সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

 বহু গুণৰ আধাৰ দেৱেন দত্ত দেৱলৈ  শ্ৰদ্ধাঞ্জলি --------


      

  - - - - -       অসমত বহু বছৰৰ মূৰত পুনৰ এজন অসম হিতৈষী মানুহৰ জন্ম হৈছিল , যিজন মানুহে জীৱনৰ অধিক সময় অসম ,অসমীয়া ভাষা , অসমৰ সামাজিক আৰু ৰাজনৈতিক সমস্যাক নিজৰ সমস্যা হিচাপে লৈ সেই সমস্যাৰ বিষয়ে বহু মননশীল প্ৰৱন্ধ লেখি থৈ গ'ল । অসমৰ এই অমিমাংসিত সমস্যা বোৰে‌ তেওঁক দিনে ৰাতিয়ে বহু মানসিক পীড়া দিছিল ।

  সেই  গুণধৰ ব্যক্তি  জনেই হৈছে দেৱেন দত্তদেৱ   , যি আমাৰ মাজৰ পৰা ২০২৩ চনৰ  ১৭ আগষ্টৰ ৰাতি ১২ বাজি ১০ মিনিটত মাত্ৰ এবটল‌ তেজৰ যোগানৰ অভাৱত দু:খজনক ভাৱে আঁতৰি গ'ল ।

  দত্তদেৱৰ লগত আমাৰ আছিল অকৃত্ৰিম সহৃদয়তা । তেওঁৰ পত্নী অৰুন্ধতীৰ যোগে এই সহৃদয়তা আৰম্ভ হৈ অৰুন্ধতীৰ মৃত্যুৰ পিছতো ই শেষ হোৱা নাছিল । ফলত দুয়োৰো মাজত অসমক ভালপোৱাৰ মানসিকতাৰ বাবে বহু কথাৰ আলোচনা হৈছিল । দত্তদেৱ‌‌ জীয়াই থাকোতেই  আমি তেওঁৰ বিষয়ে দুটা প্ৰৱন্ধ লেখিছিলোঁ, এটা 'আমাৰ অসম ' ত আৰু আনটো ' পটভূমি' ত । কিন্ত্ত যি কথা তেওঁ  নিজেও হয়তো কাকতত  লেখা নাই , তেনে এটা বিষয়েই এই লেখাত উল্লেখ কৰি  এই মহান দেশপ্ৰেমী জনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা‌ জনাব খোজা হৈছে ।

       দত্তদেৱে অসমৰ জনসংখ্যাৰ গাঁথনিক লৈয়ো প্ৰায়ে উদ্বেগ প্ৰকাশ কৰি আমাক কৈছিল , আজিকালিৰ বিৱাহিত দম্পতিৰ ক্ষেত্ৰত সাধাৰণতে দেখা‌ যায় , তেওঁলোকে বিয়াৰ পিছত‌  সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত‌ লেহেম কৰিব বিচাৰে  । তাৰ পিছত এটা সন্তানৰ জন্ম দি এই চিন্তা সমূলি বাদ দিয়ে ।  দেখা যায় , এতিয়ালৈ  দুটা সন্তানৰ জন্ম হোৱাৰ খবৰটো বৰ  ভাগ্যৰ কথা হৈ পৰিছে । সন্তান দুজন হ'লে , জনসংখ্যা দুজনৰ ঠাইত দুজনেই থাকিল ; সন্তান এজন হ'লে জনসংখ্যা দুজনৰ ঠাইত এজন হ'ল । এনেদৰে দুজনৰ পৰা দুজন বা এজন হ'লে অসমীয়া মানুহৰ জনসংখ্যা ক'ত বাঢ়িল বা কেনেকৈ বাঢ়িব ? তাৰ পিছত বিৱাহৰ বাবে ল'ৰাৰ বাবে ছোৱালী আৰু ছোৱালীৰ বাবে ল'ৰা বিচাৰি হাহাকাৰ কৰে । গতিকে এই সত্যই আমাৰ জনসংখ্যাৰ গাঁথনিক মাধমাৰ দিয়াৰ ব্যৱস্হা আমি নিজেই কৰিছোঁ ।

