Posts

Showing posts from April, 2022

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

এক প্ৰতিভাৰ নাম আছিল, "অৰিন্দম কৌশিক"

Image
অৰিন্দম কৌশিক  * এক প্ৰতিভাৰ নাম আছিল "অৰিন্দম কৌশিক"* এক প্ৰতিভাৰ নাম আছিল অৰিন্দম কৌশিক । তেজপুৰৰ সন্তান অৰিন্দম কৌশিক ৰাতুল শৰ্মা চাৰ আৰু ড° জোৎস্না শৰ্মা বেজবৰুৱা বাইদেউৰ একমাত্ৰ সন্তান । অৰিন্দম কৌশিকৰ জন্ম হৈছিল ১৯৮৮ চনৰ ২৯ নবেম্বৰত । সেই ওপজা দিনাৰ দিনটোত নেৰানেপেৰাকৈ বৰষুণ দি আছিল। ৰাতি ১২ বাজি ১০ মিনিটত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অৰিন্দম কৌশিক (মন্তি) ৰ জন্ম হয়। সেই শিশু অৱস্থাৰ পৰাই অৰিন্দম বৰ শান্ত স্বভাৱৰ ল'ৰা আছিল। তেওঁক য'তেই বহুৱাই থোৱা হয়, কাকো আমনি নকৰাকৈ অতি মৰমলগা কণমানি অৰিন্দম তাতেই বহি থাকে। তেওঁলোক  থকা ভাড়া ঘৰটোত ডেৰমহীয়া অৰিন্দমক,  দহবছৰীয়া বনকৰা ছোৱালী এজনীৰ লগত থৈ মা'কে চাকৰিত যোগদান কৰিব লগা হৈছিল। অৱশ্যে অৰিন্দমে কোনোদিন কাকো আমনি দিয়া নাছিল।  শিশু কালৰ পৰাই বিভিন্ন প্ৰতিভাৰ পৰিচয় দিয়া অৰিন্দমৰ সুন্দৰ-সুঠাম দেহবল্লৰীৰ উপৰিও, এজন অতি অমায়িক, উচ্ছাকাংক্ষী আৰু আনৰ সুখ-দুখৰ সমভাগী হ'ব পৰা গুণৰ অধিকাৰী আছিল। সৰুৰে পৰা অৰিন্দম অতি মৰমীয়াল, লোকৰ দুখত দুখী, দুখীজনৰ  প্ৰতি সহানুভূতিশীল, আৰু অত্যন্ত স্পৰ্শকাতৰ আছিল।   কবিতা লিখি ভাল...