সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

এক প্ৰতিভাৰ নাম আছিল, "অৰিন্দম কৌশিক"

Arindam natya vidyalaya
অৰিন্দম কৌশিক

 *এক প্ৰতিভাৰ নাম আছিল "অৰিন্দম কৌশিক"*


এক প্ৰতিভাৰ নাম আছিল অৰিন্দম কৌশিক । তেজপুৰৰ সন্তান অৰিন্দম কৌশিক

ৰাতুল শৰ্মা চাৰ আৰু ড° জোৎস্না শৰ্মা বেজবৰুৱা বাইদেউৰ একমাত্ৰ সন্তান । অৰিন্দম কৌশিকৰ জন্ম হৈছিল ১৯৮৮ চনৰ ২৯ নবেম্বৰত । সেই ওপজা দিনাৰ দিনটোত নেৰানেপেৰাকৈ বৰষুণ দি আছিল। ৰাতি ১২ বাজি ১০ মিনিটত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অৰিন্দম কৌশিক (মন্তি) ৰ জন্ম হয়। সেই শিশু অৱস্থাৰ পৰাই অৰিন্দম বৰ শান্ত স্বভাৱৰ ল'ৰা আছিল। তেওঁক য'তেই বহুৱাই থোৱা হয়, কাকো আমনি নকৰাকৈ অতি মৰমলগা কণমানি অৰিন্দম তাতেই বহি থাকে। তেওঁলোক  থকা ভাড়া ঘৰটোত ডেৰমহীয়া অৰিন্দমক,  দহবছৰীয়া বনকৰা ছোৱালী এজনীৰ লগত থৈ মা'কে চাকৰিত যোগদান কৰিব লগা হৈছিল। অৱশ্যে অৰিন্দমে কোনোদিন কাকো আমনি দিয়া নাছিল।

 শিশু কালৰ পৰাই বিভিন্ন প্ৰতিভাৰ পৰিচয় দিয়া অৰিন্দমৰ সুন্দৰ-সুঠাম দেহবল্লৰীৰ উপৰিও, এজন অতি অমায়িক, উচ্ছাকাংক্ষী আৰু আনৰ সুখ-দুখৰ সমভাগী হ'ব পৰা গুণৰ অধিকাৰী আছিল। সৰুৰে পৰা অৰিন্দম অতি মৰমীয়াল, লোকৰ দুখত দুখী, দুখীজনৰ  প্ৰতি সহানুভূতিশীল, আৰু অত্যন্ত স্পৰ্শকাতৰ আছিল।

  কবিতা লিখি ভালপোৱা অৰিন্দমৰ ভগৱানৰ প্ৰতি অছিল অগাধ বিশ্ৱাস ।

 তেজপুৰ চৰকাৰী উচ্চমাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকোতে টকাৰ অভাৱত যি কেইজন সমনীয়া ছাত্ৰই টিউচন ল'ব পৰা নাছিল তেওঁ‌লোকক অৰিন্দমে টিউচনৰ বহী-পত্ৰবোৰ দি সহায় কৰিছিল। স্কুললৈ নিয়া টিফিনৰ পৰা কোনো দিন নিজে খাবলৈ পোৱা নাছিল অথচ কোনো দিনে ঘৰত সেইকথা জানিবলৈও নিদিছিল।

 তেজপুৰখনক অৰিন্দমে বৰ ভাল পাইছিল। অসম মাতৃক ইমানেই ভাল পাইছিল যে সৰুৰে পৰা তাৰ কাৰ্যকলাপত সেই কথা প্ৰকাশ পাইছিল। কাৰো অহিত চিন্তা নকৰা অৰিন্দমে কেতিয়াও কাকো মনোকষ্ট দিয়া নাছিল।

