Posts

Showing posts from November, 2022

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

শিশুৰ বাবে নাটকৰ প্ৰয়োজনীয়তাঃ

Image
শিশুৰ বাবে নাটকৰ প্ৰয়োজনীয়তাঃ  বাস্তৱ জীৱনৰ পৰিস্থিতিৰ বিষয়ে বহুলাংশে খেলৰ জৰিয়তে শিকে। উদাহৰণস্বৰূপে, খেলৰ সময়ত যদি শিশুটি আন এটা সন্তানৰ মাতৃ হয়, তেতিয়া তেওঁ বুজিব যে মাতৃগৰাকীয়ে গোটেই দিনটো কিমান কাম কৰিবলগীয়া হয় আৰু শেষত কিমান ভাগৰুৱা হয়। এনে পৰিস্থিতিত ৰ’ল প্লেয়িঙৰ জৰিয়তে তেওঁ নিজেই আনৰ অনুভৱ বা পৰিস্থিতি অনুভৱ কৰিবলৈ শিকিব।কেৱল এয়াই নহয়, ই শিশুসকলক বিভিন্ন কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবলৈ  বা বুজিবলৈ শিকাব।  নাটকে এখন সমাজ বা এটা জাতিৰ উন্নয়নত ব্যাপক প্ৰভাৱ পেলাব পাৰে। দৰ্শক-ৰাইজৰ মনোৰঞ্জনৰ খোৰাক দিয়াৰ লগতে নাটকে ৰাইজক সামাজিক,ৰাজনৈতিক,অৰ্থনৈতিক সমস্যাবোৰৰ সম্পৰ্কে সজাগ কৰে আৰু সেইবোৰৰ সমাধানৰ বাবে উৎসাহিত কৰে।      কেৱল সমাজ বা জাতিৰ উন্নতিয়ে নাটকৰ শেষ কথা নহয়। নাট্য চৰ্চাত জড়িত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ জীৱন পৰিবৰ্তন কৰাৰ সুযোগো ইয়াত পোৱা যায়। সেয়ে আমাৰ শিশু সকলক ল'ৰালি কালৰ পৰাই নাটকৰ দৰে সুন্দৰ মাধ্যমত জড়িত কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। সম্প্ৰতি পশ্চিমীয়া উন্নত দেশবোৰত নাটকৰ জড়িয়তে মানৱ জীৱন গঢ়াৰ কৌ...

নানাৰঙী শিতানলৈ

Image
  নানাৰঙী শিতানলৈ বৃহস্পতিবাৰ(৩/১১/২০২২) Aiswaryya kakoti আজীৱন মঞ্চৰ মাজতেই যেন থাকোঁ আৰু মঞ্চতেই যেন মোৰ মৃত্যু হয়ঃ৭৯ বছৰীয়া নাট্যবিদ্বান ঐশ্বৰ্য কাকতিৰ বিষয়ে তেওঁ আছিল বিজ্ঞানৰ ছাত্ৰ৷কিন্তু প্ৰসিদ্ধি লাভ কৰিলে অভিনেতা,নাট্যকাৰ আৰু পৰিচালক হিচাপে৷এই দৰেই তেওঁ অতিবাহিত কৰিলে জীৱনৰ ৭৯টা বসন্ত৷যোৱা কেটামান বছৰে প্ৰতিটো জন্ম দিনতে তেওঁ উপহাৰ দি আহিছে একোখন নাটক৷এতিয়া দৃষ্টিশক্তি সামান্য হ্ৰাস পাইছে৷বয়সৰ লগে লগে দুই এটা ৰোগেও থিতাপি লৈছে তেওঁৰ শৰীৰত৷কিন্তু এই সকলোকে আসৈ নিদি তেওঁ বিভিন্ন কাকত আলোচনীত লিখি গৈছে৷নাটকৰ স’তে জড়িত থকাৰ লগতে সমাজ আৰু জাতিৰ বাবে অহৰহ চিন্তাই তেওঁৰ মন মগজুক আচ্ছন্ন কৰি ৰাখে৷এজন জাতীয়তাবোধ সম্পন্ন দায়িত্বশীল নাগৰিক হিচাপে পৰিচিত নাট্য বিদ্বান,তেজপুৰ নিবাসী ঐশ্বৰ্য কাকতিয়ে  মনৰ ভাব প্ৰকাশ কৰি ক’লে “স্বাভিমান আছে,অহংকাৰ নাই৷কেতিয়াও কিবা পোৱাৰ আশাত কাম কৰা নাই৷কাম ভাল হ’লে প্ৰছাৰো ভালদৰেই হয়৷৷তেজপুৰ তথা ৰাজ্য খনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিছালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতি৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল য’দিও ...