Posts

Showing posts from August, 2021

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।

Image
  কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ। কলা ,কৌশল আাৰু কলা কুশলী ৰ লগত সাধাৰন জনতাৰ সমন্ধ।   সহজাত ভাৱেই মোৰ লগত ওপৰত উল্লেখ কৰা শব্দ কেইটাৰ সম্বন্ধ। প্ৰথমে একো নুবুজিলেও যিহেতু এখন কলাকৌশল সমৃদ্ধ ঘৰত মোৰ জন্ম।গতিকে সৰুতেই মোৰ মনত সোমাইছিল কলা বস্তুটোনো কি জানিব লাগিব। তাতে এদিন মাই লুচি ভজা শলা এদাল তৈয়াৰ কৰি দিয়া মানুহটোক মোৰ সমুখতে কৈছিল "বৰ আৰ্টিষ্টিকেলী""বনালি দেই। স্কুল গৈ থাকোতেই কথাটো মোৰ মনত লাগি থাকিল।ক্লাছচেভেনৰ লৰা ।অলপ চোকা বুলিও নাম আছে গতিকে অৰ্থ জানিবই লাগিব। মোৰ পৰিয়ালে বৰ বেছিগুৰুত্ব নিদিয়াকৈ যি। বুজালে মোৰ মনঃপুত নহল। পিচদিনা গোপিমেধী চাৰক সুধিলো…! চাৰে কলে মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে নিজৰ সন্তুষ্টিৰ বাবে যতে ততে কিবা কিবি আকবাক কৰিব লগে ।গুহাৰ ভিতৰত ,বাহিৰত,গছৰ বাকলিত কিবাকিবি নিজৰ দেখাবস্তুৰ এটা আংশিক ৰূপ দিব চেষ্টা কৰিলে। এইবোৰকে পিচৰ সভ্যলোকে ভাষা গঠনৰ পিচত কলা বা  Art বুলিবলৈ ললে ।মোৰ জীৱনত এয়াই আৰ্টৰ প্ৰতি প্ৰাথমিক ধাৰণা হৈ ৰ'ল।এইট পাওতে মোক ককাদেউতাই কলে তুমি ৰেডিঅ'ত  নাটক কৰিব লাগিব ।তুমি মহাপুৰুষ গুৰুজনাৰ অংকীয়ানাট ৰ...