 অৰিন্দমে ৩য় শ্ৰেণীৰ পৰাই শিশু নাটকত অভিনয় কৰিছিল। তেজপুৰত অভিনয় কৰাৰ উপৰিও দুবাৰকৈ উৰিষ্যাৰ কটকত নাটক কৰি সন্মান বুটলিবলৈ সক্ষম হৈছিল। 

দিল্লী,মুম্বাইৰ লোভনীয় চাকৰিও প্ৰত্যাখ্যান কৰি তেজপুৰতে নিগাজিকৈ থকাৰ সপোন দেখা অৰিন্দমে মাক-দেউতাকক অকলশৰীয়া হ'বলৈ নিদি লগ দিবলৈ আহি তেজপুৰতে সৰু-সুৰা ব্যৱসায় আৰাম্ভ কৰিবলৈ লৈছিল। "চাকৰি কিয় নকৰা" বুলি বিভিন্নজনে সোধা প্ৰশ্নৰ উত্তৰত অৰিন্দমে কৈছিল, 'মানুহ জীয়াই থাকিবলৈ বহুত টকা নালাগে,কিন্তু মা-দেউতাক সংগ দিবকৈ বা নিজৰ ঠাই খনত থাকিবকৈ সকলোৱে সুবিধা নাপায়' । 

এক পবিত্ৰ মনৰ অধিকাৰী অৰিন্দমে ধনী-দুখীয়া,জাত-পাত  এইবোৰ বিভেদ একেবাৰে ভাল পোৱা নাছিল। তেওঁ‌ সকলোকে সম দৃষ্টিৰে চাইছিল। অৰিন্দমৰ সমাজ সেৱা কৰাৰ মন এটা গঢ়ি উঠিছিলহে কিন্তু ঈশ্বৰে তেওঁক বহু আগতেই লৈ গ'ল। 

ভগৱানৰ ওপৰত অগাধ বিশ্ৱাস থকা অৰিন্দমে অসমৰ চুকে-কোণে থকা বিভিন্ন মঠ-মন্দিৰ তথা উপাসনা স্থল পৰিদৰ্শন কৰাৰ উপৰিও দিল্লীত থকা চাৰি বছৰত "বৈষ্ণু দেৱী" ৰ মন্দিৰ তিনিবাৰ দৰ্শন কৰিছিল। অৰিন্দমে প্ৰতিটো পুৱা  আৰাম্ভ কৰিছিল ভূমি স্পৰ্শ কৰাৰ পিছতহে।

 সমনীয়া-লগৰীয়াৰ লগত অতি সুহৃদয়তাৰে দিনবোৰ অতিবাহিত কৰিছিল,আৰু কোনো দিন কাৰো দোষ খোচৰা নাছিল। অতি কম বয়সতে সেই বয়সৰ আন ল'ৰা-ছোৱালীৰ দৰে অৰিন্দমে আৰামপ্ৰীয় জীৱনৰ কথা নাভাবি জীৱন যুদ্ধত কষ্ট আৰু নিয়মানুৱৰ্তীতাৰে অৱতীৰ্ণ হ'বলৈ মানসিক ভাৱে প্ৰস্তুত হৈছিল।

