Posts

Showing posts from October, 2022

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কাতি বিহুৰ খাতি কথা। KATI BIHU

Image
  কাতি বিহুৰ খাতি কথা source - Internet কাতি বিহুৰ খাতি কথা। লেখকঃ  শান্তনু বৰুৱা,তেজপুৰ অসমৰ জাতীয় উৎসৱ বিহুৰ এটা অংশ কাতি বিহু। বিহু  কৃষি জীৱী ৰাইজৰ উৎসৱ। কাতি বা কঙালী তাৰে এটা অংগ। এই বিহুত হেনো আমাৰ ভড়াল বোৰ উদং হৈ থাকে। অভাৱ অনাতন বৃদ্ধি পায় সেয়ে এই বিহুক কঙালী বিহু বোলে। কিন্তু আমি কথাটো তেনেকৈ নাভাবো। বাৰটা মাহৰ ভিতৰত এটা মাহত ধনে-ধানে উভৈনদী হৈ পৰাৰ লগতে প্ৰকৃতিয়ে ৰঙ সানি দিয়া বাবে ৰঙালী আৰু এটা মাহত শাকে-পাতে মাহে-কৰাইয়ে   উভৈ নদী হোৱাৰ বাবে ভোগালী বুলি কৈ এটা মাহত আমি ইমান কঙ্গাল হৈ যাওনে যে তাক কঙালী বুলি কম ! আচলতে কথাটো বোধহয় সেইটো নহয় । যেতিয়া প্ৰকৃতি শুকাই শাক পাত নোহোৱা লঠঙা হয় তেতিয়াহে কঙালী চাগে । যেতিয়া প্ৰকৃতিত শাক পাত ভৰি থাকে তেতিয়া ভোগালী আৰু যেতিয়া বিৰিখত পাত ফুল ফুতি প্ৰকৃতিয়ে মন ৰঙাই তেতিয়া ৰঙালী। কিন্তু এনে নিশ্চয় নহয় যে অভাৱ অনাতনৰ চেপা-খুন্দাত ভড়াল উদং হৈ থকাৰ বাবেহে এই বিহু কঙালী।   আহক আমি বিষয়টো এনে এক দৃষ্টিৰে চাও । আজিৰ পৰা  কেইটামান দশক পূৰ্বে অসমত অসমীয়া মানুহ আছিল স্ব-নিৰ্ভৰ, স্বয়ং সম্প...

স্বচ্ছ ভাৰত অভিযান (বাটৰ নাট)

Image
  স্বচ্ছ ভাৰত অভিযান (বাটৰ নাট)    *নিলা আৰু সেউজীয়া ডাষ্টবিনৰ ব্যৱহাৰঃ* ৰচনাঃ দিগন্ত কুমাৰ ভূঞা, তেজপুৰ (8638684578.) *চৰিত্ৰ সমূহঃ মীৰা, নিতু, জিতু, দিপু।* (এক স্থানত দুটা ডাষ্টবিন থাকিব। এটা নিলা ৰঙৰ আৰু আনটো সেউজীয়া ৰঙৰ।চাৰিটা চৰিত্ৰ (পুৰুষ ৩ জন নাৰী ১)  একগোটহৈ ঘুৰি ঘুৰি ওজাপালিৰ সুৰত নাচি নাচি সমবেত  কণ্ঠৰে গীত পৰিৱেশন কৰিব।) গীতঃ  "শুনা শুনা সৰ্বজন আমাৰ বচন, স্বচ্ছ ভাৰত অভিযানৰ কথোপকথন। শুনা শুনা সৰ্বজন আমাৰ বচন, চাফ-চিকুনতা সবে কৰা পালন।  সেউজীয়াত পেলাবা খাদ্য আবৰ্জনাৰ ভিজা, তেহে পাবা অধিক আয়ুস সুষ্ঠিৰ জীৱন। শুনা শুনা সৰ্বজন আমাৰ বচন, নিলাত পেলাবা যত লেতেৰা আবৰ্জনা শুকান। দেহ-মন বাতাবৰণ সদা ৰাখিবা পৰিস্কাৰ, নিলা-সেউজীয়াক আদৰি দেশৰ কৰা উপকাৰ। শুনা শুনা সৰ্বজন..... ( নিলা আৰু সেউজীয়া দুটা ডাষ্টবিন ৰ ওচৰত মীৰাই চিপচ খাই থাকিব আৰু চিপচৰ খালি পেকেটটো এনেই মটিত পেলাই দিব। এনেতে নিতু আহি মাটিৰ পৰা চিপচৰ খালি পেকেটতো উঠাই নিলা ডাষ্টবিনটোত পেলাই দিব ) নিতুঃ হেৰা ভন্তি কিয় মটিতে খালি পেকেটতো পেলাইছা ? এনেকৈ য'তে ত'তে নহয়। আবৰ্জনা এই ডাষ্টবিনতহে পেলা...