Posts

Showing posts from 2023

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...
 বহু গুণৰ আধাৰ দেৱেন দত্ত দেৱলৈ  শ্ৰদ্ধাঞ্জলি --------          - - - - -       অসমত বহু বছৰৰ মূৰত পুনৰ এজন অসম হিতৈষী মানুহৰ জন্ম হৈছিল , যিজন মানুহে জীৱনৰ অধিক সময় অসম ,অসমীয়া ভাষা , অসমৰ সামাজিক আৰু ৰাজনৈতিক সমস্যাক নিজৰ সমস্যা হিচাপে লৈ সেই সমস্যাৰ বিষয়ে বহু মননশীল প্ৰৱন্ধ লেখি থৈ গ'ল । অসমৰ এই অমিমাংসিত সমস্যা বোৰে‌ তেওঁক দিনে ৰাতিয়ে বহু মানসিক পীড়া দিছিল ।   সেই  গুণধৰ ব্যক্তি  জনেই হৈছে দেৱেন দত্তদেৱ   , যি আমাৰ মাজৰ পৰা ২০২৩ চনৰ  ১৭ আগষ্টৰ ৰাতি ১২ বাজি ১০ মিনিটত মাত্ৰ এবটল‌ তেজৰ যোগানৰ অভাৱত দু:খজনক ভাৱে আঁতৰি গ'ল ।   দত্তদেৱৰ লগত আমাৰ আছিল অকৃত্ৰিম সহৃদয়তা । তেওঁৰ পত্নী অৰুন্ধতীৰ যোগে এই সহৃদয়তা আৰম্ভ হৈ অৰুন্ধতীৰ মৃত্যুৰ পিছতো ই শেষ হোৱা নাছিল । ফলত দুয়োৰো মাজত অসমক ভালপোৱাৰ মানসিকতাৰ বাবে বহু কথাৰ আলোচনা হৈছিল । দত্তদেৱ‌‌ জীয়াই থাকোতেই  আমি তেওঁৰ বিষয়ে দুটা প্ৰৱন্ধ লেখিছিলোঁ, এটা 'আমাৰ অসম ' ত আৰু আনটো ' পটভূমি' ত । কিন্ত্ত যি কথা তেওঁ  নিজেও হয়তো কাকতত  লেখা না...

সংগীতো হ'ব পাৰে জীৱনৰ সঞ্জীৱনী সুধা

Image
                                                 "সংগীতো হ'ব পাৰে জীৱনৰ সঞ্জীৱনী সুধা"                                                            উৰ্ম্মিলা বৰগোহাঁই ,  ডিব্ৰুগড় মৌলিক সাহিত্যৰ সময়ছোৱাৰ পৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে অসমীয়া ভাষাৰ আৰম্ভণিৰে পৰা ৮০০ শকাব্দঃলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক "গীতি যুগ" বুলি উল্লেখ কৰিছে। তেখেতে কৈছে যে অসমীয়া গীতি সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহু আগৰ। অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন।সংগীত সৃষ্টিৰ আঁৰত স্ৰষ্টাৰ উদ্দেশ্য আমি উপেক্ষা কৰিব নোৱাৰোঁ। কেৱল শ্ৰুতিমধুৰ হ'লেই গীত এটাই সংগীত হোৱাৰ যোগ্যতা অৰ্জন নকৰে। স্ৰষ্টাৰ মনত যদি সৰলতা, নান্দনিক চেতনা নাথাকে eternity ৰ সৈতে সম্পৰ্ক স্থাপ...