অৰিন্দমে 'তেজপুৰ শংকৰদেৱ শিশু নিকেতন'ত ৪ৰ্থ শ্ৰেণীলৈ পঢ়ি প্ৰাথমিক শিক্ষা আৰাম্ভ কৰিছিল। ৫ম মানৰ পৰা তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে। উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে উত্তীৰ্ণ হৈ, ইয়াৰ পিছত অৰিন্দম পালেগৈ সুদূৰ দিল্লী। দিল্লীৰ আই, আই, এ, ত কাৰিকৰী বিষয়ত পঢ়িবলৈ ল'লে, আৰু "এৰ'নেটিক্স" প্ৰিয় বিষয় হিচাপে লৈ ইঞ্জিনিয়াৰিং পাছ  কৰি ২০১২ চনৰ ডিচেম্বৰ মাহত তেজপুৰলৈ ঘূৰি আহে। ইয়াৰ মাজতে অৰিন্দমে সেইবছৰতেই (২০১২) বি এছ চি ডিগ্ৰী ল'লে। তাৰোপৰি অৰিন্দমে উপযুক্ত কাৰিকৰী শিক্ষাৰ গুণত দিল্লী আৰু মুম্বাই এয়াৰ প'ৰ্টত চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰে। কিন্তু ওপজা ঠাইখনৰ প্ৰতি থকা প্ৰেম আৰু দায়বদ্ধতাৰ বাবেই সেই চাকৰিলৈ পিঠি দি নিযুক্তি পত্ৰ হাতত লৈ অৰিন্দম তেজপুৰ পালেহি আৰু নিজৰ ওপজা ঠাইখনতে থাকি নিজা উদ্যোগত এটি ক'চিং চেণ্টাৰ খুলি অসমৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অৰিন্দমে অনুভৱ কৰিছিল , ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ বাবে তেজপুৰত এটা ভাল ক'চিং চেণ্টাৰৰ অভাৱ, আৰু সেই কথা ভাবিয়েই তেজপুৰত এটি ক'চিং চেণ্টাৰ খোলাৰ যাৱতীয় কামৰ বাবে গুৱাহাটীলৈ গৈ , সকলো  কাম সমাপন কৰি তেজপুৰলৈ  উভতি অহাৰ কথা আছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, সৰল ভাৱে আগবাঢ়ি যোৱা অৰিন্দমৰ জীৱন পৰিক্ৰমালৈও হঠাৎ যেন এজাক ধুমুহা আহিল আৰু নিমিষতে সকলো নিশেষ হৈ গ'ল। মনত অফুৰন্ত আশালৈ সেইদিনা অৰিন্দম গুৱাহাটীলৈ   গৈছিল!  সাধাৰণ মটৰ গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ অৰিন্দমে ইহ-সংসাৰৰ পৰা বিদায় ল'লে। অৰিন্দমৰ মনৰ হেপাহবোৰ মনতেই থাকি গ'ল! কাকো একো এটা কথা ক'বলৈও সুবিধা নাপালে। 

এৰা! ১ চেপ্তেম্বৰ ২০১২ তাৰিখে অৰিন্দম  কৌশিক আমাৰ মাজৰ পৰা কায়িক ভাৱে আঁ‌তৰি গ'ল। কিন্তু অৰিন্দম আমাৰ মাজত জীয়াই থাকিব, তেওঁৰ সপোনবোৰ পুৰাবলৈ আমি চেষ্টা কৰি যাব লাগিব।

সুশিক্ষিত তথা সংস্কৃতিবান পিতৃ-মাতৃয়ে পুত্ৰ অৰিন্দমৰ স্মৃতি সজীৱ কৰাৰ উদেশ্যি সঁ‌ফুৰাৰ উদ্যোগত  সদৌ অসম ভিত্তিক অৰিন্দম কৌশিক সোঁ‌ৱৰণী শিশু-চেমনীয়া  "একাংক নাট" প্ৰতিযোগিতাৰ আয়োজন কৰি অহাৰ উপৰিও ২০২১ চনৰ ৩০ নবেম্বৰত শুভ উদ্বোধনৰে  আৰাম্ভ হয় *"অৰিন্দম নাট্য বিদ্যালয়"*। অৰিন্দম কৌশিকৰ স্মৃতি চিৰদিন স্মৰণীয় কৰি ৰাখিবলৈ , অৰিন্দম নাট্য বিদ্যালয়ৰ জয় যাত্ৰা লুইতৰ দৰে চিৰদিন প্ৰবাহিত হৈ থাকক। জয় জয়তু অৰিন্দম নাট্য বিদ্যালয়।


ARINDAM NATYA VIDYALAYA

KHARAATI, MAZGAON, TEZPUR-784001

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়