  --------- মানুহ বিলাকে সেই এটা বা দুটা সন্তানৰ বাবে কেইবামহলীয়া ঘৰ সাজে । বৰ্ত্তমান অসমৰ বুজন সংখ্যক যুৱক যুৱতী বিদেশত থাকে । গতিকে ঘৰ বিলাক উদং হৈ পৰি থাকে । শেষত সন্তানৰ ইচ্ছা অনুসাৰে পিতৃ - মাতৃ চলিব লগা হয় । তেওঁলোকে দুটা বাটৰ মাজৰ পৰা এটা বাচি ল'ব লগীয়া হয় ।‌বাট দুটা হৈছে---- হয় বৃদ্ধাশ্ৰম নহয় অকলশৰীয়া জীৱন ।

   বিদেশলৈ সন্তান এবাৰ যোৱাৰ পিচত উভতি অহাৰ সম্ভাৱনা প্ৰায় শূণ্য । গতিকে পৈতৃক সম্পত্তি এসময়ত অধিক মূল্যত বহিৰাগতৰ ওচৰত বিক্ৰী হয় । কাৰণ অসমীয়া মানুহৰ দেশপ্ৰেম ইমান গভীৰ নহয় যে অসমৰ মাটি অসমীয়াৰ হাততে থকাৰ স্বাৰ্থত কম মূল্য যঁচাৰ ক্ষমতা থকা অসমীয়া মানুহক বিক্ৰী কৰিব , লাগিলে তেওঁ নিজে কোটীপতিয়েই হওক । ফলত অসমত যিদৰে অসমী‌য়াৰ জনসংখ্যা কমিছে সেইদৰে অসমীয়া মানুহৰ অধিকাৰত থকা মাটিও ক্ৰমে কমি আহিছে , যি কথাই অসমৰ ৰাজনীতিলৈ বিপদ আনিব পাৰে ।

   সেইদৰে‌ ভাষাৰ ক্ষেত্ৰতো আমি একো  চিন্তা নকৰোঁ ।  দত্তদেৱে আমাক এদিন কথা প্ৰসঙ্গত কৈছিল , তেওঁৰ ঘৰত কাম কৰি থকা ৰাজমিস্ত্ৰি এজনে , তেওঁ অসমীয়াত সোধা প্ৰশ্নৰ বাৰে বাৰে হিন্দীত উত্তৰ দিয়াত  দত্ত দেৱে সুধিছিল , তুমি যে মোক হিন্দীত উত্তৰ দিছা অসমীয়া  নাজানা নেকি ? তেতিয়া ৰাজমিস্ত্ৰিজনে উত্তৰ দিছিল , আমাৰ লগত আপোনালোকৰ মানুহে হিন্দীতে কথা পাতে । সেয়ে আমি অসমীয়া শিকা নাই -----'

    এয়াই অসমীয়াৰ ভাষা প্ৰেম ;  লগতে তেওঁ কৈছিল, অসমত  তেওঁ  বহিৰাগতৰ লগত  সদায় অসমীয়াত কথা পাতে।

      দত্তদেৱ আৰু আমাৰ মাজৰ সম্বোধন আছিল সুহৃদ

আৰু‌ বন্ধুবৰ । কিবা ভাগ্যৰ বলত হে  আমি দত্তদেৱক বন্ধু হিচাপে পাইছিলোঁ  । আমাৰ ৰাজ্যৰ বিভিন্ন সমস্যাৰ বিষয়ে বিভিন্ন কাকতত‌ একাদিক্ৰমে লেখি আৰু দূৰসংযোগ আদিত ভাগ লৈয়ো‌ বিশেষ একো ফল নোপোৱাত দেশপ্ৰেমৰে ভৰি থকা তেওঁৰ হৃদয় খনি ভাগি পৰিছিল আৰু মৃত্যুৰ কেইদিনমান আগতে আমাক কৈছিল , ' বন্ধুবৰ , মই আৰু বেচি দিন নাবাচো ' । তেওঁ তেনেকৈ কোৱাত আমি কষ্ট পাইছিলোঁ । কিন্তু সেয়াই যে ঘটিল ! এনেদৰেই আমাৰ মাজৰ পৰা আঁতৰি গ'ল অসম জননীৰ  এজন প্ৰিয় সন্তান দেৱেন দত্তদেৱ । তেওঁৰ দেহান্তত হোৱা অসমৰ ক্ষতি সহজে পূৰ হোৱাৰ আশা ক্ষীণ ।

 আমি  দত্তদেৱৰ  ব্যক্তিগত এই মতামত সমূহ ৰাইজলৈ আগুৱাই তেওঁৰ আদ্য শ্ৰাদ্ধৰ দিনটোত তেওঁলৈ শ্ৰদ্ধা জনালোঁ -----

মায়া শৰ্মা

                  ++++++++++++++++

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়