ফ'ৰ লেনৰ দুখ

উৰ্ম্মিলা বৰগোহাঁই , ডিব্ৰুগড়
মৌলিক সাহিত্যৰ সময়ছোৱাৰ পৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে অসমীয়া ভাষাৰ আৰম্ভণিৰে পৰা ৮০০ শকাব্দঃলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক "গীতি যুগ" বুলি উল্লেখ কৰিছে। তেখেতে কৈছে যে অসমীয়া গীতি সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহু আগৰ। অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন।সংগীত সৃষ্টিৰ আঁৰত স্ৰষ্টাৰ উদ্দেশ্য আমি উপেক্ষা কৰিব নোৱাৰোঁ। কেৱল শ্ৰুতিমধুৰ হ'লেই গীত এটাই সংগীত হোৱাৰ যোগ্যতা অৰ্জন নকৰে। স্ৰষ্টাৰ মনত যদি সৰলতা, নান্দনিক চেতনা নাথাকে eternity ৰ সৈতে সম্পৰ্ক স্থাপনৰ লক্ষ্য নাথাকে, মানুহৰ আত্মাক তৃপ্তি কৰাৰ যদি উদ্দেশ্য নাথাকে, কেৱল শ্ৰুতিমধুৰ শব্দহে প্ৰয়োগ কৰা হয় তেনে সংগীত হ'ব নোৱাৰে। জাগতিক শব্দবোৰ নুশুনাকৈ এজন কলা( Deaf) ব্যক্তি হোৱাৰ পিছতো বীথোভেনে ৰচনা কৰিব পাৰিছিল জীৱনৰ শ্ৰেষ্ঠতম সংগীত। বীথোভেন আছিল এনে এক শিল্পী যিয়েই তেওঁৰ সৃষ্টিবোৰ শুনিছিল হৃদয়েৰে।
গীত একধৰণৰ শ্ৰৱণ যোগ্য কলা যাৰ সুসংবদ্ধ শব্দ আৰু নৈশব্দৰ সমন্বয়ে মানুহৰ মনত বিনোদন সৃষ্টি কৰিবলৈ সক্ষম হয়। স্বৰ আৰু ধ্বনি সমন্ধতে গীতৰ সৃষ্টি। এই ধ্বনিৰ সৈতে মানুহৰ কন্ঠ নিঃসৃত ধ্বনি আৰু সন্দ্ৰোৎপাদিত শব্দৰ সংমিশ্ৰণ ঘটে।
হৃদয়ত গুণগুণাই প্ৰকাশৰ পথ বিচাৰি ব্যাকুল হোৱা বুকুৰ ভাষাই হ'ল সংগীত। সংগীতৰ জন্ম প্ৰাণৰ আকুলতাত হৃদয়ৰ গভীৰতাত আৰু ভাবৰ সুকোমল মৃদু-মৃদু লহৰত। সংগীত নহ'লে মানুহৰ জীৱন মৰুভূমিৰ দৰে শুকান, নিৰস আৰু স্পন্দনহীন হৈ পৰিলহেঁতেন। এই পৃথিৱীত সংগীত বেয়া পোৱা মানুহ নাই কিজানি। আত্মাৰ উৎকৰ্ষ সাধনত সংগীতৰ বিশেষ ভূমিকা আছে। জীৱন আৰু সংগীতৰ নিগৃঢ় আত্মীয়তাত আন্তৰিকতা বোধে, মানৱতাবোধে চেতনাক জাগৃত কৰি একোখন সমাজত, একোখন দেশত সৃষ্টিশীলতাৰ প্ৰভাৱ পেলাই আহিছে। প্ৰয়াত আনন্দত, প্ৰয়াত জ্যোতিত মানুহৰ মন-প্ৰাণ সমৰ্পিত কৰিবলৈ সংগীত বিভিন্ন ধাৰাত নিৰবধি বৈ আছে আৰু বৈ থাকিব। সামাজিক জীৱনত ঐক্য - মৈত্ৰীৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সংগীতৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিবই লাগিব। সংস্কৃতিৰ বৰঘৰত সংগীতে উজ্জ্বলাই তোলে সুৰৰ সুগন্ধময় সোণৰ সঁফুৰা। সংগীতেই মানৱ প্ৰাণৰ ৰহস্যময় জগত উন্মোচিত কৰি সৃষ্টিৰ আনন্দক মহীয়ান কৰে। সংস্কৃতি সম্পন্ন একোটা সুন্দৰ মনৰ প্ৰতিভাৰ উৎসত সৃষ্টি হোৱা মাৰ্জিত ৰুচিবোধ থকা অৰ্থবহ উচ্চ পৰ্যায়ৰ সংগীতে এক অনাবিল আনন্দ দি মানসিক অৱসাদ আৰু শৰীৰৰ জড়তা আঁতৰাব পাৰে।