Bhabendra Nath Saikia

Image
  শ্ৰদ্ধাঞ্জলি Bhabendra Nath Saikia ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত জন্মলাভ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া ৰ অসমৰ সামগ্ৰিক জাতীয় জীৱনলৈ অৱদান আছিল অতুলনীয় । ২০০১ চনত ভাৰত চৰকাৰে তেখেতলৈ "পদ্মশ্ৰী"সন্মান আগবঢ়ায় । 'অসম উপত্যকা সাহিত্য বঁ‌টা' , "শ্ৰীমন্ত শংকৰদেৱ বঁ‌টা"ৰেও তেখেত সন্মানিত হৈছিল । কথাসাহিত্য,বিশেষকৈ গল্প সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ অসাধাৰণ কৃতিয়ে অসমীয়া সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।  এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা ,পৰিচালক,নাট্যকাৰ,উপন্যাসিক আৰু সম্পাদক হিচাপেও এইগৰাকী বৰেণ্যৰ অৱদান যাউতিযুগীয়া । "শৃংখল" গল্প সংকলনখনৰ কাৰণে সাহিত্য অকাডেমি বঁ‌টা লাভ কৰা শইকীয়া চাৰৰ আন কেইখনমান গল্প-সংকলন হ'ল 'প্ৰহৰী' ,'বৃন্দাবন', 'গহ্বৰ', 'আকাশ','সান্ধ্যভ্ৰমণ' আদি । ২০০৩ চনৰ ১৩ আগষ্টত মৃত্যু বৰণ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া চাৰক শ্ৰদ্ধাৰে স্মৰণ কৰো আহক বন্ধুসকল ।
 চলচ্চিত্ৰ জগতলৈ তেজপুৰৰ অৱদান। ভাবিলে আচৰিত লাগে যে অসমত প্ৰথম চলচ্চিত্ৰৰ জাগৰণ আৰম্ভ হৈছিল তেজপুৰত। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, গুৱাহাটী আদি নামী দামী অঞ্চল বোৰ থাকোতেও তেজপুৰৰ পৰা প্ৰথম চিনেমা শিল্পৰ বাট মুকলি হ'ল কেনেকৈ ?   অসমৰ প্ৰথম আৰু দেশৰ তৃতীয় খন সবাক ছবি 'জয়মতী'ৰ সৃষ্টি হৈছিল এই চহৰৰ পৰা ! ই কি ধেমালি কথা ?  এইখিনিতে অলপ ফ্লেছবেক কৰি আপোনাক লৈ যাব খুজিছোঁ ১৯৩০ চনৰ এখন ফুটবল খেলৰ মাজলৈ। স্থান বৰপেটা সৰভোগৰ বৰ নগৰ।স্থানীয় ফুটবল দল এটিৰ হৈ আমন্ত্ৰিত খেলুৱৈ হিচাপে  গুৱাহাটীৰ মেচুৱা বজাৰ আৰু খলিল বজাৰৰ ব্যৱসায় এৰি দুজন যুৱক  খেলিবলৈ গৈছে।এজন বিষ্ণু প্ৰসাদ ৰাভা আৰু আন জন ফণী শৰ্মা । বাবৰি শাকৰ দৰে চুটি চুটি চুলিৰে বিষ্ণু ৰাভা চেন্টাৰ ফৰৱাৰ্ডত আৰু গলকিপাৰৰ স্থানত ফণী শৰ্মা। বিষ্ণু ৰাভাৰ ভৰিত বল পাৰিলেই বিপক্ষৰ দলৰ সমৰ্থকে চিঞৰি উঠে 'বাবৰি ৱালাক ধৰ', 'বাবৰি ৱালাক ধৰ' । কিন্তু ফুটবলৰ চুড়ান্ত পৰ্য্যায়ৰ খেলত তেওঁলোকে জয় লাভ কৰি নিশাটো ৰেফাৰী ব্ৰজ শৰ্মাৰ ঘৰৰ অতিথি হ'ল। তেওঁৰ আবাসতে ফুটবল মেচ জিকাৰ আনন্দত ছাগলী মাৰি ভোজৰ আয়োজনো ...
 "#সাম্প্ৰতিক কালত অসমীয়া সন্তান পালন আৰু সামাজিক জীৱন-যাপন"           এই যুগ হৈছে বিশ্বায়নৰ যুগ আৰু এই বিশ্বায়নৰ যুগত পৃথিৱীলৈ সদায় নতুন নতুন পৰিবৰ্তন আহিব ধৰিছে। সকলো ফালেই নতুনত্বৰ প্ৰয়োভৰ। সমাজৰ কোনো এটা এনেকুৱা দিশ নাই য'ত পৰিবৰ্তন হোৱা নাই। এই পৰিবৰ্তনেই কঢ়িয়াই আনিছে এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতা হৈছে এক অঘোষিত প্ৰতিযোগিতা। নিজক সকলোতকৈ আগত প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতা। আনৰ যি হয় হওঁক এনে এক মানসিকতাৰ বাহক হৈ পৰিছে আমাৰ মন। চাৰিওফালে গঢ় লৈ উঠিছে ব্যক্তিকেন্দ্ৰিকতা, ভোগ সৰ্বস্বত্ত্বা ।যিয়ে অজি  প্ৰতিযোগিতা মূলক পৃথিৱীত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰে সেই মানুহৰ জীয়াই থকাৰ অধিকাৰো লাহে লাহে লুন্ঠিত হ'বলৈ ধৰিছে। সকলোৱেই যেন এক নিৰাপত্তাহীনতাত ভুগিছে। সেয়েহে এই বিশ্বায়নৰ যুগৰ পিতৃ-মাতৃৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বা নিৰাপত্তাৰ স্বাৰ্থতে একমাত্ৰ অৱলম্বন হিচাপে খামুচি আছে তেওঁলোকৰ সন্তানসকলক।  ইয়াৰ বাবে বাল্য কালৰ পৰাই তীব্ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ'বলৈ শিক্ষা পায় নতুন প্ৰজন্মই। প্ৰতিযোগিতাৰে ভৰা আজিৰ সমাজত শিশুসকলক এৰি দিয়াৰ বাবে পিতৃ-মাতৃয়েও...