা আৱজনা পেলাবলৈ ভাগে ভাগে চৰকাৰী কৃতপক্ষই নিৰ্দিষ্ট স্থানত ব্যৱস্থা কৰি দিছে, গতিকে চৰকাৰৰ এই সুবিধা আমি উপভোগ কৰিব লাগে।
জিতুঃ মুঠৰ ওপৰত আমি পৰিস্কাৰ হৈ থাকিব লাগে ন' দাদা, আমাৰ চৌপাশ পৰিস্কাৰ পৰিচন্ন হৈ থাকিব লাগে আৰু আমাৰ সু-স্বাস্থ্যৰ লগতে আমাৰ দেশ পৰিস্কাৰ হৈ উজ্জ্বলি উঠিব লাগে, নে কি কয় দাদা ?
নিতুঃ তুমি ঠিক কথাকেই কৈছা।
মীৰাঃ মইয়ো আজিৰ পৰা এই নিলা আৰু সেউজীয়া ডাষ্টবিনৰ ব্যৱহাৰ কৰিম আৰু সকলোকে ব্যৱহাৰৰ প্ৰয়োজনিয়তাৰ বিষয়ে সজাগতা কৰিম।
(এনেতে দিপুৱে ক'লা কেৰিবেগৰ ডাঙৰ তোপোলা এটি লৈ আহি ডাষ্টবিনত পেলাব ধৰোতেই নিতুৱে চিঞৰি উঠিব)
নিতুঃ ঐ ঐ কি ক'ৰ কি ক'ৰ ?
দিপুঃ জাবৰি পেলাও ।
নিতুঃ কি জাবৰি ?
দিপুঃ মোৰ ফাষ্টফুদৰ দোকানৰ চুৱা খাদ্যবোৰ মানে আৱৰ্জনা।
নিতুঃ সেউজীয়া ডাষ্টবিনটোত পেলাই দে ।
দিপুঃ নিলা আৰু সেউজীয়া যি কোনো এটাত পেলালেইটো হ'ল।
নিতুঃ নহয়। মই কৈছো শুন, কাৰ্বনিক যি বোৰ আৱৰ্জনা ভিজা সেইবোৰ সেই সেউজীয়া ডাষ্টবিনটোত পেলাব লাগিব, যেনে বাছি যোৱা খাদ্য বস্তু, বাহি হোৱা আহাৰ, চবজী, তৰকাৰী, ফল-মূল, চাহপাত আদি সককো ভিজা আৱৰ্জনা সেউজীয়া ডাষ্টবিনত পেলাব লাগিব। আৰু কাৰ্বনিক যিবোৰ শুকান আৱৰ্জনা সেইবোৰ নিলা ৰঙৰ ডাষ্টবিনটোত পেলাব লাগিব। যেনে- প্লাষ্টিক, পলিঠিন,চিপচ আদিৰ পেকেট, কাগজ, আইনা বা গ্লাচৰ বাচন আদি। বুজিলি।
দিপুঃ হয় হয় বুজিলোঁ।
(দিপুৱে সেউজীয়াত আৱৰ্জনাবোৰ পেলাই দিব)
নিতুঃ ভন্তী, ভাইটি, তেতিয়াহ'লে এতিয়াৰ পৰা নিলা ডাষ্টবিন আৰু সেউজীয়া ডাষ্টবিনৰ ব্যৱহাৰৰে আমাৰ চহৰ-নগৰ , গাঁৱে-ভূঞে আৰু সকলোৰে ঘৰে ঘৰে স্বচ্ছ ভাৰত অভিযান আমি আৰাম্ভ কৰিম আৰু আমাৰ প্ৰতিজনৰ সহযোগিতাতহে এই অভিযান সফল হ'ব নহয় জানোঁ...
সকলোৱেঃ হয় হয় হয়.....
All Characters:
গীতঃ
"শুনা শুনা সৰ্বজন আমাৰ বচন,
স্বচ্ছ ভাৰত অভিযানৰ কথোপকথন।
শুনা শুনা সৰ্বজন আমাৰ বচন,
চাফ-চিকুনতা সবে কৰা পালন।
সেউজীয়াত পেলাবা খাদ্য আবৰ্জনাৰ ভিজা,
তেহে পাবা অধিক আয়ুস সুষ্ঠিৰ জীৱন।
শুনা শুনা সৰ্বজন আমাৰ বচন,
নিলাত পেলাবা যত লেতেৰা আবৰ্জনা শুকান।
দেহ-মন বাতাবৰণ সদা ৰাখিবা পৰিস্কাৰ,
নিলা-সেউজীয়াক আদৰি দেশৰ কৰা উপকাৰ।
শুনা শুনা সৰ্বজন.....
সমাপ্ত।
ৰচনাঃ দিগন্ত কুমাৰ ভূঞা, তেজপুৰ
8638684578.
Comments
Post a Comment
If you have any doubts, please let me know.