সৃষ্টিৰ পাতনিতে দেৱ-দেৱী, মহাদেৱৰ পৰাই সংগীতৰ উৎপত্তি হৈছিল বুলি ভাৰতীয়সকলে বিশ্বাস কৰে। "ওংকাৰ" ধ্বনিয়েই সকলো ধ্বনিৰ মূল আৰু সেই ধ্বনিৰ পৰাই সংগীতৰ সৃষ্টি। ঔম ধ্বনি উৎপত্তিৰ সীমা নাই, ই দিগন্ত প্ৰসাৰী। আদিৰ পৰা অনন্তলৈ ই মৃত্যুঞ্জয়ী এক মধুৰ গতি।ভাৰতীয় পৰম্পৰাগত আধ্যাত্মিক ভাবধাৰাৰে সমৃদ্ধ হৈ সংগীত কলাই প্ৰতিষ্ঠা লাভ কৰিছে। সংগীত সাধনাৰে পৰমাত্মাৰ সন্ধান পাব পাৰি। দেহ আৰু মনৰ সমন্বয়েৰে একাত্ম হৈ সংগীত সাধকসকলে মগ্নতা আৰু তন্ময়তাৰে পৰম সৌন্দৰ্য্যৰ লগত বিলীন হ'বলৈ সাধনাত ব্ৰতী হৈ চিৰসুন্দৰৰ অপৰূপ জ্যোতিৰ জিলিকনিত মন-প্ৰাণ নিমজ্জিত কৰি নিজকে ধন্য কৰি আহিছে। সংগীত কলাৰ জয়যাত্ৰাই বিৱৰ্তিত সময়ৰ সৈতে ছন্দ মিলাই সভ্যতা আৰু সংস্কৃতিৰ বাহক হৈ আধ্যাত্মিকতাৰ উপলব্ধিৰে নিতৌ নতুন ৰূপত সুন্দৰৰ ধ্বনিময়, স্পন্দনময় ঝঙ্কাৰত সুৰুচি সম্পন্ন মনৰ সন্ধানী অফুৰন্ত সম্ভাৰেৰে সমৃদ্ধিশালী হৈ উঠিছে।
সৃষ্টিৰ সাৰ্থকতা উপলব্ধি কৰিবলৈ লাগিব আন্তৰিক অনুভূতি। সেইবাবেই সৃষ্টিৰ আদিম কালৰ পৰাই শিল্প-সংস্কৃতিৰ চেতনাই সুন্দৰৰ সাধনাত ব্ৰতী হ'বলৈ মানুহক প্ৰেৰণা যোগাইছে। হৃদয়ৰ অনুভৱত যেতিয়া মনৰ সমস্ত আকুলতাই প্ৰকাশৰ পথ বিচাৰি শব্দৰ সহায় লৈছিল সেই তেতিয়াই ওঁঠৰ ভাষা আৰু শব্দৰ সমাহাৰত সুৰ, ছন্দ, লয়, তাল ভাবৰ লহৰে তড়িৎ গতিৰে মানুহৰ সিৰাই সিৰাই প্ৰৱাহিত হৈ সুৰৰ নিজৰা বৈ গৈছিল। এই সুৰ আৰু গীতেই হৈ পৰিল আমাৰ জীৱনৰ সঞ্জীৱনী সুধা। পাই হেৰুৱাৰ ব্যাকুলতাত হৃদয়ৰ নিভৃত কোণৰ গোপন বেদনা হৈ, সুখত ভালপোৱা আৰু একাত্মতাৰ মধুৰ প্ৰেৰণা হৈ প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্যত অভিভূত হৈ পৰোতে আমাৰ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্বতঃস্ফুৰ্ত এক সংগীতময়তাৰে প্ৰতিটো পল-অনুপলত দুলি থাকে সুৰৰ মূৰ্চ্ছনা। সময়ৰ স'তে খাপ খাই কিছুমান গীতে ভাষা আৰু সুৰৰ লগত ভাৰসাম্যতা ৰক্ষা কৰি সমাজলৈ, মানৱ জীৱনলৈ বহুতো পৰিবৰ্তন আনিব পাৰি। জাতীয় প্ৰেমক উদ্ধৃত্ত কৰিব পাৰে একমাত্ৰ সংগীতে। শিল্পী সংগীতজ্ঞই সংগীত কলাক বুকুৰ গভীৰ তলিত সাৱটি সাধনাৰে শিল্পীসত্তাক বিকশাই তুলিব পাৰে। বিচিত্ৰ জীৱনৰ, বিচিত্ৰ হৃদয়ৰ, বিচিত্ৰ বাতৰি গীতৰ ভাষা আৰু সুৰৰ যাদুৰে কঢ়িয়াই লৈ যায় শ্ৰোতাৰ হৃদয়লৈ। সেয়ে গীতৰ কথা আৰু সুৰে শৰীৰ - মনত মৃদু মৃদু শিহৰণ তোলে। সংগীত প্ৰেমীসকলৰ হৃদয়ৰ নিভৃত কোণত মিঠা কোমল আবেশভৰা সুৰৰ সুবাসে আমোলমোলাই থাকে। অতীতৰ পৰাই সংস্কৃতিৰ লগত সংগীতৰ নিবিড় সম্পৰ্ক চিৰপ্ৰৱাহমান নদীৰ দৰে অনন্ত অসীমলৈ যুগ যুগ ধৰি বৈ আছে। সংগীতৰ জয়যাত্ৰাৰ গতি অনিৰ্বাণ, অনিৰুদ্ধ।
Comments
Post a Comment
If you have any doubts, please let me know.